পোষ্ট কৰা হৈছে:
27 NOV 2026 2:24PM by PIB Guwahati
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ ডিচেম্বৰ মাহত ভাৰতক অধিক সুস্থ-সবল আৰু স্বাস্থ্যৱান ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ আহ্বান জনোৱাৰ পৰিপ্ৰেক্ষিতত আৰম্ভ হোৱা ‘ফিট ইণ্ডিয়া ছানডে’জ অন চাইকেল’ কাৰ্যসূচীয়ে ইতিমধ্যে সৰ্বভাৰতীয় গণ আন্দোলনৰ ৰূপ লৈছে। চাইকেল চলোৱাৰ জৰিয়তে শাৰীৰিক সুস্থতা আৰু স্বাস্থ্য সচেতনতা বৃদ্ধিৰ লক্ষ্যৰে আৰম্ভ হোৱা এই কাৰ্যসূচীয়ে সমাজৰ সকলো শ্ৰেণীৰ লোকক একত্ৰিত কৰিছে।
নতুন দিল্লীৰ মাত্ৰ ২৫০টা স্থানত ৫০০গৰাকী অংশগ্ৰহণকাৰীৰে এই পদক্ষেপৰ শুভাৰম্ভণি হৈছিল। দুটা বছৰৰ ভিতৰতে ‘ছানডে’জ অন চাইকেল’ এটা গণ আন্দোলনলৈ ৰূপান্তৰিত হৈছে। সংবিধান দিৱসৰ বিষয়বস্তুৰে অনুষ্ঠিত ইয়াৰ ৯৯ সংখ্যক সংস্কৰণত সমগ্ৰ দেশৰ ২৬,০০০ৰো অধিক স্থানত লাখ লাখ নাগৰিকে অংশগ্ৰহণ কৰে।
এই যাত্ৰাৰ এটা উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে এই আন্দোলনে এতিয়া ‘ছানডে’জ অন চাইকেল’ৰ ১০০ সংখ্যক সংস্কৰণ উদযাপনৰ বাবে প্ৰস্তুতি চলাইছে। এই বিশেষ সংস্কৰণটো #IndiaReady4Olympics শীৰ্ষক বিষয়বস্তুৰ অধীনত ভাৰতত অলিম্পিক আন্দোলনক উদযাপনৰ বাবে উৎসৰ্গা কৰা হৈছে।
কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড° মনসুখ মাণ্ডৱিয়াই পুনেৰ পিম্পৰি-চিঞ্চৱাড়ৰ পৰা ‘ছানডে’জ অন চাইকেল’ৰ ১০০ সংখ্যক সংস্কৰণৰ নেতৃত্ব দিব। এই কাৰ্যসূচীত প্ৰায় ৫০,০০০গৰাকী চাইকেল আৰোহীয়ে অংশগ্ৰহণ কৰি এই আন্দোলনৰ অংশীদাৰ হ’ব।
মাই ভাৰতৰ সহযোগত দেশৰ প্ৰতিখন জিলাৰ যুৱপ্ৰজন্মই ‘ছানডে’জ অন চাইকেল’ৰ ১০০ সংখ্যক সংস্কৰণ উদযাপন কৰিব।
ইয়াৰ উপৰি দেশজুৰি ১০০টা উল্লেখযোগ্য আৰু ঐতিহ্যপূৰ্ণ স্থানত এই উদযাপনৰ আয়োজন কৰা হ’ব। এই বিশেষ কাৰ্যসূচীত ১০০গৰাকী ভাৰতীয় অলিম্পিয়ানেও অংশগ্ৰহণ কৰি এখন অধিক সুস্থ-সবল ভাৰত গঢ়াৰ লক্ষ্যৰে চাইকেল চলাব।
আগন্তুক এই সংস্কৰণত অলিম্পিক আন্দোলনৰ মূল আধাৰস্বৰূপ মূল্যবোধসমূহ উদযাপন কৰা হ’ব। এই মূল্যবোধসমূহৰ ভিতৰত আছে সুশাসন আৰু সততা, সুস্থ প্ৰতিযোগিতা আৰু অন্তৰ্ভুক্তি, খেলুৱৈসকলৰ স্বাস্থ্য আৰু কল্যাণ তথা বহনক্ষমতা আৰু নিৰাপদ ক্ৰীড়াৰ স্থায়ী উত্তৰাধিকাৰ গঢ়ি তোলা।
ইয়াৰ জৰিয়তে নৈতিকতা, খেলুৱৈসকলৰ মতামত আৰু মহিলা তথা পেৰা-এথলীটসকলকে ধৰি সকলোৰে বাবে সমান সুযোগৰ আধাৰত দেশৰ ক্ৰীড়াৰ ভৱিষ্যৎ গঢ়ি তোলাৰ প্ৰতি ভাৰতৰ দায়বদ্ধতা প্ৰতিফলিত হৈছে। লগতে যুৱপ্ৰজন্মক ক্ৰীড়া আৰু শাৰীৰিক সুস্থতাক জীৱনশৈলীৰ অবিচ্ছেদ্য অংগ হিচাপে গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰাই এই পদক্ষেপৰ লক্ষ্য।
প্ৰতিদিনে কমেও আধা ঘণ্টা শাৰীৰিক ব্যায়াম আৰু সুস্থতাৰ বাবে সময় উচৰ্গা কৰাৰ লক্ষ্যৰে এই আন্দোলন প্ৰধানমন্ত্ৰীৰ ‘ফিটনেছ কা ড’জ, আধা ঘণ্টা ৰোজ’ শীৰ্ষক আহ্বানৰ দ্বাৰা অনুপ্ৰাণিত।
এই পদক্ষেপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় আহ্বান আৰু সামাজিক বাৰ্তাসমূহক জন-অংশগ্ৰহণৰ জৰিয়তে কাৰ্যক্ষেত্ৰত ৰূপায়ণ কৰাৰ এখন মঞ্চ হিচাপে বিকশিত হৈছে।
মেদবহুলতাৰ বিৰুদ্ধে যুঁজ, নিচামুক্ত ভাৰত আৰু প্ৰদূষণৰ সমাধানৰ দৰে বিষয়বস্তুক কেন্দ্ৰ কৰি আয়োজন কৰা বিশেষ সংস্কৰণসমূহৰ জৰিয়তে ‘ছানডে’জ অন চাইকেল’-এ নাগৰিকসকলৰ আচৰণগত পৰিৱৰ্তনক উৎসাহিত কৰাৰ লগতে প্ৰধানমন্ত্ৰীৰ সুস্থ-সবল ভাৰত আৰু বিকশিত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ দিশত অৱদান আগবঢ়াবলৈ অনুপ্ৰাণিত কৰি আহিছে।
Ayushman Kumar/US