প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

২১ নৱেম্বৰত প্ৰধানমন্ত্ৰীৰ বিহাৰ ভ্ৰমণ

বৈশালীত প্ৰায় ৩৪,৪৭০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰৰ নামত উৎসৰ্গা প্ৰধানমন্ত্ৰীৰ

পথ যোগাযোগ, শক্তি, নগৰীয়া আন্তঃগাঁথনি, জল সম্পদ, শিক্ষা, স্বাস্থ্যসেৱা আৰু পৰিবহণ ক্ষেত্ৰৰ বিভিন্ন প্ৰকল্প

প্ৰধানমন্ত্ৰীয়ে গংগা নদীৰ ওপৰৰ ছয়লেন কেবলযুক্ত নিতীশ সেতু ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব

উত্তৰ আৰু দক্ষিণ বিহাৰৰ মাজৰ যোগাযোগ শক্তিশালী কৰাৰ লগতে যানজঁট হ্ৰাস কৰাই এই সেতুৰ উদ্দ্যেশ

পিএমএৱাই(নগৰীয়া)ৰ ২৬,৯০০ৰো অধিক হিতাধিকাৰীৰ গৃহ প্ৰৱেশ অনুষ্ঠান

পোষ্ট কৰা হৈছে: 20 NOV 2026 4:19PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬  চনৰ ২১ নৱেম্বৰত বিহাৰ ভ্ৰমণ কৰিব। প্ৰায় ১.১৫ বজাত প্ৰধানমন্ত্ৰীয়ে বৈশালী জিলাৰ নিতীশ সেতু ভ্ৰমণ কৰিব। দিনৰ প্ৰায় ২ বজাত, তেওঁ বৈশালীত প্ৰায় ৩৪,৪৭০ কোটি টকা ব্যয়সাপেক্ষ ভালেমান উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। এই উপলক্ষে তেওঁ সমাৱেশকো সম্বোধন কৰিব।

পথ যোগাযোগ, শক্তি, নগৰীয়া আন্তঃগাঁথনি, জল সম্পদ, শিক্ষা, স্বাস্থ্যসেৱা, পৰিবহণ আৰু অন্যান্য গুৰুত্বপূৰ্ণ খণ্ডৰ এই প্ৰকল্পসমূহৰ লক্ষ্য হৈছে সমগ্ৰ ৰাজ্যখনৰ আন্তঃগাঁথনি শক্তিশালী কৰা আৰু ৰাজহুৱা সেৱা উন্নত কৰা।

প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৪,২৮০ কোটি টকা ব্যয়েৰে গংগা নদীৰ ওপৰত নিৰ্মিত কেবলযুক্ত নিতীশ সেতু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। ১৯.৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই প্ৰকল্পই পাটনা জিলাৰ ২২নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাচ্ছি দৰগাহক বৈশালী জিলাৰ ৩২২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিদুপুৰৰ সৈতে সংযোগ কৰিছে। ইয়াত এটা ৯.৭ কিলোমিটাৰৰ মূল দলং আৰু ১০ কিলোমিটাৰৰ প্ৰৱেশ পথ আছে।

 

এই সেতুখনে গংগা নদীৰ ওপৰেৰে এক গুৰুত্বপূৰ্ণ অতিৰিক্ত ক্ৰছিং প্ৰদান কৰিব, বৰ্তমানৰ মহাত্মা গান্ধী সেতু আৰু জে পি সেতুৰ ওপৰত যানজঁট হ্ৰাস কৰিব আৰু উত্তৰ আৰু দক্ষিণ বিহাৰৰ মাজৰ ভ্ৰমণৰ সময় হ্ৰাস কৰিব। ই পাটনাৰ লগতে স্বাস্থ্যসেৱা আৰু শিক্ষাৰ দৰে অত্যাৱশ্যকীয় সেৱাসমূহলৈ প্ৰৱেশাধিকাৰ উন্নত কৰি ৰাঘ’পুৰ দিয়াৰাৰ বাসিন্দাসকলক বিশেষভাৱে উপকৃত কৰিব। এই প্ৰকল্পটোৱে কৃষিজাত সামগ্ৰী আৰু ঔদ্যোগিক সামগ্ৰীৰ পৰিবহনৰ সুবিধা প্ৰদান কৰিব, বজাৰলৈ প্ৰৱেশাধিকাৰ উন্নত কৰিব আৰু সমগ্ৰ অঞ্চলটোত বাণিজ্য তথা ব্যৱসায়ৰ প্ৰসাৰ ঘটাব, যিয়ে বিহাৰৰ অৰ্থনৈতিক উন্নয়নত অৰিহণা যোগাব।

প্ৰধানমন্ত্ৰীয়ে ১৫,৬০০ কোটি টকাতকৈও অধিক মূল্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি আৰু উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব। প্ৰধান পথ প্ৰকল্পসমূহৰ ভিতৰত আছে ১৯ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ঔৰংগবাদ-চোৰদাহা শাখাৰ ছয়লেনযুক্তকৰণ,২২৭এফ-নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ চোৰমা-বৈৰগনিয়া শাখা আৰু ৩২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উমাগাঁও-চহৰছা শাখা।

শক্তি খণ্ডত, প্ৰধানমন্ত্ৰীয়ে শক্তি বিভাগৰ অধীনত বিদ্যুৎ বিতৰণ আৰু সঞ্চালন আন্তঃগাঁথনি প্ৰকল্পৰ লগতে ১,৩২০ মেগাৱাট শক্তিসম্পন্ন বক্সৰ তাপ বিদ্যুৎ প্ৰকল্পৰ ইউনিট ২ (৬৬০ মেগাৱাট) উদ্বোধন কৰিব। ইয়াৰ ভিতৰত আছে ১,১৩০ কোটি টকাতকৈও অধিক মূল্যৰ আৰ ডি এছ এছ লোকচান হ্ৰাসৰ কাম। উদ্বোধন কৰিবলগীয়া আন প্ৰকল্পসমূহৰ ভিতৰত আছে খাল আৰু বান্ধৰ পুনৰ নিৰ্মাণ আৰু শক্তিশালীকৰণ, নৱাদাৰ ফুলৱাৰিয়া বান্ধত এটা ভাসমান সৌৰ প্ৰকল্প আৰু কাহলগাঁৱত নৰ্দমাৰ আন্তঃগাঁথনি প্ৰকল্প। প্ৰধানমন্ত্ৰীয়ে শিক্ষা প্ৰতিষ্ঠান, আৱাসিক বিদ্যালয়, স্বাস্থ্য সেৱা, কৃষি, ক্ৰীড়া আৰু ৰাজহুৱা প্ৰশাসনৰ বাবে ভৱন আৰু বিভিন্ন সেৱাও মুকলি কৰিব। এই প্ৰকল্পসমূহে উন্নত জলসিঞ্চন, নগৰীয়া সেৱা আৰু অত্যাৱশ্যকীয় সেৱাৰ সুবিধা লাভৰ ক্ষেত্ৰত অৰিহণা যোগাব।

প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১৪,৪৫০ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে ৩,৮০০ কোটি টকাতকৈও অধিক ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া ১৩৯ ডব্লিউ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ চাহাবগঞ্জ-আৰেৰাজ-বেতিয়াহ অংশৰ চাৰিলেনযুক্তকৰণ আৰু প্ৰায় ৮৩৩ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা পিৰপাইণ্টি ছুপাৰ তাপ বিদ্যুৎ প্ৰকল্পৰ (৩x ৮০০ মেগাৱাট) বিদ্যুৎ নিষ্কাশন প্ৰকল্প।

প্ৰধানমন্ত্ৰীয়ে লগতে বেগুচৰাই, বিহাৰশ্বৰীফ, পূৰ্ণিয়া, হাজিপুৰ, মোতিহাৰী, দানাপুৰ, খাগড়িয়া, সমস্তিপুৰ, বোধগয়া, সীতামৰহি, চহৰছা আৰু অন্যান্য নগৰ অঞ্চলত নলা-নৰ্দমা আৰু পানী যোগান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। অন্যান্য প্ৰকল্পসমূহৰ ভিতৰত আছে খাল ব্যৱস্থাৰ আধুনিকীকৰণ, ড০ ভীমৰাও আম্বেদকাৰ আৱাসিক বিদ্যালয়, আই আই টি পাটনা গৱেষণা উদ্যান আৰু ছাত্রাবাস, অভিযান্ত্ৰিক আৰু পলিটেকনিক প্ৰতিষ্ঠান, জৰুৰীকালীন সঁহাৰি আৰু আৰক্ষী তথ্য কেন্দ্ৰৰ আন্তঃগাঁথনি আদি।

 

প্ৰধানমন্ত্ৰীয়ে পতাকা জোকাৰি ১০০খন পিএম-ই-বাছৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব, যিয়ে ৰাজ্যখনত পৰিষ্কাৰ ৰাজহুৱা পৰিবহণ ব্যৱস্থাক অধিক উৎসাহ যোগাব। প্ৰধানমন্ত্ৰী আৱাস যোজনা (নগৰীয়া)ৰ অধীনত ২৬,৯০০ ৰো অধিক হিতাধিকাৰীৰ গৃহপ্ৰৱেশ কাৰ্যসূচীও অনুষ্ঠিত হ’ব, যি নগৰীয়া পৰিয়ালক আৱাস প্ৰদানৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে।

******

 

MJPS/SS/VJ/NB


 


(ৰিলিজ আই ডি : 2341872) অতিথি কক্ষ : 14