কেবিনেট

ছিৰহিন্দ ফিডাৰ কেনেল আৰু ৰাজস্থান ফিডাৰ কেনেলৰ সংস্কাৰৰ বাবে ৮২৫ কোটি টকা আৰ্থিক সাহায্যত কেবিনেটৰ অনুমোদন

দুয়োটা প্ৰকল্পৰ জৰিয়তে পঞ্জাৱৰ মুক্তছাৰ, ফৰিডকোট আৰু ফিৰোজপূৰত জলমগ্ন সমস্যা সমাধান হ’ব

Posted On: 26 SEP 2018 4:08PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ৰাজস্থান ফিডাৰ কেনেল আৰু ছিৰহিন্দ ফিডাৰ কেনেলৰ সংস্কাৰমূলক কাম-কাজ ৰূপায়ণৰ লক্ষ্যৰে পৰৱৰ্তী পাঁচ বছৰৰ বাবে (২০১৮-১৯ৰ পৰা ২০২২-২০২৩লৈ) ক্ৰমে ৬২০.৪২ কোটি টকা আৰু ২০৫.৭৫৮ কোটি টকাকৈ কেন্দ্ৰীয় সাহায্য প্ৰদানত অনুমোদন জনাইছে। ইয়াৰ ফলত ছিৰহিন্দ ফিডাৰৰ আৰডি ১১৯৭০০ৰ পৰা ৪৪৭৯২৭ আৰু পঞ্জাৱৰ ৰাজস্থান ফিডাৰৰ আৰডি ১৭৯০০০ৰ পৰা ৪৯৬০০০ৰ সংস্কাৰ কৰা হব।

এই প্রকল্প ৰূপায়িত হলে দক্ষিণ-পশ্চিম পাঞ্জাৱৰ মুক্তছৰ, ফৰিডকোট আৰু ফিৰোজপুৰ জিলাৰ প্রায় ৮৪,৮০০ হেক্টৰ ভূমিত জমা হোৱাৰ সমস্যা দূৰ হএই দুই কেনেলত পানীৰ প্রবাহ আৰু সৰবৰাহ বৃদ্ধি পাবৰাজস্থান ফিডাৰ কেনেল সংস্কাৰৰ ফলত কৃষকসকলে প্রায় ৯৮,৭৩৯ হেক্টৰ ভূমিত উন্নত শস্যৰ সুবিধা পাবছিৰহিন্দ ফিডাৰৰ সংস্কাৰৰ ফলত কৃষকসকলে ৬৯,০৮৬ ভূমিতো উন্নত শস্যৰ সুবিধা লাভ কৰিব

ৰাজস্থান ফিডাৰ আৰু ছিৰহিন্দ ফিডাৰৰ বাবে এলটিআইএফৰ অধীনত ৯৯ পিএমকেএছৱাই-এআইবিপিলৈ নাবাৰ্ডৰ জৰিয়তে পূঁজি যোগান ধৰা হব। প্রকল্প দুটাৰ সর্বাংগীন তদাৰকীৰ বাবে এটি বিশেষজ্ঞ প্রকল্প পর্যালোচনা কমিটীও গঠন কৰা হএই দুই গুৰুত্বপূর্ণ ফিডাৰ কেনেলৰ সংস্কাৰৰ বাবে সমগ্র ধন কেন্দ্রীয় সহায্য হিচাপে প্ৰদান কৰা হব।

উল্লেখ্য যে ৰাজস্থান ফিডাৰ কেনেল আৰু ছিৰহিন্দ ফিডাৰ কেনেলৰ বাবে অনুমোদিত ধনৰ পৰিমাণ ক্ৰমে ৬৭১.৪৭৮ কোটি টকা আৰু ১৩০৫.২৬৭ কোটি টকা হৈছিলইয়াৰে সৰ্বমুঠ ৮২৬.১৬৮ কোটি টকা কেন্দ্রীয় সহায্য হিচাপে প্ৰদান কৰিব। ২০১৬ চনত ৬ এপ্ৰিলত ইয়াৰ সংশোধন কৰা হয়।

২০১৬ চনৰ কেন্দ্ৰীয় জন আয়োগৰ অধ্যক্ষৰ নেতৃত্বত এটা দলে আৰু ২০১৭ চনৰ কেন্দ্ৰীয় জল আয়োগৰ প্ৰাক্তন অধ্যক্ষ শ্ৰী এ. বি. পাণ্ডিয়াৰ নেতৃত্বত আন এটা দলে এই প্ৰকল্পসমূহ পৰিদৰ্শন কৰিছিল। তেওঁলোকে ইয়াৰ প্ৰাসংগিক কাম-কাজত অনুমোদন জনাইছিল। ২৬.০৪.২০১৮ত পঞ্জাৱ চৰকাৰেও ইয়াৰ বিত্তীয় দিশত অনুমোদন জনায়।

এই প্ৰকল্প দুটাই উল্লিখিত অঞ্চলসমূহৰ পানী জমা হোৱা সমস্যাৰ সমাধান কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

*****

NW/AKT/SH/DB


(Release ID: 1547905)