কেবিনেট

ওড়িষাৰ ঝাৰছুগুড়া বিমানবন্দৰক ‘বীৰ সুৰেন্দ্ৰ ছাই বিমানবন্দৰ’ নামেৰে নামকৰণ কৰাত কেবিনেটৰ অনুমোদন

Posted On: 01 NOV 2018 12:13PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ওড়িষাৰ ঝাৰছুগুড়া বিমানবন্দৰক বীৰ সুৰেন্দ্ৰ ছাই বিমানবন্দৰনামেৰে নামকৰণ কৰাত অনুমোদন জনাইছে৷

উপযোগিতাঃ

বীৰ সুৰেন্দ্ৰ ছাই আছিল ওড়িষাৰ এগৰাকী প্ৰখ্যাত স্বাধীনতা সংগ্ৰামী৷ ঝাৰছুগুড়া বিমানবন্দৰৰ নতুন নামকৰণে ওড়িষা চৰকাৰৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰিলে৷ ইয়ে অঞ্চলটোৰ স্থানীয় ৰাইজৰ আবেগ-অনুভূতিক প্ৰতিফলিত কৰাৰ লগতে ৰাজ্যখনৰ এগৰাকী সন্মানিত ব্যক্তিৰ বৰঙণিৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰিব৷

*****

NW/AKT/SH/MS



(Release ID: 1551518) Visitor Counter : 93