57th International Film Festival of India 2026
20 – 28 Nov 2026

“তথ্যচিত্ৰ নিৰ্মাণ এক অন্তৰংগ প্ৰক্ৰিয়া”: ৫৭ সংখ্যক ইফিত বিশ্বাস, নৈতিকতা আৰু সামাজিক দায়বদ্ধতা সন্দৰ্ভত জুলি বাৰ্টুচেলি

ফৰাচী চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে সমাজৰ সৈতে নৈতিক সম্পৰ্ক, দৃষ্টিভংগী সলনি কৰাৰ ক্ষেত্ৰত চিনেমাৰ শক্তি আৰু মানৱীয় সৃজনশীলতাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে

পোষ্ট কৰা হৈছে: 21 NOV 2026 7:41PMby PIB Guwahatiৰিলিজ আই ডি : 2339830Views: 7

তথ্যচিত্ৰ নিৰ্মাণ কেৱল বাস্তৱক কেমেৰাত বন্দী কৰাতেই সীমাবদ্ধ নহয়; ইয়াৰ লগত জড়িত হৈ থাকে মানুহৰ বিশ্বাস অৰ্জন কৰা, তেওঁলোকৰ জীৱনৰ অভিজ্ঞতাক গভীৰভাৱে উপলব্ধি কৰা আৰু তেওঁলোকৰ জীৱনক কিদৰে উপস্থাপন কৰা হৈছে তাৰ সম্পূৰ্ণ দায়িত্ব মূৰ পাতি লোৱাৰ দৰে গুৰুত্বপূৰ্ণ দিশ। তথ্যচিত্ৰই দৰ্শকক এনে কিছুমান বাস্তৱ আৰু কণ্ঠৰ কাষ চপাই নিয়ে যিবোৰ প্ৰায়ে অশ্ৰুত হৈ থাকে, কিন্তু একে সময়তে বাস্তৱ জীৱনক চিত্ৰিত কৰাৰ ক্ষেত্ৰত কলাত্মক স্বাধীনতা, গোপনীয়তা আৰু নৈতিক দায়বদ্ধতাৰ দৰে গুৰুত্বপূৰ্ণ প্ৰশ্নও উত্থাপন হয়।

৫৭ সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (ইফি)-ৰ সমান্তৰালভাৱে পানাজীৰ কলা একাডেমীত আয়োজিত ‘ফ্ৰম উইটনেছ টু চেঞ্জ: দ্য ছ’চিয়েল ৰেচপন্সিবিলিটি অব্ ডকুমেণ্টেৰী চিনেমা’ শীৰ্ষক এক বাৰ্তালাপ অনুষ্ঠানত এই প্ৰশ্নসমূহকেই মূল বিষয় হিচাপে আলোচনা কৰা হয়। অনুষ্ঠানটোত প্ৰখ্যাত ফৰাচী চলচ্চিত্ৰ নিৰ্মাতা তথা চিত্ৰনাট্যকাৰ জুলি বাৰ্টুচেলিয়ে ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা হাওবাম পৱন কুমাৰৰ সৈতে এক অন্তৰংগ বাৰ্তালাপত অংশগ্ৰহণ কৰে।

তথ্যচিত্ৰ নিৰ্মাণক এক অত্যন্ত অন্তৰংগ প্ৰক্ৰিয়া হিচাপে অভিহিত কৰি বাৰ্টুচেলিয়ে মন্তব্য কৰে যে চলচ্চিত্ৰই ইয়াৰ বিষয়বস্তু বা চৰিত্ৰসমূহৰ জীৱনত গভীৰ প্ৰভাৱ পেলাব পাৰে আৰু ক্ষেত্ৰবিশেষে তেওঁলোকক বিপদতো পেলাব পাৰে। তেওঁ বিশ্বাস গঢ়ি তোলা, জনগোষ্ঠী বা সমাজৰ মাজত সময় কটোৱা আৰু কেমেৰাৰ উপস্থিতিত মানুহক সহজ হ’বলৈ সময় দিয়াৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে কয় যে মানুহক তেওঁলোকৰ দৈনন্দিন পৰিৱেশত নিৰীক্ষণ কৰিলে চলচ্চিত্ৰ নিৰ্মাতাসকলে তেওঁলোকে নিজকে কেনেকৈ চায় আৰু সমাজে তেওঁলোকক কেনেকৈ চোৱাটো বিচাৰে, সেয়া বুজি পোৱাত সহায় হয়।

সামাজিক পৰিৱৰ্তনৰ ক্ষেত্ৰত চিনেমাৰ সম্ভাৱনাৰ বিষয়ে আলোকপাত কৰি বাৰ্টুচেলিয়ে কয় যে চলচ্চিত্ৰই হয়তো ৰাতিটোৰ ভিতৰতে সমাজ সলনি কৰিব নোৱাৰে, কিন্তু ই ব্যক্তিগত দৃষ্টিভংগী গঢ় দিয়াত আৰু পৰিৱৰ্তনক উৎসাহিত কৰাত সহায় কৰিব পাৰে। তেওঁ কয়, “মই যদি কিছুমান মানুহৰ মনত মাত্ৰ অকণমান বীজ ৰোপণ কৰিব পাৰোঁ, সেয়াই বহুত।” তেওঁ লগতে উল্লেখ কৰে যে তেওঁ এনে চলচ্চিত্ৰহে পছন্দ কৰে যিয়ে আশাৰ সঞ্চাৰ কৰে আৰু ইতিবাচক উদাহৰণ দাঙি ধৰে, যাতে মানুহে পৰিৱৰ্তন সম্ভৱ বুলি বিশ্বাস কৰিবলৈ অনুপ্ৰাণিত হয়।

নিজৰ সৃজনশীল প্ৰক্ৰিয়াৰ বিষয়ে আলোচনা কৰি বাৰ্টুচেলিয়ে বুজাই দিয়ে যে তথ্যচিত্ৰৰ ধাৰণাবোৰ প্ৰায়ে অপ্ৰত্যাশিত সাক্ষাৎ, স্থান বা কৌতূহল জগাই তোলা বিষয়বস্তুৰ পৰাই উদ্ভৱ হয়। ‘স্কুল অব্ বেবেল’ আৰু ‘ছিন্স ওটাৰ লেফ্ট’-ৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে বাস্তৱ জীৱনৰ অভিজ্ঞতাবোৰেই প্ৰায়ে তেওঁৰ চলচ্চিত্ৰৰ আৰম্ভণিৰ বিন্দু হিচাপে কাম কৰে। পুঁজি সংগ্ৰহৰ বাবে চিত্ৰনাট্য আৰু প্ৰস্তাৱনাৰ প্ৰয়োজন হ’লেও, চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰকৃত প্ৰক্ৰিয়াটো বাস্তৱ জীৱনৰ অনিশ্চয়তাৰ বাবে সদায় মুক্ত হৈ থাকে।

নিজৰ পেছাদাৰী যাত্ৰাৰ স্মৃতি ৰোমন্থন কৰি তেওঁ ক্ৰিষ্টফ কিয়েছলভস্কি, ৰিথি পান আৰু বাৰ্ট্ৰাণ্ড টাভাৰ্নিয়াৰৰ দৰে প্ৰখ্যাত পৰিচালকৰ সহকাৰী হিচাপে প্ৰায় ১৫ বছৰ কাম কৰাৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰে। তেওঁৰ কামৰ সূত্ৰে তেওঁ ৰাছিয়া, জৰ্জিয়া আৰু কম্বোডিয়াৰ দৰে দেশ ভ্ৰমণ কৰাৰ সুযোগ পাইছিল, যিয়ে তেওঁক বিভিন্ন সাংস্কৃতিক আৰু চলচ্চিত্ৰ নিৰ্মাণৰ পৰিৱেশৰ অভিজ্ঞতা প্ৰদান কৰিছিল।

নিজৰ গাঁৱত অস্পৃশ্যতা আৰু পিতৃতন্ত্ৰৰ দৰে স্পৰ্শকাতৰ সামাজিক বিষয়সমূহক তথ্যচিত্ৰৰ ৰূপ দিবলৈ পৰামৰ্শ বিচৰা এজন যুৱ চলচ্চিত্ৰ নিৰ্মাতাৰ প্ৰশ্নৰ উত্তৰত বাৰ্টুচেলিয়ে বিশ্বাস আৰু নিৰন্তৰ সম্পৰ্কৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে। তেওঁ কয় যে চলচ্চিত্ৰ নিৰ্মাতাসকলে যিসকল লোকক লৈ তথ্যচিত্ৰ নিৰ্মাণ কৰে, তেওঁলোকৰ প্ৰতি প্ৰকৃত আগ্ৰহ দেখুৱাব লাগিব আৰু নিজৰ কামৰ উদ্দেশ্য স্পষ্টকৈ বুজাই দিব লাগিব।

তথ্যচিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত এক আন্তঃৰাষ্ট্ৰীয় দৃষ্টিভংগী আগবঢ়াই বাৰ্টুচেলিয়ে এই ধাৰাটোৰ প্ৰতি ফ্ৰান্সৰ প্ৰতিষ্ঠানিক সমৰ্থনৰ বিষয়ে আলোচনা কৰে, যাৰ ভিতৰত চলচ্চিত্ৰৰ বিত্তীয় সাহায্যৰ ক্ষেত্ৰত চিনেমাৰ টিকটৰ ৰাজহৰ অৱদান আৰু সংৰক্ষিত থিয়েটাৰ উইণ্ডোৰ ভূমিকা অন্যতম। ভাৰতৰ সমৃদ্ধ তথ্যচিত্ৰ নিৰ্মাণৰ পৰম্পৰাক স্বীকাৰ কৰি তেওঁ লগতে জানিবলৈ দিয়ে যে অনাগত বছৰবোৰত পেৰিছত ভাৰতীয় তথ্যচিত্ৰৰ এক বিশেষ প্ৰদৰ্শনী (ৰেট্ৰ’স্পেক্টিভ) আয়োজন কৰাৰ প্ৰস্তুতি চলি আছে।

কৃত্ৰিম বুদ্ধিমত্তাৰ বৰ্ধিত ব্যৱহাৰক লৈ উদ্বেগ প্ৰকাশ কৰি বাৰ্টুচেলিয়ে সৃজনশীলতা, স্বত্বাধিকাৰ আৰু পাৰিপাৰ্শ্বিক ব্যয়, বিশেষকৈ পানী আৰু বিদ্যুতৰ অত্যধিক ব্যৱহাৰৰ দিশটো আঙুলিয়াই দিয়ে। তেওঁ সতৰ্ক কৰি দিয়ে যে এআই-ৰ ওপৰত অত্যধিক নিৰ্ভৰশীলতাই মানুহৰ স্মৃতিশক্তি, স্বাধীন চিন্তাশক্তি আৰু সৃজনশীল মৌলিকতাক দুৰ্বল কৰি তুলিব পাৰে।

তথ্যচিত্ৰৰ অনন্য মূল্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে ই এনে কিবা এটা ধৰি ৰাখে যাক এআই-য়ে কেতিয়াও অনুকৰণ কৰিব নোৱাৰে: সেয়া হৈছে বাস্তৱ মানৱীয় আদান-প্ৰদানৰ স্বতঃস্ফূৰ্ত আৱেগ, নীৰৱতা, অংগী-ভংগী আৰু অসম্পূৰ্ণতাসমূহ।

এই অনুষ্ঠানটোৱে বিশ্বাস, নৈতিক দায়বদ্ধতা আৰু মানৱীয় বুজাবুজিৰ এক অনুশীলন হিচাপে তথ্যচিত্ৰ নিৰ্মাণৰ বিষয়ে বহু মূল্যৱান অন্তৰ্দৃষ্টি প্ৰদান কৰাৰ লগতে অৱহেলিত বাস্তৱসমূহক জনসাধাৰণৰ চেতনালৈ অনা আৰু অৰ্থপূৰ্ণ পৰিৱৰ্তনক অনুপ্ৰাণিত কৰাৰ ক্ষেত্ৰত চিনেমাৰ চিৰন্তন সামৰ্থ্যক উজ্জ্বল কৰি তোলে।

 

ইফিলইড ইয়াত পঢ়ক: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1&reg=48

 

PIB IFFI Team | Rajith Chandran/ Supriya Ghaytadak/ Bibin S Nath/ Darshana Rane | IFFI 57 - 052


Great films resonate through passionate voices. Share your love for cinema with #IFFI2026 and #StoriesWithoutBorders. Tag us @pibindia on Instagram and @PIB_India on X, and we will help amplify your festival moments!

For accredited journalists, critics, bloggers, and vloggers seeking 1-on-1 interviews with filmmakers and festival juries, write to us at:
iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


Official Release ID: 2339830
•
Media Centre: Goa
•
Festival Dates: Nov 20 – 28, 2026