কেবিনেট

ভূপালত মেট্ৰ’ ৰে’ল যোগাযোগ ব্যৱস্থাত উদ্গনি (১)কাৰণ্ড চাৰ্কোলৰ পৰা এইমছলৈ (২) ভদভদা স্কোৱেৰৰ পৰা ৰত্মাগিৰি তিৰাহালৈ এই দুটা কৰি়ড’ৰসহ ভূপাল মেট্ৰ’ ৰে’ল প্ৰকল্পত কেবিনেটৰ অনুমোদন

Posted On: 03 OCT 2018 6:56PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ব্যাপক হাৰত জন সমাগম হোৱা ভূপাল চহৰৰ ()কাৰণ্ড চাৰ্কোলৰ পৰা এইমছলৈ(১৪.৯৯ কিঃমিঃ) আৰু (২) ভদভদা স্কোৱেৰৰ পৰা ৰত্মাগিৰি তিৰাহালৈ(১২.৮৮ কিঃমিঃ)সৰ্বমুঠ ২৭.৮৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ দুটা কৰিডৰসহ ভূপাল মেট্ৰ ৰেল প্ৰকল্পত অনুমোদন জনাইছে।

১৪.৯৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ কাৰণ্ড চাৰ্কোলৰ পৰা এইমছ সংযোগী কৰিডৰটো অধিকাংশ ওপৰেৰে আৰু আংশিকভাৱে মাটিৰ তলেৰে(ভূপাল ৰেলৱে ষ্টেচন আৰু বাছ ষ্টেচন অংশত) নিৰ্মাণ কৰা হব, যত দুটা আণ্ডাৰগ্ৰাউণ্ড ষ্টেচনসহ মুঠ ১৬টা ষ্টেচন থাকিব। ইফালে, ১২.৮৮ কিলোমিটাৰ দীৰ্ঘল ভদভদা স্কোৱেৰৰ পৰা ৰত্মাগিৰি তিৰাহা কৰিডৰত মুঠ ১৪টা ষ্টেচন থাকিব। ব্যাপক জনসমাগম হোৱা চহৰাঞ্চলত এই প্ৰকল্পই সহজলভ্য, নিৰ্ভৰযোগ্য, নিৰাপদ, সুৰক্ষিত আৰু মসৃণ পৰিবহণ ব্যৱস্থাৰ সুবিধা প্ৰদান কৰাৰ উপৰি দুৰ্ঘটনা, প্ৰদূষণ, ভ্ৰমণৰ সময়, ইন্ধন উপভোগ, অসামাজিক কাৰ্যকলাপ হ্ৰাস কৰাৰ লগতে নগৰৰ সম্প্ৰসাৰণত নিয়ন্ত্ৰণ আৰু বহনযোগ্য উন্নয়নৰ বাবে ভূমি ব্যৱহাৰত সহায় কৰিব। চাৰি বছৰত নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা প্ৰকল্পটোত আনুমানিক ৬৯৪১.৪০ কোটি ব্যয় হব।

এই মেট্ৰ ৰেল প্ৰকল্পৰ জৰিয়তে পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে ভূপালৰ প্ৰায় ২৩ লাখ লোক উপকৃত হব। এই কৰিডৰটো ৰেল ষ্টেচন আৰু বিআৰটিএছ ষ্টেচন আৰু ফিডাৰ নেটৱৰ্ক বাছ, অন্তৰ্ৱ্তী ৰাজহুৱা পৰিবহণ(আইপিটি) আৰু মটৰবিহীন পৰিবহণ(এনএমটি)কে ধৰি বিভিন্ন পৰ্যায়ৰ পৰিবহণেৰে সংযোগ কৰা হ এই প্ৰকল্পত সামগ্ৰী পৰিবহণভিত্তিক আৰু উন্নয়ন অধিকাৰৰ হস্তান্তৰ জৰিয়তে যাত্ৰীৰ ভাড়াৰ উপৰি বিজ্ঞাপনৰ সমান্তৰালভাৱে ভেল্যু কেপচাৰ ফাইনান্সিঙৰ পৰা অনা-ভাড়া ৰাজহ আহৰণ কৰিব পাৰিব।

এই ৰেল লাইনে অঞ্চলটোৰ আবাসিক এলেকাৰ লোকসকলক নিজৰ আত্মীয়ৰ লগতে চহৰৰ কাম কৰাৰ ক্ষেত্ৰত ব্যাপকভাৱে উপকৃত কৰিব। কাৰণ্ডৰ পৰা এইমছ সংযোগী কৰিডৰটো ভূপাল চহৰৰ মাজেৰ যাব আৰু ঘন বসতিপূৰ্ণ এলেকা যেনে-ৰেল ষ্টেচন, বাছ ষ্টেচন আৰু এইমচক সংযোগ কৰিব। ইফালে, ভদভদাৰ পৰা ৰত্নাগিৰি তিৰাহা কৰিডৰে বিএফআইইএলসহ প্ৰস্তাৱিত স্মাৰ্ট চিটীৰ ক্ষেত্ৰভিত্তিক এলেকা আৰু সমগ্ৰ ঔদ্যোগিক এলেকাৰ লোকসকলক সংযোগ কৰিব। এই মেট্ৰ ৰেলে আবাসী, যাত্ৰী, বিভিন্ন কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী, দৰ্শনাৰ্থী আৰু পৰ্যটকসকলক পৰিৱেশ অনুকূল আৰু বহনক্ষম ৰাজহুৱা পৰিবহণৰ সুবিধা আগবঢ়াব।

এই প্ৰকল্পৰ ৰূপায়ণৰ বাবে মধ্যপ্ৰদেশ মেট্ৰৰেল কোম্পানী লিমিটেড(এমপিএমআৰচিএল) শীৰ্ষক এক এছপিভি গঠন কৰা হয়। এই প্ৰকল্পৰ বিত্তায়নৰ বাবে ভাৰত চৰকাৰ আৰু মধ্যপ্ৰদেশ চৰকাৰে সমান হাৰত ধন বিনিয়োগ কৰাৰ লগতে আংশিক ধন ইউৰোপীয়ান ইনভেষ্টমেণ্ট বেংক(এফআইবি)ৰ পৰা ঋণ হিচাপে লোৱা হৈছে। ভূপাল মেট্ৰ ৰেল প্ৰকল্পৰ পৰামৰ্শদাতা হিচাপে মেচাৰ্চ লুই বাৰ্জাৰ এছএএছ আৰু মেচাৰ্চ জিওডাটা ইঞ্জিনিয়াৰিঙৰ সৈতে মেচাৰ্চ ডিবি ইঞ্জিনিয়াৰিং এণ্ড কনছালটিং জিএমবিএইচক দায়িত্ব দিয়া হৈছে। ইতিমধ্যে কামৰ নিবিদা আহ্বান কৰা হৈছে আৰু শীঘ্ৰে কাম আৰম্ভ হব।

******

NW/AKT/SH/DB



(Release ID: 1548674) Visitor Counter : 42