পোষ্ট কৰা হৈছে:
26 NOV 2026 7:06PM by PIB Guwahati
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ২৭ নৱেম্বৰৰ পৰা ২ ডিচেম্বৰ, ২০২৬লৈ কেৰালাম, মিজোৰাম আৰু নাগালেণ্ড ভ্ৰমণ কৰিব।
২৭ নৱেম্বৰত ৰাষ্ট্ৰপতিগৰাকীয়ে কেৰালাৰ ভাডাক্কুমভাগম, কালাডীৰ থালায়াট্টুম্পিল্লীত থকা আদি শংকৰাচাৰ্যৰ জন্মস্থান পৰিদৰ্শন কৰিব। একেদিনাই তেওঁ কেৰালামৰ ত্ৰিছুৰস্থিত বৈদ্যৰত্নম আয়ুৰ্বেদ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনৰ সামৰণি অনুষ্ঠানতো অংশগ্ৰহণ কৰিব।
২৮ নৱেম্বৰত ৰাষ্ট্ৰপতিগৰাকীয়ে কেৰালামৰ এঝিমালাস্থিত ভাৰতীয় নৌসেনা একাডেমীৰ শৰৎকালীন স্নাতক কুচকাৱাজ, ২০২৬ অনুষ্ঠানত উপস্থিত থাকিব।
২৯ নৱেম্বৰত ৰাষ্ট্ৰপতিগৰাকীয়ে মিজোৰামৰ কেলচিহত থকা ৰোপুইলিয়ানি জনজাতীয় স্বাধীনতা সংগ্ৰামী সংগ্ৰহালয় পৰিদৰ্শন কৰিব।
৩০ নৱেম্বৰত ৰাষ্ট্ৰপতিগৰাকীয়ে আইজলত মিজোৰাম বিশ্ববিদ্যালয়ৰ ২১সংখ্যক দীক্ষান্ত সমাৰোহ আৰু বিশ্ববিদ্যালয়খনৰ ৰূপালী জয়ন্তী উদযাপনৰ সামৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
১ ডিচেম্বৰত ৰাষ্ট্ৰপতিয়ে নাগালেণ্ডৰ কিছামাত ২৭সংখ্যক হৰ্নবিল মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
*****
NKRM/SS/PRK/DB