৫৭ সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI)-ৰ সমান্তৰালকৈ আজি অনুষ্ঠিত ‘ভাৰ্চুৱেল ভাৰত’ (Virtual Bharat) সম্পৰ্কীয় এক পেনেল আলোচনাই ভাৰতৰ বৈচিত্ৰ্যপূৰ্ণ গল্প-কথন পৰম্পৰা, সৃষ্টিশীল স্বাধীনতা আৰু চলচ্চিত্ৰৰ ক্ৰমবিকশিত পৰিসৰসমূহ অন্বেষণ কৰে। এই অধিৱেশনত প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা ভাৰত বালা আৰু পুনেৰ ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট অব ইণ্ডিয়া (FTII)-ৰ বৰ্তমানৰ উপাচাৰ্য তথা নেশ্যনেল ফিল্ম ডেভেলপমেণ্ট কৰ্প’ৰেশ্যন (NFDC)-ৰ পৰিচালন সঞ্চালক (অতিৰিক্ত দায়িত্ব)-ৰ পদত অধিষ্ঠিত ভাৰতীয় তথ্য সেৱাৰ বিষয়া ধীৰাজ সিঙে অংশগ্ৰহণ কৰে। অধিৱেশনটোৰ ধাৰণা প্ৰস্তুতৰ লগতে পৰিচালনা কৰে অভিনেত্ৰী, প্ৰযোজিকা, নাট্যকৰ্মী তথা সাংস্কৃতিক নেতৃত্বৰ সৈতে জড়িত বাণী ত্ৰিপাঠী টিকুয়ে।
এই আকৰ্ষণীয় আলোচনাটোৱে তৃণমূল পৰ্যায়ৰ প্ৰামাণিক আখ্যান আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰজগতত ভাৰতৰ ক্ৰমবৰ্ধমান উপস্থিতিৰ গুৰুত্ব অন্বেষণ কৰে, য’ত বাণী ত্ৰিপাঠী টিকুৱে তেওঁৰ দৃষ্টিভংগী বিনিময় কৰাৰ লগতে কথোপকথনটোক গভীৰতা প্ৰদান কৰে।

‘চলচ্চিত্ৰ নিৰ্মাতাসকলে প্ৰথমে নিজৰ দেশৰ ভিতৰতে থকা কাহিনীসমূহ চিনাক্ত আৰু উন্মোচিত কৰিব লাগিব’
নিজৰ সৃষ্টিশীল দৰ্শনৰ বিষয়ে কওঁতে বালাই কয় যে তেওঁ মিউজিক ভিডিঅ', চুটি চলচ্চিত্ৰ, পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ, কাহিনীচিত্ৰ আৰু তথ্যচিত্ৰৰ মাজত কোনো পাৰ্থক্য নকৰে, আৰু প্ৰতিটো মাধ্যমতে গল্প-কথন তথা সৃষ্টিশীল অভিব্যক্তিয়েই কেন্দ্ৰীয় হৈ থাকিব লাগিব বুলি অভিমত ব্যক্ত কৰে।
যোৱা পাঁচ বছৰ ধৰি কৰা নিজৰ কামৰ বিষয়ত আলোকপাত কৰি তেওঁ দেশৰ অতি দুৰ্গম প্ৰান্তলৈ কেমেৰা লৈ যোৱা, সঠিক লোকৰ সৈতে মত বিনিময় কৰা, তেওঁলোকৰ আস্থা অৰ্জন কৰা আৰু তেওঁলোকক নিজৰ কাহিনী বিনিময় কৰাৰ এক মঞ্চ প্ৰদান কৰাৰ বিষয়ে কয়। তেওঁ জোৰ দি কয় যে পূৰ্বনিৰ্ধাৰিত আখ্যান জাপি দিয়াৰ পৰিৱৰ্তে প্ৰামাণিক মানৱীয় অভিজ্ঞতাসমূহ ধৰি ৰখাতেই চলচ্চিত্ৰ নিৰ্মাণৰ মূল সাৰমৰ্ম নিহিত হৈ আছে।
ক্লাউড-ভিত্তিক এক মঞ্চত ১৪৩খন চলচ্চিত্ৰক সন্মিলিত কৰা ভাৰ্চুৱেল ভাৰত (Virtual Bharat) পদক্ষেপ সন্দৰ্ভত আলোকপাত কৰি বালাই অকথিত কাহিনীসমূহৰ এক বিশাল উৎস হিচাপে ভাৰতৰ অসাধাৰণ সাংস্কৃতিক আৰু ভৌগোলিক বৈচিত্ৰ্যক আঙুলিয়াই দিয়ে। তেওঁ পৰ্যবেক্ষণ কৰে যে এক অৰ্থপূৰ্ণ বিশ্বজনীন উপস্থিতি প্ৰতিষ্ঠা কৰিবলৈ চলচ্চিত্ৰ নিৰ্মাতাসকলে প্ৰথমে নিজৰ দেশৰ ভিতৰতে থকা কাহিনীসমূহ চিনাক্ত আৰু উন্মোচিত কৰিব লাগিব। “ভাৰত হৈছে নতুন বিশ্বজনীন মঞ্চ,” তেওঁ মন্তব্য কৰে, আৰু ভাৰতৰ বাস্তৱ জীৱনৰ অভিজ্ঞতাত প্ৰোথিত প্ৰামাণিক আখ্যানসমূহে বিশ্বৰ সকলো ঠাইৰ দৰ্শকৰ মনত অনুৰণন ঘটাব পাৰে বুলি অভিমত ব্যক্ত কৰে।

‘শিল্পৰ অভিব্যক্তিয়ে মানৱীয় অভিজ্ঞতাৰ পৰাই নিজৰ শক্তি লাভ কৰে’
দেশখনত এক বিশাল দৰ্শকৰ ভিত্তি আৰু কাহিনীৰ এক অসাধাৰণ ভাণ্ডাৰ মজুত আছে বুলি উল্লেখ কৰি ধীৰাজ সিঙে বিশ্বজনীন গল্প-কথনত এক শক্তিশালী কণ্ঠস্বৰ হিচাপে আত্মপ্ৰকাশ কৰাৰ ভাৰতৰ সম্ভাৱনাৰ বিষয়ে চৰ্চা কৰে। তেওঁ বাহ্যিক ধাৰণা আৰু প্ৰভাৱৰ মাজতে আৱদ্ধ হৈ থকাৰ পৰিৱৰ্তে ভাৰতীয় চলচ্চিত্ৰই নিজৰ সাংস্কৃতিক সত্তাৰ পৰা প্ৰেৰণা লোৱাৰ প্ৰয়োজনীয়তাত জোৰ দিয়ে। চলচ্চিত্ৰ, কলা আৰু বাস্তৱতাৰ মাজৰ সম্পৰ্কৰ বিষয়ে আলোকপাত কৰি তেওঁ পৰ্যবেক্ষণ কৰে যে শিল্পৰ অভিব্যক্তিয়ে মানৱীয় অভিজ্ঞতাৰ পৰাই নিজৰ শক্তি লাভ কৰে আৰু অৱশেষত নিজৰ এক পৃথিৱী সৃষ্টি কৰে।
সিঙে কয় যে চলচ্চিত্ৰ মহোৎসৱসমূহৰ উদ্দেশ্য কেৱল চলচ্চিত্ৰ প্ৰদৰ্শন কৰাতেই সীমাবদ্ধ নহয়। তেওঁ লক্ষ্য কৰে যে মহোৎসৱসমূহে দৰ্শকক চলচ্চিত্ৰৰ এক বিস্তৃত জগতৰ সৈতে চিনাকি কৰাই দিয়ে, চলচ্চিত্ৰৰ মূল্যায়নৰ মনোভাৱ গঢ় তোলে আৰু নৱাগত চলচ্চিত্ৰ নিৰ্মাতাসকলক শিকাৰ, মত বিনিময় কৰাৰ আৰু নিজৰ কৰ্মৰাজি প্ৰদৰ্শন কৰাৰ সুযোগ প্ৰদান কৰে। তেওঁ পুনেৰ ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট অব ইণ্ডিয়া (FTII) আৰু অৰুণাচল প্ৰদেশৰ ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট (FTI)-ৰ শিক্ষাৰ্থীসকলকে ধৰি যুৱ প্ৰতিভাক জড়িত কৰিবলৈ আই এফ এফ আই-য়ে গ্ৰহণ কৰা পদক্ষেপসমূহতো আলোকপাত কৰে। শিক্ষাৰ্থীসকলক অভিজ্ঞতা, সৃষ্টিশীল সুযোগ আৰু চলচ্চিত্ৰ সমাজৰ সৈতে মত বিনিময় কৰাৰ এক মঞ্চ প্ৰদান কৰাটো চলচ্চিত্ৰ শিক্ষাৰ এক গুৰুত্বপূৰ্ণ দিশ বুলি তেওঁ কয়।
এই আলোচনাত সৃষ্টিশীল উদ্যোগসমূহৰ ওপৰত কৃত্ৰিম বুদ্ধিমত্তা (AI)-ৰ ক্ৰমবৰ্ধমান প্ৰভাৱৰ বিষয়েও আলোচনা কৰা হয়। AI-য়ে সৃষ্টিশীল পেছাদাৰীসকলৰ স্থান ল'ব পাৰে বুলি উত্থাপিত উদ্বেগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সিঙে কয় যে শংকিত হোৱাৰ পৰিৱৰ্তে নিৰ্মাতাসকলে প্ৰযুক্তিগত বিকাশসমূহৰ প্ৰতি সজাগ হৈ থাকিব লাগিব আৰু সময়মতে পাঠ্যক্ৰম বা দিশ সংশোধন কৰিব লাগিব। তেওঁ জোৰ দি কয় যে মানৱীয় সৃষ্টিশীলতা আৰু শিল্পৰ অভিব্যক্তিৰ কোনো বিকল্প হ'ব নোৱাৰে, কিয়নো কলাই অৱশেষত মানৱীয় কল্পনা আৰু অভিজ্ঞতাৰ পৰাই জন্ম লয়।

বালাই AI-ক এক ক্ৰমবিকশিত প্ৰযুক্তি হিচাপে আদৰণি জনায়, যিয়ে সৃষ্টিশীল সম্ভাৱনাসমূহ সম্প্ৰসাৰিত কৰিব পাৰে আৰু চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে নতুন বাট মুকলি কৰিব পাৰে। অৱশ্যে, তেওঁ দৃঢ়ভাৱে কয় যে গল্প-কথন মৌলিকভাৱে মানৱীয় সৃষ্টিশীলতা আৰু মৌলিকতাতেই প্ৰোথিত হৈ আছে। তেওঁ কয় যে প্ৰযুক্তিগত অগ্ৰগতিয়ে নিৰ্মাতাসকলক অধিক উদ্ভাৱনশীল হ'বলৈ আৰু মৌলিক গল্প-কথনৰ সীমা অতিক্ৰম কৰিবলৈ উৎসাহিত কৰা উচিত।
এই আলোচনাই ভাৰতৰ বৈচিত্ৰ্যপূৰ্ণ আৰু প্ৰামাণিক কাহিনীসমূহক সন্মুখলৈ অনাত ‘ভাৰ্চুৱেল ভাৰত’ (Virtual Bharat)-ৰ দৰে মঞ্চসমূহৰ ক্ৰমবৰ্ধমান গুৰুত্বক দাঙি ধৰে, লগতে প্ৰতিভা গঢ়ি তোলাত, সৃষ্টিশীল আদান-প্ৰদানক উৎসাহিত কৰাত আৰু বিশ্বজনীন চলচ্চিত্ৰ মঞ্চত ভাৰতৰ উপস্থিতি সুদৃঢ় কৰাত চলচ্চিত্ৰ মহোৎসৱসমূহৰ ভূমিকাক পুনৰ দৃঢ় কৰে।
Read IFFILOID here: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1®=48
* * *
PIB IFFI Team | Rajith/ LekshmiPriya/ Smita Saikia/ Darshana / IFFI 57 – 118/KB