আন্তঃৰাষ্ট্ৰীয় জুৰীৰ অধ্যক্ষ তথা ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা আনন্দ এল ৰায়ে সহ-জুৰী সদস্যসকলৰ সৈতে আজি ৫৭সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI)-ৰ সমান্তৰালভাৱে গোৱাত প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰ' (PIB)-য়ে আয়োজন কৰা এখন সংবাদমেল সম্বোধন কৰে। ‘গ'ল্ডেন পিকক বঁটা’ৰ বাবে অনুষ্ঠিত প্ৰতিযোগিতা আগবঢ়োৱা ১৫খন পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰৰ মূল্যায়নৰ অভিজ্ঞতা সন্দৰ্ভত মত প্ৰকাশ কৰি জুৰী সদস্যসকলে চলচ্চিত্ৰৰ কণ্ঠস্বৰৰ বৈচিত্ৰ্য, সাংস্কৃতিক দৃষ্টিভংগীৰ আদান-প্ৰদান আৰু চলচ্চিত্ৰৰ ক্ৰমবিকাশমান ভাষা সম্পৰ্কে বক্তব্য ৰাখে।
এই অভিজ্ঞতাক শিকাৰ এক সুযোগ বুলি বৰ্ণনা কৰি ৰায়ে কয় যে ভিন্ন দেশ আৰু সংস্কৃতিৰ চলচ্চিত্ৰ চোৱাৰ পাছত জুৰী সদস্যসকলৰ মাজত হোৱা আলোচনাই প্ৰতিটো সৃষ্টিৰ আঁৰৰ সৃজনশীল নিৰ্বাচন আৰু সাংস্কৃতিক পটভূমিৰ অন্তৰ্দৃষ্টি প্ৰদান কৰিছে। তেওঁ কয়, “মই এগৰাকী জুৰী সদস্য হিচাপে আহিছিলোঁ, কিন্তু চলচ্চিত্ৰসমূহ চাই থাকোঁতে মই চলচ্চিত্ৰৰ এজন ছাত্ৰ হৈ পৰিলোঁ।”

জুৰীৰ আলোচনা-চক্ৰৰ বিষয়ে ব্যাখ্যা দাঙি ধৰি ৰায়ে কয় যে কোনো পূৰ্বনিৰ্ধাৰিত দৃষ্টিভংগী বা চলচ্চিত্ৰসমূহৰ উৎপত্তি দেশৰ কথা বিবেচনা নকৰাকৈ মুকলি আৰু অকপট আলোচনাই নিৰ্বাচন প্ৰক্ৰিয়াটোক ৰূপ দিছিল। তেওঁ প্ৰক্ৰিয়াটোক স্বাভাৱিক তথা স্বতঃস্ফূৰ্ত বুলি অভিহিত কৰে, য'ত সদস্যসকলে নিজৰ প্ৰতিক্ৰিয়া আৰু দৃষ্টিভংগী স্বাধীনভাৱে ব্যক্ত কৰিছিল। তেওঁ কয়, “আচলতে, মোৰ বাবে এয়া অতি স্বাভাৱিক আৰু স্বতঃস্ফূৰ্ত আছিল। ইয়াক কেনেকৈ প্ৰকাশ কৰোঁ মই সঁচাকৈয়ে নাজানো, কিন্তু আমি কেৱল মন খুলি কথা পাতিছিলোঁ, এয়াই।” তেওঁ লগতে কয় যে আলোচনাসমূহ স্বাস্থ্যকৰ আৰু সমৃদ্ধিশালী আছিল, য'ত সদস্যসকলে প্ৰায়ে একেটা চলচ্চিত্ৰীয় মুহূৰ্ততে বেলেগ বেলেগ দৃষ্টিভংগী দাঙি ধৰাৰ লগতে সাধাৰণ সহমততো উপনীত হৈছিল।
চলচ্চিত্ৰক এক নিৰন্তৰ বিকশিত কলাৰূপ হিচাপে গুৰুত্ব আৰোপ কৰি ৰায়ে কয় যে চলচ্চিত্ৰ নিৰ্মাতাসকলে যি ভাষাতেই কাম নকৰক কিয়, চলচ্চিত্ৰৰ ব্যাকৰণৰ পৰিৱৰ্তনসমূহৰ প্ৰতি সঁহাৰি জনাই চলিব লাগিব। তেওঁ কয়, “এখন চলচ্চিত্ৰ এক অভিজ্ঞতা, এক আৱেগ বা ইয়াৰ অভিব্যক্তিৰ অভিজ্ঞতা। প্ৰতিখন চলচ্চিত্ৰই আপোনাৰ ওপৰত কিবা এটা প্ৰভাৱ পেলাব লাগে। ইয়াক চোৱাৰ পাছত আপুনি আগৰ দৰে হৈ নাথাকিব; ই আপোনাৰ ভিতৰত কিবা এটা সলনি কৰিব লাগে।” তেওঁ লগতে কয় যে চলচ্চিত্ৰৰ ব্যাকৰণ শেষপৰ্যন্ত ভাষাৰ পৰিৱৰ্তে চলচ্চিত্ৰ নিৰ্মাতাসকলেহে গঢ় দিয়ে।

যোৱাবাৰৰ সংস্কৰণত তেওঁৰ চলচ্চিত্ৰ সামৰণী ছবি হিচাপে প্ৰদৰ্শিত হোৱাৰ পাছত IFFI-লৈ পুনৰ উভতি অহা থাইলেণ্ডৰ চলচ্চিত্ৰ নিৰ্মাতা ৰাচাপুম বুনবুনচাচোকে (Ratchapoom Boonbunchachoke) জুৰী সদস্যসকলৰ ভিন্ন পটভূমিয়ে কেনেকৈ তেওঁলোকৰ আলোচনাক সমৃদ্ধ কৰিলে সেই প্ৰসংগত আলোকপাত কৰে। তেওঁ কয় যে কেৱল কাৰিকৰী উৎকৰ্ষতকৈ চলচ্চিত্ৰ এখনৰ আৱেগিক প্ৰভাৱহে বেছি গুৰুত্বপূৰ্ণ। তেওঁ মন্তব্য কৰে, “দৰ্শকক আৱেগিকভাৱে প্ৰভাৱিত কৰিবলৈ চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে কৌশলটোক কেনেকৈ ব্যৱহাৰ কৰিলে সেয়াহে গুৰুত্বপূৰ্ণ।”

কলম্বিয়াৰ ছাউণ্ড ডিজাইনাৰ মাৰিয়া আলেজান্দ্ৰা ৰোজাসে (María Alejandra Rojas) পোষ্ট-প্ৰডাকশ্যন পৰ্যায়ত কাম কৰা পেছাদাৰী ব্যক্তিৰ দৃষ্টিভংগীৰ পৰা এই অভিজ্ঞতাক বিশেষভাৱে অৰ্থপূৰ্ণ বুলি বৰ্ণনা কৰে। তেওঁ কয় যে আলোচনা-চক্ৰসমূহ বৌদ্ধিকভাৱে উদ্দীপক আছিল, আনকি প্ৰদৰ্শনৰ পাছৰ নীৰৱতাৰ মুহূৰ্তসমূহেও আলোচনাসমূহলৈ গভীৰতা কঢ়িয়াই আনিছিল।
আৰ্জেণ্টিনাৰ চলচ্চিত্ৰ নিৰ্মাতা তথা চিত্ৰনাট্যকাৰ ছল বেৰুয়েজো পিচন-ৰিভিয়েৰে (Sol Berruezo Pichon-Rivière) মহোৎসৱৰ ছবি নিৰ্বাচনত প্ৰতিনিধিত্ব কৰা বহুত্ববাদী কণ্ঠস্বৰক প্ৰশংসা কৰে। তেওঁ আঙুলিয়াই দি কয় যে IFFI-য়ে বিভিন্ন দেশ, সংস্কৃতি আৰু প্ৰযোজনাৰ পৰিসৰৰ চলচ্চিত্ৰসমূহক এক মঞ্চ প্ৰদান কৰিছে, যাৰ ভিতৰত প্ৰধান আন্তঃৰাষ্ট্ৰীয় মহোৎসৱৰ বৃত্তত বিশেষভাৱে স্থান নোপোৱা সৃষ্টিসমূহো অন্তৰ্ভুক্ত।

ৰোমানিয়াৰ লেখক-পৰিচালক তথা প্ৰযোজক বগদান মুৰেছানুৱে (Bogdan Mureșanu) সামগ্ৰিক নিৰ্বাচনটোক অস্বাভাৱিকভাৱে শক্তিশালী বুলি বৰ্ণনা কৰাৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ জুৰী সদস্যসকলৰ মাজত ৰুচিৰ লক্ষণীয় সামঞ্জস্যৰ কথা উল্লেখ কৰে। প্ৰদৰ্শনৰ পাছৰ আলোচনাসমূহ স্মৰণ কৰি তেওঁ কয়, “প্ৰতিখন চলচ্চিত্ৰৰ ঠিক পাছতেই আমি কি ভাল পালোঁ বা কি ভাল নাপালোঁ সেই বিষয়ে কথা পাতিছিলোঁ। আমি তেতিয়াও কাহিনীসমূহৰ মাজত ডুব গৈ আছিলোঁ আৰু আন এক যাত্ৰালৈ যোৱাৰ আগতে কিছু সময় তাত কটোৱাৰ আনন্দ আমাৰ আছিল।” তেওঁ সহ-জুৰী সদস্যসকলৰ কথা শুনা আৰু চলচ্চিত্ৰসমূহৰ সন্দৰ্ভত ভিন্ন দৃষ্টিভংগী আৱিষ্কাৰ কৰাৰ মূল্যও দাঙি ধৰে।
জুৰী সদস্যসকলৰ এই আত্মসমালোচনাই বিবিধ চলচ্চিত্ৰীয় পৰম্পৰাক আলোচনাৰ মজিয়ালৈ অনা আৰু সহভাগকৃত শিকণ তথা প্ৰশংসাৰ সুযোগ সৃষ্টি কৰাত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱসমূহৰ ভূমিকাক স্পষ্ট কৰি তোলে।
সংবাদমেলখনৰ আঁত ধৰে শ্ৰী ৰাজিথ চন্দ্ৰনে।
Read IFFILOID here: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1®=48
* * *
PIB IFFI Team | Rajith/ Supriya/ Bibin/ Darshana | IFFI 57 – 122/KB