কেবিনেট

বহনক্ষম উন্নয়নৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় নিৰীক্ষণ পৰিকাঠামো গঠনত কেবিনেটৰ অনুমোদন

Posted On: 24 OCT 2018 1:06PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেবিনেট বৈঠকত দেশত বহনক্ষম উন্নয়নৰ লক্ষ্যত উপনীত হোৱাৰ বাবে এক উচ্চ পর্যায়ৰ পৰিচালনা সমিতি গঠনত অনুমোদন জনায়, যিখন সমিতিয়ে নিৰ্দিষ্ট সময়ৰ অন্তৰে-অন্তৰে উন্নয়নমূলক কাম-কাজৰ পর্যালোচনা কৰিব।

 

ভাৰতৰ মুখ্য পৰিসংখ্যাবিদৰ নেতৃত্বত গঠন হবলগীয়া এই উচ্চ পর্যায়ৰ পৰিচালনা সমিতিত পৰিসংখ্যা মন্ত্ৰালয়ৰ সচিবৰ লগতে নীতি আয়োগৰো সদস্য থাকিব। কেইবাগৰাকী আমন্ত্রিত ব্যক্তিৰ উপৰি সংশ্লিষ্ট অন্যান্য মন্ত্ৰালয়ৰ সচিবো এই সমিতিৰ সদস্য ব আৰু সময়ে সময়ে তেওঁলোকে বিভিন্ন উন্নয়নমূলক কাম-কাজৰ পর্যালোচনা কৰিব।

 

ইয়াৰ লক্ষ্য হৈছেঃ-

 

ক) উন্নয়নৰ ক্ষেত্ৰত দেখা দিয়া বিভিন্ন প্ৰত্যাহ্বান মোকাবিলা কৰি তাৰ বিপৰীতে কার্যকৰী পৰিকল্পনা গ্ৰহণ আৰু প্ৰচলিত ৰাষ্ট্ৰীয় নীতিসমূহৰ অধীনত ইয়াৰ পর্যালোচনা কৰা।

 

খ) ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত বিভিন্ন উন্নয়নমূলক কামৰ অগ্ৰগতি পর্যালোচনা কৰা।

 

গ) পৰিসংখ্যাৰ ওপৰ নির্ভৰ কৰি পৰিসংখ্যা মন্ত্ৰালয়ক ৰাষ্ট্ৰীয় প্ৰতিবেদন দাখিল কৰা।  এই প্ৰতিবেদনত কামৰ উন্নয়ন, বিভিন্ন সমস্যা আৰু ইয়াৰ সমাধানৰ পৰামৰ্শসমূহ ৰাষ্ট্ৰীয় স্তৰত প্ৰদান কৰা।

 

ঘ) তথ্য মন্ত্ৰালয় আৰু বিভাগসমূহে নিয়মীয়াকৈ তথ্য যোগান ধৰিব লাগিব।

 

ঙ) কার্যকৰী পর্যালোচনাৰ বাবে উন্নত পর্যায়ৰ তথ্য প্ৰযুক্তি ব্যৱহাৰ কৰিব লাগিব।

 

প্ৰভাৱসমূহঃ

 

ক) ইয়াৰ ফলত উন্নয়নৰ অর্থনৈতিক, সামাজিক আৰু পৰিৱেশগত দিশত খতিয়ান লোৱা ব।সবকা সাথ, সবকা বিকাশ ওপৰত ভিত্তি কৰি দাৰিদ্ৰতাৰ মোকাবিলা কৰাৰ বাবে বিভিন্ন পন্থা-পদ্ধতি নির্ণয় কৰা হ’ব।

খ) অর্থনীতিৰ বহনক্ষম উন্নয়নৰ বাবে ১৭টা লক্ষ্য আৰু ১৬৯টা দিশ নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ ফলত জীৱনযাত্রাৰ বিভিন্ন অসমতা দূৰ কৰি সকলোৰে বাবে ব্যাপক সুযোগ সৃষ্টি কৰাৰ লগতে প্ৰাকৃতিক সম্পদ আৰু পৰিস্থিতিতন্ত্ৰত বহনক্ষম ব্যৱস্থাপনা কৰা হব।

 

গ) ৰাষ্ট্ৰীয় পৰ্যায়ত বহনক্ষম উন্নয়নৰ ফলাফলভিত্তিক নিৰীক্ষণ আৰু প্ৰতিবেদন প্ৰস্তুত কৰাৰ বাবে ৰাষ্ট্ৰীয় সুচকাংক পৰিকাঠামোয়ে (এনআইএফে) সহায় কৰিব৷

ৰাষ্ট্ৰীয় সুচকাংক পৰিকাঠামোৰ কাৰ্যকৰীকৰণৰ বাবে কোনো ধৰণৰ প্ৰত্যক্ষ ধন ব্যয় নহয়৷ অৱশ্যে, সংশ্লিষ্ট মন্ত্ৰালয়ে বহনক্ষম উন্নয়নৰ সূচকসমূহ নিৰীক্ষণৰ বেলিকা পুনৰ্যোজিত কৰাৰ লগতে এইবোৰ শক্তিশালী কৰিব লাগিব৷

এই বহনক্ষম উন্নয়নৰ লক্ষ্যৰে কামৰ ফলত দেশৰ জনসাধাৰণৰ জীৱন ধৰণাৰ মানদণ্ডৰ সামগ্রিক পৰিৱর্তন আহিব আৰু সমগ্ৰ দেশৰ জনসাধাৰণ ইয়াৰ দ্বাৰা লাভান্বিত হ’ব৷

উল্লখ্য যে নিউয়ৰ্কস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত ২০০০ চনত অনুষ্ঠিত সহস্ৰাব্দ সন্মিলনত ৬ টা এনে উন্নয়নমূলক লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল, যিবোৰক সহস্ৰাব্দ উন্নয়নমূলক লক্ষ্যহিচাপে গ্ৰহণ কৰা হৈছে আৰু ইয়াৰ ভিত্তিতে ২০০০-২০১৫ চনৰ ভিতৰত সকলো দেশে এইসমূহ লক্ষ্যত উপনীত হোৱাৰ বাবে ব্লুপ্ৰিণ্ট ৰচনা কৰি আহিছে৷

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ৭০সংখ্যক অধিৱেশনত পৰৱৰ্তী ১৫ বছৰৰ বাবে ১৭টা এনে বহনক্ষম উন্নয়নমূলক লক্ষ্য গ্ৰহণ কৰি ২০১৬ৰ ১ জানুৱাৰীৰ পৰা এই লক্ষ্যত উপনীত হোৱাৰ বাবে সকলো দেশে বিভিন্ন পন্থা অৱলম্বন কৰিছে৷

*************
 

NW/AKT/SH/DB



(Release ID: 1550845) Visitor Counter : 132