কেবিনেট

স্বাস্থ্যসেৱা খণ্ডত সহযোগিতাৰ বাবে ভাৰত আৰু বাহৰেইনৰ মাজত স্বাক্ষৰিত চুক্তিত কেবিনেটৰ অনুমোদন

Posted On: 27 JUN 2018 3:39PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে স্বাস্থ্যসেৱা খণ্ডত সহযোগিতাৰ বাবে ভাৰত আৰু বাহৰেইনৰ মাজত স্বাক্ষৰিত চুক্তিত অনুমোদন জনাইছে৷

বুজাবুজিৰ চুক্তিখনে নিম্নোক্ত সহযোগিতাৰ ক্ষেত্ৰসমূহ সাঙুৰি ল’বঃ

প্ৰকাশন আৰু গৱেষণা ফলকে ধৰি তথ্যৰ আদান প্ৰদান;

. চৰকাৰী বিষয়া, শৈক্ষিক ষ্টাফ, গৱেষক, শিক্ষক, বিশেষজ্ঞ আৰু শিক্ষাৰ্থীৰদ্বাৰা ভ্ৰমণ আদান-প্ৰদান৷

. কৰ্মশালা আৰু প্ৰশিক্ষণ পাঠ্যক্ৰমত অংশগ্ৰহণ৷

. ব্যক্তিগত খণ্ড আৰু শৈক্ষিক পৰ্যায় উভয়তে স্বাস্থ্য আৰু চিকিৎসা গৱেষণা কাৰ্যসূচীক উদগণি যোগোৱা৷

. পাৰস্পৰিক সিদ্ধান্তমৰ্মে আন যিকোনো প্ৰকাৰৰ সহযোগিতা৷

সহযোগিতাৰ দিশসমূহ অধিক বিস্তৃতভাৱে বৰ্ণনা কৰিবলৈ আৰু বুজাবুজিৰ চুক্তিখনৰ ৰূপায়ন পৰ্যবেক্ষণ কৰিবলৈ এটি ৱৰ্কিং গ্ৰুপ গঠন কৰা হ’ব৷

*****

KS/SNC/SH/MS


(Release ID: 1537105) Visitor Counter : 95