প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ছিংগাপুৰলৈ ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিবৃতি

Posted On: 13 NOV 2018 5:40PM by PIB Guwahati

ছিংগাপুৰলৈ ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰা বিবৃতিৰ লিখিত ৰূপ তলত উল্লেখ কৰা ধৰণৰ

আছিয়ান-ইণ্ডিয়া আৰু ইষ্ট এছিয়া সন্মিনত ভাগ লোৱাৰ বাবে মই ১৪-১৫ নৱেম্বৰত ছিংগাপুৰ ভ্ৰমণ কৰি আছো৷ ইয়াৰ উপৰি মই ৰিজঅ’নেল কম্প্ৰিহেনছিভ ইক’নমিক পাৰ্টনাৰ্টশ্বিপ লিডাৰ্ছৰ বৈঠকত অংশগ্ৰহণ কৰিম৷

এই বৈঠকসমূহত মোৰ অংশগ্ৰহণে আছিয়ান সদস্য ৰাষ্ট্ৰ আৰু ইণ্ডো-পেচিফিক অঞ্চলৰ সৈতে আমাৰ সম্পৰ্ক উন্নত কৰাৰ সংকল্পক প্ৰতিফলিত কৰিব৷ আছিয়ান আৰু ইষ্ট এছিয়া সন্মিলনত ভাগ লোৱা নেতাসকলৰ সৈতে হ’বলগীয়া বাৰ্তালাপক লৈ মই আগ্ৰহী৷

১৪ নৱেম্বৰত মই ছিংগাপুৰ ফিনটেক মহোৎসৱত চৰকাৰৰ প্ৰথমগৰাকী মূৰব্বী হিচাপে মূল ভাষণ ৰখাৰ সুযোগ লাভ কৰিম৷ বিত্তীয় প্ৰযুক্তিৰ দিশত বিশ্বৰ সৰ্ববৃহৎ অনুষ্ঠান হিচাপে এই মহোৎসৱ হ’ল ভাৰতৰ দ্ৰুত বিকশিত অৰ্থনীতি প্ৰদৰ্শনৰ উপযুক্ত মঞ্চ৷

এই ভ্ৰমণৰ সময়ছোৱাত মই ভাৰত-ছিংগাপুৰ যুটীয়া হেকাথনৰ অংশগ্ৰহণকাৰী আৰু বিজয়ীসকলকো সাক্ষাতৰ সুযোগ লাভ কৰিম৷ এয়া মোৰ দৃঢ় বিশ্বাস যে যদি আমি আমাৰ যুৱ প্ৰজন্মক সঠিক পথৰ সন্ধান দিও, তেন্তে আমাৰ যুৱ প্ৰজন্মৰ মাজত গোলকীয় প্ৰত্যাহ্বানৰ সমাধান দিব পৰাকৈ বিশ্ব নেতা হোৱাৰ দক্ষতা আছে৷

মই আশা কৰো যে মোৰ ছিংগাপুৰ ভ্ৰমণে আছিয়ান আৰু ইষ্ট এছিয়া সন্মিলনৰ দেশৰ মাজত আমাৰ ক্ৰমবৰ্ধিত সহযোগিতাক এক নতুন মাত্ৰা প্ৰদান কৰিব৷

এই বছৰ সফলতাৰে আছিয়ানক অধ্যক্ষতা কৰাৰ বাবে মই ছিংগাপুৰক অভিনন্দন জনাব বিচাৰো  আৰু সন্মিলনৰ সফল আয়োজনৰ বাবে শুভকামনা জনাইছো৷”.

***

AKT/KP/MS



(Release ID: 1553117) Visitor Counter : 61