57th International Film Festival of India 2026
20 – 28 Nov 2026

‘কাৰাগাৰৰ পৰা মুক্তি পোৱা লোকসকলে নিজৰ জীৱন পুনৰ গঢ়ি তুলিবলৈ দ্বিতীয়টো সুযোগ পোৱাৰ যোগ্য’: ৫৭ সংখ্যক ইফিত ‘নিউ হোম’ সন্দৰ্ভত পৰিচালক নিকিতা গ্ৰুছিন

সাংস্কৃতিক বুজাবুজি আৰু সহযোগিতাৰ জৰিয়তে চলচ্চিত্ৰই ভাৰত-ৰাছিয়াৰ সম্পৰ্ক অধিক শক্তিশালী কৰিব পাৰে: পৰিচালক নিকিতা গ্ৰুছিন

পোষ্ট কৰা হৈছে: 22 NOV 2026 2:14PMby PIB Guwahatiৰিলিজ আই ডি : 2339953Views: 3

গোৱাত অনুষ্ঠিত ৫৭ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ (ইফি) এক সংবাদমেলত 'নিউ হোম'ৰ পৰিচালক তথা ৰাছিয়ান চলচ্চিত্ৰ নিৰ্মাতা শ্ৰী নিকিতা গ্ৰুছিনে কয় যে কাৰাগাৰত কাৰাবাস খটাৰ পাছত সমাজলৈ উভতি অহা লোকসকলে প্ৰায়ে নিজৰ জীৱন পুনৰ গঢ়ি তোলা আৰু অতীতৰ বোজা অতিক্ৰম কৰাৰ ক্ষেত্ৰত এক উপেক্ষিত সংগ্ৰামৰ সন্মুখীন হয়। ইফি ২০২৬-ত বিশ্ব প্ৰিমিয়াৰ অনুষ্ঠিত হোৱা ১০১ মিনিট দৈৰ্ঘ্যৰ এই ৰাছিয়ান ভাষাৰ পূৰ্ণদৈৰ্ঘ্যৰ ছবিখন মহোৎসৱত অংশীদাৰ দেশ হিচাপে ৰাছিয়াক উদযাপন কৰা বিশেষ প্ৰদৰ্শনীৰ এক অংশ।

তেওঁৰ ছবিখনৰ আঁৰৰ অনুপ্ৰেৰণা সন্দৰ্ভত ব্যাখ্যা কৰি শ্ৰী গ্ৰুছিনে কয় যে দীঘলীয়া কাৰাবাসৰ পাছত পুনৰ্সংস্থাপন প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হোৱা লোকসকলৰ সৈতে হোৱা বাৰ্তালাপে তেওঁক সমাজত পুনৰ মিলিত হোৱাৰ ক্ষেত্ৰত তেওঁলোকে সন্মুখীন হোৱা অসুবিধাসমূহৰ বিষয়ে সচেতন কৰি তুলিছিল। তেওঁ অনুভৱ কৰিছিল যে এই অভিজ্ঞতাসমূহে পৰ্যাপ্ত মনোযোগ পোৱা নাই আৰু সেয়েহে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উপস্থাপিত তেওঁৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ ছবিৰ জৰিয়তে তেওঁলোকৰ কাহিনীসমূহ বৃহত্তৰ দৰ্শকৰ মাজলৈ লৈ যাব বিচাৰিছিল। ছবিখনত কাৰাবাসৰ পাছত নিজৰ জীৱন পুনৰ গঢ়ি তুলিবলৈ আৰু জীৱনৰ অৰ্থ বিচাৰিবলৈ চেষ্টা কৰা পুৰুষ আৰু মহিলা উভয়ৰে সংগ্ৰামৰ দিশটো অন্বেষণ কৰা হৈছে।

শ্ৰী গ্ৰুছিনৰ দ্বাৰা ৰচিত আৰু পৰিচালিত 'নিউ হোম' (নভী ডম) ছবিখনৰ কাহিনী আন্না নামৰ এগৰাকী মহিলাৰ জীৱনক কেন্দ্ৰ কৰি আগবাঢ়িছে, যিয়ে সাত বছৰ কাৰাবাস খাটি কোনো ধন, পৰিয়াল বা জীৱনৰ স্পষ্ট দিশ নোহোৱাকৈ কাৰাগাৰৰ পৰা মুক্তি লাভ কৰে। সমাজ কল্যাণ বিভাগৰ সহায়ত তেওঁ কৰ্মসংস্থাপন, বাসস্থান আৰু এটা সহায়ক গোটৰ সন্ধান লাভ কৰে, য'ত তেওঁ ৰোমানক লগ পায়। তেওঁৰ সহযোগত লাহে লাহে নিজৰ জীৱনটো পুনৰ গঢ়ি তুলিবলৈ চেষ্টা কৰাৰ সময়তে আন্নাই নিজৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব পৰা এক কঠিন সিদ্ধান্ত লোৱাৰ পূৰ্বে নিজৰ অতীত আৰু অন্তৰ্দ্বন্দ্বৰ মুখামুখি হ'বলগীয়া হয়। ছবিখনত অপৰাধবোধ, ক্ষমা, পুনৰ্সংস্থাপন আৰু দ্বিতীয় সুযোগৰ সম্ভাৱনাৰ দৰে বিষয়বস্তুসমূহ ফুটি উঠিছে।

কেন্দ্ৰীয় চৰিত্ৰটোৰ বিকাশ সন্দৰ্ভত শ্ৰী গ্ৰুছিনে স্পষ্ট কৰি দিয়ে যে আন্নাৰ চৰিত্ৰটো কোনো নিৰ্দিষ্ট ব্যক্তিৰ আৰ্হিত নিৰ্মাণ কৰা হোৱা নাই। ইয়াৰ পৰিৱৰ্তে তেওঁ অনুৰূপ পৰিস্থিতিৰ অভিজ্ঞতা লাভ কৰা আৰু নিজৰ জীৱন পুনৰ গঢ়ি তুলিবলৈ চেষ্টা কৰা কেইবাজনো লোকৰ সৈতে হোৱা কথা-বতৰাৰ পৰা অনুপ্ৰেৰণা লৈছিল। এই বাস্তৱ জীৱনৰ পৰ্যবেক্ষণসমূহেই কাহিনীটোৰ মূল ভেটি গঢ়ি তুলিছিল, যাক তেওঁ নিজৰ লেখনি আৰু সৃষ্টিশীল দৃষ্টিভংগীৰে বিকশিত কৰিছিল।

ছবিখনৰ মূল বাৰ্তাৰ ওপৰত আলোকপাত কৰি পৰিচালকগৰাকীয়ে মন্তব্য কৰে যে কাৰাগাৰৰ পৰা ওলাই অহা লোকসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ কোনো এখন দেশ বা সমাজতে সীমাবদ্ধ নহয়। শাস্তি সম্পূৰ্ণ কৰাৰ পাছতো বহুতে গভীৰ অপৰাধবোধ কঢ়িয়াই লৈ ফুৰে, যিয়ে তেওঁলোকৰ সিদ্ধান্তসমূহক প্ৰভাৱিত কৰে আৰু আগবাঢ়ি যোৱাত বাধা দিয়ে। আন্নাৰ যাত্ৰাৰ জৰিয়তে তেওঁ ব্যক্তিসকলে কেনেকৈ এই মানসিক বোজাৰ সন্মুখীন হয় আৰু নতুনকৈ জীৱন আৰম্ভ কৰাৰ সাহস বিচাৰি পায়, তাকেই দেখুৱাবলৈ চেষ্টা কৰিছে।

সংবাদমেলত পৰিচালকগৰাকীৰ সৈতে উপস্থিত থকা চিনেমেটোগ্ৰাফাৰ শ্ৰীমতী একাটেৰিনা স্মোলিনাই তেওঁলোকৰ সৃষ্টিশীল অংশীদাৰিত্বৰ বিষয়ে বক্তব্য ৰাখে। চলচ্চিত্ৰ বিদ্যালয়ৰ দিনৰে পৰা থকা তেওঁলোকৰ সম্পৰ্কৰ কথা সুঁৱৰি তেওঁ কয় যে ইয়াৰ পূৰ্বে তেওঁলোকে তিনিখন চুটি ছবিত একেলগে কাম কৰিছিল। তেওঁলোকৰ দীৰ্ঘদিনীয়া বন্ধুত্ব আৰু ইজনে সিজনৰ কাম কৰাৰ শৈলীৰ সৈতে থকা পৰিচিতিয়ে ছেটত এক স্বাভাৱিক বুজাবুজি গঢ়ি তোলাত সহায় কৰিছিল, যাৰ ফলত সৃষ্টিশীল প্ৰক্ৰিয়াটো সহজ আৰু আনন্দদায়ক হৈ উঠিছিল।

চিনেমেটোগ্ৰাফীৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰা মহিলাসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বান সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত শ্ৰীমতী স্মোলিনাই সোঁৱৰণ কৰে যে আৰম্ভণিতে তেওঁৰো ভয় আৰু অনিশ্চয়তা আছিল। অৱশ্যে, তেওঁ লাহে লাহে এই আশংকাসমূহ অতিক্ৰম কৰিছিল আৰু উদীয়মান মহিলা চিনেমেটোগ্ৰাফাৰসকলক প্ৰাৰম্ভিক ভয়ৰ ওচৰত হাৰ নামানি আত্মবিশ্বাস আৰু দৃঢ়তাৰে এই বৃত্তিটোক আকোঁৱালি ল'বলৈ উৎসাহিত কৰে।

ভাৰতীয় আৰু ৰাছিয়ান চলচ্চিত্ৰৰ মাজত অধিক সহযোগিতাৰ সুযোগ সন্দৰ্ভত শ্ৰী গ্ৰুছিনে দুয়োখন দেশৰ দীৰ্ঘদিনীয়া চলচ্চিত্ৰীয় সম্পৰ্কৰ কথা উল্লেখ কৰে। তেওঁ কয় যে ছোভিয়েট ইউনিয়নত ভাৰতীয় ছবিয়ে অপৰিসীম জনপ্ৰিয়তা লাভ কৰিছিল আৰু আজিও ৰাছিয়ান দৰ্শকৰ হৃদয়ত ইয়াৰ এক বিশেষ স্থান আছে।

শ্ৰী গ্ৰুছিনে ভৱিষ্যতৰ ভাৰত-ৰাছিয়া চলচ্চিত্ৰীয় অংশীদাৰিত্বৰ সম্ভাৱনা সন্দৰ্ভত আশাবাদ ব্যক্ত কৰি গুৰুত্ব আৰোপ কৰে যে এই সহযোগিতা কেৱল আৰ্থিক বিনিয়োগ আৰু প্ৰযুক্তিগত আদান-প্ৰদানৰ মাজতে সীমাবদ্ধ থাকিব নালাগে। তেওঁ কয় যে সাংস্কৃতিক বিনিময় আৰু দুয়োখন দেশৰ জনসাধাৰণৰ মাজৰ সম্পৰ্কক উজ্জীৱিত কৰি তোলা কাহিনীসমূহে অধিক শক্তিশালী সৃষ্টিশীল অংশীদাৰিত্বৰ বাবে এক অৰ্থপূৰ্ণ ভেটি প্ৰদান কৰিব পাৰে।

আন্নাৰ যাত্ৰাৰ জৰিয়তে 'নিউ হোম'-এ ৰাষ্ট্ৰীয় আৰু সাংস্কৃতিক সীমা অতিক্ৰম কৰা এক মানৱীয় অভিজ্ঞতাক কেন্দ্ৰবিন্দুলৈ আনিছে: সেয়া হৈছে মৰ্যাদা, গ্ৰহণযোগ্যতা আৰু নতুনকৈ আৰম্ভ কৰাৰ এক সুযোগৰ সন্ধান। ইফি ২০২৬-ৰ মূল বিষয়বস্তু ষ্ট’ৰীজ উইদাউট বৰ্ডাৰ্ছৰ সৈতে সংগতি ৰাখি ছবিখনে বৈচিত্ৰময় বাস্তৱতাক ওচৰ চপাই অনা, সহমৰ্মিতা বৃদ্ধি কৰা আৰু উমৈহতীয়া মানৱীয় অভিজ্ঞতাৰ জৰিয়তে দৰ্শকক সংযোগ কৰাৰ ক্ষেত্ৰত চলচ্চিত্ৰৰ সামৰ্থ্যক আলোকপাত কৰে। ৰাছিয়াৰ অংশীদাৰ দেশৰ প্ৰদৰ্শনীৰ অংশ হিচাপে ইয়াৰ উপস্থাপনে সাংস্কৃতিক বুজাবুজি শক্তিশালী কৰা আৰু ভাৰত তথা বিশ্বৰ মাজত সৃষ্টিশীল আদান-প্ৰদানক উৎসাহিত কৰাৰ ক্ষেত্ৰত মহোৎসৱটোৰ ভূমিকাৰো প্ৰতিফলন ঘটায়।

সংবাদমেলখন সঞ্চালনা কৰে শ্ৰী কিৰণ মুৰলীয়ে।

 

ইফিলইড ইয়াত পঢ়ক: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1&reg=48

 

PIB IFFI Team | Rajith/ Supriya/ Praveen/ Darshana | IFFI 57 - 059


Great films resonate through passionate voices. Share your love for cinema with #IFFI2026 and #StoriesWithoutBorders. Tag us @pibindia on Instagram and @PIB_India on X, and we will help amplify your festival moments!

For accredited journalists, critics, bloggers, and vloggers seeking 1-on-1 interviews with filmmakers and festival juries, write to us at:
iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


Official Release ID: 2339953
•
Media Centre: Goa
•
Festival Dates: Nov 20 – 28, 2026