প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

উত্তৰাখণ্ডৰ পৌৰী গড়ৱাল জিলাত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

পি এমএন আৰ এফৰ পৰা এককালীন সাহায্য ঘোষণা প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 28 NOV 2026 5:15PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰাখণ্ডৰ পৌৰী গড়ৱাল জিলাত সংঘটিত এক দুৰ্ঘটনাত হোৱা প্ৰাণহানিত গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ দ্ৰুত আৰোগ্য কামনা কৰে।

প্ৰধানমন্ত্ৰীয়ে প্ৰতিগৰাকী মৃতকৰ নিকট আত্মীয়লৈ পিএমএনআৰএফৰ পৰা ২ লাখ টকাকৈ আৰু আহতসকলৰ বাবে ৫০,০০০ টকাকৈ এককালীন সাহায্য ঘোষণা কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় এক্স-ত এইদৰে পোষ্ট কৰিছে;

‘উত্তৰাখণ্ডৰ পৌৰী গড়ৱাল জিলাত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত অত্যন্ত বিচলিত হৈছো। মই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু  আৰোগ্য কামনা কৰিছো। প্ৰাণ হেৰুওৱা প্ৰতিগৰাকী লোকৰ নিকট আত্মীয়লৈ পি এম  এন আৰ এফৰ পৰা ২ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰা হ’ব। আহত সকলক ৫০,০০০ টকাকৈ দিয়া হ’বঃ প্ৰধানমন্ত্ৰী @narendramodi’

***

NKR/SS/ST/SS/MK


(ৰিলিজ আই ডি : 2343302) অতিথি কক্ষ : 10