Economy
শ্ৰম সংস্কাৰৰ দ্বাৰা দৃশ্য-শ্ৰাব্য মাধ্যমৰ কৰ্মীসকলৰ বিকাশ
प्रविष्टि तिथि:
10 DEC 2025 14:36 PM
|
মুখ্য তথ্য
- চিনে কৰ্মীৰ সংজ্ঞাৰ সম্প্ৰসাৰণ– ইয়াত এতিয়া ডিজিটেল কৰ্মী, সাংবাদিক (ইলেক্ট্ৰনিক মিডিয়া), ডাবিং শিল্পী আৰু ষ্টাণ্ট দেখুওৱা লোকক অন্তৰ্ভুক্ত কৰা হৈছে।
- সাৰ্বজনীন নূন্যতম মজুৰি, ভিত্তি দৰমহা আৰু অতিৰিক্ত সময়ৰ বাবে দুগুণ পাৰিতোষিকে উপাৰ্জনৰ সুৰক্ষা আৰু অধিক সবল কৰিব।
- উৎপাদকসকলে বাকী থকা মজুৰি প্ৰদানৰ বাবে দায়বদ্ধ হ’ব আৰু শ্ৰমিকসকলে দাবী দাখিল কৰিবলৈ তিনি বছৰৰ দীঘলীয়া সময়সীমা লাভ কৰিব।
- বাধ্যতামূলক স্বাস্থ্য পৰীক্ষা আৰু কৰ্ম সময় নিয়মীয়াকৰণেৰে স্বাস্থ্য, সুৰক্ষা আৰু কল্যাণ উন্নত কৰা।
- নিযুক্তি পত্ৰ, পে-শ্লিপ আৰু লিংগ-নিৰপেক্ষ আচৰণৰ জৰিয়তে বৃহৎ স্বচ্ছতা অনা হ’ব।
|
এটা আধুনিক শ্ৰম পৰিকাঠামোৱে ভাৰতৰ দৃশ্য-শ্ৰাব্য মাধ্যমৰ কৰ্মীসকলক সবল কৰিছে
চলচ্চিত্ৰ, টেলিভিছন, ডিজিটেল মিডিয়া, ডাবিং, ষ্টাণ্ট আৰু অন্যান্য খণ্ডসমূহ অন্তৰ্ভুক্ত হৈ থকা ভাৰতৰ দৃশ্য-শ্ৰাব্য খণ্ডটো দ্রুতগতিত বিকশিত হৈ সংবাদ মাধ্যম আৰু মনোৰঞ্জন (M&E) উদ্যোগৰ এক অধিক উন্নয়নৰ ইঞ্জিনত পৰিণত হৈছে৷ চৰকাৰে ২৯খন শ্ৰম আইন একত্ৰিত কৰি চাৰিখন ঐক্যবদ্ধ শ্ৰম সংহিতা প্ৰণয়ন কৰাটো কৰ্মশক্তি শক্তিশালী কৰাৰ দিশত এক বৃহৎ আৰু পৰিৱৰ্তনশীল পদক্ষেপ। এই সংহিতাসমূহৰ লক্ষ্য হৈছে দৃশ্য-শ্ৰাব্য মাধ্যমৰ কৰ্মীসকলৰ অধিকাৰ সুৰক্ষিত কৰা, কৰ্মক্ষেত্ৰৰ সুৰক্ষা আৰু কল্যাণৰ প্ৰসাৰ সাধন আৰু নিয়োগক সমৰ্থন কৰা এক সুষম পৰিকাঠামো সৃষ্টি কৰা। ইয়াৰ ফলত এই খণ্ডৰ শ্ৰম পৰিৱেশতন্ত্ৰ অধিক কাৰ্যক্ষম, সমতাপূৰ্ণ আৰু ভৱিষ্যতৰ বাবে সাজু হ’ব।
"পৰ্দাৰ আঁৰত থকা"সকলৰ বাবে সুৰক্ষা বৃদ্ধি
আনুষ্ঠানিক নিয়োগ চুক্তি, নূন্যতম মজুৰি, পে-শ্লিপৰ স্বচ্ছতা, সামাজিক সুৰক্ষাৰ সুবিধা আৰু মজুৰি প্ৰদানৰ বাবে দায়বদ্ধতা বাধ্যতামূলক কৰা এই শ্ৰম সংস্কাৰৰ লক্ষ্য হৈছে দৃশ্য-শ্ৰাব্য কৰ্মক্ষেত্ৰক অধিক প্ৰাতিষ্ঠানিক তথা শ্ৰমিকৰ কল্যাণ শক্তিশালী কৰাৰ লগতে সমগ্ৰ ভাৰতৰ দৃশ্য-শ্ৰাব্য মাধ্যমৰ কৰ্মীসকলক অধিক স্থিৰতা আৰু সুৰক্ষা প্ৰদান কৰা।

সম্প্ৰসাৰিত পৰিসৰ আৰু আইনী স্বীকৃতি
- চিনে কৰ্মীৰ সংজ্ঞা সলনি কৰি "দৃশ্য-শ্ৰাব্য মাধ্যমৰ কৰ্মী"ৰ বহল সংজ্ঞা দিয়া হৈছে, য'ত ডিজিটেল/দৃশ্য-শ্ৰাব্য মাধ্যমৰ কৰ্মী, ইলেক্ট্ৰনিক মিডিয়াৰ সাংবাদিক, ডাবিং শিল্পী আৰু ষ্টাণ্ট পৰিবেশক আদিক অন্তৰ্ভুক্ত কৰা হৈছে। এই সকলো পেছাদাৰীয়ে এতিয়া সামাজিক নিৰাপত্তা, স্বাস্থ্য আৰু সুৰক্ষা, আনুষ্ঠানিক স্বীকৃতি আৰু আইনী সুৰক্ষাৰ দৰে সুবিধাসমূহ লাভ কৰিব, যাৰ ফলত তেওঁলোকৰ কৰ্মক্ষেত্ৰখন অধিক সুৰক্ষিত আৰু ন্যায্য হ’ব।
- সময়সীমা : দৃশ্য-শ্ৰাব্য মাধ্যমৰ এজন কৰ্মচাৰীয়ে কৰ্তৃপক্ষক দাবী-আপত্তি দাখিল কৰাৰ সময়সীমা তিনি বছৰলৈ বৃদ্ধি কৰা হৈছে, যিটো পূৰ্বৰ ছমাহৰ পৰা দুবছৰলৈ বৃদ্ধি কৰা হৈছিল।
নিয়োগ কাল, চুক্তি আৰু কৰ্মচাৰীৰ সুৰক্ষা
- নিযুক্তি পত্ৰৰ জৰিয়তে আনুষ্ঠানিককৰণ : প্ৰতিজন কৰ্মচাৰীক নিৰ্দিষ্ট আৰ্হিত নিযুক্তি-পত্ৰ প্ৰদান কৰা হ’ব। ইয়াৰ দ্বাৰা কৰ্মচাৰীজনৰ সবিশেষ, পদবী, শ্ৰেণী, দৰমহাৰ তথ্য, সামাজিক সুৰক্ষাৰ সবিশেষ ইত্যাদি স্পষ্টকৈ উল্লেখ থাকিব।
- পে-শ্লিপ প্ৰদান : নিয়োগকৰ্তাই কৰ্মচাৰীক দৰমহা প্ৰদানৰ পূৰ্বে বা একেদিনাই ইলেক্ট্ৰনিক বা কাগজৰ পে-শ্লিপ প্ৰদান কৰিব লাগিব। ইয়াৰ দ্বাৰা নিয়োগকৰ্তাৰ স্বচ্ছতা আৰু দায়বদ্ধতা নিশ্চিত হ’ব।
- বৃত্তিগত সুৰক্ষা, স্বাস্থ্য আৰু কৰ্ম পৰিস্থিতি সংহিতা, ২০২০ (OSH & WC Code, 2020): নতুন বিধানসমূহে দৃশ্য-শ্ৰাব্য মাধ্যমৰ কৰ্মীসকলৰ বাবে কেইবাটাও সুবিধা আনে আৰু দৃশ্য-শ্ৰাব্য কাৰ্যসূচী প্ৰযোজকসকলৰ ওপৰত অতিৰিক্ত বাধ্যবাধকতা আৰোপ কৰে, যেনে :
|
আইনী সুৰক্ষা
|
লিখিত চুক্তিৰ প্ৰয়োজনীয়তাই শ্ৰমিকসকলৰ নিয়োগৰ অৱস্থাৰ নথিভুক্ত প্ৰমাণ নিশ্চিত কৰে, যাৰ ফলত তেওঁলোকে বিবাদৰ ক্ষেত্ৰত আইনী সহায় ল’ব পাৰে।
|
|
চৰ্তসমূহৰ স্পষ্টতা
|
বিশদ চুক্তিয়ে চাকৰিৰ ভূমিকা, ক্ষতিপূৰণ আৰু কৰ্ম পৰিস্থিতিৰ সম্পৰ্কে স্পষ্ট আশা যোগোৱাত সহায় কৰে, যাৰ ফলত ভুল বুজাবুজি হ্ৰাস পায়।
|
|
মজুৰি আৰু অন্যান্য সুবিধা
|
মজুৰি আৰু অন্যান্য সুবিধাসমূহ (যদিহে কৰ্মচাৰীজন প্ৰভিডেণ্ট ফাণ্ড আৰু বিবিধ বিধান আইন, ১৯৫২ৰ অধীনৰ তেন্তে প্ৰভিডেণ্ট ফাণ্ডকে ধৰি) চুক্তিখনত নিৰ্দিষ্ট কৰা হ’ব, যি নিযুক্তিৰ প্ৰকৃতি, দৰমহা আৰু অন্যান্য সুবিধা, স্বাস্থ্য আৰু কৰ্মৰ অৱস্থা, সুৰক্ষা, কৰ্মৰ সময় আৰু কল্যাণমূলক সুবিধাসমূহ নিশ্চিত কৰিব।
|
|
সুৰক্ষা আৰু স্বাস্থ্য নিশ্চয়তা
|
চুক্তিখনত সুৰক্ষা আৰু স্বাস্থ্যৰ বিধান অন্তৰ্ভুক্ত কৰিলে উৎপাদন কাৰ্য্যকলাপৰ সময়ত শ্ৰমিকৰ কল্যাণক অগ্ৰাধিকাৰ দিয়াটো নিশ্চিত কৰা হয়।
|
|
বিবাদ নিষ্পত্তি
|
চুক্তিখনত বিবাদ নিষ্পত্তিৰ ব্যৱস্থা অন্তৰ্ভুক্ত কৰিলে নিযুক্ত থকা সময়ত উদ্ভৱ হোৱা যিকোনো বিবাদ সমাধানৰ এক গাঁথনিগত উপায় প্ৰদান কৰা হয়।
|
মজুৰি সুৰক্ষা আৰু আৰ্থিক সুবিধা
- নূন্যতম মজুৰিৰ সাৰ্বজনীনকৰণঃ নতুন বিধানৰ অধীনত কোনো নিয়োগকৰ্তাই চৰকাৰে নিৰ্ধাৰণ কৰা নূন্যতম মজুৰিতকৈ কম ধন দিব নোৱাৰে। পূৰ্বে নূন্যতম মজুৰি কেৱল নিৰ্ধাৰিত বৃত্তিৰ ক্ষেত্ৰতহে প্ৰযোজ্য আছিল যদিও এতিয়া ইয়াৰ পৰিসৰ বৃদ্ধি কৰি সকলো কৰ্মচাৰীকে সামৰি লোৱা হৈছে। চৰকাৰে প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে নূন্যতম মজুৰিৰ হাৰ পুনৰীক্ষণ বা সংশোধন কৰিব, যাতে সময়ৰ লগে লগে মজুৰি পৰ্যাপ্ত আৰু সমতাপূৰ্ণ হৈ থাকে। তদুপৰি চৰকাৰে সময়ভিত্তিক আৰু খণ্ডিত দুয়োটা কামৰ বাবে নূন্যতম মজুৰি নিৰ্ধাৰণ কৰিব, যিটো ঘণ্টা, দিন বা মাহৰ ওপৰত ভিত্তি কৰি বিভিন্ন সময়ৰ আধাৰত নিৰ্ধাৰণ কৰিব। ইয়াৰ দ্বাৰা কৰ্মচাৰীসকলৰ দক্ষতাৰ স্তৰ আৰু কামৰ কষ্টলৈও লক্ষ্য কৰা হ’ব।
- ভিত্তি মজুৰি: এজন কৰ্মচাৰীৰ নূন্যতম জীৱন ধাৰণৰ মানদণ্ড, যেনে- খাদ্য, বস্ত্ৰ আৰু অন্যান্য মৌলিক প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ভিত্তি মজুৰি নিৰ্ধাৰণ কৰিব। নিয়মীয়াকৈ এই ভিত্তি মজুৰি চৰকাৰে পুনৰীক্ষণ আৰু সংশোধন কৰিব। সমগ্ৰ দেশতে একেধৰণৰ ভিত্তি মজুৰিৰ ফলত ৰাজ্যসমূহৰ মাজত শ্ৰমিকৰ অত্যধিক প্ৰব্ৰজন হ্ৰাস পাব বুলি আশা কৰা হৈছে, কিয়নো বেছিভাগ খণ্ডতে মজুৰিৰ মাত্ৰা মোটামুটি একেই থাকিব।
- মজুৰি প্ৰদানৰ সময়সীমা : নতুন বিধানসমূহে মজুৰি প্ৰদানৰ কঠোৰ সময়সীমা নিৰ্ধাৰণ কৰি মজুৰি সুৰক্ষাক আৰু অধিক শক্তিশালী কৰে। নিয়োগকৰ্তাই সকলো কৰ্মচাৰীক তলত উল্লেখ কৰা সময়সীমাৰ ভিতৰত তেওঁলোকৰ মজুৰি দিব লাগিব।
|
ক্ৰমিক নং
|
নিযুক্তিৰ ধৰণ
|
দৰমহা দিয়াৰ সময়
|
|
১.
|
দৈনিক মজুৰি
|
শ্বিফ্টৰ শেষত
|
|
২.
|
সাপ্তাহিক
|
সাপ্তাহিক বন্ধৰ আগতে
|
|
৩.
|
পষেকীয়া
|
পষেকটো শেষ হোৱাৰ দুদিনৰ ভিতৰত
|
|
৪.
|
কৰ্মচাৰীৰ সংখ্যা যিয়েই নহওক কিয়, প্ৰতিমাহৰ ক্ষেত্ৰত
|
পৰৱৰ্তী মাহৰ ৭ দিনৰ ভিতৰত
|
|
৫.
|
বৰ্খাস্তকৰণ বা পদত্যাগৰ পিছত
|
দুটা কৰ্মদিনৰ ভিতৰত
|
- অতিৰিক্ত সময়ৰ দৰমহা : সাধাৰণ কৰ্ম সময়ৰ ওপৰঞ্চি কৰা যিকোনো কামৰ বাবে নিয়োগকৰ্তাই কৰ্মচাৰীক তেওঁলোকৰ সাধাৰণ মজুৰিৰ অন্ততঃ দুগুণ হাৰত দৰমহা দিব লাগিব। শ্ৰমিক আৰু তেওঁলোকৰ প্ৰতিনিধি/সংঘৰ সন্মতিসাপেক্ষেহে যিকোনো অতিৰিক্ত সময়ৰ অনুমতি দিয়া হ’ব।

- ভাট্টা: চৰকাৰী নিৰ্ধাৰিত পৰিমাণতকৈ বেছি দৰমহা নোপোৱা আৰু এটা বিত্তীয় বৰ্ষত কমেও ৩০ দিন কাম কৰা প্ৰতিজন কৰ্মচাৰীক ভাট্টা প্ৰদান কৰা হ’ব। বাৰ্ষিক ভাট্টা কৰ্মচাৰীজনৰ উপাৰ্জনৰ কমেও আঠ আৰু এক তৃতীয় শতাংশ (৮.৩৩%) আৰু সৰ্বাধিক ২০ শতাংশ পৰ্যন্ত হাৰত প্ৰদান কৰা হ’ব।
- বকেয়া পৰিশোধৰ দায়িত্ব: যিবোৰ ক্ষেত্ৰত দৃশ্য-শ্ৰাব্য মাধ্যমৰ কৰ্মী নিয়োগ কৰা ঠিকাদাৰে মজুৰি দিব নোৱাৰে, তেনে ক্ষেত্ৰত যিকোনো মজুৰিৰ সীমা নিৰ্বিশেষে প্ৰযোজকে মজুৰি প্ৰদানৰ বাবে দায়বদ্ধ হ’ব, যিটো বৰ্তমান চিনে কৰ্মচাৰী আৰু চলচ্চিত্ৰ থিয়েটাৰ কৰ্মী (নিযুক্তি নিয়ামক) আইন, ১৯৮১ৰ অধীনত ৮,০০০ টকা। নতুন পৰিকাঠামোটোৰ জৰিয়তে অধিক সংখ্যক শ্ৰমিকক সুৰক্ষা প্ৰদান কৰা হৈছে যাতে তেওঁলোকৰ বকেয়া কোনো সীমা নোহোৱাকৈ সুৰক্ষিত হয়।
স্বাস্থ্য, সুৰক্ষা আৰু কল্যাণৰ মানদণ্ড
- বাৰ্ষিক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা : ৪০ বছৰৰ ওপৰৰ কৰ্মচাৰীসকলে তেওঁলোকৰ সামগ্ৰিক সুস্থতা নিশ্চিত কৰিবলৈ বাৰ্ষিক বিনামূলীয়া স্বাস্থ্য পৰীক্ষাৰ অধিকাৰী।
- শ্ৰমিকৰ স্বাস্থ্য আৰু সুৰক্ষাৰ বাবে সকলো সংস্থাৰ সাৰ্বজনীন কভাৰেজ : OSH&WC সংহিতাই এতিয়া শ্ৰমিকৰ স্বাস্থ্য আৰু সুৰক্ষা নিশ্চিত কৰে, সকলো খণ্ডলৈ ইয়াৰ সাৰ্বজনীন কভাৰেজ সম্প্ৰসাৰণ কৰে।
এক অন্তৰ্ভুক্তিমূলক কৰ্মশক্তিৰ দিশত
- লিংগ বৈষম্য নিষিদ্ধকৰণ : কৰ্মচাৰীয়ে কৰা একে কাম বা একে প্ৰকৃতিৰ কামৰ ক্ষেত্ৰত নিয়োগকৰ্তাই নিযুক্তি, দৰমহা বা নিয়োগৰ চৰ্তৰ সৈতে জড়িত বিষয়ত লিংগভিত্তিত বৈষম্য কৰিব নোৱাৰিব।
কৰ্মৰ সময়, ছুটী আৰু কৰ্ম-জীৱনৰ ভাৰসাম্য
- দৰমহাসহ বাৰ্ষিক ছুটী : এটা কেলেণ্ডাৰ বৰ্ষত ১৮০ দিন বা তাতকৈ অধিক সময় কোনো প্ৰতিষ্ঠানত নিয়োজিত কৰ্মচাৰীসকলে এতিয়া দৰমহাসহ বাৰ্ষিক ছুটীৰ অধিকাৰী; এই যোগ্যতাৰ সীমা ২৪০ দিনৰ পৰা ১৮০ দিনলৈ হ্ৰাস কৰা হৈছে, যাতে সকলো যোগ্য কৰ্মচাৰীয়ে দৰমহাসহ ছুটী লাভ কৰাটো নিশ্চিত হয়।
- সাধাৰণ কৰ্মদিনৰ বাবে কৰ্মৰ সময় নিৰ্ধাৰণ কৰা : কোনো কৰ্মচাৰীয়ে দিনটোত ৮ ঘণ্টা বা সপ্তাহত ৪৮ ঘণ্টাতকৈ অধিক কাম কৰিবলৈ বাধ্য নহ’ব। এই সীমাৰ উপৰি যিকোনো কাম কৰ্মচাৰীৰ সন্মতি সাপেক্ষেহে কৰাব লাগিব আৰু কৰ্মচাৰীজনক অতিৰিক্ত সময়ৰ দৰমহা দিব লাগিব। সাধাৰণ কৰ্মৰ সময় সীমিত কৰাৰ কাৰণ হ’ল কৰ্মচাৰীসকলক পৰ্যাপ্ত পাৰিতোষিক অবিহনে অতিৰিক্ত কাম কৰাৰ পৰা ৰক্ষা কৰা আৰু কৰ্ম-জীৱনৰ সুস্থ ভাৰসাম্য অটুট ৰখাত সহায় কৰা।
এক নিৰাপদ, ন্যায্য আৰু অধিক স্থিতিস্থাপক দৃশ্য-শ্ৰাব্য মাধ্যমৰ কৰ্মশক্তিক আগুৱাই নিয়া
নতুন শ্ৰম সংহিতাই ভাৰতৰ দৃশ্য-শ্ৰাব্য খণ্ডত এক ঐকবদ্ধ, স্বচ্ছ আৰু ভৱিষ্যতৰ বাবে সক্ষম শ্ৰম পৰিকাঠামো সৃষ্টি কৰি আমূল পট পৰিৱৰ্তনকাৰী হৈ পৰিছে। তেওঁলোকে শক্তিশালী মজুৰি সুৰক্ষা, লিখিত চুক্তি, সময়মতে দৰমহা প্ৰদান, সামাজিক সুৰক্ষাৰ কভাৰেজ, লিংগ সমতা আৰু বলৱৎযোগ্য বিবাদ নিষ্পত্তিৰ অধিকাৰৰ নিশ্চয়তা দিয়ে। বিকাশৰ সৈতে মৰ্যাদা আৰু সুৰক্ষাৰ সংমিশ্ৰণ ঘটাই এই নতুন কাঠামোটোৱে ভাৰতৰ সৃষ্টিশীল অৰ্থনীতিত অধিক শক্তিশালী অৱদান আগবঢ়াবলৈ দৃশ্য-শ্ৰাব্য খণ্ডক সাজু কৰি তুলিছে।
***
DPS/KD
(तथ्य सामग्री आईडी: 150578)
आगंतुक पटल : 4
Provide suggestions / comments