কেবিনেট

জম্মু আৰু কাশ্মীৰৰ পিছপৰা গ্ৰামীণ পৰিয়াললৈ সকাহ

ডিএৱাই-এনআৰএলএম ৰূপায়ণৰ বাবে জম্মু আৰু কাশ্মীৰক বিশেষ পেকেজ-দৰিদ্ৰতাৰ অনুপাতৰ সৈতে যোগসূত্ৰ নৰখাকৈয়ে ডিএৱাই-এনআৰএলএম অধীনত জম্মু আৰু কাশ্মীৰলৈ পূঁজি আবণ্টনত কেবিনেটৰ অনুমোদন

Posted On: 19 SEP 2018 1:22PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত আজি কেন্দ্রীয় কেবিনেট বৈঠকত জম্মু আৰু কাশ্মীৰত দীনদয়াল অন্ত্যোদয়া যোজনা-ৰাষ্ট্ৰীয় গ্রামীণ জীৱিকা অভিযান(ডিএৱাই-এনআৰএলএম)ৰ অধীনত বিশেষ পেকেজ ৰূপায়ণৰ সময়সীমা ২০১৮-১৯ বিত্তীয় বৰ্ষৰ পৰা আৰু এবছৰ বৃদ্ধিত অনুমোদন জনায়

 

দৰিদ্ৰতাৰ অনুপাতৰ সৈতে বিশেষ পেকেজৰ যোগসূত্ৰ নৰখাকৈয়ে চাহিদাৰ ভিত্তিত সেই ৰাজ্যক ধন আবণ্টনৰ বিষয়টো কেবিনেটে অনুমোদন জনায়ইয়াৰ বাবে অৱশ্যে কোনো অতিৰিক্ত ধনৰ প্ৰয়োজন নহয় আৰু সময়সীমা বৃদ্ধিৰ বাবেই এই অনুমোদন জনোৱা হৈছে, যাতে ৰাজ্যখনৰ ক্ষতিগ্রস্ত পৰিয়ালৰ দুই-তৃতীয়াংশক সৰ্বমুঠ অনুমোদিত ধন আবণ্টনৰ আওঁতালৈ আনিব পৰা যায়। মূল আবণ্টিত ধন পৰিমাণ ৭৫৫.৩২ কোটি টকা। উল্লেখ্য যে ২০১৮-১৯ বিত্তীয় বৰ্ষৰ বাবে ৰাজ্যখনত ১৪৩.৬০৪ কোটি টকাৰ প্রয়োজন।

এই প্ৰচেষ্টা স্বয়ংক্রিয় অন্তর্ভুক্তি কেটেগৰীত ৰাজ্যখনৰ ক্ষতিগ্রস্ত পৰিয়ালসমূহ সক্রিয় কৰি ৰাখিবইয়াৰ সমান্তৰালভাৱে ২০১১ চনৰ আর্থ-সামাজিক জাতি পিয়ল অনুসৰি ইয়াৰ আওঁতাত থকা লোকৰ অতি কমেও তালিকা বৰ্হিভুত বঞ্চিত শ্রেণীৰ পৰিয়ালবর্গক সক্ৰিয় কৰিব ৰখাটো সম্ভৱ হএই প্ৰচেষ্টাই একেসময়তে ডিএৱাই-এনআৰএলএমৰ আওঁতাত জম্মু আৰু কাশ্মীৰৰ সকলো ব্লকক সামৰি ল

****

NW/AKT/SH/DB



(Release ID: 1547569) Visitor Counter : 59