কেবিনেট

বান্ধ নিৰাপত্তা বিধেয়ক, ২০১৮ কার্যকৰী কৰাৰ প্রস্তাৱত কেবিনেটৰ অনুমোদন

Posted On: 13 JUN 2018 6:11PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত কেন্দ্রীয় কেবিনেটৰ বৈঠকত আজি বান্ধ নিৰাপত্তা বিধেয়ক সংসদত উত্থাপন কৰাৰ সিদ্ধান্তত অনুমোদনত জনায়।

লাভালাভঃ

দেশৰ সকলো ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলত যাতে একে ধৰণৰ বান্ধ নিৰাপত্তা ব্যৱস্থা গ্রহণ কৰিব পাৰে, সেই লক্ষ্যৰে এই বিধেয়কখন উত্থাপন কৰাৰ কথা চিন্তা কৰা হৈছে। তদুপৰি, এই বিধেয়কখনে মানুহৰ জীৱন, জীৱকূল আৰু সম্পত্তি সুৰক্ষাৰ ক্ষেত্রত সহায়ক হ’ব।

দেশ-বিদেশৰ বিশেষজ্ঞসকলৰ সৈতে ব্যাপকভাৱে আলোচনা কৰাৰ পাছত বিধেয়কখনৰ খচৰা চূড়ান্ত কৰা হৈছে।

বিৱৰণঃ

  • এই বিধেয়কখনত দেশৰ সকলো চিহ্নিত বাঁন্ধৰ নিৰাপদ কাম-কাজ সুনিশ্চিত কৰিবলৈ যথাযথভাৱে তদাৰক আৰু পৰিচালনৰ ব্যৱস্থা আছে।
  • দেশৰ বান্ধসমূহৰ নিৰাপত্তা সম্পৰ্কীয় নীতি-নির্ধাৰণ আৰু প্রয়োজনীয় পৰামৰ্শ আগবঢ়োৱাৰ বাবে বান্ধ নিৰাপত্তা সংক্রান্তীয় এথন ৰাষ্ট্ৰীয় কমিটী গঠনৰ সন্দৰ্ভতো ইয়াত উল্লেখ কৰা হৈছে।
  • দেশৰ বান্ধসমূহৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ নীতি, নির্দেশাৱলী আৰু মানদণ্ড বৰ্তাই ৰাখিবলৈ এখন ৰাষ্ট্ৰীয় বান্ধ নিৰাপত্তা প্ৰাধিকৰণ নামেৰে নিয়ন্ত্রণক সংস্থা গঢ়ি তোলাৰ ব্যৱস্থাও এই বিধেয়কত সন্নিৱিষ্ট কৰা হৈছে
  • ৰাজ্য চৰকাৰসমূহেও যাতে বান্ধ নিৰাপত্তাৰ বাবে ৰাজ্যিক পর্যায়ৰ কমিটী গঠন কৰিব পাৰে, তাৰো ব্যৱস্থা ইয়াত ৰখা হৈছে।

ৰাষ্ট্ৰীয় বান্ধ নিৰাপত্তা প্ৰাধিকৰণ

  • ৰাষ্ট্ৰীয় বান্ধ নিৰাপত্তা প্ৰাধিকৰণক ৰাজ্যিক পর্যায়ত বান্ধ নিৰাপত্তা সংস্থা তথা সংশ্লিষ্ট বান্ধসমূহৰ স্বত্ত্বাধিকাৰীৰ সৈতে বান্ধ নিৰাপত্তা সংক্রান্তীয় তথ্য আৰু প্রচলিত ব্যৱস্থাৰ মান নির্ধাৰণৰ দায়িত্ব অর্পণ কৰা হ’ব।
  • এই প্ৰাধিকৰণে ৰাজ্য আৰু ৰাজ্যি পর্যায়ৰ বান্ধ নিৰাপত্তা সংস্থাসমূহক কাৰিকৰী তথা পৰিচালনগত সহায় আগবঢ়াব।
  • দেশৰ সকলো বাঁন্ধৰ বাবে এটা ৰাষ্ট্ৰীয় পর্যায়ৰ তথ্য ভাণ্ডাৰ গঢ়ি তোলা আৰু বাঁন্ধৰ ত্রুটি আৰু ব্যর্থতাৰ পূৰ্বৰ তথ্য সংৰক্ষণৰ ব্যৱস্থাৰ কামো এই প্ৰাধিকৰণে কৰিব
  • এই প্ৰাধিকৰণে যি কোনো ধৰণৰ বাঁন্ধৰ ব্যর্থতাৰ কাৰণ অনুসন্ধান কৰিব
  • এই প্ৰাধিকৰণে নিয়মীয়াকৈ বান্ধ নিৰাপত্তা সংক্রান্তীয় নির্দেশাৱলী প্রকাশ কৰিব আৰু এইবোৰ নিয়মীয়াকৈ প্ৰচেষ্টা ল’ব
  • নিয়মীয়া বান্ধ পৰিদর্শন আৰু বান্ধ তথা ইয়াৰ কার্যাৱলীৰ বিষয়ে বিস্তৃতভাৱে অনুসন্ধানৰ দায়িত্বও এই প্ৰাধিকৰণৰ হাতত থাকিব
  • এই ধৰণৰ অনুসন্ধান আৰু নতুন বান্ধ নির্মাণ আৰু তাৰ পৰিকল্পনাৰ বাবে বিভিন্ন সংস্থাৰ স্বীকৃতি বা গুণগত স্বীকৃতি প্রদানৰ ব্যৱস্থাও এই প্ৰাধিকৰণে কৰিব
  • দুখন ৰাজ্যৰ বান্ধ এই প্ৰাধিকৰণৰ মাজত বিবাদ নিষ্পত্তিৰ দায়িত্বও এই প্ৰাধিকৰণৰ অৰ্পণ কৰা হ’ব। আনহাতে এখন ৰাজ্যৰ বান্ধে আন এখন ৰাজ্যৰ ভৌগোলিক এলেকাৰ ভিতৰত পৰিলে ৰাষ্ট্ৰীয় প্ৰাধিকৰণে ৰাজ্যিক বান্ধ নিৰাপত্তা সংস্থাৰ দায়িত্ব পালনৰ জৰিয়তে আন্তঃৰাজ্যিক বিবাদৰ সম্ভাৱনা দূৰ কৰিব

ৰাজ্যিক বান্ধ নিৰাপত্তা কমিটী

এই কমিটীয়ে ৰাজ্যখনত স্থাপন কৰা বান্ধৰ সন্দৰ্ভত অনুসন্ধান, পৰিদৰ্শন, কাম সম্পাদন আৰু ইয়াৰ পৰিচালনাৰ লগতে ইয়াৰ নিৰাপত্তা নিশ্চিত কৰিব। এই কমিটীয়ে ক্ষেত্ৰ বান্ধ সুৰক্ষাৰ সৈতে জড়িত বিষয়াবৰ্গক লৈ এটা “ৰাজ্যিক বান্ধ নিৰাপত্তা সংস্থা” গঠন কৰিব, যাৰদ্বাৰা বান্ধৰ ডিজাইন, হাইড্ৰমেকানিকেল ইঞ্জিনিয়াৰিং, জলবিদ্যা, ভূ-প্ৰযুক্তিগত অনুসন্ধান, যন্ত্ৰাংশৰ লগতে বান্ধৰ সমীপৰ লোকসকলৰ পুনৰ সংস্থাপন ইত্যাদি দিশবোৰ চোৱা-চিতা কৰিব।

পটভূমিঃ

ভাৰতত সৰ্বমুঠ ৫২০০টা বৃহ বান্ধ আছে আৰু ইয়াৰে প্রায় ৪৫০টা বান্ধ নির্মীয়মাণ অৱস্থাত আছে। দেশৰ বান্ধসমূহৰ বাবে উপযুক্ত আইনী আৰু প্ৰতিষ্ঠানগত সুৰক্ষাৰ কোনো ব্যৱস্থা নথকাটোৱে এই বান্ধবোৰৰ নিৰাপত্তাক লৈ চিন্তাৰ কাৰণ হৈ পৰিছে। অসুৰক্ষিত বান্ধবোৰ অতি ভয়ানক আৰু এইবোৰ ভাগিলে দুৰ্যোগৰ লগতে জীৱন আৰু সম্পত্তিৰ প্ৰচুৰ ক্ষতি হোৱাৰ আশংকা আছে। এই বান্ধসমূহৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ এটি আইনগত আৰু প্রতিষ্ঠানগত ব্যৱস্থা নিশ্চিত কৰাৰ লক্ষ্যৰেই এই বিধেয়কখন উত্থাপনৰ প্ৰস্তাৱ লোৱা হৈছে

*****

AKT/VBA/DB



(Release ID: 1535727) Visitor Counter : 110