প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীৰ কেডাৰনাথ মন্দিৰ দৰ্শন; পুনৰ নিৰ্মাণ কাৰ্যসূচীৰ অগ্ৰগতিৰ খতিয়ান

Posted On: 07 NOV 2018 12:02PM by PIB Guwahati

দিপাৱলী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেডাৰনাথ মন্দিৰ দৰ্শন কৰে৷ তেওঁ ঐতিহাসিক কেডাৰনাথ মন্দিৰত পূজা আগবঢ়ায়৷ তেওঁ সমগ্ৰ মন্দিৰটোৰ চাৰিওফালে খোজ কাঢ়ি মন্দিৰৰ পুনৰ নিৰ্মাণ কাৰ্যসূচীৰ খতিয়ান লয়৷ তেওঁক জ্যেষ্ঠ বিষয়াই কামৰ অগ্ৰগতি সম্পৰ্কে জানিবলৈ দিয়ে৷ তেওঁ মন্দিৰ প্ৰাংগনত উপস্থিত থকা বিভিন্ন ব্যক্তিৰ সৈতে বাৰ্তালাপ কৰে৷

২০১৩ চনত বান তথা ভূমিস্খলনৰ কবলত পৰা কেডাৰনাথ মন্দিৰ প্ৰাংগনৰ নিৰ্মাণ বৰ্তমানে অগ্ৰাধিকাৰযোগ্য কামৰ তালিকাত অন্তৰ্ভুক্ত হৈছে৷

*****



(Release ID: 1552073) Visitor Counter : 49