কেবিনেট
ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজত বিজ্ঞান তথা প্ৰযুক্তিগত সহযোগিতাৰ বুজাবুজি চুক্তিপত্ৰত কেবিনেটৰ অনুমোদন
प्रविष्टि तिथि:
09 AUG 2018 5:00PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজৰ বিজ্ঞান তথা প্ৰযুক্তিগত সহযোগিতাৰ বুজাবুজিৰ চুক্তিপত্ৰত অনুমোদান জনাইছে৷
এই বুজাবুজিৰ চুক্তিপত্ৰ খনত নতুন দিল্লীত ২০১৮ চনৰ মে’ মাহত স্বাক্ষৰ কৰিছিল বিজ্ঞান, প্ৰযুক্তি আৰু ভূ-বিজ্ঞানৰ মন্ত্ৰী ডঃ হৰ্ষ বৰ্ধনে আৰু ইণ্ডোনেছিয়াৰ জাকাৰ্টাত ২০১৮ চনৰ মে’ মাহত এই চুক্তিপত্ৰখনত স্বাক্ষৰ কৰিছিল ইণ্ডোনেছিয়াৰ গৱেষণা, প্ৰযুক্তি আৰু উচ্চ শিক্ষাৰ মন্ত্ৰী মোহম্মদ নাছিৰে৷ এই চুক্তিপত্ৰখনত কৰা স্বাক্ষৰৰ জৰিয়তে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ নতুন অধ্যায় মুকলি হোৱাৰ লগতে বিজ্ঞান আৰু প্ৰযুক্তি ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতাত এক নতুন উত্তৰণো সম্ভৱ হ’ব৷
এই বুজাবুজিৰ চুক্তিপত্ৰখনৰ উদ্দেশ্য হ’ল ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজত সমতা আৰু পাৰস্পৰিক লাভৰ বিনিময়ত বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰা৷ ষ্টেকহ’ল্ডাৰসকলৰ ভিতৰত ভাৰত আৰু ইণ্ডোনেছিয়াৰ বিভিন্ন বৈজ্ঞানিক প্ৰতিষ্ঠানৰ গৱেষক, একাডেমিয়া, আৰ এণ্ড ডি গৱেষণাগাৰ আৰু উদ্যোগসমূহ থাকিব৷ তাৎক্ষণিক সহযোগিতাৰ বাবে তথ্য আৰু যোগাযোগ প্ৰযুক্তি, সমুদ্ৰ বিজ্ঞান আৰু প্ৰযুক্তি, জীৱন বিজ্ঞান (জৈৱ প্ৰযুক্তি, কৃষি আৰু জৈৱ চিকিৎসা বিজ্ঞানক অন্তৰ্ভুক্ত কৰি), শক্তি গৱেষণা, জল প্ৰযুক্তি, দুৰ্যোগ ব্যৱস্থাপনা, মহাকাশ বিজ্ঞআন, প্ৰযুক্তি আৰু প্ৰণালী, জিঅ’স্পেচিয়েল তথ্য আৰু ব্যৱহাৰিক ৰসায়নক বিষয় হিচাপে নিৰ্বাচন কৰা হৈছে৷
************
AKT/SH/MANN
(रिलीज़ आईडी: 1542633)
आगंतुक पटल : 176