কেবিনেট

ভাৰত আৰু ৰাছিয়াৰ মাজত পথ পৰিবহণ আৰু পথ উদ্যোগৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰ বাবে বুজাবুজিৰ চুক্তিত কেবিনেটৰ অনুমোদন

Posted On: 03 OCT 2018 7:00PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰোহিত্যত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত ভাৰত আৰু ৰাছিয়াৰ মাজত পথ পৰিবহণ আৰু পথ উদ্যোগৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰ বাবে বুজাবুজিৰ চুক্তিত  অনুমোদন জনোৱা হয়। ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ ভাৰত আগমণৰ সময়ত এই চুক্তি স্বাক্ষৰিত হব।

পথ পৰিবহণ আৰু ঘাইপথৰ ক্ষেত্ৰত এক আনুষ্ঠানিক মঞ্চ প্ৰতিষ্ঠাৰ বাবে এখন চুক্তি দুয়োখন দেশে আলোচনা কৰি যুটীয়াভাৱে চূড়ান্ত কৰিছিল।

এই চুক্তি স্বাক্ষৰিত হলে পথ পৰিবহণ আৰু পথ উদ্যোগৰ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতাৰদ্বাৰা দুয়োখন দেশেই লাভান্বিত হৰাছিয়াৰ লগত বৰ্দ্ধিত সহযোগিতা, বিনিময় তথা সংঘবদ্ধতাই পথ পৰিবহণ আৰু পথ উদ্যোগ তথা বুদ্ধিদ্বীপ্ত পৰিবহণ ব্যৱস্থাৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী তথা প্ৰভাৱশালী দ্বিপাক্ষিক সম্পৰ্ক প্ৰতিষ্ঠাত সহায় কৰিব। ইয়াৰ ফলত পথ আন্তঃগাঁথনি আৰু পথৰ সংযোগ ব্যৱস্থাৰ পৰিচালনা, পৰিবহণ নীতি, দেশৰ ঘাইপথসমূহৰ নিৰ্মাণ আৰু প্ৰশাসনৰ প্ৰযুক্তি তথা মান সম্পৰ্কে আঁচনি কৰাত সহায় হোৱাৰ লগতে ভৱিষ্যতে ভাৰত আৰু ৰাছিয়াৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী হ

পটভূমিঃ

ভাৰত আৰু ৰাছিয়াৰ মাজত দীৰ্ঘদিনীয়া সম্পৰ্ক আছে আৰু অৰ্থনৈতিক আৰু কূটনৈতিক দিশত শক্তিশালী দ্বিপাক্ষিক সম্পৰ্ক ৰক্ষা কৰি আহিছে।ৰাছিয়াই কৃত্ৰিম উপগ্ৰহৰ ওপৰত ভিত্তি কৰি কৰা টলিং সমাধানৰ বাবে প্ৰযুক্তিগত সমাধান উলিয়াইছে। একেদৰে তেওঁলোকে দূৰ্ঘটনা আদি পৰ্যবেক্ষণ কৰিব পৰাকৈ অতি উন্নত পৰিবহণ পৰিচালনা ব্যৱস্থা ব্যৱহাৰ কৰিবলৈ লৈছে।পথ পৰিবহণৰ ক্ষেত্ৰত ৰাছিয়াৰ এনেবোৰ অগ্ৰগতিলৈ মন কৰিলে ভাৰতৰ বাবে এই চুক্তি অতি লাভজনক হব যিহেতু ভাৰতে ওচৰৰ পৰা প্ৰযুক্তিসমূহৰ বিষয়ে শিকাৰ সুযোগ লাভ কৰিব। ভাৰতে ঘাইপথ আন্তগাঁথনিৰ দিশত অতি ক্ষীপ্ৰতাৰে কাম কৰি আছে।পথ আন্তগাঁথনিৰ সম্পূৰ্ণতাৰ বাবে তথা পৰিবহণ ব্যৱস্থা আৰু সুৰক্ষা উন্নত কৰিবৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰ অতি প্ৰয়োজনীয়।ইয়াৰ ফলত সামগ্ৰিক পৰিবহণৰ খৰচ হ্ৰাস পাব। ৰাছিয়াৰ আন্তগাঁথনি উন্নয়ন সংস্থাসমূহে ভাৰতৰ নিজা বৃহৎ ঘাইপথ আন্তগাঁথনি তথা অতিদ্ৰুতবেগী পথ আন্তগাঁথনি উন্নয়নৰ আকৰ্ষণীয় আঁচনিৰ লগত জড়িত হোৱাৰ সুবিধা লাভ কৰিব। দুয়োখন দেশৰ সহযোগিতাই প্ৰশাসনিক দিশৰ মত বিনিময়ৰ এক আনুষ্ঠানিক মঞ্চ প্ৰদান কৰাৰ লগতে দুয়োখন দেশ সদস্য হিচাপে জড়িত থকা সকলো আন্তঃৰাষ্ট্ৰীয় সংস্থা তথা  মঞ্চৰ পদক্ষেপক সহায় কৰিব।


******

NW/AKT/SH/PRK



(Release ID: 1548672) Visitor Counter : 101