কেবিনেট

আঞ্চলিক গ্ৰামীণ বেংকৰ পুনৰ বিনিয়োগ আঁচনিৰ ম্যাদ ২০১৯-২০ লৈ বৃদ্ধিত কেবিনেটৰ অনুমোদন

Posted On: 04 JUL 2018 2:29PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত আঞ্চলিক গ্ৰামীণ বেংক(আৰআৰবি)ৰ পুনৰ বিনিয়োগ আঁচনিৰ ম্যাদ পৰৱৰ্তী তিনি বছৰৰ বাবে অৰ্থা ২০১৯-২০ লৈ বৃদ্ধিত অনুমোদন জনায়। ইয়াৰ দ্বাৰা আঞ্চলিক গ্ৰামীণ বেংকসমূহে নিৰ্ধাৰিত মুলধনী ক্ষতিশংকাভিত্তিক সম্পদ(চিআৰএআৰ)ৰ অনুপাত ন্যূনতম ৯ শতাংশ হাৰত বৰ্তাই ৰাখিবলৈ সক্ষম হব।

প্ৰভাৱঃ

চিআৰএআৰৰ বাবে এক সুদৃঢ় মুলধনী কাঠামো আৰু ন্যূনতম প্ৰয়োজনীয়তাৰ স্তৰে আৰআৰবিৰ বিত্তীয় সুস্থিৰতা নিশ্চিত কৰিব, যিটোৱে বিত্তীয় অন্তৰ্ভূক্তিৰ লগতে গ্ৰামাঞ্চলত ঋণৰ প্ৰয়োজনীয়তা পুৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

সবিশেষঃ

দেশত সৰ্বমুঠ ৫৬টা আঞ্চলিক গ্ৰামীণ বেংক কাৰ্যকৰী অৱস্থাত আছে। ২০১৭ৰ ৩১ মাৰ্চ আঞ্চলিক গ্ৰামীণ বেংকসমূহে প্ৰদান কৰা ঋণৰ পৰিমাণ ২,২৮,৫৯৯ কোটি টকা, যিবোৰ নিম্নোলিখিত ধৰণে দিয়া হৈছেঃ

বিৱৰণ

ঋণৰ পৰিমাণ(কোটি টকা হিচাপত)

মুঠ ঋণৰ%

মুঠ অগ্ৰাধিকাৰ খণ্ডৰ ঋণ(পিএছএল)

২,০৫,১২২

 

৮৯.৭৩%

 

কৃষি (পিএছএলৰ অধীনত)

১,৫৪,৩২২

৬৭.৫১%

উপান্ত কৃষক (কৃষিৰ অধীনত)

১,০২,৭৯১

 

৪৪.৯৭%

 

(উৎসঃ নাবাৰ্ড)

আঞ্চলিক গ্ৰামীণ বেংকসমূহ পুনৰ বিনিয়োগ আঁচনিখন ২০১২-১৩ আৰু ২০১৫-১৬ বৰ্ষত দুবাৰ সম্প্ৰসাৰণ কৰা হৈছিল। ৩১.০৩.২০১৭ত অন্তিমবাৰ সম্প্ৰসাৰণ কৰা হয়। ৩১.০৩.২০১৭লৈকে প্ৰদান কৰা ধনৰ মুঠ ১১০৭.২০ কোটিৰ ১৪৫০ কোটি টকা ভাৰত চৰকাৰৰ অংশ হিচাপে মুকলি কৰি দিয়া হয়। বাকী ৩৪২.৮০ কোটি টকা যিবোৰ আঞ্চলিক গ্ৰামীণ বেংকৰ চিআৰএআৰ ৯%তকৈ কম, সেইবোৰে ২০১৭-১৮, ২০১৮-১৯ আৰু ২০১৯-২০ বৰ্ষৰ বাবে পুনৰ বিনিয়োগ কৰিব পাৰিব।

আঞ্চলিক গ্ৰামীণ বেংকসমূহৰ প্ৰয়োজনীয় পুনৰ বিনিয়োগ পুঁজি আৰু মুলধনৰ সন্দৰ্ভত নাবাৰ্ডৰ পৰামৰ্শমতে সিদ্ধান্ত গ্ৰহণ কৰা হব।

পটভূমি:

গ্ৰামাঞ্চলৰ উপান্ত কৃষক, কৃষি শ্ৰমিক, শিল্পী আৰু ক্ষুদ্ৰ উদ্যোগীসকলক কৃষিখণ্ডৰ বিকাশ, ব্যৱসায়, বাণিজ্য, উদ্যোগ আৰু অন্যান্য উৎপাদনমুলক কাম-কাজৰ বাবে ঋণ তথা অন্যান্য সুবিধা আগবঢ়োৱাৰ উদ্দেশ্যে আঞ্চলিক গ্ৰামীণ বেংকসমূহ স্থাপন কৰা হয়। আঞ্চলিক গ্ৰামীণ বেংকসমূহ ভাৰত চৰকাৰ, সংশ্লিষ্ট ৰাজ্য চৰকাৰ আৰু পৃষ্টপোষক বেংক ত্ৰিপাক্ষীক স্বত্তাধিকাৰ থাকে, যত ক্ৰমে ৫০%, ১৫% আৰু ৩৫% কৈ মুলধনৰ শ্বেয়াৰ থাকে।

****

AKT/VBA/SH/DB


(Release ID: 1537786)