57th International Film Festival of India 2026
20 – 28 Nov 2026

৫৭সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘কান্তাৰা: এ লিজেণ্ড – চেপ্টাৰ ১’ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ ছিলভাৰ পিকক বঁটা লাভ ঋষভ শেট্টীৰ

চলচ্চিত্ৰখনত অভিনেতাজনৰ সম্পূৰ্ণ শাৰীৰিক আৰু আৱেগিক একাত্মতাক স্বীকৃতি জুৰীৰ

ঋষভ শেট্টীৰ অভিনয়ক ‘অভিনয়ৰ ঊৰ্ধ্বৰ এক অভিজ্ঞতা’ বুলি অভিহিত

পোষ্ট কৰা হৈছে: 28 NOV 2026 8:29PMby PIB Guwahatiৰিলিজ আই ডি : 2343292Views: 7

অভিনেতা তথা চলচ্চিত্ৰ নিৰ্মাতা ঋষভ শ্বেট্টীক ৫৭ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আই এফ এফ আই))-ত ‘কান্তাৰা: এ লিজেণ্ড - চেপ্টাৰ ১’ ছবিত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতা (পুৰুষ)-ৰ ছিলভাৰ পিকক বঁটাৰে সন্মানিত কৰা হৈছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী চঞ্চল কুমাৰ আৰু আই এফ এফ আই -ৰ মহোৎসৱ সঞ্চালক শ্ৰী আশুতোষ গোৱাৰীকাৰৰ উপস্থিতিত গোৱাৰ মুখ্যমন্ত্ৰী শ্ৰী প্ৰমোদ সাৱন্তে এই বঁটা প্ৰদান কৰে।

শ্বেট্টীৰ অভিনয়ৰ গভীৰতা আৰু তীব্ৰতাক স্বীকাৰ কৰি আন্তঃৰাষ্ট্ৰীয় জুৰীয়ে দৰ্শকক আৱেগৰ এক আকৰ্ষণীয় পৰিসৰৰ মাজেৰে লৈ যোৱাৰ ক্ষেত্ৰত তেওঁৰ সামৰ্থ্যক প্ৰশংসা কৰে। কাহিনীভাগৰ সৈতে তেওঁৰ সম্পূৰ্ণ শাৰীৰিক একাত্মতাৰ ওপৰত আলোকপাত কৰি জুৰীয়ে মন্তব্য কৰে, “তেওঁ হাঁহে, তেওঁ কান্দে, তেওঁ আমাক আৱেগৰ এক বিচিত্ৰ যাত্ৰাৰ মাজলৈ লৈ যায়। তেওঁৰ সমগ্ৰ শৰীৰটো চলচ্চিত্ৰখনৰ সৈতে স্পন্দিত হয়। তেওঁ নিজকে কাহিনীটোত সম্পূৰ্ণৰূপে বিলীন কৰি দিয়ে। ঋষভ শ্বেট্টীৰ এক শ্বাসৰুদ্ধকৰ অভিনয় যিয়ে অভিনয়ৰ সীমা চেৰাই এক অনন্য অভিজ্ঞতাত পৰিণত হৈছে।”

উল্লেখ্য যে, শ্ৰেষ্ঠ অভিনেতা (পুৰুষ) শাখাৰ ছিলভাৰ পিকক বঁটা এখন পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰত পুৰুষ অভিনেতাৰ অসাধাৰণ অভিনয়ৰ স্বীকৃতিস্বৰূপে প্ৰদান কৰা হয়। এই বঁটাৰ সৈতে আছে ৰূপালী ময়ূৰ, এখন প্ৰশংসাপত্ৰ আৰু ১৫ লাখ টকাৰ নগদ ধন।

‘কান্তাৰা: এ লিজেণ্ড – চেপ্টাৰ ১’ৰ কাহিনীৰ সাৰাংশ

কদম্ব ৰাজবংশৰ শাসনকালৰ পটভূমিত নিৰ্মিত চলচ্চিত্ৰখনৰ কাহিনী কান্তাৰাৰ ৰহস্যময় অৰণ্যক কেন্দ্ৰ কৰি আগবাঢ়িছে।

বাংগ্ৰাৰ ৰজা বিজয়েন্দ্ৰই অৰণ্যখনত প্ৰৱেশ কৰাৰ পিছত মৃত্যুক আঁকোৱালি লয়। ইয়াৰ পিছতে তেওঁৰ উত্তৰাধিকাৰী ৰাজশেখৰে ৰাজ্যখনৰ সীমান্ত বন্ধ কৰি দিয়ে।

বহু বছৰ পিছত অৰণ্যৰ বাসিন্দা বাৰ্মেই নিষিদ্ধ সীমা অতিক্ৰম কৰি ৰাজ্যখনত প্ৰৱেশ কৰে আৰু তাত চলি থকা অত্যাচাৰৰ বিষয়ে অৱগত হয়।

ইয়াৰ মাজতে নিষ্ঠুৰ ৰাজকুমাৰ কুলশেখৰে অৰণ্যবাসী জনজাতীয় লোকসকলৰ ওপৰত আক্ৰমণ চলায়। এনে পৰিস্থিতিত বাৰ্মেই ন্যায় আৰু ধৰ্ম ৰক্ষাৰ বাবে নিজৰ লোকসকলক ঐক্যবদ্ধ কৰি সংগ্ৰামত অৱতীৰ্ণ হয়।

ক্ৰমাৎ এই সংঘাত আদৰ্শ, বিশ্বাস আৰু ভাগ্যক কেন্দ্ৰ কৰি এক মহাকাব্যিক সংঘৰ্ষলৈ ৰূপান্তৰিত হয়। অৱশেষত এই সংঘৰ্ষই দুখন পৃথক জগতৰ ভৱিষ্যৎ নিৰ্ধাৰণ কৰে।

Read IFFILOID here: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1&reg=48

 

* * *

PIB IFFI Team | Rajith/ Supriya/ Nikhitha/ Darshana/DM | IFFI 57 - 133


Great films resonate through passionate voices. Share your love for cinema with #IFFI2026 and #StoriesWithoutBorders. Tag us @pibindia on Instagram and @PIB_India on X, and we will help amplify your festival moments!

For accredited journalists, critics, bloggers, and vloggers seeking 1-on-1 interviews with filmmakers and festival juries, write to us at:
iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


Official Release ID: 2343292
•
Media Centre: Goa
•
Festival Dates: Nov 20 – 28, 2026