৫৭ সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI)-ৰ সমান্তৰালকৈ আজি অনুষ্ঠিত এখন সংবাদমেলত চৰিত্ৰ-কেন্দ্ৰিক আখ্যান, গৱেষণা-ভিত্তিক চলচ্চিত্ৰ নিৰ্মাণ আৰু দৰ্শকৰ মাজলৈ বৈচিত্ৰ্যপূৰ্ণ কাহিনী লৈ যোৱাত চলচ্চিত্ৰৰ শক্তিৰ গুৰুত্ব স্পষ্ট হৈ উঠে। পৰিচালক কামাখ্যা নাৰায়ণ সিং আৰু প্ৰযোজক ৰবীন্দ্ৰ সাংঘভীয়ে ‘দ্য কেৰেলা ষ্ট'ৰী ২ : গ'জ বিয়ণ্ড’(The Kerala Story 2 : Goes Beyond) আৰু তথ্যচিত্ৰ ‘ডেম'গ্ৰাফী ইজ ডেষ্টিনী’(Demography Is Destiny) নিৰ্মাণ সন্দৰ্ভত তেওঁলোকৰ অন্তৰ্দৃষ্টি বিনিময় কৰাৰ লগতে চলচ্চিত্ৰৰ জৰিয়তে জটিল বিষয়সমূহ উপস্থাপন কৰাৰ গৱেষণা, চৰিত্ৰ বিকাশ তথা প্ৰত্যাহ্বানসমূহৰ বিষয়ে আলোচনা কৰে।
‘দ্য কেৰেলা ষ্ট'ৰী ২ পৰিচালনা কৰাৰ অভিজ্ঞতা সুঁৱৰি কামাখ্যা নাৰায়ণে চলচ্চিত্ৰখনক এক চৰিত্ৰ-কেন্দ্ৰিক আখ্যান হিচাপে বৰ্ণনা কৰাৰ লগতে এক সাধাৰণ আৱেগিক সংযোগ অক্ষুণ্ণ ৰাখি একাধিক কাহিনী একত্ৰিত কৰাটো এক প্ৰত্যাহ্বান আৰু ফলপ্ৰসূ অভিজ্ঞতা দুয়োটাই আছিল বুলি উল্লেখ কৰে। তেওঁ বিভিন্ন আখ্যানসমূহক সংযোগ কৰাত সংগীতৰ ভূমিকাত আলোকপাত কৰে, আৰু ব্যাখ্যা কৰে যে চলচ্চিত্ৰখনে তিনিটা পৃথক কাহিনী অন্বেষণ কৰিলেও এক উমৈহতীয়া আৱেগিক সাৰমৰ্মই কেউটাকে বান্ধি ৰখাত সহায় কৰিছে।

নাৰায়ণে লগতে কয় যে চলচ্চিত্ৰখনে চৰিত্ৰসমূহৰ অভিজ্ঞতা আৰু আৱেগৰ জৰিয়তে নিজৰ আখ্যান উপস্থাপন কৰাৰ উদ্দেশ্যে বাস্তৱ ঘটনাৰ অধ্যয়ন আৰু তথ্যগত প্ৰসংগসমূহত নিৰ্ভৰ কৰে।
‘ডেম'গ্ৰাফী ইজ ডেষ্টিনী’-ৰ বিষয়ে কওঁতে প্ৰযোজক ৰবীন্দ্ৰ সাংঘভি আৰু পৰিচালক কামাখ্যা নাৰায়ণে অভিজ্ঞতাভিত্তিক তথ্যক এক আকৰ্ষণীয় চলচ্চিত্ৰ আখ্যানলৈ ৰূপান্তৰিত কৰাৰ প্ৰত্যাহ্বানসমূহত আলোকপাত কৰে। নাৰায়ণে ব্যাখ্যা কৰে যে জটিল তথ্যসমূহ দৰ্শকৰ বাবে সহজবোধ্য কৰি তুলিবলৈ আত্মীয়তা অনুভৱ কৰিব পৰা চৰিত্ৰ বিচাৰি উলিওৱাটো অপৰিহাৰ্য। এগৰাকী তথ্যচিত্ৰ নিৰ্মাতা হিচাপে নিজৰ অভিজ্ঞতাৰ আধাৰত নাৰায়ণে কয় যে তেওঁৰ কৰ্মপ্ৰণালী সাধাৰণতে তথ্য সংগ্ৰহ আৰু সাক্ষাৎকাৰৰ জৰিয়তে আৰম্ভ হয়, আৰু তাৰ পিছত এনে ব্যক্তিসকলক চিনাক্ত কৰা হয় যাৰ অভিজ্ঞতাই আখ্যানটোক গঢ় দিয়াত সহায় কৰিব পাৰে।

তেওঁ চলচ্চিত্ৰ নিৰ্মাণত দৃশ্যমান প্ৰামাণিকতাৰ গুৰুত্বৰ বিষয়েও কয়, যাৰ ভিতৰত কাহিনীটোক বিশ্বাসযোগ্যতা প্ৰদান কৰা স্থানসমূহ নিৰ্বাচন কৰাটোও অন্তৰ্ভুক্ত হৈ থাকে। তেওঁৰ ভ্ৰমণৰ অভিজ্ঞতা আৰু বিভিন্ন ঠাইৰ সৈতে চিনাকি হোৱা কথাই কাঙ্ক্ষিত দৃশ্যমান পৰিৱেশ পুনৰ সৃষ্টি কৰিবলৈ উপযুক্ত স্থান চিনাক্ত কৰাত তেওঁক সহায় কৰিছিল বুলি তেওঁ প্ৰসংগক্ৰমে উল্লেখ কৰে।
বক্তাদ্বয়ে চলচ্চিত্ৰসমূহক বিস্তৃত দৰ্শকৰ মাজলৈ লৈ যোৱাত ছ’চিয়েল মিডিয়াৰ ভূমিকা সন্দৰ্ভতো মত প্ৰকাশ কৰাৰ লগতে তেওঁলোকৰ নিজ নিজ সৃষ্টিশীল যাত্ৰাসমূহ তেওঁলোকে অৰ্থপূৰ্ণ বুলি গণ্য কৰা কাহিনীসমূহ কোৱাৰ ইচ্ছা দ্বাৰাই পৰিচালিত হৈছিল বুলি অভিমত ব্যক্ত কৰে।
বিভিন্ন অঞ্চল, ভাষা আৰু প্ৰযোজনাৰ পটভূমিৰ চলচ্চিত্ৰসমূহক এক মঞ্চ প্ৰদান কৰাত আই এফ এফ আই-ৰ ভূমিকা প্ৰসংগতো আলোচনা আগবাঢ়ে। সিঙে পৰ্যবেক্ষণ কৰে যে এই মহোৎসৱে ভিন্ন বাজেট আৰু সম্পদৰে কাম কৰা চলচ্চিত্ৰ নিৰ্মাতাসকলক একেখন মঞ্চতে নিজৰ কৰ্মৰাজি উপস্থাপন কৰিবলৈ সুযোগ প্ৰদান কৰে। ডিজিটেল ষ্ট্ৰীমিং প্লেটফৰ্মসমূহ ব্যাপকভাৱে উপলব্ধ হোৱাৰ বহু পূৰ্বেই কেৰিয়াৰৰ আৰম্ভণিতে আই এফ এফ আই-য়ে তেওঁক কেনেকৈ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ আৰু চলচ্চিত্ৰ নিৰ্মাতাসকলৰ সৈতে চিনাকি কৰাই দিছিল, সেই কথা তেওঁ স্মৰণ কৰে।

সিঙে মহোৎসৱৰ বিষয়বস্তু ‘Stories Without Borders’-ক বিভিন্ন চলচ্চিত্ৰীয় কণ্ঠস্বৰক একত্ৰিত কৰাৰ ইয়াৰ দীৰ্ঘদিনীয়া ভূমিকাৰ সৈতে ঘনিষ্ঠভাৱে সংগতিপূৰ্ণ বুলি বৰ্ণনা কৰে। তেওঁ কয় যে এই মঞ্চখনে সৰু অঞ্চল আৰু কম পৰিচিত ভাষাৰ চলচ্চিত্ৰসমূহক বিস্তৃত পৰিসৰ দৰ্শকৰ মাজলৈ যাবলৈ সুযোগ দিয়ে।
সংবাদমেলখন পৰিচালনা কৰে কুলদীপ মীনাই।
Watch the full press conference here:
Read IFFILOID here: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1®=48
* * *
PIB IFFI Team | Rajith/ LekshmiPriya/ Smita Saikia/ Darshana / IFFI 57 – 120/KB