কেবিনেট

জলন্ধৰ কেণ্টৰ ছাৰ্ভে নম্বৰ ৪০৮ত কেন্দ্ৰীয় বিদ্যালয় স্থাপনৰ বাবে কেন্দ্ৰীয় বিদ্যালয় সংগঠনক ৭.৫ একৰ প্ৰতিৰক্ষা ভূমি হস্তান্তৰ কৰাত কেবিনেটৰ অনুমোদন

Posted On: 04 JUL 2018 2:43PM by PIB Guwahati

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে জলন্ধৰ কেণ্টৰ ছাৰ্ভে নম্বৰ ৪০৮ত কেন্দ্ৰীয় বিদ্যালয় স্থাপনৰ বাবে কেন্দ্ৰীয় বিদ্যালয় সংগঠনক ৭.৫ একৰ প্ৰতিৰক্ষা ভূমি বছৰি ১ টকাৰ নূন্যতম মূল্যত হস্তান্তৰ কৰাত অনুমোদন জনাইছে৷

পটভূমিঃ

১৯৮৭ চনৰ প্ৰতিষ্ঠা কালৰে পৰা জলন্ধৰ কেণ্টৰ চাৰি নম্বৰ কেন্দ্ৰীয় বিদ্যালয়ৰ কাম-কাজ ছাৰ্ভে নম্বৰ ৪০৮ত এটি অস্থায়ী ভৱনত চলি আছে৷ এ-ৱান প্ৰতিৰক্ষা ভূমি ২৬ একৰজুৰি বিস্তৃত হৈ আছে৷ বিদ্যালয়ৰ ভৱন নিৰ্মাণৰ পাছত অৱশিষ্ট ১৮.৫ একৰ ভূমি সেনাক হস্তান্তৰ কৰা হ’ব৷ বৰ্তমান বিদ্যালয়খনত ১৩৪৬ গৰাকী শিক্ষাৰ্থীয়ে অধ্যয়ন কৰি আছে৷

****

AKT/VBA/SH/MS



(Release ID: 1537781) Visitor Counter : 83