কেবিনেট

ভাৰত আৰু ৰাছিয়াৰ মাজত ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগসমূহৰ ক্ষেত্ৰত সহযোগিতাৰ বুজাবুজি চুক্তিপত্ৰত কেবিনেটৰ অনুমোদন প্ৰদান

Posted On: 03 OCT 2018 6:59PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ভাৰতৰ ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয় (এমএছএমই)ৰ অধীনস্থ সংস্থা নেচনেল স্মল ইণ্ডাষ্ট্ৰীজ কৰ্পৰেচন লিমিটেড (এনএছআইচি) আৰু ৰাছিয়াৰ জেএছচি-ৰাছিয়ান স্মল এণ্ড মিডিয়াম বিজনেছ কৰ্পৰেচন (আৰএছএমবি কৰ্পৰেচন)ৰ মাজত স্বাক্ষৰিত হোৱা এক বুজাবুজিৰ চুক্তিপত্ৰত সন্মতি প্ৰদান কৰিছে৷ এই সন্মতি পত্ৰত স্বাক্ষৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ অনাগত ভাৰত ভ্ৰমণৰ সময়ত সম্পন্ন কৰা হব৷

এই বুজাবুজিৰ চুক্তিপত্ৰৰ প্ৰধান উদ্দেশ্য হল দুয়োখন দেশৰ মাজক লঘূ আৰু মজলীয়া উদ্যোগসমূহৰ (এছএমই)মাজত সহযোগিতা বৃদ্ধি কৰা৷ ইয়াৰ জৰিয়তে দুয়োখন দেশৰ মাজত এমএছএমই খণ্ডত পৰস্পৰৰ শক্তি, বজাৰ, প্ৰযুক্তি, নিয়মাৱলীসমূহ বুজাৰ বাবে এক পৰিবেশ তথা পৰিকাঠামো প্ৰস্তুত হব৷ ই দুয়োখন দেশৰ মাজত এমএছএমই খণ্ডত প্ৰযুক্তি হস্তান্তৰণ, যৌথ অভিযান আৰু ব্যৱসায়িক অংশীদাৰীত্বৰ ক্ষেত্ৰত বহনক্ষম ব্যৱসায়িক সহযোগিতাৰ পৰিবেশ সৃষ্টি কৰিব৷ তাৰোপৰি সামৰ্থ নিৰ্মাণ, উদ্যমিতা বিকাশৰ দ্ৰুত উৰ্বৰতা, উভয় দেশৰ বজাৰ অনাবৃতকৰণ, প্ৰদৰ্শনীত অংশগ্ৰহণ আদিও এই বুজাবুজিৰ চুক্তিপত্ৰৰ দ্বাৰা উৎসাহিত কৰা হব৷

এই সহযোগিতাই ভাৰতীয় এমএছএমই খণ্ডৰ বাবে নতুন বজাৰ, যৌথ সহযোগিতা, প্ৰযুক্তি বিনিময় আদিৰ নতুন দুৱাৰ মুকলি কৰিব৷ এমএছএমই মন্ত্ৰায়লৰ অধীনৰ এনএছআইচিৰ এনেধৰণৰ সহযোগিতা পূৰ্বেও সম্পন্ন কৰাৰ অভিজ্ঞতা আছে আৰু সেইবাবে এই বুজাবুজিৰ চুক্তিপত্ৰত কাৰ্যসূচীসমূহৰ প্ৰণয়নৰ দিশত ই এক উপযুক্ত সংস্থা বুলি বিবেচিত হৈছে৷

 

 

******

NW/AKT/SH/MANN



(Release ID: 1548670) Visitor Counter : 70