কেবিনেট

প্ৰয়োগিক বিজ্ঞান আৰু ঔদ্যোগিক প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰত আৰু দক্ষিণ কোৰিয়াৰ মাজত সহযোগিতা বৃদ্ধিৰ বুজাবুজিৰ চুক্তিপত্ৰত কেবিনেটৰ অনুমোদন

Posted On: 26 SEP 2018 4:09PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ভাৰত আৰু দক্ষিণ কোৰিয়াৰ মাজত প্ৰয়োগিক বিজ্ঞান আৰু ঔদ্যোগিক প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বুজাবুজিৰ চুক্তিপত্ৰত অনুমোদন জনায়৷ এই বুজাবুজিৰ চুক্তিপত্ৰ দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতিয়ে ৯ জুলাই ২০১৮ তাৰিখে ভাৰত ভ্ৰমণ কৰাৰ সময়ত স্বাক্ষৰিত কৰা হৈছিল৷

এই বুজাবুজিৰ চুক্তি পত্ৰৰ লক্ষ্য আু উদ্দেশ্য হৈছে দুয়োখন দেশৰ মাজত প্ৰয়োগিক বিজ্ঞান আৰু ঔদ্যোগিক প্ৰযুক্তিৰ দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি কৰি বহনক্ষম উন্নয়ন আৰু জীৱনৰ গুণগতমান বৃদ্ধি কৰা৷

 

*********

NW/AKT/SH/MANN



(Release ID: 1547904) Visitor Counter : 49