পানাজীত চলি থকা ৫৭সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (আই এফ এফ আই) চলচ্চিত্ৰ উপভোগৰ অভিজ্ঞতা কেৱল ৰূপালী পৰ্দাৰ মাজতে সীমাবদ্ধ হৈ থকা নাই।আই এফ এফ আইৰ প্ৰাংগণ ক্ৰমে সৃষ্টিশীল প্ৰতিষ্ঠান, সাংস্কৃতিক পদক্ষেপ, আঞ্চলিক খাদ্যসম্ভাৰ, স্থানীয় সামগ্ৰী, স্মাৰক সামগ্ৰী আৰু সকলোৰে বাবে সহজে ব্যৱহাৰৰ উপযোগী ব্যৱস্থাৰ সজীৱ মিলনস্থলীত পৰিণত হৈছে।এই বিবিধ আয়োজনসমূহে প্ৰতিনিধি, চলচ্চিত্ৰ নিৰ্মাতা, শিক্ষাৰ্থী আৰু দৰ্শনাৰ্থীসকলক ভাৰতৰ সমৃদ্ধ সৃষ্টিশীল আৰু সাংস্কৃতিক পৰিৱেশৰ সৈতে পৰিচিত হোৱাৰ লগতে তাত অংশগ্ৰহণৰ সুযোগ প্ৰদান কৰিছে।

সহজ ব্যৱহাৰৰ উপযোগিতা আৰু অন্তৰ্ভুক্তিৰ পদক্ষেপ
মহোৎসৱৰ প্ৰাংগণৰ এটা উল্লেখযোগ্য আকৰ্ষণ হৈছে ‘স্বয়ম’ নামৰ সংস্থাটোৰ সজাগতা সৃষ্টিৰ পদক্ষেপ। চলাচলৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হোৱা লোকসকলৰ মৰ্যাদা আৰু সহজ চলাচলৰ অধিকাৰ নিশ্চিত কৰাৰ বাবে সংস্থাটোৱে কাম কৰি আহিছে।
দ্বিতীয়বাৰৰ বাবে আই এফ এফ আইত অংশগ্ৰহণ কৰা ‘স্বয়ম’-এ সকলোৰে বাবে সহজে ব্যৱহাৰৰ উপযোগী ৰাজহুৱা স্থানৰ প্ৰয়োজনীয়তা তথা সাংস্কৃতিক তথা সামাজিক কাৰ্যকলাপত বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ অংশগ্ৰহণৰ বিষয়টো গুৰুত্ব সহকাৰে দাঙি ধৰিছে।
এই পদক্ষেপে মহোৎসৱৰ প্ৰাংগণত গ্ৰহণ কৰা সহজ ব্যৱহাৰৰ উপযোগী ব্যৱস্থাসমূহক অধিক শক্তিশালী কৰিছে। ইয়াৰ জৰিয়তে সাংস্কৃতিক অভিজ্ঞতা যাতে সকলোৰে বাবে সুলভ আৰু আদৰণীয় হৈ উঠে, সেই গুৰুত্ব পুনৰ প্ৰতিফলিত হৈছে।
ভাৰতৰ সৃষ্টিশীল তথা শৈক্ষিক পৰিৱেশৰ প্ৰদৰ্শন
মহোৎসৱৰ প্ৰাংগণত সৃষ্টিশীল প্ৰযুক্তি, চলচ্চিত্ৰ, পৰিৱেশ্য কলা আৰু নক্সা প্ৰস্তুতৰ ক্ষেত্ৰত কাম কৰা বিভিন্ন প্ৰতিষ্ঠানেও নিজৰ পদক্ষেপসমূহ প্ৰদৰ্শন কৰাৰ লগতে দৰ্শনাৰ্থীৰ সৈতে মত বিনিময়ৰ সুযোগ লাভ কৰিছে।
মুম্বাইস্থিত ভাৰতীয় সৃষ্টিশীল প্ৰযুক্তি প্ৰতিষ্ঠান (আই আই চি টি) হৈছে এনিমেশ্যন, দৃশ্য প্ৰভাৱ, খেল, কমিকছ আৰু সম্প্ৰসাৰিত বাস্তৱতা (এ ভি জি চি-এক্স আৰ)ৰ ক্ষেত্ৰত ভাৰতৰ ৰাষ্ট্ৰীয় উৎকৰ্ষ কেন্দ্ৰ।
এই প্ৰতিষ্ঠানটোৱে এনিমেশ্যনৰ চৰিত্ৰ নিৰ্মাণৰ প্ৰতিযোগিতাৰ জৰিয়তে দৰ্শনাৰ্থীসকলক আকৰ্ষিত কৰিছে। প্ৰতিষ্ঠানটোৰ স্মাৰক সামগ্ৰীৰ প্ৰদৰ্শনীয়ে সৃষ্টিশীল প্ৰযুক্তিৰ ক্ষেত্ৰখনৰ সম্ভাৱনা আৰু ক্ৰমবৰ্ধমান সুযোগসমূহৰ বিষয়েও দৰ্শনাৰ্থীসকলক অৱগত কৰিছে।

প্ৰকাশন বিভাগৰ সঞ্চালকালয়ে ভাৰতীয় চলচ্চিত্ৰকলৈ প্ৰকাশ কৰা বিভিন্ন গ্ৰন্থৰ লগতে গান্ধীবাদী চিন্তাধাৰাক লৈ প্ৰকাশ কৰা নিজৰ বিশেষ গ্ৰন্থ সম্ভাৰো প্ৰদৰ্শন কৰা হৈছে।
নিৰ্বাচিত কেতবোৰ গ্ৰন্থত বিশেষ ৰেহাইৰ ব্যৱস্থা ৰখাৰ ফলত দৰ্শনাৰ্থীসকলৰ মাজত গ্ৰন্থসমূহৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাইছে।
চেন্নাইৰ এছ এ ফিল্ম একাডেমী, হাৰিয়ানাৰ ৰোহটকস্থিত দাদা লক্ষ্মীচান্দ ৰাজ্যিক পৰিৱেশ্য কলা বিশ্ববিদ্যালয় আৰু জে ডি ফেশ্বন প্ৰযুক্তি প্ৰতিষ্ঠানৰ অংশগ্ৰহণেও ভাৰতৰ সম্প্ৰসাৰিত সংবাদ মাধ্যম, মনোৰঞ্জন আৰু সৃষ্টিশীল উদ্যোগসমূহলৈ অৰিহণা যোগোৱা শৈক্ষিক তথা পেছাগত ক্ষেত্ৰসমূহৰ ব্যাপকতা প্ৰতিফলিত কৰিছে।

আঞ্চলিক বৈচিত্ৰ্যৰ সোৱাদ
মহোৎসৱৰ প্ৰাংগণত স্থাপন কৰা খাদ্যৰ বিপণীসমূহেও এই আয়োজনত নতুন মাত্ৰা সংযোজন কৰিছে। ইয়াত পৰম্পৰাগত নগা খাদ্যৰ পৰা আৰম্ভ কৰি বিৰিয়ানী, দোছা, কফি আৰু বেকাৰীৰ বিভিন্ন সামগ্ৰীলৈকে নানা ধৰণৰ খাদ্যৰ সম্ভাৰ উপলব্ধ হৈছে।
গোৱাৰ নিজস্ব বৈশিষ্ট্য সংযোজন কৰি গোৱা বন উন্নয়ন নিগম লিমিটেডে স্থানীয়ভাৱে সংগ্ৰহ কৰা কাজুবাদাম প্ৰদৰ্শন কৰিছে। ইয়াৰ জৰিয়তে অঞ্চলটোৰ থলুৱা উৎপাদিত সামগ্ৰীৰ বিশেষত্বক উজ্জ্বল ৰূপত দাঙি ধৰা হৈছে।স্মাৰক সামগ্ৰীৰ বিপণীসমূহত দৰ্শনাৰ্থীসকলৰ বাবে মহোৎসৱৰ স্মৃতিচিহ্ন আৰু বিভিন্ন সৃষ্টিশীল সামগ্ৰী ৰখা হৈছে।
পুনেস্থিত ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানে (এফ টি আই আই) বিভিন্ন সাজ-পোছাক আৰু আনুষংগিক সামগ্ৰী প্ৰদৰ্শন কৰাৰ বিপৰীতে গোৱা মনোৰঞ্জন সমিতিয়েও নিজৰ স্মাৰক সামগ্ৰীৰ সংগ্ৰহ প্ৰদৰ্শন কৰিছে।
পৰ্দাৰ বাহিৰতো মনোৰঞ্জনৰ আয়োজন
চলচ্চিত্ৰ মহোৎসৱৰ অভিজ্ঞতাক ডিজিটেল আৰু সম্প্ৰচাৰ মাধ্যমৰ জগতলৈ সম্প্ৰসাৰিত কৰি প্ৰাইম ভিডিঅ’, ষ্ট’ৰী টিভি এপ আৰু বিগ এফ এমেও নিজ নিজ বিপণীৰ জৰিয়তে অংশগ্ৰহণ কৰিছে।
এই বিপণীসমূহে দৰ্শনাৰ্থীসকলক ক্ৰমবিকাশমান সংবাদ মাধ্যম আৰু মনোৰঞ্জন জগতৰ বিভিন্ন ধৰণৰ অনুষ্ঠান, বিষয়বস্তু আৰু মঞ্চৰ সৈতে পৰিচিত হোৱাৰ সুযোগ প্ৰদান কৰিছে।
বিপণী পৰিচালকসকলে তেওঁলোকক মহোৎসৱত অংশগ্ৰহণৰ ব্যৱস্থা কৰি দিয়াৰ বাবে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, গোৱা মনোৰঞ্জন সমিতি আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমে আগবঢ়োৱা সহযোগিতাৰ শলাগ লৈছে।
সৃষ্টিশীল প্ৰতিষ্ঠান, আঞ্চলিক খাদ্যসম্ভাৰ, স্থানীয় উৎপাদিত সামগ্ৰী, মনোৰঞ্জনৰ বিভিন্ন মঞ্চ আৰু সকলোৰে বাবে সহজ ব্যৱহাৰৰ উপযোগী ব্যৱস্থাৰ সমাহাৰেৰে আই এফ এফ আইৰ প্ৰাংগণ দৰ্শনাৰ্থীসকলৰ বাবে ভাৰতৰ সাংস্কৃতিক আৰু সৃষ্টিশীল পৰিৱেশৰ বিভিন্ন দিশ আৱিষ্কাৰ, মত বিনিময় আৰু অভিজ্ঞতা আহৰণৰ এখন বিশেষ ক্ষেত্ৰ হৈ পৰিছে।

Read IFFILOID here: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1®=48
* * *
PIB IFFI Team | Rabeehashmi/ Supriya/ LekshmiPriya/ Andrew/ Darshana/DM | IFFI 57 - 103