পোষ্ট কৰা হৈছে:
21 NOV 2026 10:58PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি অৰুণাচল প্ৰদেশৰ আইন-শৃংখলা, আভ্যন্তৰীণ সুৰক্ষা, সীমান্ত ব্যৱস্থাপনা আৰু উন্নয়নৰ সৈতে জড়িত মুখ্য বিষয়বোৰ আলোচনা কৰিবলৈ ইটানগৰত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত সভাপতিত্ব কৰে। বৈঠকত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী পেমা খাণ্ডু উপস্থিত থাকে; কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা আৰু সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজু; ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী; জ্যেষ্ঠ মন্ত্ৰীসকল; আৰু কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ উচ্চ পদস্থ বিষয়াসকলো এই বৈঠকত উপস্থিত থাকে।
বৈঠকত ৰাজ্যৰ আইন-শৃংখলা, অপৰাধী ন্যায় ব্যৱস্থা, ড্ৰাগছ সৰবৰাহ, চাইবাৰ অপৰাধ, সন্ত্ৰাসবাদ আৰু বিদ্ৰোহ, বিদেশী নাগৰিক, আৰক্ষীৰ আধুনিকীকৰণ তথা দুৰ্যোগ ব্যৱস্থাপনাৰ সৈতে সম্পৰ্কিত বিষয়সমূহৰ এক বিস্তৃত পৰ্যালোচনা অন্তৰ্ভুক্ত আছিল।
অৰুণাচল প্ৰদেশে চীনৰ সৈতে শ্বেয়াৰ কৰা প্ৰায় ১,১২৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সংবেদনশীলতাৰ প্ৰতি লক্ষ্য ৰাখি গৃহমন্ত্ৰীয়ে সীমান্ত সুৰক্ষা আৰু কৌশলগত আন্তঃগাঁথনিৰ পৰ্যালোচনা কৰে। তেওঁ সীমান্ত অঞ্চলত পথ সংযোগ, সীমান্ত আউটপোষ্ট, হেলিপেড আৰু টেলিকমিউনিকেশ্যন সুবিধাৰ সম্প্ৰসাৰণৰ লগতে স্থানীয় জনসাধাৰণৰ জীৱিকাৰ সুযোগ বৃদ্ধি কৰাৰ বাবে 'ভাইব্ৰেণ্ট ভিলেজ' কাৰ্যসূচীৰ কাৰ্যকৰী ৰূপায়ণৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰে।
শ্ৰী অমিত শ্বাহে নতুন ফৌজদাৰী আইনৰ কাৰ্যকৰী ৰূপায়ণ, সময়মতে তদন্ত, বৈজ্ঞানিক প্ৰমাণ সংগ্ৰহ, ই-সাক্ষ্য আৰু ই-চমন প্ৰণালীৰ ব্যৱহাৰ, আৰক্ষী আৰু গোচৰীয়াৰ মাজত উন্নত সমন্বয় নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ অমীমাংসিত গোচৰসমূহৰ দ্ৰুত নিষ্পত্তি আৰু তদন্তৰ মান উন্নত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।
ড্ৰাগছ সৰবৰাহ আৰু অবৈধ খেতিৰ বিৰুদ্ধে অভিযানৰ পৰ্যালোচনা কৰাৰ সময়ত, কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে 'অপাৰেচন ডন' আৰু 'মিছন সুৰক্ষা'ৰ অধীনত গ্ৰহণ কৰা পদক্ষেপসমূহৰ পৰ্যালোচনা কৰে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা সমৰ্থিত দৃষ্টিভংগী ২০২৯ চনৰ ভিতৰত 'ড্ৰাগছ-মুক্ত ভাৰত'ৰ প্ৰতিশ্ৰুতিৰ পুনৰাবৃত্তি কৰি, শ্ৰী শ্বাহে অবৈধ খেতি ধ্বংস, সৰবৰাহ নেটৱৰ্কৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা, জনসাধাৰণৰ সজাগতা আৰু নিচামুক্তি তথা পুনৰ্সংস্থাপনৰ সুবিধা শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
বৈঠকত চাইবাৰ অপৰাধ প্ৰতিৰোধ, চাইবাৰ-ফৰেনছিক ক্ষমতাৰ সম্প্ৰসাৰণ আৰু প্ৰশিক্ষিত বিশেষজ্ঞৰ উপলব্ধতা বৃদ্ধিৰ বাবে ১৯৩০ হেল্পলাইনৰ উপযুক্ত কাৰ্যকৰীকৰণৰ বিযয়ে আলোচনা কৰা হয়। আধুনিক সঁজুলিৰ যোগান, উন্নত প্ৰশিক্ষণ সুবিধা আৰু অত্যাৱশ্যকীয় সম্পদৰ শক্তিশালীকৰণকে ধৰি আৰক্ষীৰ আধুনিকীকৰণৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়। তদুপৰি, ৰাজ্যখনৰ ভৌগোলিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (এছডিআৰএফ), অগ্নিনিৰ্বাপক সেৱা আৰু জৰুৰীকালীন সঁহাৰি প্ৰণালীকে ধৰি দুৰ্যোগ ব্যৱস্থাপনা ব্যৱস্থাৰ ক্ষমতা বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো আলোচনা কৰা হয়।
বৈঠকত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজত উন্নত সমন্বয়ৰ জৰিয়তে আভ্যন্তৰীণ সুৰক্ষা শক্তিশালী কৰা, সীমান্ত অঞ্চলত আন্তঃগাঁথনি সম্প্ৰসাৰণ, সুৰক্ষা সংস্থাসমূহৰ ক্ষমতা বৃদ্ধি কৰা আৰু বিভিন্ন আঁচনিৰ সময়সীমাৰ ভিতৰত ৰূপায়ণ নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। বৈঠকখনৰ প্ৰাথমিক উদ্দেশ্য আছিল অৰুণাচল প্ৰদেশৰ শক্তিশালী আভ্যন্তৰীণ সুৰক্ষা, সুৰক্ষিত সীমান্ত অঞ্চল আৰু সামগ্ৰিক উন্নয়ন নিশ্চিত কৰা।
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে অৰুণাচল প্ৰদেশৰ উন্নয়নমূলক কাম-কাজৰ পৰ্যালোচনা কৰিবলৈ ইটানগৰৰ লোক ভৱনতো এখন বৈঠকত সভাপতিত্ব কৰে। বৈঠকত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী পেমা খাণ্ডু, কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজু, ৰাজ্যৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী চৌনা মেইন, গৃহ মন্ত্ৰী শ্ৰী মামা নাটুং, লোকসভাৰ সাংসদ শ্ৰী তাপীৰ গাও আৰু ৰাজ্যসভাৰ সাংসদ শ্ৰী তাই টাগাক, কেন্দ্ৰীয় গৃহ সচিব শ্ৰী গোবিন্দ মোহনৰ লগতে গৃহ মন্ত্ৰালয়, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী, সেনা আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।
বৈঠকত ৰাজ্যখনৰ মুখ্য সচিব শ্ৰী মনীষ কুমাৰ গুপ্তাই ৰাজ্যখনৰ উন্নয়ন আৰু মুখ্য আঁচনিসমূহৰ অগ্ৰগতিৰ বিষয়ে এক প্ৰতিবেদন উপস্থাপন কৰে। অৰুণাচল প্ৰদেশৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন (জিএছডিপি) ২০১৫-১৬ বৰ্ষত ২০,৩৭৩ কোটি টকাৰ পৰা ২০২৬-২৭ বৰ্ষত ৫০,৬৫১ কোটি টকালৈ বৃদ্ধি পাইছে বুলি প্ৰকাশ কৰা হয়। পথ নিৰ্মাণৰ গতি প্ৰতি বছৰে ৩০০ কিলোমিটাৰৰ পৰা ১,৮০০ কিলোমিটাৰলৈ মুঠ ৬ গুন বৃদ্ধি পাইছে, । ৰাজ্যখনে পিএমএৱাই (গ্ৰাম্য) আৰু জল জীৱন মিছনৰ অধীনত সম্পূৰ্ণ পৰিপূৰ্ণতা লাভ কৰিছে। লগতে জনোৱা হয় যে অৰুণাচল প্ৰদেশ হৈছে দেশৰ সৰ্ববৃহৎ কিৱি উৎপাদক আৰু ডিপিআইআইটিৰ 'ষ্টেটছ' ষ্টাৰ্টআপ ইক'ছিষ্টেম ৰেংকিঙত 'শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী' হিচাপেও নিৰ্বাচিত হৈছে। 'ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচী'ৰ অধীনত, ৪৫৫ খন সীমান্তৱৰ্তী গাৱঁত ২,৮৭৫.১৭ কোটি টকা মূল্যৰ ২,৪১৪ টা প্ৰকল্পৰ ভিতৰত, ১,০৯৯ টা প্ৰকল্প সম্পূৰ্ণ কৰা হৈছে।
অগ্ৰগতিৰ পৰ্যালোচনা কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে যে যদিও ৰাজ্যৰ বাজেটৰ এক বৃহৎ অংশ পথ আৰু দলঙত ব্যয় কৰা হৈছে, তথাপি যিবোৰ অঞ্চলত পথৰ ঘনত্ব এতিয়াও কম আছে, সেইবোৰক অগ্ৰাধিকাৰ দিব লাগে। তেওঁ কয় যে পৰ্যটন খণ্ডত উন্নত মানৰ 'হোমষ্টে'ৰ ওপৰত গুৰুত্ব দিব লাগে আৰু পৰ্যটকৰ সংখ্যা বৰ্তমানৰ ৯.১৮ লাখৰ পৰা ১৫ লাখলৈ বৃদ্ধি কৰিব লাগে। তেওঁ কয় যে অৰুণাচল প্ৰদেশ কণী, মাংস, মাছ আৰু দুগ্ধজাত সামগ্ৰী ক্ষেত্ৰত স্বাৱলম্বী হ'ব লাগে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে সমগ্ৰ ৰাজ্যতে শিশুৰ ১০০% টিকাকৰণ আৰু প্ৰতিষ্ঠানিক প্ৰসৱ নিশ্চিত কৰিব লাগে। তেওঁ কয় যে গাওঁবোৰত ১০০% ডিজিটাইজেচনৰ বাবে আঁচনি প্ৰস্তুত কৰিব লাগে। 'জ্ঞান ভাৰতম মিছন'ৰ অধীনত, জ্ঞান প্ৰণালীৰ বিশেষজ্ঞসকলক জড়িত কৰিব লাগে আৰু গুৰুত্বপূৰ্ণ পাণ্ডুলিপি তথা নথিপত্ৰৰ বাবে এক গভীৰ অনুসন্ধান চলাব লাগে।
শ্ৰী অমিত শ্বাহে কয় যে 'মিছন কৃষি বীৰ' আৰু 'মিছন অৰুণ হিমবীৰ'ৰ অধীনত এক পৃথক দৃষ্টিভংগী গ্ৰহণ কৰিব লাগে, য'ত প্ৰথমে সুৰক্ষা বাহিনীৰ প্ৰয়োজনীয়তা মূল্যায়ন কৰিব লাগে আৰু তাৰ পাছত গাওঁসমূহক সেই প্ৰয়োজনীয়তাবোৰ পূৰণ কৰিবলৈ সক্ষম কৰিব লাগে। তেওঁ কয় যে কিৱি, কমলা আৰু ডাঙৰ ইলাচিৰ ওপৰত বৰ্তমানৰ গুৰুত্ব দিয়াৰ উপৰি, বিশেষ উন্নয়নৰ বাবে আৰু দুবিধ উদ্যান শস্য বাছনি কৰিব লাগে। ৰাজ্য চৰকাৰে অতিৰিক্ত হেলিকপ্টাৰকে ধৰি কেইবাটাও বিষয়ত ভাৰত চৰকাৰৰ সহযোগিতা বিচাৰে; দিল্লীৰ পৰা অৰুণাচল প্ৰদেশলৈ বাণিজ্যিক বিমান চলাচল বৃদ্ধি; পাছিঘাটৰ পৰা পৰশুৰাম কুণ্ডলৈ ৰে'লপথৰ আগতীয়া অনুমোদন; সোৱণশিৰি জলাশয়ত উপযুক্ত পৰ্যটন; আৰু মেচুখাত দ্বৈত-ব্যৱহাৰৰ 'এডভান্সড লেণ্ডিং গ্ৰাউণ্ড'ৰ সম্প্ৰসাৰণ ।
কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে অৰুণাচল প্ৰদেশৰ সৰ্বাংগীন উন্নয়নৰ বাবে ভাৰত চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা দোহাৰে আৰু ৰাজ্যখনক নিৰন্তৰ সমৰ্থনৰ আশ্বাস দিয়ে। মুখ্যমন্ত্ৰী শ্ৰী পেমা খাণ্ডুৱে কেন্দ্ৰীয় গৃহ মন্ত্ৰীক তেওঁৰ নিৰ্দেশনাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে আৰু ৰাজ্য চৰকাৰে এই নিৰ্দেশনা কাৰ্যকৰী কৰি ৰাজ্যখনৰ উন্নয়নক আগুৱাই নিবলৈ সকলো প্ৰচেষ্টা চলাব বুলি আশ্বাস দিয়ে।
*****
RK/PR/PS/MK