৫৭ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (ইফি)-ৰ তৃতীয় দিনা নীতিশ তিৱাৰীৰ বহুপ্ৰতীক্ষিত মহাকাব্যিক ছবি 'ৰামায়ণ: ৰাইজ অব্ এ লেজেণ্ড (খণ্ড ১)'-এ 'ফিল্মছ ফ্ৰম ব্ৰিকছ' শাখাৰ আনুষ্ঠানিক উদ্বোধনী ছবি হিচাপে প্ৰিমিয়াৰ লাভ কৰাৰ লগে লগে ভাৰতীয় পৌৰাণিক কাহিনীৰ চিৰন্তন আবেদনে এক বিশ্বজনীন মঞ্চ লাভ কৰে।
ভাৰতৰ অন্যতম কালজয়ী মহাকাব্যৰ আধাৰত নিৰ্মিত এই ছবিখনে প্ৰজন্ম আৰু সংস্কৃতিৰ সীমা অতিক্ৰম কৰি অহা এক কাহিনীক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মঞ্চলৈ লৈ আনিছে। উদ্বোধনী ছবি হিচাপে ইয়াৰ নিৰ্বাচনে ভৌগোলিক আৰু ভাষিক সীমাৰ পৰিধি চেৰাই মানুহক একত্ৰিত কৰাৰ ক্ষেত্ৰত চলচ্চিত্ৰৰ শক্তিক উদযাপন কৰা এই প্ৰদৰ্শনীখনৰ মূল সুৰ নিৰ্ধাৰণ কৰিছে।
উদ্বোধনী অনুষ্ঠানটোত অংশগ্ৰহণকাৰী দেশসমূহৰ কূটনৈতিক প্ৰতিনিধিসকলকো সম্বৰ্ধনা জনোৱা হয়। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব শ্ৰী প্ৰভাতে ফেডাৰেল ৰিপাব্লিক অব্ নাইজেৰিয়াৰ উচ্চায়ুক্ত মহামান্য ছাইদু দাহিৰু মহম্মদক সম্বৰ্ধনা জ্ঞাপন কৰে। আনহাতে, ইণ্ডোনেছিয়া গণৰাজ্যৰ দূতাবাসৰ 'চাৰ্জ ডি এফেয়াৰ্ছ'ক প্ৰতিনিধিত্ব কৰা শ্ৰীমতী আৰ্নি ৱাহিউনি আৰু মুম্বাইস্থিত ৰাছিয়ান ফেডাৰেচনৰ কনছুলেট জেনেৰেলৰ ভাৰপ্ৰাপ্ত কনছুল জেনেৰেল শ্ৰীযুত আলেকজেণ্ডাৰ ফুৰ্ছভক বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ যুটীয়া সচিব শ্ৰী শম্ভু লিংগাপ্পা হাক্কিয়ে সম্বৰ্ধনা জনায়।
ইছলামিক ৰিপাব্লিক অব্ ইৰাণৰ উপ-মুখ্য দূত ড° মোস্তাফা গোহাৰিফাৰ আৰু ভাৰতত আইপিআইএছৰ প্ৰতিনিধি ড° ওমিদ বাবেলিয়ানক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (এনএফডিচি)-ৰ অধ্যক্ষ শ্ৰী জি কৃষ্ণকুমাৰে সম্বৰ্ধনা জ্ঞাপন কৰে।
ইণ্ডোনেছিয়া গণৰাজ্যৰ দূতাবাসৰ কোষাধ্যক্ষ শ্ৰীমতী মেইলিজা কৰুণিয়া হাৰাহাপকো শ্ৰী জি কৃষ্ণকুমাৰে সম্বৰ্ধনা জনায়। 'ফিল্মছ ফ্ৰম ব্ৰিকছ' শাখাৰ শুভাৰম্ভ কৰা 'ৰামায়ণ: ৰাইজ অব্ এ লেজেণ্ড (খণ্ড ১)' ছবিখনৰ স্বীকৃতি স্বৰূপে মহোৎসৱৰ সঞ্চালক শ্ৰী আশুতোষ গোৱাৰিকাৰে পৰিচালক নীতিশ তিৱাৰীক সম্বৰ্ধনা জনায়।
'ফিল্মছ ফ্ৰম ব্ৰিকছ' প্ৰদৰ্শনীয়ে মনোৰঞ্জনৰ উপৰিও চলচ্চিত্ৰৰ বৃহত্তৰ গুৰুত্বক স্বীকৃতি দিয়ে। ছবিসমূহে বিভিন্ন সমাজৰ জীৱনশৈলী, মূল্যবোধ, পৰম্পৰা আৰু আকাংক্ষাসমূহৰ এক জীৱন্ত ছবি দাঙি ধৰে। ই দেশসমূহক নিজৰ দৃষ্টিভংগী উপস্থাপন কৰাৰ সুযোগ দিয়াৰ লগতে দৰ্শকসকলক নিজৰ সীমান্তৰ বাহিৰৰ সংস্কৃতিসমূহক বুজি পোৱাত সহায় কৰে। এই প্ৰসংগত ব্ৰিকছ মঞ্চই জনসাধাৰণৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰা, সৃজনশীল সহযোগিতাক উৎসাহিত কৰা আৰু গ্ল’বেল ছাউথৰ চলচ্চিত্ৰীয় কণ্ঠস্বৰক অধিক পৰিচিতি প্ৰদান কৰাৰ এক সুন্দৰ সুযোগ প্ৰদান কৰিছে।
সামগ্ৰিকভাৱে, এই ছবিসমূহে 'ফিল্মছ ফ্ৰম ব্ৰিকছ' শাখাটোক সাংস্কৃতিক বৈচিত্ৰ্য আৰু উমৈহতীয়া মানৱীয় অভিজ্ঞতাৰ এক উৎসৱলৈ ৰূপান্তৰিত কৰিছে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ কাহিনীসমূহ একেখন পৰ্দালৈ আনি ইফিয়ে পাৰস্পৰিক সন্মান বৃদ্ধি কৰা, সাংস্কৃতিক সম্পৰ্ক সুদৃঢ় কৰা আৰু ৰাষ্ট্ৰসমূহৰ মাজত গভীৰ বুজাবুজি গঢ়ি তোলাত চলচ্চিত্ৰৰ ভূমিকাক পুনৰবাৰ প্ৰতিপন্ন কৰিছে। এই প্ৰদৰ্শনীয়ে 'বসুধৈৱ কুটুম্বকম' অৰ্থাৎ ‘সমগ্ৰ বিশ্বই এটা পৰিয়াল’ৰ মূলমন্ত্ৰক প্ৰতিফলিত কৰিছে আৰু ভাষা, ইতিহাস তথা পৰম্পৰা ভিন্ন হ’লেও কাহিনীয়ে কেনেদৰে মানুহক ওচৰ চপাই আনিব পাৰে, সেই কথাকে স্পষ্ট কৰি তুলিছে।
সীমান্তহীন কাহিনী: ‘ফিল্মছ ফ্ৰম ব্ৰিকছ’-ৰ তালিকাত সাংস্কৃতিক বৈচিত্ৰ্যৰ উদযাপন
১১খন সদস্য ৰাষ্ট্ৰ আৰু ১০খন অংশীদাৰ দেশক সামৰি লোৱা ৫৭ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (ইফি)-ৰ ‘ফিল্মছ ফ্ৰম ব্ৰিকছ’ প্ৰদৰ্শনীয়ে বিভিন্ন ধাৰা, ভাষা আৰু জীৱন্ত বাস্তৱতাৰ সমসাময়িক কাহিনীসমূহক একেখন মঞ্চলৈ লৈ আহিছে। নীতিশ তিৱাৰীৰ 'ৰামায়ণ: ৰাইজ অব্ এ লেজেণ্ড (খণ্ড ১)' আৰু ব্ৰেণ্ডা লিজিয়া তথা এডু ফেলিষ্টোকৰ 'আমাডেঅ’ এণ্ড দ্য হাইপ’থেটিকেল নিউ ৱৰ্ল্ড'-ৰ দৰে বিশাল পৌৰাণিক কাহিনী আৰু এনিমেটেড ঐতিহাসিক পুনৰকল্পনাৰ পৰা আৰম্ভ কৰি নগুয়েন হোৱাং ডিয়েপৰ '১৯৮২', ছমপট চিডগাছৰ্ণপংছেৰ '৯ টেম্পলছ টু হেভেন', আন্দ্ৰেই ইগ’ৰভৰ 'এণ্ড দ্য স্ন’ ৱাজ ফলিং', নায়লা আল খাজাৰ 'বাব', আৰিফ জুলকাৰ্ণাইনৰ 'বাগা: টুম’ৰ’ বিলংছ টু ন’ ৱান', লুইছ আৰ্নেষ্টো ডোনাছৰ 'বাৰাকোৱা', আনাষ্টাছিয়া কুজিনাৰ 'ব’ ব’', ৰছিদ মালিবভৰ 'কটন' আৰু কেট্ৰিন ৱেবাৰৰ 'ড্ৰিমিং অব্ চেৰেনাডা'-ৰ দৰে অন্তৰংগ নাটক আৰু সংমিশ্ৰিত ধাৰাৰ আখ্যানসমূহলৈকে— এই ছবিসমূহে পাৰিবাৰিক স্মৃতি, সামাজিক হেঁচা, জীৱন সংগ্ৰাম আৰু পাৰিপাৰ্শ্বিক আত্মীয়তাৰ দৰে বিষয়বস্তুসমূহ অন্বেষণ কৰিছে।
চলিত বৰ্ষৰ মূল বিষয়বস্তু ‘ষ্ট’ৰীজ উইদাউট বৰ্ডাৰ্ছ’ (সীমান্তহীন কাহিনী)-ৰ অধীনত একত্ৰিত হোৱা এই ছবিৰ তালিকাই ব্ৰিকছ পৰিমণ্ডলৰ চিনেমাই কেনেদৰে সাৰ্বজনীন মানৱীয় আৱেগৰ কথা কোৱাৰ লগতে সুকীয়া সাংস্কৃতিক পৰিচয়সমূহকো ধৰি ৰাখে, তাকেই উজলাই তুলিছে।

ইফিলইড ইয়াত পঢ়ক: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1®=48
PIB IFFI Team/Rajith/Supriya/Sasmita/ Darshana | IFFI 57 - 069