পোষ্ট কৰা হৈছে:
20 NOV 2026 4:18PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ২১ নৱেম্বৰত পশ্চিম বংগ আৰু উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব। পুৱা ৯.৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে আই আই টি খড়গপুৰৰ প্লেটিনাম জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই উপলক্ষে তেওঁ সমাৱেশকো সম্বোধন কৰিব। তাৰ পিছত তেওঁ বৈশালীত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰাৰ উদ্দেশ্যে বিহাৰ ভ্ৰমণ কৰিব। ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশলৈ যাব। সন্ধিয়া প্ৰায় ৫.৩০ বজাত প্ৰধানমন্ত্ৰীয়ে লক্ষ্ণৌৰ গোমতী নগৰৰ ইন্দিৰা গান্ধী প্ৰতিষ্ঠানত আয়োজিত পঞ্চম কৌশল দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰিব। এই উপলক্ষে তেওঁ সমাৱেশকো সম্বোধন কৰিব।
খড়গপুৰত প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰীয়ে আই আই টি খড়াগপুৰৰ প্লেটিনাম জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। তেওঁ আই আই টি খড়গপুৰৰ ৭৫ বছৰীয়া যাত্ৰাৰ সৈতে সংগতি ৰাখি প্ৰতিষ্ঠানখনৰ ৭৫ গৰাকী শিক্ষাৰ্থীৰ সৈতেও মত বিনিময় কৰিব।
১৯৫১ চনত স্থাপিত আই আই টি খড়গপুৰ হৈছে দেশৰ প্ৰথমখন ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান। ৰাষ্ট্ৰীয় গুৰুত্বৰ প্ৰতিষ্ঠান হিচাপে স্বীকৃতি লাভ কৰা এই প্ৰতিষ্ঠানখনে ভাৰতত কাৰিকৰী শিক্ষা, গৱেষণা আৰু উদ্ভাৱনৰ অগ্ৰগতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
লক্ষ্ণৌত প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰীয়ে পঞ্চম কৌশল দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰিব। ২০২১-২২ শৈক্ষিক বৰ্ষত শুভাৰম্ভ হোৱা এই কৌশল দীক্ষান্ত সমাৰোহে দক্ষতা বিকাশৰ উৎকৃষ্টতাক স্বীকৃতি প্ৰদানৰ লগতে প্ৰশিক্ষণৰ পৰা কৰ্ম জগতলৈ দক্ষ যুৱক-যুৱতীসকলৰ পৰিৱৰ্তনক উদযাপনৰ বাবে এখন বাৰ্ষিক ৰাষ্ট্ৰীয় মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰিছে। আৰম্ভণিৰে পৰা, এই কাৰ্যসূচীয়ে বৃত্তিমূলক শিক্ষা আৰু দক্ষ কেৰিয়াৰ, কৃতিত্ব আৰু আকাংক্ষাৰ সংস্কৃতি গঢ়ি তোলা, দক্ষতা বিকাশ পৰিৱেশতন্ত্ৰৰ পৰা সৰ্বভাৰতীয় পৰ্যায়ত শীৰ্ষ স্থান লাভ কৰা আৰু বিশেষ কৃতিত্বকাৰীসকলক সন্মানিত কৰি আহিছে।
এই বছৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান (আই টি আই), ৰাষ্ট্ৰীয় দক্ষতা প্ৰশিক্ষণ প্ৰতিষ্ঠান (এন এছ টি আই) আৰু প্ৰশিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠান (আই টি অ’ টি)ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ শীৰ্ষৰ ৫২গৰাকী শিক্ষাৰ্থীক তেওঁলোকৰ অসাধাৰণ সাফল্যৰ বাবে সম্বৰ্ধনা জনোৱা হ’ব।
*******
MJPS/SS/VJ/NB