57th International Film Festival of India 2026
20 – 28 Nov 2026

“এজনৰ বাবে অৱসৰ-বিনোদন, আনজনৰ বাবে আপোন ঘৰ”: আই এফ এফ আই ২০২৬-ত ‘এ ফিউ ডেইজ ইন দা ছান’ত দুখন পৃথক জগতৰ সংঘাত

মেক্সিকোৰ ৰিভিয়েৰা মায়াৰ এখন থ্ৰিলাৰত এই প্ৰশ্ন উত্থাপন কৰা হৈছে যে বিশেষাধিকাৰ আৰু জীয়াই থকাৰ সংগ্ৰামেনো কেনেকৈ মানুহক তেওঁলোকে ভবাতকৈও অধিক কাষ চপাই আনিব পাৰে

পোষ্ট কৰা হৈছে: 26 NOV 2026 5:48PMby PIB Guwahatiৰিলিজ আই ডি : 2342357Views: 8

 

গোৱাত অনুষ্ঠিত ৫৭ সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI)-ত আজি আয়োজিত এক সংবাদমেলত পৰিচালক মাউৰ' মুলাৰ, লেখক জ'ছে ডেভিড ফিগুৱেৰা গাৰ্চিয়া আৰু প্ৰযোজক লেছলি হ'লাৰানে চিনেমা অব দ্য ৱৰ্ল্ড (Cinema of the World) শাখাত প্ৰদৰ্শিত তেওঁলোকৰ দ্বিভাষিক ছবি এ ফিউ ডেইজ ইন দা ছান (A Few Days in the Sun)  সন্দৰ্ভত সাংবাদিকসকলৰে মত বিনিময় কৰে। অনুষ্ঠানটোৱে ছবিখনৰ নিৰ্মাণ আৰু সৃজনীশীল দৃষ্টিভংগীৰ এক আভাস দাঙি ধৰে।

 মেক্সিকোৰ ৰিভিয়েৰা মায়াত উন্নয়নৰ বাবে পৰিকল্পনা কৰা এডোখৰ ভূমিৰ পৰা এক স্থানীয় সম্প্ৰদায়ক উচ্ছেদ কৰিবলৈ এহাল ধনী ইউৰোপীয় দম্পতীয়ে অবৈধ পন্থা অৱলম্বন কৰে। ইফালে, এজন কিশোৰক কাৰাগাৰৰ পৰা বচাই ৰাখিবলৈ শ্ৰমিক শ্ৰেণীৰ মেক্সিকান পৰিয়াল এটাই এজন দুৰ্নীতিগ্ৰস্ত আৰক্ষী বিষয়াৰ সৈতে এক বিপজ্জনক বুজাবুজিত মিলিত হয়। যেতিয়া তেওঁলোকৰ বাট কটাকটি হয়, তেতিয়া দুয়োটা দম্পতীয়েই এক হিংসাত্মক অপহৰণ কাণ্ডত সাঙোৰ খায়, যিটো অনতি বিলম্বে নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি যায়। এক কঠোৰ পৰিৱেশত আবদ্ধ হৈ পৰি তেওঁলোকে নিজৰ কৰ্মৰ পৰিণামৰ সন্মুখীন হ'বলগীয়া হয় আৰু বিশেষাধিকাৰ তথা জীয়াই থকাৰ সংগ্ৰামে কেনেকৈ তেওঁলোকক ভবাতকৈও অধিক কাষ চপাই আনিব পাৰে, সেই কথা উপলব্ধি কৰে।

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/nov/WhatsAppImage2026-11-26at5.45.17PM_20261126175747_24fc8a.jpeg

এই ছবিখন হৈছে পাঁচখন দেশ(মেক্সিকো, ডমিনিকান ৰিপাব্লিক, জাৰ্মানী, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছুইজাৰলেণ্ড)-ৰ এক আন্তঃৰাষ্ট্ৰীয় সহ-প্ৰযোজনা, যিটো দুটা ভাষা(ইংৰাজী আৰু স্পেনিছ)-ত  নিৰ্মাণ কৰা হৈছে। ইয়াৰ মূলত এক সৰল ধাৰণা নিহিত হৈ আছে: এজনৰ বাবে অৱসৰ-বিনোদন আনজনৰ বাবে আপোন ঘৰ আৰু দৈনন্দিন জীৱন। এই দুখন পৃথক জগতৰ সংঘাত ঘটিলে কি হয়?

মুলাৰে কয় যে তেওঁৰ নিজৰ জীৱনৰ বহুখিনি কথাই কাহিনীটো আৰু ইয়াৰ দৃষ্টিভংগীক গঢ় দিছে। তেওঁ ছুইজাৰলেণ্ডত ডাঙৰ-দীঘল হৈছিল আৰু মেক্সিকো তথা আমেৰিকা যুক্তৰাষ্ট্ৰতো বাস কৰিছে। তেওঁ বিশ্বাস কৰে যে সহানুভূতি গঢ়ি তুলিবলৈ, জীয়াই থকাৰ কোনো একমাত্ৰ পদ্ধতি নাই বুলি শিকিবলৈ আৰু জীৱন-যাপনৰ কোনো পদ্ধতিয়েই আন এক পদ্ধতিতকৈ শ্ৰেষ্ঠ বা নিকৃষ্ট নহয় বুলি বুজিবলৈ বিভিন্ন দেশত ভ্ৰমণ কৰা আৰু বসবাস কৰাটো প্ৰয়োজনীয়। তেওঁ লগতে কয় যে ভাষা জনা আৰু ভ্ৰমণ কৰাৰ জৰিয়তে আমি বুজিব পাৰোঁ যে মানুহে কিয় ভিন্ন সিদ্ধান্ত লয়, আৰু তেওঁলোকৰ চাৰিওপাশে থকা ব্যৱস্থা তথা প্ৰতিষ্ঠানসমূহে কেনেকৈ সেই একেবোৰ সিদ্ধান্তৰ পৰিণামক গঢ় দিয়ে, তাক চিনাক্ত কৰিব পাৰোঁ।

আইএফএফআই (IFFI)-ৰ বাবে মুলাৰ কোনো অচিনাকি নাম নহয়। তেওঁৰ পূৰ্বৰ ছবি The Janitor (El Conserje) ২০২৫ চনৰ নৱেম্বৰত গোৱাত অনুষ্ঠিত ৫৬ সংখ্যক আইএফএফআই-ত বিশ্ব প্ৰিমিয়াৰ হৈছিল। গাৰ্চিয়াই সংস্কৃতি আৰু সামাজিক শ্ৰেণীৰ সংঘাতত গুৰুত্ব আৰোপ কৰে, যিটো বৈপৰীত্য ছবিখনে স্পষ্টভাৱে দাঙি ধৰিছে। তেওঁ আঙুলিয়াই দিয়ে যে একেধৰণৰ সিদ্ধান্ত লোৱা হ'লেও ধনী ইউৰোপীয় চৰিত্ৰসমূহে তেনে পৰিণামৰ সন্মুখীন নহয়, যিদৰে শ্ৰমিক শ্ৰেণীৰ দম্পতীটোৱে সন্মুখীন হৈছে, যাৰ জীৱন নাটকীয়ভাৱে সলনি হৈ যায়। হ'লাৰানেও ইয়াৰ প্ৰতিধ্বনি কৰি কয় যে এজন দুখীয়া মানুহৰ ক্ষেত্ৰত সামান্য ভুল এটায়ো সকলো শেষ কৰি পেলাব পাৰে। ছবিখনত বন্দী কৰি ৰখাসকল আৰু বন্দীসকল নিজেও এক প্ৰকাৰে নিজৰ পৰিস্থিতিৰ হাতত বন্দী।

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/nov/WhatsAppImage2026-11-26at5.45.43PM_20261126175833_eddc84.jpeg

গাৰ্চিয়াই সমাজৰ প্ৰতিটো স্তৰতে দুৰ্নীতি কেনেকৈ বিয়পি আছে সেই বিষয়েও অন্বেষণ কৰে। নিম্ন পৰ্যায়ত ই ঘোচখোৰৰ দৰে অধিক স্পষ্ট, আনহাতে ধনী দম্পতীটোৱে এটুকুৰা মাটিৰ পৰা এটা সম্প্ৰদায়ক অবৈধভাৱে স্থানান্তৰিত কৰাৰ প্ৰয়াসটো হ'ল ক্ষমতা আৰু ৰাজনীতিৰ সৈতে জড়িত এক উচ্চ পৰ্যায়ৰ দুৰ্নীতি, যাক সাধাৰণতে মানি লোৱা হয়। ছবিখনে দুয়োবিধ দুৰ্নীতিকে একেটা স্তৰত ৰাখিবলৈ প্ৰয়াস কৰিছে। মুলাৰ আৰু গাৰ্চিয়াই বিশ্বজুৰি বৃদ্ধি পোৱা অসমতা আৰু মানুহক তেওঁলোকৰ সামাজিক-অৰ্থনৈতিক শ্ৰেণী অনুসৰি কেনেকৈ শ্ৰেণীভুক্ত কৰা হয় সেই প্ৰসংগও উল্লেখ কৰে।

মুলাৰে কয় যে মানুহে কিয় নৈতিকভাৱে ধূসৰ সিদ্ধান্ত লয়, তাৰ প্ৰতি সহানুভূতি গঢ়ি তোলাই হৈছে ছবিখনৰ লক্ষ্য। কেৱল নাটকতকৈ অধিক নতুন আৰু বিস্তৃত পৰিসৰৰ দৰ্শকৰ ওচৰ চাপিবলৈ তেওঁ থ্ৰিলাৰ ধাৰাটো বাছি লৈছিল। তেওঁৰ মতে, ইয়াৰ ফলাফলস্বৰূপে এক "চৰিত্ৰ-কেন্দ্ৰিক থ্ৰিলাৰ"ৰ নিৰ্মাণ হৈছে, যিটো আৰ্ট-হাউছ আৰু বাণিজ্যিক চিনেমাৰ সীমাৰেখাত অৱস্থিত।

হ'লাৰানে ছবিখনক এক প্ৰকাৰে নাৰী-কেন্দ্ৰিক বুলি অভিহিত কৰে। দুয়োটা পৰিয়ালৰ মহিলাসকলে লোৱা সিদ্ধান্ত, তেওঁলোকে কেনেকৈ সেইবোৰ লয় আৰু কেনেকৈ ইগৰাকীয়ে সিগৰাকীৰ সৈতে সংযোগ স্থাপন কৰে, সেই কথাই কাহিনীটোক বহুখিনি আগুৱাই নিয়ে। গাৰ্চিয়াই লগতে কয় যে ভিন্ন শ্ৰেণীৰ সংঘাতৰ কাহিনী সকলোৰে বাবে প্ৰাসংগিক, কিয়নো আমি সকলোৱে নিজকে সমাজৰ কোনোবা নহয় কোনোবা শ্ৰেণীত স্থান দিওঁ। বিশেষাধিকাৰৰ পাৰ্থক্য স্বত্বেও দুয়োপক্ষকে একেধৰণৰ দ্বিধাৰ সন্মুখীন হোৱা দেখুৱাই ছবিখনে দৰ্শকসকলক আন শ্ৰেণীৰ লোকসকলক সমাজচ্যুত কৰাৰ পৰিৱৰ্তে বুজিবলৈ আহ্বান জনায়।

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/nov/WhatsAppImage2026-11-26at5.45.32PM_20261126175814_ef08a9.jpeg

হ'লাৰানে কয় যে যেতিয়া তেওঁ এনে কিবা দেখে যিটো তেওঁ আৱেগিকভাৱে চিনি পায় কিন্তু যাৰ তেওঁ অংশ নহয় আৰু সেই বিষয়ে জানিব বিচাৰে, তেতিয়াই তেওঁ প্ৰেৰণা লাভ কৰে। এটা সম্প্ৰদায়ত বাহিৰৰ লোকৰ প্ৰৱেশক লৈ ছবিখনৰ অন্বেষণ ইয়াৰ পৰাই আহিছে। তেওঁ ইমানবোৰ প্ৰযোজক দেশক লৈ নিৰ্মাণ প্ৰক্ৰিয়াটো পৰিচালনা কৰাৰ বিষয়েও অভিমত ব্যক্ত কৰে। তেওঁ কয় যে অচিনাকি ঠাই আৱিষ্কাৰ কৰা আৰু লেখক তথা পৰিচালকসকলৰ সৈতে সহযোগিতা কৰাটোৱেই প্ৰযোজনাৰ আটাইতকৈ ভাল দিশ, লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকসকলক লগ পোৱাটোও। তেওঁ মুম্বাইৰ প্ৰেমত পৰাৰ কথা কয় আৰু নিজৰ গৃহ চহৰ নিউয়ৰ্কৰ সৈতে ইয়াৰ বৈচিত্ৰ্য আৰু উচ্চলতাৰ তুলনা কৰে।

হ'লাৰানে লক্ষ্য কৰে যে বিশ্বজুৰি মানুহ সমতা, স্বীকৃতি আৰু প্ৰতিনিধিত্বৰ বাবে তৃষ্ণাতুৰ, আৰু আমি ন্যায় তথা ন্যায্যতাৰ পথলৈ ঘূৰি অহাৰ লগে লগে বৈচিত্ৰ্যৰ সৈতে সহজ হ'বলৈ চেষ্টা কৰি আছোঁ। চিনাকি গণ্ডীৰ বাহিৰলৈ গৈ ভ্ৰমণ কৰাৰ, নতুন ভাষা শুনাৰ আৰু এক নতুন সংস্কৃতিৰ সোৱাদ তথা গোন্ধ লোৱাৰ গুৰুত্বতো তেওঁ গুৰুত্ব দিয়ে। তেওঁ কয় যে মানুহে যদি অধিক ভ্ৰমণ কৰিব পাৰিলেহেঁতেন, তেন্তে পৃথিৱীখন আৰু অধিক সুন্দৰ হ'লহেঁতেন।

অনুষ্ঠানটো সঞ্চালনা কৰে শ্ৰী লভ জৈনে।

 

Read IFFILOID here: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1&reg=48

 

* * *

PIB IFFI Team | Rabeehashmi/ LekshmiPriya/ Anushka/ Darshana | IFFI 57 – 108/KB


Great films resonate through passionate voices. Share your love for cinema with #IFFI2026 and #StoriesWithoutBorders. Tag us @pibindia on Instagram and @PIB_India on X, and we will help amplify your festival moments!

For accredited journalists, critics, bloggers, and vloggers seeking 1-on-1 interviews with filmmakers and festival juries, write to us at:
iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


Official Release ID: 2342357
•
Media Centre: Goa
•
Festival Dates: Nov 20 – 28, 2026