প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

শিক্ষক দিৱসত শিক্ষক সমূদায়লৈ প্ৰধানমন্ত্ৰী মোদীৰ পত্ৰ

Posted On: 05 SEP 2018 7:38PM by PIB Guwahati

শিক্ষক দিৱসত শিক্ষক সমূদায়ক অভিনন্দন জনোৱাৰ লগতে ডঃ সর্বপল্লী ৰাধাকৃষ্ণণৰ প্রতি শ্রদ্ধাঞ্জলি নিবেদন কৰি প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে কয় যে শিক্ষকসকলে অনুপ্রেৰণা যোগোৱাৰ সমান্তৰালভাৱে তেওঁলোকে শিক্ষাদান কৰে আৰু আনৰ জীৱন পোহৰাই তোলে

এক ই-মেল বার্তাত দেশৰ লাখ লাখ শিক্ষকক উদ্দেশ্যি প্রধানমন্ত্রীয়ে শিশুসকলৰ জীৱনত তেওঁলোকৰ গুৰুত্বপূর্ণ প্রভাৱৰ কথা উল্লেখ কৰি কয় যে শিক্ষকসকলে যি মূল্যবোধৰ শিক্ষা শিশুসকলক প্ৰদান কৰে, সেয়া সমগ্ৰ জীৱন তেওঁলোকৰ লগত থাকি যায়।

প্রধানমন্ত্রীয়ে দেশৰ প্রাক্তন ৰাষ্ট্রপতি ডঃ এ পি জে আব্দুল কালামৰ উদ্ধৃতি দি কয়, শিক্ষকতা এক অতি মহান বৃত্তি আৰু যি এজন ব্যক্তিৰ চৰিত্র, দক্ষতা আৰু ভৱিষ্যৎ গঢ় দিয়ে

শ্রী নৰেন্দ্র মোদীয়ে কয় যে যিসকলে সমাজ শিক্ষা, গৱেষণা আৰু উদ্ভাৱনক সর্বোচ্চ অগ্রাধিকাৰ দিয়ে, তেওঁলোকেই একৈশ শতিকাৰ ভৱিষ্যৎ নির্ধাৰণ কৰিবনকলেও হয় যে এই ক্ষেত্রত শিক্ষকসকলৰ ভূমিকা অতি গুৰুত্বপূর্ণ, তেওঁ লগতে কয়

শিক্ষকসকলে প্রযুক্তিৰ শেহতীয়া অগ্রগতিৰ সন্দৰ্ভত নিজে আপডেট হৈ থাকি আৰু প্রযুক্তিৰ সৈতে ছাত্র-ছাত্রীসকলৰ সংযোগ গঢ়ি তুলিছে।প্রধানমন্ত্রীয়ে শিক্ষকসকলক উদ্দেশ্যি লিখা চিঠিৰ জৰিয়তে এইদৰে আশা প্রকাশ কৰেতেওঁ লগতে শিক্ষাৰ ক্ষেত্রত ভাৰত চৰকাৰে গ্ৰহণ কৰা কেতবোৰ প্ৰচেষ্টাৰ কথা উল্লেখ কৰে, যিবোকে নতুন পৰিৱর্তনৰ সূচনা কৰিছে।

প্রধানমন্ত্রীয়ে কয়, আপোনালোকৰ দৰে শিক্ষকসকলৰ অক্লান্ত পৰিশ্রমৰ বাবে ধন্যবাদ জনাইছো, যাৰ ফলত আমাৰ দৃষ্টি ব্যয়তকৈ ফলাফল আৰু শিক্ষাদানৰ পৰা শিক্ষা গ্রহণৰ প্রতি নিৱদ্ধ হৈছে। তেওঁ কয় যে অটল টিংকাৰিং গৱেষণাগাৰৰ দৰে প্ৰচেষ্টাৰ ফলত দক্ষতা বৃদ্ধিৰ কামত গুৰুত্ব বৃদ্ধি পাইছে। সমগ্ৰ ভাৰতত যিদৰে অসংখ্য বিশ্ববিদ্যালয় স্থাপিত হৈছে, তাত কোনো ছাত্রই উচ্চমানৰ শিক্ষাৰ আনন্দৰ বঞ্চিত হব নালাগিব।

২ অক্টোবৰ মহাত্মা গান্ধীৰ ১৫০তম জন্মবার্ষিকী আয়োজনৰ কথা উল্লেখ কৰি প্রধানমন্ত্রীয়ে বাপুৰ মহান আদর্শক অভিনৱ উপায়েৰে ছাত্র-ছাত্রীসকলৰ মাজত প্ৰসাৰ কৰাৰ ক্ষেত্রত বিশেষ ভূমিকা গ্ৰহণ কৰাৰ বাবে শিক্ষক সমাজৰ প্রতি আহ্বান জনায়স্বচ্ছ ভাৰত অভিযান সফল কৰাৰ ক্ষেত্রত শিক্ষক সমাজে যি গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিছে, তাৰ বাবে প্রধানমন্ত্রীয়ে শিক্ষকসকলক প্রশংসা কৰে।

২০২২ চনত নতুন ভাৰতৰ সপোনৰ কথা দোঁহাৰি প্রধানমন্ত্রীয়ে কয় যে সেই সময়ত আমাৰ দেশে স্বাধীনতাৰ ৭৫সংখ্যক বর্ষপূৰ্তি উদযাপন কৰিবতেওঁ আমাৰ স্বাধীনতাৰ বাবে জীৱন উৎসর্গা কৰা শ্বহীদসকলৰ সপোন বাস্তৱ কৰি তুলিবলৈ অহা চাৰি বছৰত প্ৰত্যেকে নিজক নিয়োজিত কৰিবলৈ শিক্ষক সমাজৰ প্রতি আহ্বান জনায়

প্রধানমন্ত্রীয়ে কয়, আপোনালোকক আহ্বান জনাওঁ যে আপোনালোকে পছন্দ মতে যি কোনো বিষয় বাছি লৈ স্থানীয় জনগোষ্ঠীসমূহক তাৰ সৈতে যুক্ত কৰি সমাজৰ সকলো স্তৰৰ মানুহৰ জীৱনত ইতিবাচক পৰিৱর্তন আনকএই কাম হব আমাৰ স্বাধীনতা সংগ্রামীৰ প্রতি উপযুক্ত শ্রদ্ধা নিবেদনৰ এক প্রয়াস আৰু নতুন ভাৰত গঢ়ি তোলাৰ দিশত শিক্ষকসকলৰ অৱদান।

****

AKT/VJ/DB



(Release ID: 1545446) Visitor Counter : 71