পোষ্ট কৰা হৈছে:
19 NOV 2026 10:34PM by PIB Guwahati
মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দুদিনীয়া বিভাগীয় সন্মিলনৰ আয়োজন আৰু ইয়াত সম্পন্ন হোৱা অৰ্থপূৰ্ণ আলোচনা প্ৰশস্ত কৰাৰ বাবে সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ শলাগ লয় আৰু প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে সামাজিক ন্যায়, সামাজিক সবলীকৰণ আৰু এখনি নিচা মুক্ত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সামূহিক কাৰ্য্য আৰু ‘সমগ্ৰ চৰকাৰ’ দৃষ্টিভংগীৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।
আজি সন্ধিয়া ৰাষ্ট্ৰীয় ৰাজধানীৰ সুষমা স্বৰাজ ভৱনত অনুষ্ঠিত হোৱা ‘সমাৱেশী নীতি সংকল্প’ শীৰ্ষক দুদিনীয়া বিভাগীয় সন্মিলনৰ পূৰ্ণাংগ অধিৱেশনত ভাষণ প্ৰদান কৰি শ্ৰী মোদীয়ে চৰকাৰে গ্ৰহণ কৰা কল্যাণমূলক পদক্ষেপ ৰাজিৰ ৰূপান্তৰশীল প্ৰভাৱৰ ওপৰত আলোকপাত কৰি কয় যে দৰিদ্ৰতাৰ গ্ৰাসৰপৰা মুক্ত হোৱা প্ৰায় ৫০ কোটি লোকে প্ৰকৃত সামাজিক সবলীকৰণৰ অভিজ্ঞতা লাভ কৰিছে।

নিচা মুক্ত ভাৰত অভিযানক এটি ৰাষ্ট্ৰজোৰা জন আন্দোলনলৈ ৰূপান্তৰিত কৰিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিজন নাগৰিক, প্ৰতিটো পৰিয়াল, প্ৰতিখন শিক্ষানুষ্ঠান আৰু সমাজে এখনি ড্ৰাগছ-মুক্ত ভাৰত গঢ়ি তোলাত অৰিহণা যোগাব লাগিব। তেওঁ বিদ্যালয়সমূহক ৰচনা প্ৰতিযোগিতা আয়োজন কৰিবলৈ আৰু সজাগতামূলক পদক্ষেপ গ্ৰহণ কৰিবলৈ উৎসাহিত কৰে। একে সময়তে পিতৃ-মাতৃ সকলক মাদক দ্ৰব্য সেৱন আৰু ইয়াৰ প্ৰতি আসক্তিৰ প্ৰাৰম্ভিক লক্ষণসমূহ চিনাক্ত কৰিবলৈ সজাগ কৰি তোলে।
শ্ৰী মোদীয়ে পুনৰ্বাসন আৰু সামাজিক পুনৰ সংযোগৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি কয় যে যিসকল লোকে মাদক দ্ৰব্যৰ ওপৰত নিৰ্ভৰশীলতাক সফলতাৰে অতিক্ৰম কৰিছে তেওঁলোকৰ যাত্ৰাই আশাৰ এক গভীৰ বাৰ্তা প্ৰেৰণ কৰিছে। “এই যাত্ৰাই আশাৰ শক্তিশালী বাৰ্তা সঞ্চাৰ কৰিছে। তেওঁলোকে ইয়াৰ পৰা উদ্ধাৰ পোৱাতো যে সম্ভৱ আৰু ড্ৰাগছৰ পৰা মুক্ত জীৱন এটা মানেই যে এটি মৰ্য্যাদা সম্পন্ন জীৱন সেয়া দেখুৱাইছে।“

প্ৰধানমন্ত্ৰীয়ে কৃষক সকলক অবৈধ শস্যৰ কৃষি-কাৰ্য্যৰ পৰা আঁতৰি থাকিবলৈও আহ্বান জনায়। তেওঁ একেদৰে ড্ৰাগছ সেৱনৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় অভিযানক শক্তিশালী কৰিবলৈ সকলো মন্ত্ৰালয়, ৰাজ্য চৰকাৰ, জিলা প্ৰশাসন আৰু আধ্যাত্মিক সংগঠন সমূহক সমন্বিত প্ৰচেষ্টা গ্ৰহণ কাৰ্য্যৰ আহ্বান জনায়।

আধ্যাত্মিক গুৰুসকলৰ প্ৰভাৱক স্বীকৃতি জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে এই অভিযানত আধ্যাত্মিক গুৰু আৰু সংগঠন সমূহে এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তেওঁলোকৰ তত্বাৱধানে লাখ-লাখ লোকক ড্ৰাগছৰ পৰা মুক্ত এটি জীৱন বাছি ল’বলৈ অনুপ্ৰাণিত কৰিব পাৰে বুলি তেওঁ উল্লেখ কৰে।
দিব্যাংগজনৰ সবলীকৰণ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ মৰ্য্যাদা, সন্মান আৰু আত্ম-সন্মান বৃদ্ধিৰ দিশত ‘দিব্যাংগ’ শব্দটোৰ অৱদানৰ কথা উল্লেখ কৰি ইয়াৰ তাৎপৰ্য্যৰ ওপৰত আলোকপাত কৰে।
শ্ৰী মোদীয়ে দিব্যাংগজন শব্দটোৰ ব্যাপক ব্যৱহাৰ আৰু জনপ্ৰিয়কৰণক উৎসাহিত কৰি সমগ্ৰ সমাজত এনে লোক সকলৰ প্ৰতি এক ইতিবাচক দৃষ্টিভংগী গঢ়ি তোলাৰ প্ৰয়াস কৰিছিল। তেওঁ তেওঁলোকৰ অংশগ্ৰহণ আৰু অৱদানৰ বাবে উপযুক্ত সুযোগ আৰু মঞ্চ প্ৰশস্ত কৰি তেওঁলোকৰ অন্তৰ্নিহিত প্ৰতিভা আৰু সামৰ্থ্যক চিনাক্তকৰণ, লালন-পালন কৰা আৰু স্বীকৃতি প্ৰদানৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰীৰ ভাষণে কেন্দ্ৰ আৰু ৰাজ্য সমূহৰ মাজত স্থায়ী সহযোগিতা, প্ৰতিষ্ঠানিক অভিসৰণ আৰু কল্যাণমূলক কাৰ্য্যসূচীসমূহৰ ফলপ্ৰসূ ৰূপায়ণৰ প্ৰয়োজনীয়তাক অধিক শক্তিশালী কৰি তোলে। ইয়াৰ দ্বাৰাহে উন্নয়নৰ সুবিধাসমূহে সমাজৰ প্ৰতিটো শ্ৰেণীকে স্পৰ্শ কৰিব।
এই সন্মিলনত কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ দপ্তৰৰ মন্ত্ৰী, ২৭ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মন্ত্ৰী, উভয় বিভাগৰ সচিব, ৩৫ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সচিব তথা মন্ত্ৰালয় আৰু অংশগ্ৰহণকাৰী ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল সমূহৰ প্ৰশাসনৰ জ্যেষ্ঠ বিষয়া সকলে অংশগ্ৰহণ কৰি মূল অগ্ৰাধিকাৰসমূহৰ সন্দৰ্ভত তথা সৰ্বাংগীন সামাজিক উন্নয়ন আৰু সবলীকৰণৰ দিশত সহযোগিতামূলক প্ৰচেষ্টা শক্তিশালী কৰিবলৈ আলোচনা কৰে।

সন্মিলনত চাৰি বিষয়ভিত্তিক অগ্ৰাধিকাৰ সন্দৰ্ভত আলোচনা
২০২৬-ৰ ১৮ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা উক্ত দুদিনীয়া বিভাগীয় সন্মিলনৰ উদ্বোধনী অধিৱেশনত কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ দপ্তৰৰ মন্ত্ৰী ডঃ বীৰেন্দ্ৰ কুমাৰে ভাষণ প্ৰদান কৰে। ইয়াতেই ড্ৰাগছৰ চাহিদা হ্ৰাস, বৃত্তি প্ৰদান, অগ্ৰিম মধ্যৱৰ্তিতা আৰু সুগমতাৰ সৈতে জড়িত নীতিগত অগ্ৰাধিকাৰ আৰু ৰূপায়ণৰ ক্ষেত্ৰত প্ৰত্যাহ্বানসমূহৰ ৰূপৰেখা দাঙি ধৰি সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগ (DoSJE) তথা দিব্যাংগজন সবলীকৰণ বিভাগৰ (DEPwD) সচিবসকলে প্ৰসংগ-নিৰ্ধাৰিত বক্তব্য আগবঢ়ায়।
১৮ নৱেম্বৰ অৰ্থাৎ প্ৰথম দিনটোত নিচা মুক্ত ভাৰতৰ বাবে প্ৰতিৰোধ আৰু ড্ৰাগছৰ চাহিদা হ্ৰাসৰ উপায়ৰ পুনৰ-কল্পনা কৰাক কেন্দ্ৰ কৰি চাৰি বিষয়ভিত্তিক আলোচনা সম্পন্ন হয়; যথাঃ সুগম বৃত্তি, সষ্টম ছাত্ৰ-ছাত্ৰী; অগ্ৰিম মধ্যৱৰ্তিতা আৰু অক্ষমতাৰ বোজা হ্ৰাস তথা বিকশিত ভাৰতৰ বাবে সুগম্য ভাৰত।
চাৰি সমান্তৰাল ব্ৰেকআউট অধিৱেশনে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াসকলক উত্তম পদ্ধতিৰ আদান-প্ৰদান, ৰূপায়ণৰ ক্ষেত্ৰত প্ৰত্যাহ্বানসমূহৰ বিষয়ে আলোচনা আৰু স্পষ্টভাৱে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত কাৰ্য্যকৰী ব্যৱস্থা সমূহ চিনাক্ত কৰাৰ এখনি মঞ্চ প্ৰদান কৰে।
1. নিচা মুক্ত ভাৰতৰ বাবে প্ৰতিৰোধ আৰু ড্ৰাগছৰ চাহিদা হ্ৰাসৰ উপায়ৰ পুনৰ-কল্পনা
হিমাচল প্ৰদেশৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী ডাঃ (কৰ্ণেল) ধনী ৰাম শাণ্ডিলৰ অধ্যক্ষতা তথা ৰাজস্থানৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী শ্ৰী অবিনাশ গেহলটৰ সহ-অধ্যক্ষতাত অনুষ্ঠিত হোৱা অধিৱেশনত ড্ৰাগছ প্ৰতিৰোধ আৰু সজাগতামূলক প্ৰচেষ্টাক এক স্থায়ী জন আন্দোলনলৈ ৰূপান্তৰিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
মূল এক্সন পইন্ট সমূহৰ ভিতৰত আছিল ২০২৬-ৰ ডিচেম্বৰৰ পৰা প্ৰতি মাহৰ ১০ তাৰিখৰ দিনটোক নিচা মুক্তি সংকল্প দিৱস হিচাপে পালন কৰা; প্ৰতি গ্ৰামসভা আৰু পৌৰসভাৰ ৱাৰ্ডত ড্ৰাগছ প্ৰতিৰোধক এটা ষ্টেণ্ডিং এজেণ্ডাৰ বিষয় কৰি তোলা আৰু ২০২৯-ৰ মাৰ্চৰ ভিতৰত প্ৰতিখন জিলাতে অন্ততঃ এটাকৈ নিচা-মুক্তি কেন্দ্ৰ স্থাপন কৰা।
ইয়াত ৰাজ্যসমূহে পুনৰ্বাসন কেন্দ্ৰৰ বাবে চণ্ডীগড়ৰ ভাডা ক্লাব (VADA Clubs), পঞ্জাৱৰ ছূৰ্মা এম্বেছাদৰ (SOORMA Ambassadors), মেঘালয়ৰ ড্ৰিম ছ’লেচ হ’ম (DREAM Solace Home), জম্মু-কাশ্মীৰৰ ১০০ দিনীয়া অভিযান আৰু হাৰিয়ানাৰ ষ্টাৰছ ৰেটিংকে (STARS Rating) প্ৰমুখ্য কৰি কেইবাটাও উদ্ভাৱনীমূলক পদক্ষেপৰ কথা ব্যক্ত কৰে।
ডাঃ শাণ্ডিলে পৰিয়াল, বিদ্যালয় আৰু সমাজৰ জৰিয়তে গাঁথনিগত আৰু নিৰন্তৰ মধ্যৱৰ্তিতাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি কয় যে প্ৰতিৰোধ মানেই সুস্থ জনস্বাস্থ্য নীতি আৰু সুস্থ অৰ্থনীতি উভয়ৰে নিশ্চিতি।
শ্ৰী গেহলটে চৰকাৰ-নেতৃত্বাধীন কাৰ্য্যসূচীৰ বাহিৰলৈ গৈ সমাজ-চালিত অংশগ্ৰহণৰ দিশত আগবাঢ়ি যোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
ইয়াত সামাজিক ন্যায় আৰু সবলীকৰণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী বি. এল. বাৰ্মাই দৃঢ়তাৰে কয় যে ৰাষ্ট্ৰীয় কাৰ্য্য পৰিকল্পনাত আলোচনাৰ ফলাফলে ঠাই পাব।

2. সুগম বৃত্তি, সষ্টম ছাত্ৰ-ছাত্ৰী
উত্তৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰী শ্ৰী অসীম অৰুণৰ অধ্যক্ষতা আৰু হাৰিয়ানা চৰকাৰৰ মন্ত্ৰী শ্ৰী কিষাণ কুমাৰ বেদীৰ সহ-অধ্যক্ষতাত অনুষ্ঠিত এই অধিৱেশনত এক সংহত, সুগম আৰু ছাত্ৰ-ছাত্ৰী কেন্দ্ৰিক বৃত্তি প্ৰদানৰ বাতাবৰণ গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
আলোচনাত আবেদন পদ্ধতিৰ সৰলীকৰণ, কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত সুৰক্ষিত ডিজিটেল সংহতি, সহায়ক আবেদনৰ সুবিধা, সময়মতে বৃত্তি প্ৰদান আৰু অভিযোগ নিষ্পত্তি ব্যৱস্থাক শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰা হয়। ইয়াত আয়ৰ যোগ্যতাৰ মাপকাঠি আৰু বৃত্তিৰ ৰাশি পুনৰীক্ষণৰ সৈতে জড়িত পৰামৰ্শসমূহো আলোচনা কৰা হয়।
ইয়াত ৰাজ্যসমূহৰ সফল পদক্ষেপসমূহৰ ওপৰত আলোকপাত কৰা হয়। যথাঃ ওড়িশা, গুজৰাট আৰু উত্তৰ প্ৰদেশৰ সাধাৰণ বৃত্তি প্লেটফৰ্ম; অন্ধ্ৰ প্ৰদেশৰ ওৱান ষ্টপ বৃত্তি পৰ্টেল; মধ্যপ্ৰদেশৰ আবেদনৰ পূৰ্ব পৰীক্ষা তথা কৰ্ণাটক আৰু তামিলনাডুৱে গ্ৰহণ কৰা স্বয়ং-অনুমোদন ব্যৱস্থা।
আলোচনাত প্ৰযুক্তি-সক্ষম সেৱা প্ৰদান, আন্তঃচৰকাৰী সমন্বয় আৰু স্বচ্ছ প্ৰক্ৰিয়াৰ গুৰুত্বত আলোকপাত কৰা হয়। ইয়াৰ জৰিয়তে যোগ্য ছাত্ৰ-ছাত্ৰীসকলে সময়মতে আৰু হেঁচা-মুক্তভাৱে বৃত্তিৰ সাহায্য লাভ কৰাটো নিশ্চিত হ’ব।
3. অগ্ৰিম মধ্যৱৰ্তিতা আৰু অক্ষমতাৰ বোজা হ্ৰাস
বিহাৰ চৰকাৰৰ মন্ত্ৰী ডঃ শ্বেতা গুপ্তাৰ অধ্যক্ষতা আৰু মিজোৰাম চৰকাৰৰ মন্ত্ৰী শ্ৰীমতী পি লালৰিণপুইৰ সহ-অধ্যক্ষতাত অনুষ্ঠিত হোৱা অধিৱেশনত বিকাশত পলম আৰু অক্ষম শিশু সকলৰ অগ্ৰিম চিনাক্তকৰণ, সময়মতে মূল্যায়ন আৰু মধ্যৱৰ্তিতা সুদৃঢ় কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
মূল অগ্ৰাধিকাৰসমূহৰ ভিতৰত আছিল স্বাস্থ্য, পুষ্টি, শিক্ষা আৰু অক্ষমতা-সম্পৰ্কীয় সেৱাসমূহৰ মাজত অভিসৰণ গভীৰ কৰা; টেলি-পুনৰ্বাসন আৰু ম’বাইল আউটৰিচ সুবিধাৰ সম্প্ৰসাৰণ; সংহত ডিজিটেল ট্ৰেকিং ব্যৱস্থা বিকশিত কৰা আৰু প্ৰশিক্ষণ প্ৰাপ্ত মানৱ সম্পদৰ উপলব্ধতা বৃদ্ধি কৰা।
পশ্চিম বংগই ইয়াৰ সংস্পৰ্শ (SANSPARSH) মডেল উপস্থাপন কৰে। ইয়াত ২০-পইন্ট প্ৰশ্নাৱলীৰ জৰিয়তে অটিজিম স্পেকট্ৰাম ডিছঅৰ্ডাৰৰ (ASD) বাবে সমাজ-পৰ্য্যায়ৰ পৰীক্ষাৰ সুবিধা প্ৰশস্ত কৰা হৈছে।
ডঃ গুপ্তাই কয় যে অগ্ৰিম চিনাক্তকৰণ আৰু বৰ্তমানৰ সেৱাসমূহৰ অভিসৰণ কাৰ্য্য অক্ষমতাৰ বোজা হ্ৰাস কৰাৰ বাবে আৰু এই সমৰ্থনে তৃণমূল পৰ্য্যায়ৰ হিতাধিকাৰীসকলক স্পৰ্শ কৰাটো নিশ্চিতকৰণৰ ক্ষেত্ৰত অতিশয় গুৰুত্বপূৰ্ণ।
শ্ৰীমতী পি লালৰিণপুইয়ে পৰিয়াল, প্ৰতিষ্ঠান আৰু সেৱা প্ৰদানকাৰীসকলৰ মাজত অভিভাৱকৰ সজাগতা, নিৰন্তৰ অনুসৰণ আৰু উমৈহতীয়া দায়িত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

4. বিকশিত ভাৰতৰ বাবে সুগম্য ভাৰত
চতুৰ্থ বিষয়ভিত্তিক অধিৱেশনত পৰিকল্পনা পৰ্য্যায়ৰ পৰাই ৰাজহুৱা আন্তঃগাঁথনি, পৰিবহণ ব্যৱস্থা আৰু ডিজিটেল সেৱাসমূহৰ সৰ্বজনীন সুগমতা আৰু অন্তৰ্ভুক্ত ডিজাইনক মূলসুঁতিলৈ অনাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। আলোচনাত নিয়মীয়াকৈ সুগমতা অডিট, ফলপ্ৰসূ নিৰীক্ষণ ব্যৱস্থা আৰু ৰাজহুৱা সুবিধাসমূহৰ ডিজাইন তথা মূল্যায়নত দিব্যাংগজনৰ সক্ৰিয় অংশগ্ৰহণৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰা হয়।
ইয়াত ৰাজ্যসমূহে ভাৰতীয় সাংকেতিক ভাষাৰ প্ৰশিক্ষণপ্ৰাপ্ত কৰ্মচাৰী আৰু সুগম সুবিধাসমূহৰ সৈতে কেৰালাৰ কোচি মেট্ৰ’ আৰু ৱাটাৰ মেট্ৰ’কে প্ৰমুখ্য কৰি কেইবাটাও উত্তম পদ্ধতি থূপাই প্ৰদৰ্শন কৰে। চেন্নাই এগম'ৰ আৰু তামিলনাডুৰ চাবআৰবান ৰেলৱে ষ্টেচনৰ ব্ৰেইল-সক্ষম লিফ্ট, স্পৰ্শ পথ আৰু ইণ্ডাকচন লুপকে প্ৰমুখ্য কৰি সুগমতাৰ উন্নীতকৰণ; গোৱাৰ সুগম পৰ্যটন স্থান; গুজৰাটৰ আহমেদাবাদ জনমাৰ্গ বাছত লেভেল-বৰ্ডিং তথা অসমৰ বিদ্যালয়সমূহৰ বাধ্যতামূলক বাধা-মুক্ত আন্তঃগাঁথনিৰ আৰ্হি প্ৰদৰ্শন কৰা হয়।
সামাজিক ন্যায় আৰু সবলীকৰণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী বি. এল. বাৰ্মাই কয় যে বিশেষকৈ বিকশিত ভাৰত@২০৪৭-ৰ ৰাষ্ট্ৰীয় দৃষ্টিভংগীৰ প্ৰেক্ষাপটত সুগমতা অতিৰিক্ত সুবিধা নহয় বৰঞ্চ সম সুযোগ আৰু এটি মৰ্য্যাদা সম্পন্ন জীৱনৰ ভেটি।
ইয়াত গোৱাৰ মন্ত্ৰী শ্ৰী সুভাষ ফালদেশায়ে ৰেট্ৰ’ফিটিঙৰ ওপৰত নিৰ্ভৰ নকৰি ডিজাইন আৰু পৰিকল্পনা পৰ্য্যায়তে সুগমতাক অন্তৰ্ভুক্ত কৰাৰ পোষকতা কৰে।
ইয়াত অসমে এক সমৰ্পিত ৰাষ্ট্ৰীয় অভিযানৰ প্ৰস্তাৱ, জিলা-পৰ্য্যায়ৰ নিৰীক্ষণ আৰু সুগমতাৰ প্ৰয়োজনীয়তাসমূহ পালন নকৰাৰ ক্ষেত্ৰত বিহা যথোপযুক্ত শাস্তিসমূহৰ ওপৰত আলোকপাত কৰে।
জ্ঞানৰ আদান-প্ৰদান আৰু উত্তম পদ্ধতিৰ প্ৰদৰ্শনী
পূৰ্ণাংগ অধিৱেশনতে বিশেষজ্ঞ ডঃ বৰ্ষা গাথু (পূৰ্বে AYJNISHD-ত কৰ্মৰত) আৰু অধ্যাপক জে. এছ. ঠাকুৰে (PGIMER) ৰাষ্ট্ৰীয় নীতিৰাজিৰ সমান্তৰালভাৱে যুক্তৰাষ্ট্ৰ, অষ্ট্ৰেলিয়া, ছুইজাৰলেণ্ড, আইচলেণ্ড, থাইলেণ্ড আৰু আফ্ৰিকান ইউনিয়নৰ বিশ্বব্যাপী উত্তম পদ্ধতিসমূহ উপস্থাপন কৰে।
সুষমা স্বৰাজ ভৱনতে আয়োজিত এখনি প্ৰদৰ্শনীত উভয় বিভাগৰে আঁচনি, পদক্ষেপ, সফলতাৰ কাহিনী, ডিজিটেল এপ্লিকেচন আৰু পৰ্টেলসমূহ থূপাই প্ৰদৰ্শন কৰা হয়। ইয়াৰ ফলশ্ৰুতিত অংশগ্ৰহণকাৰীসকলে উদ্ভাৱনীমূলক মধ্যৱৰ্তিতা আৰু সেৱা প্ৰদানৰ ফলপ্ৰসূ আৰ্হিসমূহ সম্পৰ্কে বুজি পোৱাৰ সুযোগ লাভ কৰে।
সৰ্বাংগীন আৰু সবল ভাৰতৰ প্ৰতি নৱীকৃত দায়বদ্ধতা
কেন্দ্ৰ-ৰাষ্ট্ৰৰ সহযোগিতা, প্ৰতিষ্ঠানিক অভিসৰণ গভীৰ কৰা আৰু চুক্তিবদ্ধ এক্সন পইন্ট সমূহৰ সময়-সীমাবদ্ধ ৰূপায়ণৰ বাবে নৱীকৃত অংগীকাৰ গ্ৰহণেৰে এই আলোচনাৰ সামৰণি পৰে।
এই সন্মিলনে নীতিগত অগ্ৰাধিকাৰসমূহক সমন্বিত কাৰ্য্যলৈ ৰূপান্তৰ কৰা, ৰাজ্যিক-পৰ্য্যায়ৰ সফল পদ্ধতিসমূহৰ উপযোগিতা আৰু সামূহিক দায়বদ্ধতাৰ জৰিয়তে ৰূপায়ণৰ ব্যৱধানসমূহ দূৰ কৰাৰ বাবে এখনি গুৰুত্বপূৰ্ণ মঞ্চ প্ৰশস্ত কৰে।
ড্ৰাগছৰ চাহিদা হ্ৰাস, শৈক্ষিক সুযোগৰাজিৰ ন্যায্য প্ৰৱেশ, দিব্যাংগজনৰ বাবে অগ্ৰিম মধ্যৱৰ্তিতা আৰু সৰ্বজনীন সুগমতাৰ ক্ষেত্ৰত উমৈহতীয়া মনোযোগেৰে ‘সমাৱেশী নীতি সংকল্প, ২০২৬’-এ বিকশিত ভাৰত@২০৪৭-ৰ দৃষ্টিভংগী অনুসৰি এখনি সৰ্বাংগীন, সবল, সুগম আৰু ড্ৰাগছ-মুক্ত ভাৰত গঢ়ি তোলাৰ বাবে চৰকাৰৰ অংগীকাৰ পুনৰ দৃঢ় কৰে।
****
PR-236-TAR/KV/GA/RK/SB