উপ-ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

উপ-ৰাষ্ট্ৰপতিয়ে নাগপুৰত নাৰী সৱলীকৰণ বিষয়ক ‘স্বয়ংসিদ্ধা ৰাষ্ট্ৰীয় সন্মিলন ২০২৬’ উদ্বোধন কৰে

নাৰীৰ প্ৰতি সন্মান আৰু তেওঁলোকৰ নেতৃত্ব ভাৰতীয় সভ্যতাৰ শিপাত গভীৰভাৱে প্ৰোথিত হৈ আছে: উপ-ৰাষ্ট্ৰপতি

নাৰী সৱলীকৰণ চৰকাৰ, বিশ্ববিদ্যালয় আৰু সমাজৰ এক সামূহিক দায়িত্ব: উপ-ৰাষ্ট্ৰপতি

নাৰী সৱলীকৰণ কেৱল শিক্ষাৰ মাজতে সীমাবদ্ধ নাথাকি নেতৃত্বৰ পৰ্যায়লৈ আগবাঢ়িব লাগিব: উপ-ৰাষ্ট্ৰপতি

পোষ্ট কৰা হৈছে: 25 NOV 2026 3:37PM by PIB Guwahati

ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী চিপি ৰাধাকৃষ্ণণে আজি মহাৰাষ্ট্ৰৰ নাগপুৰস্থিত ৰাষ্ট্ৰসন্ত টুকাদোজী মহাৰাজ নাগপুৰ বিশ্ববিদ্যালয়ৰ স্বয়ংসিদ্ধা কেন্দ্ৰৰ উদ্যোগত আয়োজিত “বিজয়া – শিক্ষাৰ জৰিয়তে সৱলীকৰণৰ এক যাত্ৰা” শীৰ্ষক বিষয়বস্তুৰে নাৰী সৱলীকৰণ বিষয়ক ‘স্বয়ংসিদ্ধা ৰাষ্ট্ৰীয় সন্মিলন ২০২৬’ উদ্বোধন কৰে।

সমবেত ৰাইজক সম্বোধন কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সময়ছোৱাত ‘স্বয়ংসিদ্ধা’ কাৰ্যসূচী আৰম্ভ কৰাৰ কথা স্মৰণ কৰে আৰু বৰ্তমানৰ ৰাজ্যপাল শ্ৰী জিষ্ণু দেৱ বৰ্মাৰ নেতৃত্বত মহাৰাষ্ট্ৰৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ অংশগ্ৰহণেৰে ইয়াৰ নিৰন্তৰ সম্প্ৰসাৰণৰ শলাগ লয়। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে বিশ্ববিদ্যালয়সমূহে কেৱল শৈক্ষিক অৰ্হতা প্ৰদান কৰাতেই সীমাবদ্ধ নাথাকি দক্ষতা, অৰ্থনৈতিক স্বাধীনতা, আত্মবিশ্বাস আৰু নেতৃত্বৰ বিকাশ ঘটাই নাৰী সৱলীকৰণত সক্ৰিয়ভাৱে অৰিহণা যোগাব লাগিব।

উচ্চ শিক্ষাত মহিলাৰ বৰ্ধিত অংশগ্ৰহণৰ ওপৰত আলোকপাত কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে লক্ষ্য কৰে যে সমগ্ৰ দেশৰ দীক্ষান্ত সমাৰোহসমূহত স্বৰ্ণ পদক বিজয়ীসকলৰ মাজত ছাত্ৰীসকলৰ সংখ্যা ছাত্ৰসকলতকৈ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। সৰ্বভাৰতীয় উচ্চ শিক্ষা সমীক্ষাৰ উদ্ধৃতি দি তেওঁ উল্লেখ কৰে যে বিগত দশকটোত উচ্চ শিক্ষাত মহিলাৰ মুঠ নামভৰ্তিৰ অনুপাত উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে। তেওঁ কয় যে এই অগ্ৰগতিয়ে মহিলাসকলৰ বাবে সম্প্ৰসাৰিত হোৱা সুযোগ-সুবিধা আৰু মহিলাৰ উন্নয়নৰ পৰা মহিলাৰ নেতৃত্বত উন্নয়নৰ দিশে দেশৰ যাত্ৰাক প্ৰতিফলিত কৰিছে।

আগন্তুক সংবিধান দিৱসৰ প্ৰসংগ উল্লেখ কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতীয় সংবিধান প্ৰণয়নত সংবিধান সভাৰ ১৫ গৰাকী মহিলা সদস্যাই আগবঢ়োৱা অৱদানৰ কথা স্মৰণ কৰে। তেওঁ লগতে গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহত মহিলাৰ প্ৰতিনিধিত্ব আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ‘নাৰী শক্তি বন্দন অধিনিয়ম’ৰ তাৎপৰ্যৰ ওপৰতো আলোকপাত কৰে।

ভাৰতৰ সাংস্কৃতিক ঐতিহ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে নাৰীৰ প্ৰতি সন্মান আৰু তেওঁলোকৰ নেতৃত্ব ভাৰতীয় সভ্যতাৰ শিপাত গভীৰভাৱে প্ৰোথিত হৈ আছে। তেওঁ শিক্ষানুষ্ঠানসমূহক জীৱনৰ সকলো ক্ষেত্ৰতে নেতৃত্বৰ ভূমিকা পালন কৰিবলৈ যুৱতীসকলক প্ৰস্তুত কৰি তুলিবলৈ আহ্বান জনায়। তেওঁ দৃঢ়তাৰে কয় যে শিক্ষাই গ্ৰাম্য, দুৰ্গম আৰু অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ মহিলাসকলৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰি গৱেষণা, উদ্যোগীকৰণ, প্ৰশাসন, ৰাজহুৱা জীৱন আৰু আনুষ্ঠানিক সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ বাবে মহিলাসকলৰ বাট মুকলি কৰিব লাগিব।

উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে গুৰুত্ব আৰোপ কৰে যে নাৰী সৱলীকৰণ চৰকাৰ, বিশ্ববিদ্যালয়, উদ্যোগ, নাগৰিক সমাজ আৰু পৰিয়ালসমূহৰ এক সামূহিক দায়িত্ব। তেওঁ আশা প্ৰকাশ কৰে যে উচ্চ শিক্ষাত মহিলাসকলৰ বাবে প্ৰস্তাৱিত ‘মহাৰাষ্ট্ৰ–বিজয়া ফ্ৰেমৱৰ্কে’ নিৰন্তৰ আনুষ্ঠানিক পদক্ষেপৰ বাবে এক ভেটি প্ৰদান কৰিব।

‘স্বয়ংসিদ্ধা’ক ৰাষ্ট্ৰীয় মঞ্চলৈ লৈ যোৱাৰ বাবে বিশ্ববিদ্যালয়খনক অভিনন্দন জনাই উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে আশা ব্যক্ত কৰে যে ‘বিজয়া’ সন্মিলনে অৰ্থপূৰ্ণ আলোচনা, উদ্ভাৱনীমূলক সমাধান আৰু ব্যৱহাৰিক পৰামৰ্শৰ বাট প্ৰশস্ত কৰিব। তেওঁ কয় যে ‘স্বয়ংসিদ্ধা’ৰ সফলতা অৱশেষত ই স্পৰ্শ কৰা মহিলাসকলৰ আত্মবিশ্বাস, স্বাধীনতা আৰু নেতৃত্বত প্ৰতিফলিত হ’ব।

এই অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ‘স্বয়ংসিদ্ধা’ৰ লগো উন্মোচন কৰাৰ লগতে ‘হাণ্ড্ৰেড ভইচেছ অফ ইয়ং ৱুমেন’ আৰু ‘বেষ্ট প্ৰেক্টিচেছ ইন হায়াৰ এডুকেচন’ শীৰ্ষক দুখন সংকলন গ্ৰন্থ উন্মোচন কৰে। তেওঁ লগতে এই পদক্ষেপলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ‘স্বয়ংসিদ্ধা’ৰ নেতৃবৰ্গক সম্বৰ্ধনা জনায় আৰু উপস্থিত অংশগ্ৰহণকাৰীসকলৰ সৈতে ‘ড্ৰাগছক না কওক’ শপত গ্ৰহণ কৰে।

এই অনুষ্ঠানত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী জিষ্ণু দেৱ বৰ্মা; ৰাষ্ট্ৰসন্ত টুকাদোজী মহাৰাজ নাগপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° মানালী ক্ষীৰসাগৰ; মহাৰাষ্ট্ৰৰ ৰাজ্যপালৰ সচিব ড° প্ৰশান্ত নৰনাৱাৰে, আইএএছ; বিশ্ববিদ্যালয়খনৰ সহ-উপাচাৰ্য ড° অখিলেশ পেশ্বৱে; ৰাষ্ট্ৰীয় মহিলা আয়োগ আৰু মহাৰাষ্ট্ৰ ৰাজ্যিক মহিলা আয়োগৰ প্ৰতিনিধিসকল; শিক্ষাবিদ, অধ্যাপক-অধ্যাপিকা, বিষয়াসকল আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।

PR/ASM/VMJ/MM


(ৰিলিজ আই ডি : 2341661) অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Marathi , Gujarati , Tamil