Economy
ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ বিকাশ পুঁজি
प्रविष्टि तिथि:
06 OCT 2026 19:04 PM
ভাৰতৰ ভৱিষ্যতৰ চেম্পিয়নসকলক মূলধন যোগান
এছ.এম.ই.ৰ বাবে এক নতুন বৃদ্ধি মূলধনৰ পদক্ষেপ
এছ.এম.ই.ৰ শ্ৰেণী বিভাজন
উদ্যোগসমূহক কাৰখানা আৰু যন্ত্ৰপাতি বা সঁজুলিত বিনিয়োগ আৰু বাৰ্ষিক টাৰ্ণঅভাৰৰ ভিত্তিত অতি ক্ষুদ্ৰ, লঘু বা মজলীয়া হিচাপে শ্ৰেণীবিভক্ত কৰা হয়। শেহতীয়া মাপ অনুসৰি (২০২৫, এপ্ৰিলৰ পৰা কাৰ্যকৰী), এটা ক্ষুদ্ৰ উদ্যোগৰ বিনিয়োগ ২৫ কোটি টকা পৰ্যন্ত আৰু টাৰ্ণঅভাৰ ১০০ কোটি টকা পৰ্যন্ত। এটা মজলীয়া উদ্যোগৰ বিনিয়োগ ১২৫ কোটি টকা পৰ্যন্ত আৰু টাৰ্ণঅভাৰ ৫০০ কোটি টকা পৰ্যন্ত।
ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ (এছ.এম.ই.) হৈছে ভাৰতীয় অৰ্থনীতিৰ মেৰুদণ্ড; যিয়ে নিয়োগ, ৰপ্তানি, উৎপাদন আৰু উদ্ভাৱনত অৰিহণা যোগায়। এই বৃদ্ধিক অধিক টনকিয়াল কৰিবলৈ কেন্দ্ৰীয় কেবিনেটে এছ.এম.ই. গ্ৰ’থ ফাণ্ড (এছ.জি.এফ.) স্থাপনৰ বাবে ১০,০০০ কোটি টকাৰ অনুমোদন প্ৰদান কৰিছে।
এই পুঁজিয়ে ব্যৱসায়িক কাৰ্যক্ষমতা আৰু প্ৰসাৰৰ মাত্ৰা বৃদ্ধিৰ উচ্চ সম্ভাৱনাময় এছ.এম.ই.-সমূহক দীৰ্ঘম্যাদী বিনিয়োগ মূলধন প্ৰদান কৰিব। ইয়াৰ লক্ষ্য হৈছে উৎপাদন, সেৱা, প্ৰযুক্তি, উদ্ভাৱনশক্তি চালিত খণ্ড আৰু কৌশলগত মূল্য শৃংখলত উদ্যোগৰ উত্থানত সহায় কৰা।
কেন্দ্ৰীয় বাজেট ২০২৬-২৭ৰ অধীনত কৰা সামগ্ৰিক ঘোষণাৰ অংশ হিচাপে, এই পদক্ষেপে এম.এছ.এম.ই.-ৰ সামগ্ৰিক প্ৰক্ৰিয়াত সম বিতৰণ, সম্পত্তি ক্ৰয় সামৰ্থ আৰু পেছাদাৰী সহায় প্ৰদানৰ ওপৰত গুৰুত্ব দিয়ে।
ভাৰতৰ ক্ষুদ্ৰ, লঘু বা মজলীয়া উদ্যোগ (এম.এছ.এম.ই.) পৰিৱেশ তন্ত্ৰ
অৰ্থনীতিলৈ অৱদান: অৰ্থনৈতিক সমীক্ষা ২০২৫-২৬ অনুসৰি, এম.এছ.এম.ই.-এ জিডিপিৰ ৩১.১%, উৎপাদনৰ ৩৫.৪% আৰু ৰপ্তানিৰ ৪৮.৫৮% অৰিহণা যোগায়।
আনুষ্ঠানিক এম.এছ.এম.ই. ভিত্তিৰ সম্প্ৰসাৰণ: ৬ অক্টোবৰ ২০২৬লৈকে উদ্যম আৰু উদ্যম এচিষ্ট প্লেটফৰ্ম (UAP)ৰ অধীনত মুঠ এম.এছ.এম.ই. পঞ্জীয়ন ∼৯.৭৮ কোটিৰ ঘৰত উপনীত হৈছে। পঞ্জীয়নভুক্ত এম.এছ.এম.ই.-সমূহে ∼৪৩.২৮ কোটি নিয়োগৰ সুযোগৰ তথ্যও দিছে।
এম.এছ.এম.ই.-ত মহিলাৰ অংশগ্ৰহণ: মহিলাৰ মালিকানাধীন উদ্যোগে মুঠ পঞ্জীয়নৰ ৩৭.৬% পৰ্যন্ত চুবলৈ সক্ষম হৈছে ৷
প্ৰধান অৰ্থনৈতিক কাৰ্যকলাপত এম.এছ.এম.ই.: পঞ্জীয়নভুক্ত উদ্যোগসমূহ ব্যৱসায়, সেৱা আৰু উৎপাদনত বিস্তৃত হৈ আছে। ব্যৱসায়ৰ পঞ্জীয়ন প্ৰায় ∼৪.০৮ কোটি, সেৱা ∼৩.৭৭ কোটি আৰু উৎপাদন ∼১.৯৩ কোটি।

এছ.এম.ই. গ্ৰ’থ ফাণ্ড (এছ.জি.এফ.)-ৰ কাৰ্যকৰী কাঠামো
বিকল্প বিনিয়োগ পুঁজি (Alternative Investment Fund) কি?
বিকল্প বিনিয়োগ পুঁজি (Alternative Investment Fund) চমুকৈ এ.আই.এফ. (AIF) হৈছে ভাৰতত স্থাপিত ব্যক্তিগতভাৱে পুঁজি সংগ্ৰহ কৰা সংস্থা, যিয়ে বিনিয়োগকাৰীৰ পৰা ধন সংগ্ৰহ কৰে আৰু এটা নিৰ্দিষ্ট নীতি অনুসৰি বিনিয়োগ কৰে।
বিনিয়োগৰ গাঁথনি আৰু বাছনি
এছ.এম.ই. গ্ৰ’থ ফাণ্ডক প্ৰত্যক্ষ দীৰ্ঘম্যাদী বিনিয়োগ পুঁজি হিচাপে ডিজাইন কৰা হৈছে যাতে ই এছ.জি.এফ. কাঠামোৰ অধীনত স্থাপিত বিকল্প বিনিয়োগ পুঁজি হিচাপে কাম কৰিব।
এছ.এম.ই. গ্ৰ’থ ফাণ্ড-ৰ কৌশলগত গুৰুত্ব
- মূলত উৎপাদন: এছ.এম.ই. গ্ৰ’থ ফাণ্ড-ৰ আবণ্টনৰ এটা ডাঙৰ অংশ ক্ষুদ্ৰ আৰু মজলীয়া উৎপাদন-কেন্দ্ৰিক উদ্যোগসমূহলৈ পৰ্যবসিত হ'ব। এই পুঁজিয়ে উৎপাদন ক্ষমতা সম্প্ৰসাৰণ, উন্নত প্ৰযুক্তি গ্ৰহণ, উৎপাদনশীলতা উন্নত আৰু ৰপ্তানি প্ৰতিযোগিতা শক্তিশালী কৰিবলৈ বিচৰা প্ৰতিষ্ঠানসমূহক সহায় কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে ৷
- ঔদ্যোগিক ক্লাষ্টাৰলৈ বৃদ্ধি সম্প্ৰসাৰণ: পুঁজিয়ে দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ চহৰৰ ঔদ্যোগিক ক্লাষ্টাৰত কাম কৰা এছ.এম.ই.-সমূহকো বিবেচনা কৰিব। ইয়াৰ ফলত পৰিশীলিত আঞ্চলিক ঔদ্যোগিক উন্নয়নত সহায় হ'ব, স্থানীয় যোগান শৃংখল অধিক শক্তিশালী হ'ব আৰু গুণগত নিয়োগৰো সুযোগ সৃষ্টি হ'ব বুলি আশা কৰা হৈছে।
এছ.এম.ই.ৰ বাবে এটা উৎসৰ্গিত বৃদ্ধি পুঁজিৰ প্ৰয়োজন কিয়?
অৰ্থনীতিত এম.এছ.এম.ই.-ৰ ব্যাপক উপস্থিতিৰ পিছতো, বিদ্যমান বিনিয়োগ পুঁজিসমূহে মূলতঃ অতি ক্ষুদ্ৰ উদ্যোগসমূহক সামৰি প্ৰাৰম্ভিক পৰ্যায়ৰ উদ্যোগসমূহৰ ওপৰত গুৰুত্ব দিয়ে। ইয়াৰ ফলত ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ বাবে বৰ্দ্ধিত মূলধনৰ প্ৰৱেশ সম্প্ৰসাৰণৰ সুযোগ সৃষ্টি হয়।
এছ.এম.ই.-এ ব্যৱসায় ক্ষেত্ৰত অধিক প্ৰসাৰ কৰিবলৈ বিচাৰিলে এনে মূলধন অতি গুৰুত্বপূৰ্ণ হৈ পৰে ৷ ই উদ্যোগসমূহক তেওঁলোকৰ সম্প্ৰসাৰিত যাত্ৰাৰ জটিল পৰ্যায়সমূহ অতিক্ৰম কৰাত আৰু অধিক ব্যাপ্তি আৰু প্ৰতিযোগিতাৰ দিশত আগবাঢ়ি যোৱাত সহায় কৰিব পাৰে। এই বিনিয়োগসমূহে আশাব্যঞ্জক এছ.এম.ই.-সমূহক উদ্যোগৰ পথলৈ বিকশিত হোৱাত সহায় কৰিব পাৰে।
|
দীৰ্ঘম্যাদী বৃদ্ধি মূলধনে কেনেকৈ এছ.এম.ই. সম্প্ৰসাৰণত সহায় কৰে
|
|
ব্যৱসায়িক কাৰ্যকলাপৰ পৰিসৰ বৃদ্ধি কৰা
|
অন্য প্ৰতিষ্ঠান অধিগ্ৰহণ কৰা
|
|
উদ্ভাৱনক উৎসাহিত কৰা
|
বিশ্বব্যাপী মূল্য শৃংখলত সংযুক্ত হোৱা
|
|
উন্নত প্ৰযুক্তি গ্ৰহণ কৰা
|
কৌশলগত বিনিয়োগ কৰা
|
|
উৎপাদন ক্ষমতাত বিনিয়োগ কৰা
|
আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ সম্প্ৰসাৰণ
|

উদ্ভাৱন, বৃদ্ধি আৰু নিয়োগৰ ওপৰত প্ৰভাৱ
এই পুঁজিয়ে প্ৰধান খণ্ডসমূহত উচ্চ সম্ভাৱনাময় এছ.এম.ই.-ৰ বৃদ্ধি শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ প্ৰভাৱ উদ্যোগৰ মাপ উন্নীতকৰন, প্ৰতিযোগিতা আৰু নিয়োগ সৃষ্টিলৈকে বিস্তৃত হ’ব বুলি আশা কৰা হৈছে।
- ই ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খণ্ডত কাম কৰা উদ্যোগসমূহক সহায় কৰিব
- ই এছ.এম.ই.-সমূহক ক্ষমতা সম্প্ৰসাৰণ আৰু কাৰ্যকলাপ উন্নীত কৰাত সহায় কৰিব, নিয়োগ সৃষ্টিত সহায় কৰিব।
- এই পদক্ষেপৰ লক্ষ্য হৈছে আঞ্চলিক চেম্পিয়ন হ'বলৈ প্ৰয়োজনীয় দক্ষতা, উৎপাদন ক্ষমতা আৰু প্ৰতিযোগিতা থকা ভাৰতীয় কোম্পানীসমূহৰ এক শক্তিশালী পাইপলাইন গঢ়ি তোলা।
এম.এছ.এম.ই.-ৰ পৰিৱশতন্ত্ৰৰ বাবে এক ব্যাপক সমৰ্থন প্ৰক্ৰিয়া
এম.এছ.এম.ই.-সমূহে বিত্ত, নিয়োগ সৃষ্টি, দক্ষতা, প্ৰযুক্তি, প্ৰতিটো প্ৰক্ৰিয়াতে সমৰ্থন আৰু ৰাজহুৱা ক্ৰয়কে ধৰি কেইবাটাও ক্ষেত্ৰত সহায় লাভ কৰে।
|
গুৰুত্বপূৰ্ণ ক্ষেত্ৰ
|
প্ৰধান ৰূপায়ণ আঁচনি
|
|
ঋণ আৰু বিত্তীয় সহায়
|
ক্ষুদ্ৰ আৰু সৰু উদ্যোগৰ বাবে ঋণ নিশ্চয়তা পুঁজি ন্যাস (CGTMSE)
|
|
কৰ্মসংস্থাপন সৃষ্টি
|
প্ৰধানমন্ত্ৰী কৰ্মসংস্থাপন সৃষ্টি কাৰ্যসূচী (PMEGP)
|
|
সামগ্ৰিক সহায়তা
|
প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা
|
|
প্ৰশিক্ষণ আৰু উদ্যোগিতা বিকাশ
|
এম.এছ.এম.ই. দক্ষতা, উদ্যোগিতা আৰু দক্ষতা বিকাশ কাৰ্যসূচী (ESDP), উদ্ভাৱন, গ্ৰাম্য উদ্যোগ আৰু উদ্যোগিতাৰ প্ৰসাৰৰ বাবে আঁচনি (A Scheme For Promotion Of Innovation,Rural Industry & Entrepreneurship - ASPIRE)
|
|
প্ৰযুক্তিগত আন্তঃগাঁথনি আৰু সক্ষমতা বৃদ্ধি
|
এম.এছ.এম.ই.-ৰ প্ৰদৰ্শন উন্নীত আৰু ত্বৰান্বিতকৰণ কাৰ্যসূচী (Raising and Accelerating MSME Performance - RAMP), শূন্য ত্ৰুটি (Zero Defect - ZED) আঁচনি, সঁজুলি কক্ষ (Tool Room) আৰু প্ৰযুক্তি কেন্দ্ৰ (Tech Centre)
|
|
চৰকাৰী ক্ৰয়
|
এম.এছ.এম.ই. সম্বন্ধ (MSME SAMBANDH), এছ.চি./এছ.চি. হাব (SC/ST Hub)
|
উপসংহাৰ
এছ.এম.ই. গ্ৰ’থ ফাণ্ড ডিজিটেলাইজেচন, ঋণ সহায় আৰু ব্যৱসায়ৰ সৰল ব্যৱস্থাৰ জৰিয়তে এছ.এম.ই. খণ্ডক শক্তিশালী কৰাৰ বাবে চলি থকা প্ৰচেষ্টাৰ পৰিপূৰক। বিনিয়োগক উৎসাহিত কৰি, এই পুঁজিয়ে আত্মনিৰ্ভৰ ভাৰত আৰু বিকশিত ভাৰত@২০৪৭ৰ দৃষ্টিভংগীক আগুৱাই নিয়াৰ লগতে উদ্ভাৱন শক্তি-চালিত ঔদ্যোগীকৰণক প্ৰসাৰিত কৰিব।
সৰু উদ্যোগৰ বাবে এই সাহাৰ্যই ভাৰতৰ উৎপাদন আৰু ঔদ্যোগিক বিকাশক অধিক ত্বৰান্বিত কৰাৰ ব্যাপক প্ৰচেষ্টাক প্ৰতিফলিত কৰে, যাৰ সুযোগে সমগ্ৰ দেশবাসীক উপকৃত কৰিছে।
তথ্যসূত্ৰসমূহ
কেবিনেট:
https://www.pib.gov.in/PressReleasepage.aspx?PRID=2319532®=48&lang=1
ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ (এম.এছ.এম.ই.) মন্ত্ৰালয়:
https://www.msme.gov.in/ministry/about-us/details/Title%3DWhat%27s-MSME-IzMzITMtQWa
https://dashboard.msme.gov.in/
ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড অৱ ইণ্ডিয়া:
https://www.sebi.gov.in/sebi_data/faqfiles/jan-2017/1485861425527.pdf
পিআইবি আৰ্কাইভ:
https://www.pib.gov.in/FactsheetDetails.aspx?ModuleId=16&NoteId=150826&id=150826&lang=2®=48
pdf চাবলৈ ইয়াত ক্লিক কৰক
****
পিআইবি গৱেষণা/SSH/RR
(तथ्य सामग्री आईडी: 151093)
आगंतुक पटल : 6
Provide suggestions / comments