যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য এম. সিন্ধিয়াই টেলিকম ষ্টাৰ্টআপ আৰু এমএছএমই কনক্লেভ, ২০২৬-ত অধ্যক্ষতা কৰি থলুৱা টেলিকম উদ্ভাৱন আৰু উদ্যমিতাক প্ৰসাৰিতকৰণৰ আহ্বান জনায়

যোৱা দশকটোত ভাৰত প্ৰযুক্তিৰ উপভোক্তাৰ পৰা প্ৰযুক্তিৰ সৃষ্টিকৰ্তা হোৱালৈ অগ্ৰসৰ হৈছে, টেলিকম খণ্ড ইয়াৰ উল্লেখযোগ্য উদাহৰণঃ শ্ৰী জ্যোতিৰাদিত্য এম. সিন্ধিয়া

এই কনক্লেভে ষ্টাৰ্টআপ, এমএছএমই, বিনিয়োগকাৰী আৰু উদ্যোগৰ নেতৃবৃন্দক একত্ৰিত কৰি থলুৱা টেলিকম প্ৰযুক্তিৰ বিকাশ আৰু বাণিজ্যিকীকৰণক ত্বৰান্বিত কৰিছে

টেলিকমিউনিকেচন বিভাগে (DoT) থলুৱা টেলিকম উদ্ভাৱন আৰু উদ্যমিতাক প্ৰসাৰিতকৰণৰ অংগীকাৰ পুনৰ সুদৃঢ় কৰে

পোষ্ট কৰা হৈছে: 24 NOV 2026 5:12PM by PIB Guwahati

কেন্দ্ৰীয় কমিউনিকেচন আৰু উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন দপ্তৰৰ মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য এম. সিন্ধিয়াই আজি নতুন দিল্লীস্থিত ভাৰত মণ্ডপমৰ লিডাৰ্ছ লাউঞ্জত কমিউনিকেচন মন্ত্ৰালয়ৰ টেলিকমিউনিকেচন বিভাগৰ (DoT) উদ্যোগত অনুষ্ঠিত হোৱা টেলিকম ষ্টাৰ্টআপ আৰু এমএছএমই কনক্লেভ, ২০২৬-ত অধ্যক্ষতা কৰে। ইয়াত থলুৱা টেলিকম উদ্ভাৱনক প্ৰসাৰিত কৰা, উদ্যমিতাৰ প্ৰসাৰ ঘটোৱা আৰু দেশতে উৎপাদিত প্ৰযুক্তিৰ বিকাশ তথা বাণিজ্যিকীকৰণৰ সুবিধা প্ৰশস্তৰ বাবে চৰকাৰৰ অংগীকাৰত গুৰুত্ব আৰোপ কৰা হয়।

এই কনক্লেভত টেলিকম ষ্টাৰ্টআপ, ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ (MSME), উদ্যোগৰ নেতৃবৃন্দ, বিনিয়োগকাৰী, শৈক্ষিক মহল আৰু চৰকাৰী প্ৰতিনিধিসকল একেখন উমৈহতীয়া মঞ্চত একত্ৰিত হৈ থলুৱা সামগ্ৰী-সম্ভাৰ আৰু সমাধানৰাজি থূপাই প্ৰদৰ্শন কৰে। একেদৰে ঘৰুৱা উদ্ভাৱকসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ ওপৰত আলোচনা কৰা হয় আৰু ভাৰতীয় টেলিকম প্ৰযুক্তিসমূহৰ বিকাশৰ সুযোগসমূহৰ সম্পৰ্কে অন্বেষণ কৰা হয়।

ইয়াত নিটি আয়োগৰ বিশিষ্ট ফেল’ আৰু নিটি ফ্ৰন্টিয়াৰ টেক হাবৰ মুখ্য আৰ্কিটেক্ট শ্ৰীমতী দেৱযানী ঘোষে অধিবেশনৰ সময়ছোৱাত উদ্ভাৱনক লাভান্বিত কৰা, অংশীদাৰসকলৰ মাজত সহযোগিতা গভীৰ কৰা আৰু প্ৰযুক্তি-চালিত উদ্যমিতাৰ বাবে এটি অনুকূল বাতাবৰণ সৃষ্টিৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি মূল ভাষণ আগবঢ়ায়।

কনক্লেভত টেলিকম প্ৰযুক্তি ষ্টেকক সামৰি লোৱা পাঁচটা মূল বিষয়ভিত্তিক ক্ষেত্ৰ, যথাঃ ৰেডিঅ' এক্সেছ নেটৱৰ্ক (RAN) আৰু ক’ৰ, এপ্লিকেচন, চিপছেট, সুৰক্ষা আৰু ষ্টেণ্ডাৰ্ড সন্দৰ্ভত প্ৰেজেনটেচন আগবঢ়োৱা আৰু আলোচনা কৰা হয়। প্ৰতিটো বিষয়ভিত্তিক গোটক সংশ্লিষ্ট টেলিকমিউনিকেচন বিভাগৰ বিষয়াসকলে প্ৰতিনিধিত্ব কৰে। তেওঁলোকে অংশগ্ৰহণকাৰীসকলক ষ্টাৰ্টআপ আৰু এমএছএমই সমূহক সহায় কৰিবলৈ তথা সামগ্ৰিক টেলিকম উদ্ভাৱন বাতাবৰণক শক্তিশালী কৰিবলৈ বিভাগে গ্ৰহণ কৰা ভিন্ন চৰকাৰী পদক্ষেপ, নীতিগত মধ্যৱৰ্তিতা আৰু অনুকূল কাঠামো সম্পৰ্কে অৱগত কৰে। কনক্লেভত ষ্টাৰ্টআপ আৰু এমএছএমই সমূহে ১১ খন প্ৰদৰ্শনী ষ্টলো স্থাপন কৰে। এনে ষ্টলসমূহে নিজ-নিজ উদ্ভাৱনীমূলক থলুৱা সামগ্ৰী, প্ৰযুক্তি আৰু সমাধানসমূহ নীতি নিৰ্ধাৰক, উদ্যোগৰ নেতৃবৃন্দ, বিনিয়োগকাৰী আৰু আন-আন অংশীদাৰসকলৰ সন্মুখত থূপাই প্ৰদৰ্শন কৰাৰ সুযোগ প্ৰদান কৰে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে টিচিঅ’ই ইণ্ডিয়াৰ (TCoE India) উদ্যোগত আয়োজিত ইমাৰ্জিং টেকন’লজি হেকাথন, ২০২৬ (ETH 2026) বিজয়ীসকলক সম্বৰ্ধনা জনায়। এই হেকাথনত নটা প্ৰযুক্তিগত ডমেইনত ২,৮৭০-ৰো অধিক পঞ্জীয়ন আৰু ৬২০ আবেদন লাভ কৰা হয়। ইয়াত ছাত্ৰ-ছাত্ৰী, ষ্টাৰ্টআপ, কোম্পানী আৰু শৈক্ষিক প্ৰতিষ্ঠানসমূহে অংশগ্ৰহণ কৰে। বিজয়ীসকলক তেওঁলোকৰ উদ্ভাৱনীমূলক সমাধানৰ বাবে বঁটা আৰু প্ৰাইজমানিৰে স্বীকৃতি জনোৱা হয়। ইয়াত এন্ট্ৰা ইন’ভেচনছ এলএলপি-এ থলুৱাভাৱে ডিজাইন কৰা টায়াৰ-প্ৰেচাৰ চেন্সৰ চিষ্টেম-অন-চিপ বায়ু (VAAYU) ৰ বাবে প্ৰথম পুৰস্কাৰ লাভ কৰে; ডনিয়েন্স ইণ্টাৰনেচনেল প্ৰাইভেট লিমিটেডে কেবলস্মিথ (Cablesmith) ৰ বাবে দ্বিতীয় পুৰস্কাৰ লাভ কৰে। এয়া আছিল ফাইবাৰ সংযোগৰ দূৰৱৰ্তী যোগান সক্ষম কৰা ৰবটিক অপটিকেল পেচ পেনেল সমাধান। একেদৰে ব্যক্তিগত ৫জি নেটৱৰ্কৰ বাবে নিৰাপত্তা ইঞ্জিন কৱচ (KAVACH) ৰ বাবে আইআইটি-ব’ম্বে (Team DRISTI) আৰু ড্ৰোনৰ বাবে এন্টি-জেমিং যোগাযোগ সমাধান বজ্ৰ (VajraLink) ৰ বাবে মিলিটেৰী কলেজ অৱ টেলিকমিউনিকেচন ইঞ্জিনিয়াৰিং (Team RUDRA) ক যৌথ তৃতীয় পুৰস্কাৰ প্ৰদান কৰা হয়।

কনক্লেভত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, “বিগত দশকটোত ভাৰতৰ উদ্যমিতা শক্তিৰ পুনৰ উত্থানৰ পৰিক্ৰমা আজি এক সন্তোষজনক অভিজ্ঞতা হৈ পৰিছে। আমাৰ দেশখন সদায় উদ্ভাৱন, প্ৰযুক্তি, বিজ্ঞান আৰু উদ্যমিতাৰ অনুকূল ভূমি হৈ আহিছে। হাজাৰ-হাজাৰ বছৰ ধৰি ভাৰতে মানৱ জাতিৰ উন্নতিৰ ক্ষেত্ৰত অৰিহণা যোগাই আহিছে। যোৱা এটা দশকত ভাৰত প্ৰযুক্তিৰ উপভোক্তাৰ পৰা প্ৰযুক্তিৰ সৃষ্টিকৰ্তা হোৱালৈ অগ্ৰসৰ হৈছে। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আজি ভাৰতৰ বিশ্বৰ চতুৰ্থ সৰ্ববৃহৎ অৰ্থনীতি আৰু বজাৰ হিচাপে উত্থান ঘটিছে। ২০১৪-ত মাত্ৰ কেইশমান ষ্টাৰ্টআপ থকা দেশৰ পৰা ভাৰত এতিয়া ২,০০,০০০-ৰো অধিক ষ্টাৰ্টআপ সম্পন্ন দেশ হৈ পৰিছে আৰু মাননীয় প্ৰধানমন্ত্ৰীৰ একাধিক সক্ৰিয় পন্থা গ্ৰহণৰ বাবেই এনে হৈছে।“

তেওঁ লগতে কয়, “পৰীক্ষিত প্ৰযুক্তিৰ মাত্ৰাৰ বাবে টেলিকম খণ্ড হৈছে ভাৰত প্ৰযুক্তিৰ সৃষ্টিকৰ্তা হোৱাৰ উল্লেখযোগ্য উদাহৰণ। পূৰ্বে মাত্ৰ ২৫ কোটি ইন্টাৰনেট সংযোগৰ পৰা এতিয়া ১১০ কোটি ইন্টাৰনেট সংযোগলৈ, পূৰ্বে মাত্ৰ ৬ কোটি ব্ৰডবেণ্ড সংযোগৰ পৰা এতিয়া ১০৪ কোটি ব্ৰডবেণ্ড সংযোগলৈ দেশখনৰ উত্থান ঘটিছে। দুটা অংকত বিকাশ ঘটা আমি বিশ্বৰ একমাত্ৰ টেলিকম নেটৱৰ্ক বজাৰ।”

টেলিকম প্ৰযুক্তি উন্নয়ন পুঁজি (TTDF), প্ৰযুক্তি উন্নয়ন আৰু বিনিয়োগ প্ৰসাৰ (TDIP) আঁচনি তথা ১০০ ৫জি ইউজ কেছ লেবকে প্ৰমুখ্য কৰি থলুৱা টেলিকম উদ্ভাৱন বাতাবৰণক সুদৃঢ়কৰণৰ বাবে টেলিকমিউনিকেচন বিভাগে একাধিক পদক্ষেপ ৰূপায়ণ কৰি আছে। এই পদক্ষেপসমূহে গৱেষণা আৰু উন্নয়ন, বিশ্বব্যাপী প্ৰামাণীকৰণ, পণ্য বৈধকৰণ আৰু নিয়োগক সহায় কৰিছে। এই পদক্ষেপসমূহৰ পৰিপূৰক হিচাপে টেলিকমিউনিকেচন আইন, ২০২৩-এ কেপটিভ নন-পাব্লিক নেটৱৰ্ক (CNPN) আৰু ৰেগুলেটৰী ছেণ্ডবক্স কাঠামোৰ জৰিয়তে উদ্যোগ নেটৱৰ্ক আৰু উদ্ভাৱনী টেলিকম প্ৰযুক্তিৰ লাইভ পৰীক্ষণৰ বাবে এটি অনুকূল নীতিগত বাতাবৰণ প্ৰশস্ত কৰিছে।

এই প্ৰসংগত কনক্লেভত কেপটিভ টেলিকমিউনিকেচন সেৱা আৰু ৰেগুলেটৰী ছেণ্ডবক্স সন্দৰ্ভত সমৰ্পিত অধিবেশন অনুষ্ঠিত হয়। ইয়াত টেলিকমিউনিকেচন বিভাগৰ প্ৰতিনিধিসকলে অংশগ্ৰহণকাৰীসকলক প্ৰাসংগিক নিয়ন্ত্ৰণ কাঠামো আৰু ইয়াৰ বিধানসমূহৰ বিষয়ে অৱগত কৰে। এৰিক্সনে দুয়োটা বিষয়তে বিশ্বব্যাপী দৃষ্টিভংগী আৰু উদ্যোগৰ অভিজ্ঞতা ব্যক্ত কৰে। অধিবেশনসমূহে ব্যৱহাৰকাৰী সংস্থাসমূহ, উদ্যোগৰ প্ৰতিনিধি, ষ্টাৰ্টআপ আৰু আন-আন অংশীদাৰসকলৰ মাজত মত-বিনিময়ৰ বাবেও এখনি মঞ্চ প্ৰদান কৰে। ইয়াৰ ফলশ্ৰুতিত সম্ভাৱ্য প্ৰয়োগ, ৰূপায়ণৰ প্ৰয়োজনীয়তা আৰু এই কাঠামোসমূহৰ পৰা উদ্ভৱ হোৱা সুযোগসমূহৰ সন্দৰ্ভত মত-বিনিময় কাৰ্য্য প্ৰশস্ত হৈ উঠে।

এই কনক্লেভে বিকশিত ভাৰত@২০৪৭-ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি ষ্টাৰ্টআপ, এমএছএমই, শৈক্ষিক মহল, বিনিয়োগকাৰী আৰু উদ্যোগৰ মাজত সহযোগিতা স্থাপন কৰা, থলুৱা প্ৰযুক্তিগত সামৰ্থ্য শক্তিশালী কৰা আৰু উদ্ভাৱন তথা উদ্যমিতাৰ বাবে এক অনুকূল বাতাবৰণ সৃষ্টিৰ ক্ষেত্ৰত টেলিকমিউনিকেচন বিভাগৰ অংগীকাৰক পুনৰ সুদৃঢ় কৰে।

Follow DoT Handles for more: -

X - https://x.com/DoT_India

Insta- https://www.instagram.com/department_of_telecom?igsh=MXUxbHFjd3llZTU0YQ==

Fb - https://www.facebook.com/DoTIndia

Youtube: https://youtube.com/@departmentoftelecom?si=DALnhYkt89U5jAaa

 

****

PSF/ ARJ/SB


(ৰিলিজ আই ডি : 2342435) অতিথি কক্ষ : 4
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Marathi , हिन्दी , Gujarati , Kannada