পোষ্ট কৰা হৈছে:
28 NOV 2026 12:13PM by PIB Guwahati
ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি (২৮ নৱেম্বৰ, ২০২৬) কেৰালাৰ এঝিমালাস্থিত ভাৰতীয় নৌসেনা অকাডেমীত শৰৎকালীন অধিৱেশন ২০২৬ৰ দীক্ষান্ত সমাৰোহ কুচকাৱাজ পৰিদৰ্শন কৰে।

এই উপলক্ষে ভাষণ দি ৰাষ্ট্ৰপতিয়ে ভাৰতীয় উপকূলৰক্ষী বাহিনী আৰু বিদেশী মিত্ৰদেশসমূহৰ প্ৰশিক্ষাৰ্থীসহ সকলো প্ৰশিক্ষাৰ্থীক তেওঁলোকৰ প্ৰশিক্ষণ সফলভাৱে সম্পূৰ্ণ কৰাৰ বাবে অভিনন্দন জনায়। স্নাতক ডিগ্ৰী লাভ কৰা প্ৰশিক্ষাৰ্থীসকলৰ মাজত বহু যুৱতীক দেখি তেওঁ সন্তুষ্টি প্ৰকাশ কৰে। তেওঁলোকৰ উপস্থিতি সমগ্ৰ জাতিৰ বাবে গৌৰৱৰ বিষয় বুলি তেওঁ মত প্ৰকাশ কৰে।তেওঁকয় যে যুৱতীসকলে দৃঢ় সংকল্প, সাহস আৰু দক্ষতাৰ কোনো সীমা নাই বুলি প্ৰমাণ কৰিছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে তেওঁলোকৰ কৃতিত্বই আৰু বহু যুৱতীক ডাঙৰ সপোন দেখিবলৈ তথা জাতিৰ সেৱাত প্ৰত্যাহ্বানমূলক দায়িত্ব গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰিব।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে আজিৰ এই আন্তঃসংযুক্ত বিশ্বত সামুদ্ৰিক ক্ষেত্ৰখন ক্ৰমান্বয়ে অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে। বিশ্ব বাণিজ্যৰ এক বৃহৎ অংশ সাগৰৰ মাজেৰে পৰিচালিত হয়। সেয়েহে, সামুদ্ৰিক পথসমূহৰ নিৰাপত্তা দেশসমূহৰ অৰ্থনৈতিক কল্যাণ আৰু ইয়াৰ জনসাধাৰণৰ দৈনন্দিন জীৱনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। জাহাজ চলাচলত হোৱা যিকোনো ব্যাঘাতে অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগানত প্ৰভাৱ পেলাব পাৰে, ব্যয় বৃদ্ধি কৰিব পাৰে আৰু অৱশেষত সাধাৰণ নাগৰিকৰ ওপৰত অতিৰিক্ত বোজা জাপি দিব পাৰে। তেওঁ প্ৰশিক্ষাৰ্থীসকলক মনত ৰাখিবলৈ পৰামৰ্শ দিয়ে যে সাগৰত তেওঁলোকৰ সেৱা স্থলভাগত থকা লোকসকলৰ জীৱনৰ সৈতে জড়িত। ই জনসাধাৰণৰ নিৰাপত্তা, সমৃদ্ধি আৰু কল্যাণত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায়।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে যুৱ কেডেটসকলৰ সততা, পেছাদাৰী দক্ষতা, সাহস আৰু কৰুণাই ভাৰতীয় নৌসেনাৰ চৰিত্ৰ নিৰ্ধাৰণ কৰিব। সাগৰত তেওঁলোকে প্ৰত্যাহ্বানপূৰ্ণ বতৰ, দীঘলীয়া নিয়োগ আৰু অনিশ্চিত পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব। তেওঁলোকে প্ৰায়ে চাপৰ মাজত থাকি কঠিন সিদ্ধান্ত ল’ব লাগিব। তেওঁ কেডেটসকলক সদায় মনত ৰাখিবলৈ পৰামৰ্শ দিয়ে যে নেতৃত্ব মানে কেৱল আদেশ দিয়াই নহয়; ইয়াৰ অৰ্থ হৈছে দায়িত্ব গ্ৰহণ কৰা, আদৰ্শ দাঙি ধৰা আৰু নিজৰ লগত সেৱা আগবঢ়োৱাসকলৰ কাষত থিয় দিয়া। তেওঁলোকৰ প্ৰশিক্ষণ, অভিযোজন ক্ষমতা আৰু প্ৰতিশ্ৰুতিয়ে তেওঁলোকক ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হ’বলৈ প্ৰস্তুত কৰিব বুলি তেওঁ আস্থা প্ৰকাশ কৰে ।
ৰাষ্ট্ৰপতিয়ে কয় যে কেডেটসকলে পিন্ধা পোছাকে এশ কোটিতকৈও অধিক ভাৰতীয়ৰ বিশ্বাস আৰু প্ৰত্যাশা বহন কৰে। প্ৰতিগৰাকী নাগৰিকে, স্থান কাল নিৰ্বিশেষে সকলো সময়তে আমাৰ সশস্ত্ৰ বাহিনীৰ ফালে আত্মবিশ্বাস আৰু গৌৰৱেৰে চায়। তেওঁ যুৱ কেডেটসকলক ভাৰতীয় নৌসেনাৰ সৰ্বোচ্চ পৰম্পৰাসমূহ বজাই ৰাখিবলৈ আহ্বান জনায়।
ৰাষ্ট্ৰপতিৰ ভাষণৰ বাবে ইয়াত ক্লিক কৰক
https://www.pib.gov.in/PressReleaseDetail.aspx?PRID=2342970®=3&lang=1

****
NKRM/SS/PRK/MK