পোষ্ট কৰা হৈছে:
22 NOV 2026 6:12PM by PIB Guwahati
প্ৰথম ছাংহাই সহযোগিতা সংস্থা (SCO)-ৰ সভ্যতাভিত্তিক সংলাপ মঞ্চ ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয় আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে যুটীয়াভাৱে আয়োজন কৰে। ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰ (IGNCA)-ই জ্ঞান সহযোগী (Knowledge Partner) হিচাপে এই অনুষ্ঠানত সহযোগিতা আগবঢ়ায়।
২০২৬ চনৰ ২০ নৱেম্বৰত নতুন দিল্লীৰ ঐতিহাসিক পুৰণি কিল্লাত ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এই মঞ্চৰ উদ্বোধন কৰে।
এই মঞ্চত ২২খন দেশৰ ১১৬গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। ইয়াৰ ভিতৰত চাৰিগৰাকী মন্ত্ৰী আৰু এছ চি অ’(SCO)-ৰ সচিব প্ৰধান শ্ৰী নুৰলান য়েৰমেকবায়েভো উপস্থিত আছিল। উপ-মন্ত্ৰী, ৰাষ্ট্ৰদূত, জ্যেষ্ঠ চৰকাৰী বিষয়া, পণ্ডিত, বিষয়-বিশেষজ্ঞ, সাংস্কৃতিক প্ৰতিনিধি আৰু এছ চি অ’(SCO) সচিবালয়ৰ বিষয়াসকলেও এই সমাৱেশত অংশগ্ৰহণ কৰে।
এছ চি অ’(SCO) অঞ্চলৰ বিভিন্ন সভ্যতাগত পৰম্পৰাসমূহৰ মাজত সংলাপৰ এক মঞ্চ হিচাপে পৰিকল্পনা কৰা এই মঞ্চই অংশগ্ৰহণকাৰী দেশসমূহক তেওঁলোকৰ ঐতিহাসিক আন্তঃসম্পৰ্কসমূহৰ বিষয়ে চিন্তা-চৰ্চা কৰাৰ লগতে এই সুদীৰ্ঘকালীন সম্পৰ্কসমূহে সমসাময়িক সাংস্কৃতিক সহযোগিতাক কেনেদৰে পথ দেখুৱাব পাৰে, সেই বিষয়ে বিবেচনা কৰাৰ সুযোগ প্ৰদান কৰে।
তিনিদিনীয়া এই কাৰ্যসূচীত উচ্চপৰ্যায়ৰ আলোচনা, বিষয়ভিত্তিক মত-বিনিময়, ঐতিহ্য সম্পৰ্কীয় কাৰ্যকলাপ আৰু সাংস্কৃতিক উপস্থাপনৰ সমাহাৰ ঘটে।
২০ নৱেম্বৰ, ২০২৬ – উদ্বোধনী সত্ৰ
উদ্বোধনী দিনৰ কাৰ্যসূচী সাংস্কৃতিক পৰিৱেশনেৰে আৰম্ভ হয়। ইয়াৰ পিছতে এছ চি অ’(SCO) সভ্যতাভিত্তিক সংলাপ মঞ্চক লৈ নিৰ্মিত এখন চুটি তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়। এই কাৰ্যসূচীৰ অংশ হিচাপে পুৰণি কিল্লাত দুখন প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছিল।
“অস্তিত্ব – আমাৰ অস্তিত্বৰ সাৰমৰ্ম”( ASTITVA - The Essence of Our Existence)শীৰ্ষক প্ৰদৰ্শনীখনত দিল্লীৰ প্ৰত্নতাত্ত্বিক আৰু সাংস্কৃতিক স্তৰসমূহ উপস্থাপন কৰা হৈছিল। আনহাতে, “মহাভাৰত স্ক্ৰ’ল পেভিলিয়ন”ত অষ্টাদশ শতিকাৰ চিত্ৰসম্বলিত মহাভাৰতৰ পটচিত্ৰ প্ৰদৰ্শন কৰা হৈছিল, যিয়ে ভাৰতৰ পাণ্ডুলিপি আৰু কলাত্মক ঐতিহ্যৰ এক আভাস দাঙি ধৰিছিল।
উদ্বোধনী ভাষণত মাননীয় প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে যে সভ্যতাভিত্তিক সংলাপে ৰাষ্ট্ৰসমূহৰ মাজত শান্তি, পাৰস্পৰিক বুজাবুজি আৰু বিশ্বাস গঢ়ি তোলাত অৰ্থপূৰ্ণ অৱদান আগবঢ়াব পাৰে। তেওঁ মধ্য এছিয়া, চীন, দক্ষিণ-পূব এছিয়া আৰু বৃহত্তৰ ইউৰেছিয়া অঞ্চলৰ সৈতে ভাৰতৰ ঐতিহাসিক সাংস্কৃতিক সম্পৰ্কৰ কথা স্মৰণ কৰে। এই সম্পৰ্কসমূহ বাণিজ্য, বিদ্যাচৰ্চা, আধ্যাত্মিক যাত্ৰা আৰু ভৌগোলিক সীমা অতিক্ৰম কৰি ধাৰণা তথা জ্ঞানৰ আদান-প্ৰদানৰ জৰিয়তে গঢ় লৈ উঠিছিল।
সমাজসমূহৰ মাজত জ্ঞানৰ আদান-প্ৰদানৰ ঐতিহাসিক যাত্ৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে পঞ্চতন্ত্ৰ, ৰামায়ণ আৰু গাণিতিক জ্ঞানৰ প্ৰসাৰৰ লগতে সংগীত, স্থাপত্য, আধ্যাত্মিক পৰম্পৰা আৰু কলাত্মক প্ৰকাশভংগীৰ ক্ষেত্ৰত থকা উমৈহতীয়া প্ৰভাৱৰ দিশটোত আলোকপাত কৰে।
তেওঁ এছ চি অ’(SCO)-ৰ দেশসমূহক ডিজিটেল প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ, পাণ্ডুলিপি আৰু সংগ্ৰহসমূহৰ ডিজিটাইজেচন, সহযোগিতামূলক গৱেষণা, যুটীয়া প্ৰদৰ্শনী, শৈক্ষিক বিনিময়, সাংস্কৃতিক পৰ্যটন আৰু যুৱ প্ৰজন্মৰ সৈতে অধিক সম্পৰ্ক স্থাপনৰ দৰে সমসাময়িক পদক্ষেপৰ জৰিয়তে এই ঐতিহ্যক আগুৱাই নিয়াৰ আহ্বান জনায়।
তেওঁৰ ভাষণত অঞ্চলটোৰ দেশসমূহৰ মাজত অংশীদাৰিত্ব শক্তিশালী কৰাৰ ক্ষেত্ৰত ‘বসুধৈৱ কুটুম্বকম’ (সমগ্ৰ বিশ্বই এটা পৰিয়াল) নামৰ সভ্যতাগত আদৰ্শৰ প্ৰাসংগিকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
২১ নৱেম্বৰ, ২০২৬
দিনটোৰ কাৰ্যসূচী “সভ্যতাগত আৰু সাংস্কৃতিক অভিব্যক্তি” শীৰ্ষক বিষয়ভিত্তিক সত্ৰৰে আৰম্ভ হয়। ভাৰত চৰকাৰৰ মাননীয় সংস্কৃতি মন্ত্ৰীয়ে এই অধিৱেশনত সভাপতিত্ব কৰে। অংশগ্ৰহণকাৰী দেশসমূহৰ মন্ত্ৰী আৰু প্ৰতিনিধিসকলে নিজৰ নিজৰ সাংস্কৃতিক পৰম্পৰা, ঐতিহাসিক অভিজ্ঞতা আৰু উমৈহতীয়া স্বাৰ্থৰ ক্ষেত্ৰসমূহৰ বিষয়ে নিজ নিজ মতামত দাঙি ধৰে।
এই আলোচনাসমূহত দৃশ্যমান আৰু অদৃশ্য সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ, প্ৰতিষ্ঠানসমূহৰ মাজত সম্পৰ্ক শক্তিশালী কৰা, পণ্ডিত আৰু শিল্পীসকলৰ মাজত মত-বিনিময়ৰ সুযোগ বৃদ্ধি কৰা তথা যুটীয়া গৱেষণা আৰু তথ্য-নথিভুক্তকৰণৰ কাম আগবঢ়োৱাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হয়।
ভাৰতীয় পুৰাতত্ত্ব জৰীপ বিভাগ (Archaeological Survey of India)-ৰ উদ্যোগত “এক উমৈহতীয়া সাংস্কৃতিক কেনভাছ – এছ চি অ’(SCO)-ৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত কলাত্মক আৰু স্থাপত্যৰ আদান-প্ৰদান” শীৰ্ষক এখন বিশেষ সত্ৰৰ আয়োজন কৰা হয়। ইয়াত অঞ্চলটোৰ কলা আৰু স্থাপত্যৰ পৰিৱেশ গঢ় দিয়াত অৰিহণা যোগোৱা বিভিন্ন ঐতিহাসিক সংযোগ আৰু পাৰস্পৰিক আদান-প্ৰদানৰ বিষয়ে পৰ্যালোচনা কৰা হয়।
আলোচনাসমূহত প্ৰাগৈতিহাসিক আৰু ব্ৰঞ্জ যুগৰ সম্পৰ্ক, বৌদ্ধ কলা আৰু স্থাপত্য, ছিল্ক ৰুটৰ জৰিয়তে হোৱা আদান-প্ৰদান, ভাৰত-ফাৰ্চী প্ৰভাৱ আৰু সামুদ্ৰিক সংযোগৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হয়। ইয়াৰ লগতে ঐতিহ্য সংৰক্ষণ আৰু ডিজিটেল পদ্ধতিৰে তথ্য-নথিভুক্তকৰণৰ ক্ষেত্ৰত সহযোগিতামূলক পদক্ষেপ গ্ৰহণৰ বিষয়েও বিবেচনা কৰা হয়।
মাননীয় সংস্কৃতি মন্ত্ৰীৰ সৈতে প্ৰতিনিধিসকলে কিলা ৰায় পিথোৰা সাংস্কৃতিক প্ৰকল্পত “পোহৰ আৰু পদুম: জ্ঞানপ্ৰাপ্ত মহাপুৰুষৰ পৱিত্ৰ স্মৃতিচিহ্ন” শীৰ্ষক প্ৰদৰ্শনীখন পৰিদৰ্শন কৰে। এই পৰিদৰ্শনে ভাৰতৰ বৌদ্ধ ঐতিহ্য আৰু এছিয়াৰ সেই বিস্তৃত সংযোগসমূহৰ সৈতে পৰিচিত হোৱাৰ সুযোগ প্ৰদান কৰে, যাৰ জৰিয়তে বৌদ্ধ চিন্তাধাৰা, কলা আৰু পৱিত্ৰ স্মৃতিচিহ্নৰ পৰম্পৰা বিভিন্ন অঞ্চললৈ প্ৰসাৰিত হৈছিল।
দিনটোৰ কাৰ্যসূচীৰ সামৰণি পৰে সংগীত নাটক অকাডেমীৰ উদ্যোগত পৰিৱেশিত এক সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে। ইয়াৰ পিছতে নৈশ আহাৰৰ ব্যৱস্থা কৰা হয়।
২২ নৱেম্বৰ, ২০২৬
অন্তিম দিনৰ আলোচনাসমূহ দুটা বিষয়বস্তুৰ ওপৰত কেন্দ্ৰিত আছিল— “ভাষা, সাহিত্য, লিপি আৰু পাণ্ডুলিপিৰ পৰম্পৰা” আৰু “বৌদ্ধ বিহাৰৰ যাত্ৰাপথ – ধৰ্মীয় আৰু দাৰ্শনিক পৰম্পৰা”।
প্ৰথম সত্ৰত ভাষা, লিপি, পাণ্ডুলিপি আৰু সাহিত্যিক ঐতিহ্য সংৰক্ষণৰ বিভিন্ন পদ্ধতিৰ লগতে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ আৰু ভৌগোলিক সীমা অতিক্ৰম কৰি জ্ঞানৰ প্ৰসাৰৰ বিষয়সমূহ আলোচনা কৰা হয়।
দ্বিতীয় সত্ৰত ধৰ্মবিশ্বাস আৰু দৰ্শনৰ যাত্ৰাৰ লগতে এছ চি অ’(SCO) অঞ্চলৰ বিভিন্ন ধৰ্মীয় প্ৰতিষ্ঠান, শিক্ষাকেন্দ্ৰ আৰু সম্প্ৰদায়সমূহৰ মাজত ঐতিহাসিকভাৱে গঢ় লৈ উঠা সম্পৰ্কসমূহৰ বিষয়ে পৰ্যালোচনা কৰা হয়।
এই আলোচনাসমূহে অংশগ্ৰহণকাৰী দেশসমূহক উমৈহতীয়া অগ্ৰাধিকাৰসমূহ চিনাক্ত কৰাৰ লগতে সংৰক্ষণ, গৱেষণা, তথ্য-নথিভুক্তকৰণ, শৈক্ষিক সহযোগিতা আৰু সাংস্কৃতিক অংশীদাৰিত্বৰ ক্ষেত্ৰত সহযোগিতাৰ বাস্তৱসন্মত পথসমূহ বিবেচনা কৰাৰ সুযোগ প্ৰদান কৰে।
এই মঞ্চৰ তিনিদিনীয়া আলোচনাৰ ফলস্বৰূপে, বিভিন্ন দৃষ্টিভংগী আৰু সহমতৰ ক্ষেত্ৰসমূহ সামৰি ইন্দ্ৰপ্ৰস্থ ঘোষণাপত্ৰ(Indraprastha Communiqué) প্ৰস্তুত কৰা হয়। ইয়াত মঞ্চত অনুষ্ঠিত আলোচনাসমূহৰ প্ৰতিফলন ঘটিছে আৰু এছ চি অ’(SCO)-ৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত অব্যাহত সংলাপ তথা সাংস্কৃতিক সহযোগিতা আগুৱাই নিয়াৰ ক্ষেত্ৰত এখন সহায়ক তথ্যসূত্ৰ হিচাপে ইয়াক ব্যৱহাৰ কৰাৰ উদ্দেশ্য ৰখা হৈছে।
ইন্দ্ৰপ্ৰস্থ ঘোষণা’ ইয়াত পঢ়ক।https://static.pib.gov.in/WriteReadData/specificdocs/documents/2026/nov/doc_10558_20261122_18171201.pdf
দিনটোৰ আলোচনাৰ সামৰণিত প্ৰতিনিধিসকলক ভাৰতৰ ঐতিহাসিক আৰু সাংস্কৃতিক ঐতিহ্যৰ এক উল্লেখযোগ্য প্ৰতীক লালকিল্লা পৰিদৰ্শন কৰিবলৈ লৈ যোৱা হ’ব। ইয়াৰ পিছতে লালকিল্লাত ‘জয় হিন্দ’ শীৰ্ষক পোহৰ আৰু শব্দৰ সমাহাৰেৰে পৰিৱেশিত অনুষ্ঠান অনুষ্ঠিত হ’ব। এই প্ৰদৰ্শনীৰ জৰিয়তে প্ৰতিনিধিসকলে স্মৃতিসৌধটোৰ ইতিহাস আৰু ভাৰতৰ ৰাষ্ট্ৰীয় ঐতিহ্যত ইয়াৰ গুৰুত্বৰ এক চাক্ষুষ অভিজ্ঞতা লাভ কৰিব পাৰিব।
এই মঞ্চই এছ চি অ’(SCO)-ৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত পাৰস্পৰিক বুজাবুজি গভীৰ কৰা আৰু দীৰ্ঘস্থায়ী সম্পৰ্ক গঢ়ি তোলাৰ এক মাধ্যম হিচাপে অবিৰত সভ্যতাভিত্তিক সম্পৰ্কৰ গুৰুত্ব পুনৰ প্ৰতিপন্ন কৰে। ঐতিহাসিক সংযোগসমূহক সমসাময়িক সম্ভাৱনাৰ সৈতে সংযুক্ত কৰি এই সমাৱেশে সমগ্ৰ অঞ্চলটোত সাংস্কৃতিক সহযোগিতাক নতুন গতি প্ৰদান কৰে।
‘ইন্দ্ৰপ্ৰস্থ ঘোষণা’ ইয়াত পঢ়ক।https://static.pib.gov.in/WriteReadData/specificdocs/documents/2026/nov/doc_10558_20261122_18171201.pdf
M. Annadurai/SD