উপ-ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

উপ-ৰাষ্ট্ৰপতিয়ে যৱতমলত প্ৰয়াত শ্ৰী জৱাহৰলাল দাৰ্দাৰ পূর্ণাৱয়ব ব্ৰঞ্জৰ প্ৰতিমূৰ্তি উন্মোচন কৰে

প্ৰয়াত শ্ৰী জৱাহৰলাল দাৰ্দাই মহাৰাষ্ট্ৰৰ ঔদ্যোগিক বিকাশ আৰু জনকল্যাণৰ ক্ষেত্ৰত চিৰযুগমীয়া অৱদান আগবঢ়াই গৈছে: উপ-ৰাষ্ট্ৰপতি

শিৱাজী মহাৰাজে ৰাষ্ট্ৰীয় আত্মসন্মান পুনৰুদ্ধাৰ কৰিছিল, ড° আম্বেদকাৰে ভাৰতক সংবিধান দিছিল আৰু তিলকে দেশপ্ৰেমৰ জাগৰণ আনিছিল: উপ-ৰাষ্ট্ৰপতি

গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰা আৰু কৃষকসকলক সবল কৰি তোলাৰ ক্ষেত্ৰত সমবায় প্ৰতিষ্ঠানসমূহে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে: উপ-ৰাষ্ট্ৰপতি

পোষ্ট কৰা হৈছে: 25 NOV 2026 5:42PM by PIB Guwahati

ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী চিপি ৰাধাকৃষ্ণণে আজি মহাৰাষ্ট্ৰৰ যৱতমলস্থিত প্ৰিয়দৰ্শিনী সহকাৰী সূত গিৰণিত স্বাধীনতা সংগ্ৰামী, ৰাজনীতিবিদ, সাংবাদিক তথা লোকমত মিডিয়া গ্ৰুপৰ প্ৰতিষ্ঠাপক প্ৰয়াত শ্ৰী জৱাহৰলাল দাৰ্দাৰ পূর্ণাৱয়ব ব্ৰঞ্জৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। ইয়াৰ পূৰ্বে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে যৱতমলৰ প্ৰেৰণা স্থল পৰিদৰ্শন কৰি প্ৰয়াত শ্ৰী জৱাহৰলাল দাৰ্দালৈ পুষ্পাঞ্জলি অৰ্পণ কৰে। শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে বাবুজীৰ জীৱনক দেশপ্ৰেম, জনসেৱা আৰু সমাজৰ প্ৰতি থকা দায়বদ্ধতাৰ এক অসাধাৰণ যাত্ৰা বুলি অভিহিত কৰে। ভাৰতৰ স্বাধীনতা সংগ্ৰামত, বিশেষকৈ ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত তেওঁ আগবঢ়োৱা অৱদানৰ কথা স্মৰণ কৰি তেওঁ কয় যে স্বাধীনতাৰ পিছতো বাবুজীয়ে এগৰাকী ৰাজনীতিবিদ, জনপ্ৰতিনিধি, মন্ত্ৰী আৰু সাংবাদিক হিচাপে দেশৰ সেৱা অব্যাহত ৰাখিছিল। তেওঁ মহাৰাষ্ট্ৰৰ বিকাশ, ৰাষ্ট্ৰীয় ঐক্য আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ ক্ষেত্ৰত বাবুজীয়ে আগবঢ়োৱা অৱদানৰ ওপৰতো আলোকপাত কৰে।

উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে যে প্ৰয়াত শ্ৰী দাৰ্দাই উদ্যোগ, শক্তি, গৃহ নিৰ্মাণ, শিক্ষা, স্বাস্থ্যসেৱা, কৃষি আৰু সমবায়কে ধৰি কেইবাটাও খণ্ডত উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। তেওঁ বিশেষকৈ ১৯৯৩ চনৰ ঐতিহাসিক ঔদ্যোগিক নীতিৰ কথা স্মৰণ কৰে, যিয়ে মহাৰাষ্ট্ৰৰ বিভিন্ন অঞ্চলত সুষম ঔদ্যোগিক বিকাশক ত্বৰান্বিত কৰিছিল। তেওঁ লগতে যৱতমলত চৰকাৰী চিকিৎসা মহাবিদ্যালয় স্থাপনৰ ক্ষেত্ৰত বাবুজীৰ অৱদানৰ কথা উল্লেখ কৰে, যিয়ে প্ৰতিটো অঞ্চললৈ উন্নয়নৰ সুযোগ সম্প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত তেওঁৰ দায়বদ্ধতাকে প্ৰতিফলিত কৰে।

বাবুজীৰ গ্ৰাম্য উন্নয়নৰ দৃষ্টিভংগীৰ ওপৰত আলোকপাত কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে প্ৰিয়দৰ্শিনী সহকাৰী সূত গিৰণিয়ে কপাহ খেতি, বস্ত্ৰ উৎপাদন, কৰ্মসংস্থাপন সৃষ্টি আৰু গ্ৰাম্য সমৃদ্ধিৰ মাজৰ গুৰুত্বপূৰ্ণ সম্পৰ্কক সুন্দৰকৈ প্ৰতিফলিত কৰিছে। আৰ্থিক সংকটৰ পৰা প্ৰতিষ্ঠানটোক পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত কৃষক, সমবায়ৰ সদস্য, পৰিচালনা সমিতি আৰু শ্ৰমিকসকলে আগবঢ়োৱা সামূহিক প্ৰচেষ্টাৰ তেওঁ শলাগ লয়। তেওঁ দৃঢ়তাৰে কয় যে গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰা আৰু কৃষকসকলক সবল কৰি তোলাৰ ক্ষেত্ৰত সমবায় প্ৰতিষ্ঠানসমূহৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে।

বস্ত্ৰ খণ্ডৰ সৈতে থকা নিজৰ জড়িততাৰ কথা উল্লেখ কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কৰ্মসংস্থাপন সৃষ্টি আৰু অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত এই খণ্ডটোৰ অপৰিসীম সম্ভাৱনাৰ ওপৰত আলোকপাত কৰে। ভাৰতৰ বৰ্ধিত আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক সুযোগৰ প্ৰসংগ উল্লেখ কৰি তেওঁ বস্ত্ৰ ৰপ্তানিৰ ভৱিষ্যতক লৈ আশাবাদ ব্যক্ত কৰে আৰু খণ্ডটোৰ প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি কৰিবলৈ মিল, যন্ত্ৰপাতি, বয়ন, ৰং কৰা আৰু ছপা কৰা সুবিধাসমূহৰ আধুনিকীকৰণৰ বাবে আহ্বান জনায়।

উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ছত্ৰপতি শিৱাজী মহাৰাজ, ড° বিআৰ আম্বেদকাৰ আৰু লোকমান্য বাল গংগাধৰ তিলকৰ দৰে মহান ব্যক্তিসকলৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰীয় জীৱনলৈ মহাৰাষ্ট্ৰই আগবঢ়োৱা বিশিষ্ট অৱদানৰ কথাও স্মৰণ কৰে। তেওঁ কয় যে ৰাষ্ট্ৰীয় আত্মসন্মান, সাংবিধানিক মূল্যবোধ আৰু দেশপ্ৰেমৰ ভাৱনালৈ তেওঁলোকে আগবঢ়োৱা অৱদানে আজিও দেশবাসীক অনুপ্ৰাণিত কৰি আহিছে।

বাবুজীৰ আদৰ্শৰ প্ৰতি নতুনকৈ দায়বদ্ধ হ’বলৈ আহ্বান জনাই উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে সকলো অংশীদাৰক সমবায় আন্দোলন শক্তিশালী কৰিবলৈ, কৃষকসকলক সবল কৰিবলৈ আৰু গ্ৰাম্য ভাৰতত অৰ্থপূৰ্ণ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিবলৈ অনুৰোধ জনায়। তেওঁ কয় যে প্ৰয়াত শ্ৰী জৱাহৰলাল দাৰ্দাৰ আদৰ্শই সৰ্বাংগীণ বিকাশৰ দিশত সামূহিক প্ৰচেষ্টাক নিৰন্তৰ অনুপ্ৰাণিত কৰি ৰাখিব লাগে।

এই অনুষ্ঠানত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী জিষ্ণু দেৱ বৰ্মা; মহাৰাষ্ট্ৰৰ বস্ত্ৰ, উচ্চ আৰু কাৰিকৰী শিক্ষা মন্ত্ৰী শ্ৰী চন্দ্ৰকান্ত পাটিল; মহাৰাষ্ট্ৰৰ ভূমি আৰু জল সংৰক্ষণ মন্ত্ৰী শ্ৰী সঞ্জয় ৰাথোৰ; লোকমত মিডিয়া গ্ৰুপৰ অধ্যক্ষ তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ড° বিজয় দাৰ্দা; প্ৰাক্তন কেবিনেট মন্ত্ৰী তথা লোকমত মিডিয়া গ্ৰুপৰ মুখ্য সম্পাদক শ্ৰী ৰাজেন্দ্ৰ দাৰ্দা; প্ৰিয়দৰ্শিনী কো-অপাৰেটিভ স্পিনিং মিল লিমিটেডৰ উপাধ্যক্ষ শ্ৰী কীৰ্তি গান্ধী; দাৰ্দা পৰিয়ালৰ সদস্যসকল, সমবায় খণ্ডৰ প্ৰতিনিধি, কৃষক, শ্ৰমিক আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে।

PR/ASM/VMJ/MM


(ৰিলিজ আই ডি : 2341663) অতিথি কক্ষ : 8
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Marathi , Gujarati , Tamil , Malayalam