Economy
eSARAS: বজাৰসমূহৰ সম্প্ৰসাৰণ, গ্ৰামাঞ্চলৰ মহিলাসকলৰ সবলীকৰণ
प्रविष्टि तिथि:
01 JUL 2026 12:07 AM
শিপিনী, মৃৎশিল্পীৰ পৰা মহিলা-নেতৃত্বাধীন সমবায়সমূহলৈকে, গ্ৰাম্য শিল্পীসকলে ভাৰতৰ অন্তৰ্ভুক্তিমূলক বিকাশৰ কাহিনীক শক্তি যোগাই আহিছে। eSARAS প্লেটফৰ্মৰ জৰিয়তে হাজাৰ হাজাৰ আত্মসহায়ক গোটসমূহ (SHGs)-এ ৰাষ্ট্ৰীয় বজাৰ, ডিজিটেল আন্তঃগাঁথনি আৰু প্ৰতিষ্ঠানগত সহায়ৰ সৈতে প্ৰত্যক্ষ সংযোগ লাভ কৰিছে। মধ্যস্থতাকাৰীসকলক আঁতৰাই আৰু মুখ্য বাণিজ্যিক প্লেটফৰ্মসমূহৰ সৈতে সংযুক্ত কৰি eSARAS-এ গ্ৰাম্য হস্তশিল্পসমূহ কেনেদৰে গ্ৰাহকৰ ওচৰত উপনীত হয়, সেই ব্যৱস্থাক ৰূপান্তৰিত কৰি আছে। সমগ্ৰ দেশৰ ব্লক আৰু জিলাসমূহত প্লেটফৰ্মটোৰ ক্ৰমবৰ্ধমান বিস্তাৰে গ্ৰাম্য জীৱিকাত ইয়াৰ ক্ৰমবৃদ্ধি হোৱা গুৰুত্বক স্পষ্ট কৰি তুলিছে। eSARAS-ৰ দৰে পদক্ষেপসমূহে মহিলা উদ্যোগীকৰণক আগুৱাই নিয়া, সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ কৰা আৰু ডিজিটেলভাৱে সবল, আত্মনিৰ্ভৰশীল গ্ৰাম্য অৰ্থনীতি গঢ়ি তোলাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
তৃণমূল পৰ্যায়ৰ পৰা পৰিৱৰ্তনৰ নিৰ্মাণ

যোৱা ১১ বছৰত ডিজিটেল ইণ্ডিয়া কাৰ্যসূচী (Digital India Programme)-এ শাসন ব্যৱস্থা আৰু ৰাজহুৱা সেৱা প্ৰদান ব্যৱস্থাক ৰূপান্তৰিত কৰিছে—ইয়াক অধিক স্বচ্ছ, সহজলভ্য আৰু কাৰ্যক্ষম কৰি তুলিছে। এই ৰূপান্তৰ কেৱল চহৰসমূহতে সীমাবদ্ধ নাথাকি গ্ৰাম্য ভাৰততো উপনীত হৈছে, য'ত প্ৰযুক্তি এতিয়া অৰ্থনৈতিক সবলীকৰণ, জীৱিকা শক্তিশালীকৰণ আৰু সমাজ-নেতৃত্বাধীন উদ্যোগৰ এক শক্তিশালী সঁজুলি হৈ পৰিছে।
এই পৰিপ্ৰেক্ষিতত eSARAS (SARAS Aajeevika)-এ অন্যতম গুৰুত্বপূৰ্ণ সফলতা হিচাপে আত্মপ্ৰকাশ কৰিছে। ইয়াক গ্ৰামোন্নয়ন মন্ত্ৰালয়ে দীনদয়াল অন্ত্যোদয় যোজনা–ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযান (DAY-NRLM)-ৰ অধীনত বিকশিত কৰিছে। ই তৃণমূলৰ অৰ্থনৈতিক পৰিৱৰ্তনৰ বাবে ডিজিটেল আন্তঃগাঁথনি কেনেদৰে ব্যৱহাৰ কৰিব পাৰি, তাৰ এক ফ্লেগশ্বিপ উদাহৰণ হিচাপে প্ৰতিষ্ঠিত হৈছে।
eSARAS কি?
eSARAS হৈছে DAY-NRLM-ৰ আনুষ্ঠানিক অনলাইন বজাৰ, যিটো কেৱল মহিলা আত্মসহায়ক গোটসমূহ(SHGs) আৰু তেওঁলোকৰ ফেডাৰেশ্যনসমূহে প্ৰস্তুত কৰা সামগ্ৰীৰ বাবে নিৰ্মাণ কৰা হৈছে। সু-পৰিকল্পিতভাৱে নিৰ্বাচিত এই হস্তনিৰ্মিত সামগ্ৰীসমূহ দেশৰ অন্তঃস্থলৰ পৰা আহে—মধ্য প্ৰদেশৰ চন্দেৰী শাড়ী বোৱা শিপিনীসকলৰ পৰা আৰম্ভ কৰি ৰাজস্থানৰ মাৰ্বল শিল্পীসকললৈকে। ইয়াৰ লগতে জম্মু আৰু কাশ্মীৰৰ পাহাৰীয়া অঞ্চলত অৱস্থিত পাশ্মিনা উৎপাদকসকলৰ সামগ্ৰীও অন্তৰ্ভুক্ত। eSARAS-ৰ প্ৰতিটো সামগ্ৰীয়ে একোটা কাহিনী বহন কৰে, আৰু প্ৰতিটো ক্ৰয়ে ইয়াৰ আঁৰৰ শিল্পীৰ সৈতে এক প্ৰত্যক্ষ সংযোগ স্থাপন কৰে।
eSARAS প্লেটফৰ্মটোত তলত দিয়া মুখ্য শ্ৰেণীসমূহৰ স্থানীয় সামগ্ৰী তালিকাভুক্ত কৰা হৈছে—
- ঘৰ আৰু জীৱন-যাপন
- মহিলাৰ পৰিধান আৰু আনুষংগিক সামগ্ৰী
- পুৰুষৰ পৰিধান আৰু আনুষংগিক সামগ্ৰী
- ব্যক্তিগত যত্ন
- খাদ্য সামগ্ৰী
- শিশুৰ খেলনা আৰু আনুষংগিক সামগ্ৰী
eSARAS-ৰ জৰিয়তে ৮.৬২ কোটিৰো অধিক মহিলা আত্মসহায়ক গোটৰ সদস্যৰ এটা ডিজিটেল ষ্ট’ৰফ্ৰ’ণ্ট আছে, যাৰ ভিতৰত ৮৫% সদস্য প্ৰত্যক্ষভাৱে গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ নেটৱৰ্কৰ সৈতে সংযুক্ত (ফেব্ৰুৱাৰী ২০২৪ অনুসৰি)। ই তেওঁলোকক কেৱল এটা বজাৰেই প্ৰদান নকৰে, বৰঞ্চ বিপণন, ব্ৰেণ্ডিং আৰু লজিষ্টিকছৰ বাবে প্ৰতিষ্ঠানগত সহায়ো প্ৰদান কৰে।
DAY-NRLM-এ সমগ্ৰ দেশৰ ৭,৬২৭টা ব্লক সামৰি লৈছে আৰু তৃণমূলত এই উদ্যোগসমূহক সহায় কৰাৰ বাবে ১.৫১ কোটি সম্প্ৰদায়ভিত্তিক সদস্যৰ এক শক্তিশালী কেডাৰ গঢ়ি তুলিছে।

প’ৰ্টেলৰ পৰা ই-কমাৰ্চ পৰিবেশ তন্ত্ৰলৈ: মুখ্য মাইলৰ খুটিসমূহ
এটা সৰল ৱেব প’ৰ্টেল হিচাপে আৰম্ভ হোৱা এই ব্যৱস্থাই মাত্ৰ কেইবছৰৰ ভিতৰতে এটা ফুল-ষ্টেক ই-কমাৰ্চ পৰিবেশ তন্ত্ৰলৈ বিকশিত হৈছে। বৰ্তমান ইয়াত এটা মোবাইল এপ, ভৌতিক গেলাৰী, ৰাষ্ট্ৰীয় মেলা, এটা লজিষ্টিকছ পূৰণ কেন্দ্ৰ আৰু ভাৰতৰ বৃহত্তম অনলাইন বজাৰ প্লেটফৰ্মসমূহৰ সৈতে সংযুক্তিকৰণ অন্তৰ্ভুক্ত।
|
প্লেটফৰ্ম বিৱৰ্তন
|
বিৱৰণ
|
|
eSARAS পৰ্টেল মুকলি
|
SARASৰ সামগ্ৰীৰ উন্নত আৰু অধিক ফলপ্ৰসূ বিপণনৰ বাবে ই-কমাৰ্চ পৰ্টেল https://www.esaras.in/ মুকলি কৰা হৈছে
|
|
eSARAS মোবাইল এপ মুকলি
|
eSARAS ফুলফিলমেণ্ট চেণ্টাৰৰ সমান্তৰালভাৱে মুকলি কৰা হৈছে মোবাইল এপ ৷ ইয়াক সামগ্ৰীৰ প্ৰক্ৰিয়াকৰণ, পেকেজিং আৰু প্ৰেৰণৰ বাবে ব্যৱহাৰ কৰা হয়।
|
|
ONDC
|
১১+ ক্ৰেতা এপ (ONDC প্লেটফৰ্মত ২২ কোটি+ ক্ৰেতা)ত উপলব্ধ কৰা আত্মসহায়ক গোটৰ সামগ্ৰীসমূহৰ সৈতে ৮০০+ হস্তনিৰ্মিত সামগ্ৰী তালিকাভুক্ত কৰা হৈছে।
|
|
UMANG
|
eSARAS UMANGত তালিকাভুক্ত; এই প্লেটফৰ্মে এতিয়া ৭৯৬.৬৯ কোটি লেনদেনৰ সৈতে ২,৫৭২টা সেৱা আগবঢ়ায় (জুন ২০২৬)
|
|
SARAS শক্তি সংগ্ৰহ
|
ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ সন্মিলন ২০২৬ত প্ৰতিষ্ঠানিক আৰু কৰ্পৰেট বজাৰৰ বাবে মুকলি প্ৰিমিয়াম কিউৰেটেড উপহাৰ সংগ্ৰহ।
|
|
SARAS Aajeevika গেলেৰী
|
নতুন দিল্লীৰ বাবা খড়ক সিং মাৰ্গত স্থাপন কৰা স্থায়ী খুচুৰা গেলেৰী , য’ত কিউৰেট কৰা আত্মসহায়ক গোটৰ সামগ্ৰী প্ৰদৰ্শন কৰা হয়।
|

আগন্তুক পথ: হস্তশিল্প, বাণিজ্য আৰু সমাজ
ONDC, UMANG আৰু অন্যান্য ডিজিটেল প্লেটফৰ্মসমূহৰ সৈতে ক্ৰমবৰ্ধমান সংযুক্তিকৰণৰ জৰিয়তে eSARAS-এ গ্ৰাম্য উৎপাদকসকলক ভাৰতৰ হস্তশিল্প ঐতিহ্য সংৰক্ষণ কৰি বৃহত্তৰ বজাৰত প্ৰতিযোগিতা কৰাৰ বাবে সক্ষম কৰি তুলিছে। এই পৰিবেশ তন্ত্ৰটো ক্ৰমে বিস্তাৰ লাভ কৰাৰ লগে লগে ই বহনক্ষম জীৱিকা সৃষ্টিত আৰু অন্তৰ্ভুক্তিমূলক গ্ৰাম্য উন্নয়ন আগুৱাই নিয়াত অধিক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।
এইদৰে eSARAS-এ দেখুৱাইছে যে ডিজিটেল ইণ্ডিয়াই কেনেদৰে মহিলাসকলক সবল কৰি তুলিছে, ভাৰতৰ সমৃদ্ধ হস্তশিল্প ঐতিহ্য সংৰক্ষণ কৰিছে আৰু অন্তৰ্ভুক্তিমূলক, মহিলা-নেতৃত্বাধীন গ্ৰাম্য উন্নয়নক আগুৱাই নিছে।
তথ্যসূত্ৰ
গ্ৰামোন্নয়ন মন্ত্ৰালয়
https://cdnbbsr.s3waas.gov.in/s3d69116f8b0140cdeb1f99a4d5096ffe4/uploads/2026/04/202604211510022943.pdf
https://sansad.in/getFile/loksabhaquestions/annex/184/AU2884_xtODlC.pdf?source=pqals
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2278288®=48&lang=1
https://www.pib.gov.in/PressReleaseIframePage.aspx?PRID=1871641®=48&lang=2
https://www.pib.gov.in/PressReleasePage.aspx?PRID=1937055®=48&lang=2
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2278288®=3&lang=1
ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় (MEITy)
https://en.vikaspedia.in/viewcontent/social-welfare/entrepreneurship/important-days/esaras-portal-for-handicrafts?lgn=en
https://negd.gov.in/
https://www.facebook.com/OfficialUmangApp/posts/to-promote-local-artisans-and-self-help-groups-esaras-on-umang-facilitates-citiz/1313461524124692/
বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
https://www.pib.gov.in/PressReleaseIframePage.aspx?PRID=2146920&ref=official-press.com®=48&lang=2
পিআইবি আৰ্কাইভ
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2267960®=48&lang=2
https://www.pib.gov.in/PressNoteDetails.aspx?NoteId=159055&ModuleId=3®=48&lang=2
pdf ফাইলৰ বাবে ইয়াত ক্লিক কৰক।
****
পি.আই.বি. গৱেষণা
(तथ्य सामग्री आईडी: 150671)
आगंतुक पटल : 6
Provide suggestions / comments