প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীৰ ‘স্বচ্ছতা হি সেৱা’ মুকলি, দেশৰ বিভিন্ন লোকৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে বাৰ্তালাপ

Posted On: 15 SEP 2018 2:11PM by PIB Guwahati

বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য প্ৰদান কৰে৷

গুজৰাটৰ মেহছানাৰ দুগ্ধ আৰু কৃষি সমবায়ৰ সদস্যসকলে স্বচ্ছতাৰ দিশত গ্ৰহণ কৰা পদক্ষেপ সম্পৰ্কে প্ৰধানমন্ত্ৰীৰ আগত ব্যক্ত কৰে৷ স্বচ্ছ ভাৰত অভিযানে ডায়েৰিয়াৰ দৰে ৰোগৰ প্ৰাদুৰ্ভাৱ হ্ৰাস কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য প্ৰদান কৰে৷

মুম্বাইৰ গেটৱে অৱ ইণ্ডিয়াৰ পৰা অভিনেতা অমিতাভ বচ্চনে তেওঁ জড়িত হৈ পৰা স্বচ্ছতাৰ বিভিন্ন পদক্ষেপ যেনে মুম্বাইৰ সাগৰৰ পাৰ পৰিষ্কাৰ আদি সন্দৰ্ভত প্ৰধানমন্ত্ৰীক অৱগত কৰে৷ বিখ্যাত উদ্যোগপতি শ্ৰী ৰতন টাটাইও এই বাৰ্তালাপত অংশগ্ৰহণ কৰে৷ তেওঁ কয় যে এই ধৰণৰ পদক্ষেপৰ তেওঁ সহযোগী হব পৰাটো তেওঁৰ বাবে অতিশয় সন্মানৰ কথা আৰু এয়া প্ৰতিজন ভাৰতীয় নাগৰিকৰে সপোন হোৱা উচিত৷ ব্যক্তিগত খণ্ডসমূহে স্বচ্ছ ভাৰত গঢ়াত এক বৃহৎ ভূমিকা গ্ৰহণ কৰিব পাৰে বুলি প্ৰধানমন্ত্ৰীয়ে দোহাৰে৷

দৈনিক জাগৰণৰ জ্যেষ্ঠ সংবাদ মাধ্যমৰ ব্যক্তি শ্ৰী সঞ্জয় গুপ্তাই নয়ডাৰ পৰা এই বাৰ্তালাপত অংশগ্ৰহণ কৰে আৰু স্বচ্ছতাৰ ক্ষেত্ৰত গ্ৰহণ কৰা তেওঁৰ পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰে৷ সুউচ্চ লাডাখৰ পাংগং লেকৰ পৰা আইটিবিপিৰ জোৱানেও এই বাৰ্তালাপত অংশগ্ৰহণ কৰে৷ প্ৰধানমন্ত্ৰীয়ে আইটিপিবি জোৱানক তেওঁলোকৰ সাহস আৰু দেশৰ প্ৰতি আগবঢ়োৱা সেৱাৰ বাবে প্ৰশংসা কৰে৷

কইম্বাটোৰৰ পৰা সদগুৰু জাগ্গি বাসুদেৱে এই বাৰ্তালাপত অংশগ্ৰহণ কৰে৷ তেওঁ কয় যে তেওঁৰ যাত্ৰাত স্বচ্ছতাৰ প্ৰতি বৃদ্ধি হোৱা উৎসাহ তেওঁ পৰিলক্ষিত কৰিছে৷ তেওঁ প্ৰধানমন্ত্ৰীক উক্ত পদক্ষেপৰ বাবে প্ৰশংসা কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে স্বচ্ছ ভাৰত কোনো চৰকাৰ বা কোনো প্ৰধানমন্ত্ৰীৰ অভিযান নহয়, এয়া সমগ্ৰ ৰাষ্ট্ৰৰ অভিযান৷

ছট্টিশগড়ৰ ধান্তেৱাড়া আৰু তামিলনাডুৰ ছালেমৰ মহিলা স্বচ্ছগ্ৰহীসকলে স্বচ্ছতাৰ দিশত তেওঁলোকে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ সন্মুখত ব্যক্ত কৰে৷ পাটনা চাহিব গুৰুদ্বাৰৰ ধৰ্মীয় নেতা তথা নাগৰিক আৰু ডাদি জাংকিজিৰ আবুয়ে প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপত অংশগ্ৰহণ কৰে৷ প্ৰধানমন্ত্ৰীয়ে বিশেষভাৱে ব্ৰহ্মকুমাৰ সংস্থাক তেওঁলোকৰ স্বচ্ছতাৰ পদক্ষেপসমূহৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷ প্ৰধানমন্ত্ৰীয়ে মধ্য প্ৰদেশৰ ৰাজগড়, উত্তৰ প্ৰদেশৰ ফটেহপুৰৰ নাগৰিক, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, আধ্যাত্মিক নেতা শ্ৰী শ্ৰী ৰবি শংকৰ সৈতেও বাৰ্তালাপ কৰে৷ তেওঁ কয় যে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰ বিশেষকৈ তৰুণ প্ৰজন্মক উৎসাহিত কৰাত সফল হৈছে৷

প্ৰধানমন্ত্ৰীয়ে গংগা পৰিষ্কাৰকৰণৰ সৈতে জড়িত উত্তৰ প্ৰদেশ বিজনোৰৰ স্বেচ্ছাসেৱীসকলৰ সৈতেও বাৰ্তালাপ কৰে৷ তেওঁ ‘‘মা গংগা’’ক পৰিষ্কাৰকৰণত স্বেচ্ছাসেৱীসকলে গ্ৰহণ কৰা প্ৰয়াসক প্ৰশংসা কৰে৷ তেওঁ গংগাৰ পাৰত বাস কৰা সকলো নাগৰিককে স্বচ্ছতা হি সেৱা অভিযানৰ সময়চোৱাত স্বেচ্ছামূলকভাৱে পৰিষ্কাৰৰ দিশত অগ্ৰসৰ হবলৈ আহ্বান জনায়৷ আজমীৰৰ শ্বৰীফ দৰগাহৰ ভক্ত আৰু হাৰিয়ানাৰ ৰেৱাৰিৰ ৰেলৱে কৰ্মচাৰীসকলেও প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপত অংশগ্ৰহণ কৰে৷ কল্লামৰ পৰা মা অমৃতানন্দময়ীয়ে এই বাৰ্তালাপত অংশগ্ৰহণ কৰে৷

এই বাৰ্তালাপত প্ৰধানমন্ত্ৰীয়ে স্বচ্ছগ্ৰহীসকলক ভূমিকাক প্ৰশংসা কৰি কয় যে তেওঁলোকৰ ভূমিকা ইতিহাসত চিৰস্মৰণীয় হৈ ৰব৷ তেওঁ কয় যে স্বচ্ছতাৰ ক্ষেত্ৰত আমাৰ আত্মবিশ্বাস আৰু সমাধানে আকাশ স্পৰ্শ কৰিছে৷ তেওঁ স্বচ্ছতা হি সেৱা অভিযানত সকলো ব্যক্তিকে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়৷    

*****

AKT/AP/MANN



(Release ID: 1547580) Visitor Counter : 70