• Sitemap
  • Advance Search
Infrastructure

ঘৰুৱা পি.এন.জি. সংযোগৰ প্ৰসাৰৰ বাবে প্ৰোৎসাহনমূলক আঁচনি

प्रविष्टि तिथि: 13 SEP 2026 11:05 AM

প্ৰতিটো ঘৰৰ বাবে পৰিষ্কাৰ আৰু সুলভ পাইপেৰে যোগান ধৰা ৰন্ধন গেছ

সামগ্ৰিক অৱলোকন

পাইপেৰে যোগান ধৰা প্ৰাকৃতিক গেছ (Piped Natural Gas) চমুকৈ পি.এন.জি. (PNG)-ৰ সম্প্ৰসাৰণ হৈছে পৰিষ্কাৰ ঘৰুৱা শক্তি আৰু শক্তি সুৰক্ষাৰ দিশত ভাৰতৰ পৰিৱৰ্তনৰ এক গুৰুত্বপূৰ্ণ অংশ। ঘৰলৈ পি.এন.জি. যোগান ধৰাটো চিটি গেছ ডিষ্ট্ৰিবিউচন নেটৱৰ্কৰ উন্নয়নৰ অংশ। এনে এটা নেটৱৰ্কত ঘৰ, বাণিজ্যিক প্ৰতিষ্ঠান আৰু ঔদ্যোগিক গোটসমূহক সেৱা আগবঢ়োৱা পাইপলাইন আৰু আনুষংগিক সুবিধাসমূহ অন্তৰ্ভুক্ত থাকে। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ নিয়ামক ৰ্ড (Petroleum and Natural Gas Regulatory Board) চমুকৈ পি.এন.জি.আৰ.বি. (PNGRB)-ৰ দ্বাৰা অনুমোদিত প্ৰতিষ্ঠানসমূহে ইয়াক উন্নয়ন কৰে। পি.এন.জি.আৰ.বি.-এ ৩০৯টা ভৌগোলিক অঞ্চলত প্ৰতিষ্ঠানসমূহক অনুমোদন জনাইছে। এই অঞ্চলসমূহে একেলগে দেশৰ সমগ্ৰ মূল ভূ-খণ্ড সামৰি লৈছে। ১৮ আগষ্ট ২০২৬ তাৰিখলৈকে সমগ্ৰ দেশত ১.৭৪ কোটি ঘৰুৱা পি.এন.জি.-ৰ সংযোগ আছিল।

পি.এন.জি.-ৰ পৰিসৰ অধিক সম্প্ৰসাৰণ কৰাৰ বাবে ১৮ আগষ্ট ২০২৬ তাৰিখে ঘৰুৱা পি.এন.জি. সংযোগৰ প্ৰসাৰৰ বাবে প্ৰোৎসাহন আঁচনি (Incentive Scheme for Promotion of Domestic PNG Connections) আৰম্ভ কৰা হয়। আঁচনিখন ১ ছেপ্টেম্বৰ ২০২৬ৰ পৰা কাৰ্যকৰী হৈছে।

আঁচনিখনৰ বিষয়ে

ঘৰুৱা পি.এন.জি. সংযোগৰ প্ৰসাৰৰ বাবে প্ৰোৎসাহন আঁচনিৰ উদ্দেশ্য হৈছে সক্ৰিয় ঘৰুৱা পি.এন.জি. সংযোগৰ বৃদ্ধিৰ গতি ত্বৰান্বিত কৰা। ইয়াৰ লক্ষ্য হৈছে পাইপেৰে যোগানৰ জৰিয়তে পৰিষ্কাৰ, নিৰাপদ আৰু সুলভ ৰন্ধন গেছ লাভ কৰিবলৈ পৰিয়ালসমূহক সক্ষম কৰা। আঁচনিখনে চিটি গেছ ডিষ্ট্ৰিবিউচন প্ৰতিষ্ঠানসমূহক বিল নোহোৱা সংযোগসমূহক সক্ৰিয়, বিলযুক্ত সংযোগলৈ ৰূপান্তৰিত কৰাৰ বাবে প্ৰোৎসাহন প্ৰদান কৰে। ই নতুন অঞ্চললৈ পি.এন.জি. নেটৱৰ্ক সম্প্ৰসাৰণৰ বাবেও প্ৰোৎসাহিত কৰে। আঁচনিখন ছয় মাহত বিস্তৃত দুটা পৰ্যায়ত ৰূপায়ণ কৰা হ’ব।

আঁচনিখনৰ অধীনত প্ৰতিটো ভৌগোলিক অঞ্চলৰ বাবে ন্যূনতম সংখ্যক সংযোগ নিৰ্ধাৰণ কৰা হৈছে। কাৰ্যদক্ষতা পৰ্যায়ত যোগ্য চিটি গেছ ডিষ্ট্ৰিবিউচন প্ৰতিষ্ঠানসমূহে এই সীমাৰ ওপৰত অতিৰিক্ত বিলযুক্ত ঘৰুৱা সংযোগ সংযোজন কৰিব লাগিব। এনে প্ৰতিটো অতিৰিক্ত সংযোগৰ বাবে প্ৰতিষ্ঠানটোৱে ২০০ ষ্টেণ্ডাৰ্ড কিউবিক মিটাৰ (Standard Cubic Metres) চমুকৈ এছ.চি.এম. (SCM) গেছৰ অতিৰিক্ত আবণ্টন লাভ কৰিব। এই গেছ হৈছে ঘৰুৱাভাৱে উৎপাদিত প্ৰশাসিত মূল্য ব্যৱস্থা (Administered Price Mechanism) চমুকৈ .পি.এম. (APM)-ৰ গেছ, যাৰ মূল্য কম।

অতিৰিক্ত আবণ্টনে অধিক ব্যয়বহুল তৰলীকৃত প্ৰাকৃতিক গেছ (Liquefied Natural Gas ) চমুকৈ এল.এন.জি. (LNG)-ৰ স্থান ল’ব। বৰ্তমান চিটি গেছ ডিষ্ট্ৰিবিউচন প্ৰতিষ্ঠানসমূহে ইয়াৰ সংকুচিত প্ৰাকৃতিক গেছ (পৰিবহ) [CNG (Transport)] খণ্ডৰ বাবে এই এল.এন.জি. ক্ৰয় কৰে। ইয়াক সস্তীয়া .পি.এম. গেছৰ সৈতে প্ৰতিস্থাপন কৰিলে তেওঁলোকৰ সামগ্ৰিক গেছ সংগ্ৰহৰ ব্যয় হ্ৰাস পায়।

সেয়েহে ঘৰুৱা সংযোগৰ বাবে ব্যয় কৰা মূলধনৰ পৰিশোধৰ সময়সীমা হ্ৰাস পাব বুলি আশা কৰা হৈছে। ই প্ৰায় দহ বছৰৰ পৰা প্ৰায় তিনি বছৰলৈ হ্ৰাস পাব বুলি আশা কৰা হৈছে। সেয়েহে কোম্পানীসমূহে ঘৰসমূহক অধিক দ্ৰুতগতিত সংযোগ প্ৰদান কৰাৰ বাবে এক শক্তিশালী বাণিজ্যিক কাৰণ লাভ কৰে।

পৰিয়ালসমূহৰ বাবে পি.এন.জি.- সুবিধাসমূহ

পি.এন.জি.-এ পৰিয়ালসমূহৰ বাবে ব্যৱহাৰৰ সহজতা, ব্যয় সঞ্চয় আৰু অবিৰত যোগানকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সুবিধা আগবঢ়ায়। ঘৰুৱা ব্যৱহাৰকাৰীসকলৰ বাবে পি.এন.জি.-ৰ মুখ্য সুবিধাসমূহ তলত দিয়া ধৰণৰ:

  • নিৰাপদ আৰু সুৰক্ষিত: গেছ কম চাপত মাটিৰ তলৰ পাইপলাইনৰ মাজেৰে যায়, সেয়েহে চিলিণ্ডাৰ সংৰক্ষণ বা ব্যৱহাৰ কৰাৰ প্ৰয়োজন নহয়। বায়ুতকৈ পাতল হোৱাৰ বাবে বিৰলভাৱে লিকেজ হ’লে ই দ্ৰুতগতিত ওপৰলৈ উঠি বিয়পি যায়।
  • দৈনন্দিন সুবিধা: চিলিণ্ডাৰ বুকিং, সংৰক্ষণ বা সলনি কৰাৰ প্ৰয়োজন নহয়। গেছ ২৪ ঘণ্টাই ঘৰত উপলব্ধ থাকে। বিদ্যুৎ বা পানীৰ দৰেই মিটাৰত ব্যৱহাৰৰ ভিত্তিত বিল প্ৰস্তুত কৰা হয়।
  • কম ব্যয়: এটা পৰিয়ালে প্ৰকৃততে যিমান গেছ ব্যৱহাৰ কৰে, কেৱল তাৰ বাবেহে পৰিশোধ কৰে। প্ৰতি একক শক্তিৰ ভিত্তিত পি.এন.জি.-ৰ ব্যয় সাধাৰণতে এল.পি.জি. (LPG)-তকৈ কম। সেয়েহে সময়ৰ লগে লগে মাহেকীয়া ইন্ধন ব্যয় হ্ৰাস পায়।
  • পৰিষ্কাৰ পৰিৱেশ: পৰম্পৰাগত ৰন্ধন ইন্ধনতকৈ পি.এন.জি.-এ পৰিষ্কাৰভাৱে জ্বলে আৰু কম প্ৰদূষক নিৰ্গত কৰে। ঘৰৰ ভিতৰৰ বায়ু অধিক স্বাস্থ্যকৰ হৈ থাকে আৰু কাৰ্বন নিৰ্গমন কম হৈ থাকে।
  • নিশ্চিত যোগান: পাইপলাইনৰ যোগান অবিৰত আৰু চিলিণ্ডাৰ বিতৰণৰ লজিষ্টিকছৰ পৰা মুক্ত। বহুমহলীয়া অট্টালিকা আৰু ঘন জনবসতিপূৰ্ণ নগৰীয়া অঞ্চলৰ ঘৰসমূহে ইয়াৰ পৰা সৰ্বাধিক লাভান্বিত হয়।

পি.এন.জি. সম্প্ৰসাৰণৰ বাবে পদক্ষেপসমূহ

দ্ৰুত অনুমোদন, কৰৰ যুক্তিসংগতকৰণ আৰু আন্তঃগাঁথনি উন্নয়নৰ সুশৃংখলীকৰণৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ জৰিয়তে পি.এন.জি. সম্প্ৰসাৰণক সমৰ্থন কৰা হৈছে। ডিজিটেল প্লেটফৰ্ম আৰু সজাগতা সৃষ্টিৰ পদক্ষেপসমূহে পৰিয়ালসমূহৰ পি.এন.জি.-লৈ পৰিৱৰ্তনক অধিক সহজ, দ্ৰুত আৰু সুলভ কৰি তুলিছে:

  • নিয়ামক অনুমোদনৰ সুশৃংখলীকৰণ: প্ৰাকৃতিক গেছ আৰু পেট্ৰলিয়াম সামগ্ৰী বিতৰণ (পাইপলাইন আৰু অন্যান্য সুবিধা স্থাপন, নিৰ্মাণ, পৰিচালনা আৰু সম্প্ৰসাৰণৰ জৰিয়তে) আদেশ, ২০২৬-ৰ অধীনত এক ত্বৰান্বিত অনুমোদন কাঠামো (Accelerated Approval Framework) জাৰি কৰা হৈছে। এই আদেশত পাইপলাইন স্থাপনৰ বাবে ভূমি বা ৰাজহুৱা এলেকা ব্যৱহাৰৰ অনুমতি সামৰি লোৱা পাইপলাইনৰ ৰাইট-অৱ-ৱে’-ৰ বাবে একে ধৰণৰ মাচুলো প্ৰৱৰ্তন কৰা হৈছে। এতিয়াৰ পৰা আবেদনসমূহ অগ্ৰাধিকাৰৰ ভিত্তিত আৰু নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত প্ৰক্ৰিয়াকৰণ কৰা হ’ব।
  • মূল্য সংযোজিত কৰ (VAT) হ্ৰাস: ৰাজ্যসমূহক প্ৰাকৃতিক গেছৰ ওপৰত মূল্য সংযোজিত কৰ ৫ শতাংশলৈ হ্ৰাস কৰিবলৈ উৎসাহিত কৰা হৈছে। কেইবাখনো ৰাজ্যই ইতিমধ্যে এনে কৰিছে, যাৰ ফলত গ্ৰাহকসকলৰ বাবে পাইপেৰে যোগান ধৰা গেছ অধিক সস্তা হৈছে।
  • ৰাষ্ট্ৰীয় পি.এন.জি. অভিযান . (National PNG Drive 2.0): ভৌগোলিক অঞ্চলসমূহত ঘৰুৱা পি.এন.জি. (DPNG) সংযোগ ত্বৰান্বিত কৰাৰ বাবে ১ জানুৱাৰী ২০২৬ৰ পৰা ৩০ জুন ২০২৬লৈ দেশজোৰা অভিযান অনুষ্ঠিত কৰা হৈছিল।
  • একীকৃত পি.এন.জি. পঞ্জীয়ন পৰ্টেল (Unified PNG registration portal): এটা একক-উয়িণ্ড’ ডিজিটেল প্লেটফৰ্ম বিকশিত কৰা হৈছে। ই নতুন সংযোগৰ বাবে আবেদন কৰা আৰু ইয়াৰ অগ্ৰগতি অনুসৰণ কৰাটো সহজ আৰু দ্ৰুত কৰি তুলিব।

অধিক পৰিষ্কাৰ, সংযুক্ত ঘৰৰ দিশে

ঘৰত পৰিষ্কাৰ ৰন্ধন ইন্ধনে প্ৰতিটো পৰিয়ালৰ আৰাম, স্বাস্থ্য আৰু মৰ্যাদা বৃদ্ধি কৰে। এতিয়া কাৰ্যকৰী হোৱা নতুন আঁচনিখনে গেছ কোম্পানীসমূহৰ বাণিজ্যিক স্বাৰ্থক এই ৰাষ্ট্ৰীয় লক্ষ্যৰ সৈতে সংযুক্ত কৰে। পাইপলাইন অধিক অঞ্চললৈ আৰু অধিক পাকঘৰলৈ উপনীত হোৱাৰ লগে লগে চিলিণ্ডাৰৰ ওপৰত নিৰ্ভৰশীলতা ক্ৰমান্বয়ে হ্ৰাস পায়। এইদৰে পাইপেৰে যোগান ধৰা গেছ ভাৰতত দৈনন্দিন জীৱনৰ এক স্বাভাৱিক অংশ হৈ পৰিবলৈ সাজু হৈছে।

তথ্যসূত্ৰসমূহ

পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়:

https://www.pib.gov.in/PressReleaseDetail.aspx?PRID=2301012&reg=3&lang=1

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2252308&lang=1

https://sansad.in/getFile/lsapps/loksabhaquestions/annex/188/AU1952_UgNJ5G.pdf?source=lsapps

ঘৰুৱা পি.এন.জি. সংযোগৰ প্ৰসাৰৰ বাবে প্ৰৰোচনামূলক আঁচনি

*****

পিআইবি গৱেষণা

RR

(तथ्य सामग्री आईडी: 151012) आगंतुक पटल : 6


Provide suggestions / comments
इस विश्लेषक को इन भाषाओं में पढ़ें : English , हिन्दी , Urdu , Malayalam