প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰাঁচীত প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত- পিএমজেএৱাই মুকলি

Posted On: 23 SEP 2018 4:14PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঝাৰখণ্ডৰ ৰাঁচীত স্বাস্থ্য বীমা আঁচনি আয়ুষ্মান ভাৰত- প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা মুকলি কৰে৷

এখন বিশাল ৰাজহুৱা সভাত পিএমজেএৱাই মুকলি কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে আঁচনিখনৰ ওপৰত উপস্থাপন কৰা এক প্ৰদৰ্শনীত অংশগ্ৰহণ কৰে৷ সেই একেটা অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে চাইবাছা আৰু কডেৰ্মাৰ বাবে চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলাও মুকলি কৰে৷

অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই আঁচনি মুকলিৰ জৰিয়তে দৰিদ্ৰতকৈও দৰিদ্ৰতম লোক, সমাজৰ বঞ্চিত লোকে উন্নত স্বাস্থ্য সেৱা আৰু চিকিৎসা লাভ কৰিব৷ তেওঁ কয় যে এই আঁচনিটোৱে প্ৰতি বছৰে প্ৰতিটো পৰিয়ালক ৫ লাখ টকা পৰ্যন্ত স্বাস্থ্য নিশ্চিতি প্ৰদান কৰিব যাৰ দ্বাৰা ৫০ কোটি লোক উপকৃত হব৷ উক্ত আঁচনিটোৰ হিতাধিকাৰীসকলৰ সংখ্যা ইউৰোপিয়ান ৰাষ্ট্ৰ অথবা আমেৰিকা, কানাডা আৰু মেক্সিকোৰ মুঠ জনসংখ্যাৰ সমান বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে৷

তেওঁ কয় যে আয়ুষ্মান ভাৰতৰ প্ৰথম অংশ- স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰসমূহ বাবা চাহেব আম্বেদকাৰৰ জন্ম জয়ন্তীৰ দিনা মুকলি কৰা হৈছিল আৰু দ্বিতীয় অংশটো- স্বাস্থ্য বীমা আঁচনি দীন দয়াল উপাধ্যায়ৰ জন্ম বাৰ্ষিকীৰ ঠিক দুদিন আগত মুকলি কৰা হৈছে৷

পিএমজেএৱাই আঁচনিৰ ব্যাপকতা সন্দৰ্ভত মন্তব্য প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই ১৩০০টা বিভিন্ন গুৰুত্বপূৰ্ণ ৰোগ যেনে কৰ্কট, হৃদয়ৰ ৰোগ আদি সামৰি লব৷ ব্যক্তিগত চিকিৎসালয়সমূহেও এই আঁচনিৰ অংশীদাৰ হব বুলি তেওঁ জানিবলৈ দিয়ে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে এই পাঁচ লাখত সকলো পৰীক্ষা, ঔষধ, চিকিৎসালয়ত ভৰ্তি হোৱাৰ পূৰ্বে হোৱা খৰচ এইসকলোবোৰ সামৰি লব৷ তেওঁ কয় যে ই পূৰ্বৰ বেমাৰসমূহো সামৰি লব৷ ১৪৫৫৫ অথবা সাধাৰণ সেৱা কেন্দ্ৰসমূহৰ পৰা এই আঁচনিটোৰ বিষয়ে জনসাধাৰণে অৱগত হব পাৰিব বুলি তেওঁ জানিবলৈ দিয়ে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে যিসমূহ ৰাজ্য পিএমজেএৱাইৰ অংশীদাৰ হৈছে, সেই ৰাজ্যৰ জনসাধাৰণে ৰাজ্যখনৰ যিকোনো স্থানৰ পৰা এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব৷ বৰ্তমানলৈ দেশৰ ১৩,০০০ত কৈও অধিক চিকিৎসালয় এই আঁচনিৰ অধীনত পঞ্জীকৃত হৈছে৷

ইয়াৰোপৰি প্ৰধানমন্ত্ৰীয়ে আজি মুকলি হোৱা ১০টা স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰসমূহৰ বিষয়ে সদৰী কৰে৷ তেওঁ কয় যে দেশত এনে কেন্দ্ৰৰ সংখ্যা বৰ্তমানে ২৩০০টা হৈছে৷ অনাগত চাৰিটা বৰ্ষৰ ভিতৰত দেশত এনেকুৱা কেন্দ্ৰৰ সংখ্যা ১.৫লাখ টালৈ বৃদ্ধি কৰাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে৷

ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে উক্ত পদক্ষেপক কেন্দ্ৰ চৰকাৰৰ ‘‘ব্যয়সাধ্য স্বাস্থ্য সুৰক্ষা’’ আৰু ‘‘প্ৰতিৰোধমূলক স্বাস্থ্য সুৰক্ষা’’ বুলি মন্তব্য কৰে৷ পিএমজেএৱাইৰ সৈতে জড়িত প্ৰতিজন ব্যক্তি, চিকিৎসক, নাৰ্চ, স্বাস্থ্য সেৱা প্ৰদানকাৰী, আশা, এএনএম আদি সকলোকে প্ৰধানমন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰে৷   

AKT/VJ/MANN



(Release ID: 1547573) Visitor Counter : 94