প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

নেপালত আৰম্ভ হ’ল ভাৰত-নেপাল যৌথ সামৰিক অনুশীলন ‘সূৰ্যকিৰণ ২০’

পোষ্ট কৰা হৈছে: 25 NOV 2026 4:21PM by PIB Guwahati

ভাৰত-নেপাল যৌথ সামৰিক অনুশীলন ‘সূৰ্যকিৰণ’ৰ ২০ সংখ্যক সংস্কৰণ আজি নেপালৰ ছালঝাণ্ডিস্থিত নেপাল আৰ্মি বেটেল স্কুলত আৰম্ভ হৈছে। চলিত বৰ্ষৰ ২৫ নৱেম্বৰৰ পৰা ০৮ ডিচেম্বৰলৈ এই অনুশীলন অনুষ্ঠিত হ’ব। উদ্বোধনী অনুষ্ঠানত নেপাল সেনাৰ মিড ৱেষ্টাৰ্ণ ডিভিজনৰ জেনেৰেল অফিচাৰ কমাণ্ডিং মেজৰ জেনেৰেল পূৰ্ণ বাহাদুৰ খত্ৰী উপস্থিত থাকে। ৩৩৪ জনীয়া ভাৰতীয় সেনাৰ দলটোক কুমায়ুন ৰেজিমেণ্টৰ জোৱানসকলে প্ৰতিনিধিত্ব কৰিছে। আনহাতে, সমসংখ্যক জোৱানেৰে গঠিত নেপাল সেনাৰ দলটোক শ্ৰী জৱালা দল বেটেলিয়নৰ জোৱানসকলে প্ৰতিনিধিত্ব কৰিছে।

দুৰ্গম অঞ্চলত বিদ্ৰোহ বিৰোধী আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ যৌথ প্ৰশিক্ষণৰ জৰিয়তে দুয়োখন দেশৰ সেনাবাহিনীৰ মাজত আন্তঃকাৰ্যক্ষমতা, অভিযানগত সমন্বয় আৰু পাৰস্পৰিক বুজাবুজি বৃদ্ধি কৰাই হৈছে এই অনুশীলনৰ মূল লক্ষ্য।

এই অনুশীলনৰ পৰিসৰত যৌথ কৌশলগত অভিযান, হেলিবৰ্ণ অভিযান, দুৰ্যোগ সঁহাৰি আৰু চিকিৎসা প্ৰশিক্ষণ অন্তৰ্ভুক্ত কৰা হৈছে। যৌথ অভিযানৰ কাৰ্যকাৰিতা বৃদ্ধি কৰাৰ উদ্দেশ্যে কৌশল, পদ্ধতি আৰু প্ৰক্ৰিয়াসমূহ অধিক উন্নত কৰাৰ লগতে দুয়োটা সেনাবাহিনীৰ জোৱানসকলে অভিযানগত অভিজ্ঞতা আৰু উত্তম পদ্ধতিসমূহৰ আদান-প্ৰদান কৰিব।

‘সূৰ্যকিৰণ’ অনুশীলন হৈছে ভাৰত আৰু নেপালত পাল পাতি অনুষ্ঠিত হোৱা এক বাৰ্ষিক দ্বিপাক্ষিক সামৰিক অনুশীলন। এই অনুশীলনে দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতা অধিক শক্তিশালী কৰিব, দুয়োটা সেনাবাহিনীৰ মাজত পাৰস্পৰিক বিশ্বাস আৰু সৌহাৰ্দ্য বৃদ্ধি কৰিব তথা আঞ্চলিক শান্তি, স্থিৰতা আৰু নিৰাপত্তাৰ প্ৰতি দুয়োখন দেশৰ সামূহিক দায়বদ্ধতাক পুনৰ দৃঢ় কৰিব।

 

Nishant / Ashish/MM


(ৰিলিজ আই ডি : 2341657) অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Marathi , हिन्दी , Bengali , Gujarati , Tamil