পোষ্ট কৰা হৈছে:
29 NOV 2026 12:10PM by PIB Guwahati
কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড° মনসুখ মাণ্ডৱিয়াই আজি দেওবাৰে পুনেত ফিট ইণ্ডিয়া ছাণ্ডেজ অন চাইকেলৰ ১০০সংখ্যক বিশেষ অনুষ্ঠানত ভাৰতৰ প্ৰথম অলিম্পিক চলচ্চিত্ৰখন মুকলি কৰে। অভিনেতা আয়ুষ্মান খুৰানা আৰু ক্ৰীড়া জগতৰ বিশিষ্ট ব্যক্তিত্ব মীৰাবাই চানু, শীতল দেৱী আৰু স্মৃতি মান্ধানাক লৈ চলচ্চিত্ৰখন নিৰ্মাণ কৰা হৈছে।
এই চলচ্চিত্ৰখনৰ জৰিয়তে #IndiaReady4Olympics শীৰ্ষক বিষয়বস্তুৰ অধীনত ভাৰতৰ অলিম্পিক অভিযানৰ আৰম্ভণি কৰা হৈছে। চলচ্চিত্ৰখনত দেশৰ ক্ৰীড়াক্ষেত্ৰৰ পৰিৱৰ্তন আৰু ২০৩৬ চনৰ অলিম্পিক ক্ৰীড়া প্ৰতিযোগিতা আয়োজন কৰাৰ লক্ষ্য প্ৰতিফলিত কৰা হৈছে।
এই উপলক্ষে ভাষণ দি ড° মাণ্ডৱিয়াই কয়, “ফিট ইণ্ডিয়া ছাণ্ডেজ অন চাইকেলৰ ১০০সংখ্যক অনুষ্ঠানত পুনেৰ ৰাজপথত ৫০ হাজাৰৰো অধিক চাইকেল আৰোহীয়ে অংশগ্ৰহণ কৰে। দেশজুৰি ৪০ হাজাৰ স্থানত এই কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে আৰু ভাৰতৰ যুৱপ্ৰজন্মই শাৰীৰিক সুস্থতাক আকোঁৱালি লৈছে; কাৰণ ২০৪৭ চনৰ ভিতৰত 'বিকশিত ভাৰত' গঢ়িবলৈ এখন সুস্থ আৰু সবল ৰাষ্ট্ৰৰ প্ৰয়োজন। ইয়াৰ বাবে অভিলেখসংখ্যক ৫৬,০০০ পঞ্জীয়ন সম্পন্ন হৈছে, যিয়ে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ 'ফিট ইণ্ডিয়া'ৰ দৃষ্টিভংগীক এক জীৱন্ত বাস্তৱত পৰিণত কৰিছে।
“ছাণ্ডেজ অন চাইকেলৰ ১০০সংখ্যক অনুষ্ঠান ভাৰতৰ ২০৩৬ চনৰ অলিম্পিক ক্ৰীড়া প্ৰতিযোগিতা আয়োজনৰ প্ৰচেষ্টাৰ বাবে উৎসৰ্গিত। আজি আমি কেৱল চাইকেল চলাই থকা নাই; ছত্ৰপতি শিৱাজী মহাৰাজৰ পৱিত্ৰ ভূমিৰ পৰা সমগ্ৰ দেশলৈ সুস্থতাৰ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছোঁ। চাইকেলৰ প্ৰতিটো পেডেলৰ ঘূৰণে আমাক বিকশিত ভাৰতৰ লক্ষ্যৰ ওচৰলৈ লৈ যায়। পুনেক ফিট ইণ্ডিয়া আন্দোলনৰ সৈতে একত্ৰিত কৰাৰ বাবে মহাৰাষ্ট্ৰৰ বিধায়ক মহেশ লাংডেক আন্তৰিক ধন্যবাদ জনাইছোঁ,” বুলি ড° মাণ্ডৱিয়াই কয়।
৫০ হাজাৰ চাইকেল আৰোহীৰ উপস্থিতিত চলচ্চিত্ৰখন মুকলি কৰা হয়। অনুষ্ঠানত ভাৰতীয় অলিম্পিক সংস্থাৰ মুখ্য কাৰ্যবাহী বিষয়া ৰঘুৰাম আয়াৰ আৰু অলিম্পিয়ান প্ৰিয়ংকা গোস্বামী, জেইছমিন লাম্বোৰিয়া, প্ৰীতি পাৱাৰ, সন্দীপ কুমাৰ, আশীষ কুমাৰ চৌধাৰী আৰু শ্ৰাবণী নন্দাও উপস্থিত আছিল। যুৱ অলিম্পিকৰ স্বৰ্ণপদক বিজয়ী আম্বেকাৰ মীতেই, এছিয়ান গেমছৰ পদক বিজয়ী সুচিকা তাৰিয়াল, টাইকোৱাণ্ডো খেলুৱৈ কাশিশ মালিক, ট্ৰেক চাইক্লিষ্ট ডেভিড বেকহাম এলকাটোহচুঙো আৰু পৰ্বতাৰোহী বলজিত কৌৰেও অনুষ্ঠানত অংশগ্ৰহণ কৰে।
পুনেত, 'ৰিভাৰ চাইক্লথন ২০২৬: জল সংৰক্ষণ আৰু নদীৰ স্বচ্ছতা' শীৰ্ষক বিষয়বস্তুৰ অধীনত ২৫ কিঃমিঃ আৰু ৫ কিঃমিঃ দৈৰ্ঘ্যৰ চাইকেল ৰেলীৰে এই দিৱস উদযাপন কৰা হয়। অংশগ্ৰহণকাৰীসকলে জল সংৰক্ষণ, নদীৰ স্বচ্ছতা আৰু ড্ৰাগছমুক্ত ভাৰত গঢ়াৰো শপত গ্ৰহণ কৰে। দেশৰ ১০০টা বিশেষ স্থান আৰু প্ৰতিখন জিলাতে এই অনুষ্ঠান উদযাপন কৰা হয়। ৬০০ৰো অধিক জিলাত অনুষ্ঠিত চাইকেল ৰেলীত মাই ভাৰতৰ ১.৫ লাখৰো অধিক স্বেচ্ছাসেৱকে অংশগ্ৰহণ কৰে।
ছাণ্ডেজ অন চাইকেলৰ ১০০সংখ্যক অনুষ্ঠানত তৃণমূল পৰ্যায়ৰ অংশগ্ৰহণক বিশেষ স্বীকৃতি প্ৰদান কৰা হয়। অনুষ্ঠানত ফিট চেম্পছ আৰু চাইকেলিং ক্লাবসমূহক সন্মানিত কৰা হয় আৰু মাই ভাৰতৰ বিজয়ীসকলৰ নাম ঘোষণা কৰা হয়। ড° মাণ্ডৱিয়াৰ এখন গ্ৰন্থ উন্মোচন কৰাৰ লগতে অন্যান্য সুস্থতা আৰু সমাজৰ অংশগ্ৰহণমূলক কাৰ্যসূচীও অনুষ্ঠিত হয়।
ভাৰতীয় অলিম্পিক সংস্থাৰ মুখ্য কাৰ্যবাহী বিষয়া ৰঘুৰাম আয়াৰে কয়, “ছাণ্ডেজ অন চাইকেলৰ জৰিয়তে অলিম্পিকৰ বাবে ভাৰতক প্ৰস্তুত কৰাৰ প্ৰয়োজনীয় মূল্যবোধসমূহ প্ৰতিফলিত হৈছে। সেইবোৰ হৈছে নিষ্ঠা, নিয়সময়ানুৱৰ্তিতা আৰু যোৱা সপ্তাহত ফলাফল যিয়েই নহওক কিয়, সপ্তাহৰ পিছত সপ্তাহ পুনৰ অংশগ্ৰহণ কৰাৰ মানসিকতা। উৎকৃষ্টতা, সন্মান আৰু বন্ধুত্ব—এই মূল অলিম্পিক মূল্যবোধসমূহৰ বাবে উৎসৰ্গিত ছাণ্ডেজ অন চাইকেলৰ এই বিশেষ অনুষ্ঠান উদযাপন কৰি আমি ভাৰতত অলিম্পিক আয়োজন কৰাৰ স্বপ্ন বাস্তৱায়িত কৰাৰ দিশত আৰু এখোজ আগবাঢ়িছোঁ বুলি অনুভৱ কৰিছোঁ।”
তেওঁ লগতে কয়, “এই সপ্তাহৰ আৰম্ভণিতে আমি আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ (আইঅ’চি) ফিউচাৰ হষ্ট কমিছনৰ সদস্যসকলৰ সৈতে যোগাযোগ কৰিছিলোঁ। সেই সময়ত মাননীয় মন্ত্ৰীগৰাকীৰ সৈতে আমি দেখুৱাইছিলোঁ যে ভাৰত আৰু আহমেদাবাদ ২০৩০ চনত কমনৱেলথ গেমছ আৰু ২০৩৬ চনত অলিম্পিক আয়োজন কৰিবলৈ প্ৰস্তুত। আমি এই কথাও উল্লেখ কৰিছিলোঁ যে ভাৰতে ইতিমধ্যে বহুতো বৃহৎ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা আয়োজন কৰি আছে আৰু ভৱিষ্যতেও এনে বহু প্ৰতিযোগিতা আয়োজন কৰিব।”
২০২৪ চনৰ ১৭ ডিচেম্বৰত ‘প্ৰদূষণৰ সমাধান’ বাৰ্তাৰে আৰম্ভ হোৱা ছাণ্ডেজ অন চাইকেল এতিয়া এক দেশব্যাপী সুস্থতা আন্দোলনলৈ ৰূপান্তৰিত হৈছে। ১০০টা অনুষ্ঠানৰ জৰিয়তে এই উদ্যোগত মুঠ ৪০ লাখৰো অধিক লোকৰ অংশগ্ৰহণ নথিভুক্ত হৈছে। এই পদক্ষেপৰ অধীনত বৰ্তমান ৭,৫০০ৰো অধিক ‘ফিট ইণ্ডিয়া নমো চাইক্লিং ক্লাব’ আছে আৰু প্ৰায় ১০,০০০ স্থানত সাপ্তাহিকভাৱে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়।"

Ayushman Kumar/PB