কেবিনেট

ভাৰতীয় চার্টার্ড একাউন্টেন্ট প্ৰতিষ্ঠান আৰু বাহৰেইন ইনষ্টিটিউট অৱ বেংকিং এণ্ড ফাইনেন্সৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তি কেবিনেটৰ অনুমোদন

Posted On: 18 JUL 2018 5:31PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকত ভাৰতীয় চার্টার্ড একাউন্টেন্ট প্ৰতিষ্ঠান আৰু বাহৰেইন ইনষ্টিটিউট অৱ বেংকিং এণ্ড ফাইনেন্সৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তি অনুমোদন জনাইছে। বাহৰেইনৰ হিচাপ-নিকাচ, আর্থিক আৰু অডিট সম্পৰ্কীয় জ্ঞান ভাণ্ডাৰক শক্তিশালী কৰাৰ লক্ষ্যৰে যৌথভাবে কাম কৰবিলৈ এই বুজবুজি চুক্তি স্বাক্ষৰ কৰা হৈছে।

এই বুজাবুজি চুক্তি চর্ত অনুসৰি ভাৰতীয় চার্টার্ড একাউন্টেন্ট প্ৰতিষ্ঠান (আইচিএআই), বাহৰেইন ইনষ্টিটিউট অৱ বেংকিং এণ্ড ফাইনেন্স (বিআইবিএফ) এ আৰম্ভ কৰা একাউন্টিং আৰু ফাইনেন্স সম্পৰ্কীয় পাঠ্যক্রম পর্যালোচনাৰ ক্ষেত্ৰত কাৰিকৰী সহায় আগবঢ়াববাহৰেইনৰ ছাত্র-ছাত্রীসকলে যাতে চার্টার্ড একাউন্টেন্ট পাঠ্যক্রমত পৰীক্ষা দি আইচিএআইৰ সদস্যপদ পাবলৈ সক্ষম হয়স সেইবিষয়ে ইয়াত পৰামৰ্শ আগবঢ়োৱা হ বাহাৰেইনৰ যোগ্য ছাত্র-ছাত্রীসকলৰ বাবে বৃত্তিমুলক পৰীক্ষা আয়োজন কৰাৰ ক্ষেত্ৰত আইচিএআয়ে সহায় কৰিব

 

এই বুজাবুজি চুক্তিৰ ফলত দুয়ো দেশৰ একাউন্টিং আৰু অডিট সংম্পৰ্কীয় ক্ষেত্রত এক পাৰস্পৰিক স্বার্থৰ উপযোগী কার্যকৰী সম্পর্ক গঢ়ি উঠিব বুল আশা কৰা হৈছে

 

উল্লেখ্য যে ভাৰতীয় সংসদত গৃহীত দ্য চাৰ্টাৰ্ড একাউণ্টেণ্ট এক্ট, ১৯৪৯ অনুসৰি গঠন কৰা ভাৰতীয় চাৰ্টাৰ্ড একাউণ্টেণ্ট প্ৰতিষ্ঠান(আইচিএআই) হৈছে এক সাংবিধানিক নিকায়, যাৰ দ্বাৰা ভাৰতীয় চাৰ্টাৰ্ড একাউণ্টেচী নিয়ন্ত্ৰিত হয়। ইফালে, প্ৰশিক্ষণ আৰু মানৱ সম্পদ গঢ়াৰ লক্ষ্যৰে ১৯৮১ চনত বাহৰেইন ইনষ্টিটিউট অৱ বেংকিং এণ্ড ফাইনেন্স স্থাপন কৰা হয়।

*****

AKT/SNC/SH/DB



(Release ID: 1539282) Visitor Counter : 71