চলচ্চিত্ৰই প্ৰজন্মৰ পাছত প্ৰজন্মৰ কল্পনাক আকৰ্ষণ কৰে, সমাজক প্ৰতিফলিত কৰে, স্মৃতি সংৰক্ষণ কৰে আৰু সাংস্কৃতিক পৰিচয় গঢ় দিয়ে। পৰ্দাৰ চলন্ত ছবিসমূহৰ উপৰিও, চলচ্চিত্ৰ জগতখনক গঢ় দিয়া চিন্তাধাৰা, সৃজনশীল প্ৰক্ৰিয়া আৰু যাত্ৰাসমূহ নথিভুক্ত কৰাত গ্ৰন্থসমূহে সমানেই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই গুৰুত্বক স্বীকৃতি দি প্ৰকাশন বিভাগে ৫৭ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (ইফি) ২০২৬-ত ভাৰতৰ চলচ্চিত্ৰীয় ঐতিহ্যৰ বিভিন্ন দিশ উদযাপন কৰি দুখন গ্ৰন্থ উন্মোচন কৰে।
এই উপলক্ষে বক্তব্য প্ৰদান কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী চঞ্চল কুমাৰে চলচ্চিত্ৰ নিৰ্মাণৰ আঁৰৰ সৃজনশীল যাত্ৰাসমূহ নথিভুক্ত কৰা আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে ভাৰতৰ চহকী চলচ্চিত্ৰীয় ঐতিহ্য সংৰক্ষণ কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ মন্তব্য কৰে যে চলচ্চিত্ৰ কেৱল মনোৰঞ্জনৰ মাধ্যম নহয়, বৰঞ্চ ই সমাজ, বিভিন্ন প্ৰজন্মৰ চেতনা আৰু বিকশিত হোৱা চিন্তাধাৰাৰো এক প্ৰতিফলন। “চলচ্চিত্ৰই আমাক এটা কাহিনী কয়। চলচ্চিত্ৰ বিষয়ক গ্ৰন্থসমূহে এই কাহিনীবোৰে কেনেকৈ প্ৰাণ পাই উঠিছিল তাক বুজাত আমাক সহায় কৰে,” বুলি উল্লেখ কৰি তেওঁ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ অভিজ্ঞতা, চলচ্চিত্ৰীয় কৌশলৰ বিৱৰ্তন আৰু ভাৰতীয় চলচ্চিত্ৰক গঢ় দিয়া চিন্তাধাৰাৰ বিষয়ে গ্ৰন্থসমূহে কেনেদৰে মূল্যৱান অন্তৰ্দৃষ্টি প্ৰদান কৰে সেই কথা দাঙি ধৰে।
এই অনুষ্ঠানত উন্মোচন কৰা গ্ৰন্থ দুখন হৈছে শ্ৰী ৰাজেন্দ্ৰ ভট্টৰ দ্বাৰা সংকলিত ‘চিনেমা: বিবিধ আয়াম’ আৰু শ্ৰী বিনোদ কৌলৰ দ্বাৰা ৰচিত ‘অৱতাৰ কৌল: দ্য (ইন)কম্প্লিট ষ্ট’ৰী’। ইয়াৰে প্ৰথমখন গ্ৰন্থত চলচ্চিত্ৰ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ লেখা আৰু দৃষ্টিভংগীসমূহ একত্ৰিত কৰি হিন্দী পঢ়ুৱৈৰ বাবে সুলভ কৰি তোলা হৈছে, আনহাতে দ্বিতীয়খন গ্ৰন্থত চলচ্চিত্ৰ নিৰ্মাতা অৱতাৰ কৌলৰ জীৱন আৰু অসম্পূৰ্ণ সৃজনশীল ঐতিহ্যক নথিভুক্ত কৰা হৈছে।
‘চিনেমা: বিবিধ আয়াম’ৰ কথা উল্লেখ কৰি শ্ৰী চঞ্চল কুমাৰে চলচ্চিত্ৰ নিৰ্মাতা আৰু পণ্ডিতসকলৰ এই লেখা সংকলনটোৰ প্ৰশংসা কৰে, যিয়ে কালজয়ী ছবি, চলচ্চিত্ৰ নিৰ্মাণ আৰু বিশ্ব চলচ্চিত্ৰৰ বিষয়ে গভীৰ অন্তৰ্দৃষ্টি প্ৰদান কৰে। এই লেখাসমূহ হিন্দী পাঠকৰ বাবে সুলভ কৰি তোলাৰ প্ৰচেষ্টাক তেওঁ বিশেষভাৱে শলাগ লয়। ‘অৱতাৰ কৌল: দ্য (ইন)কম্প্লিট ষ্ট’ৰী’ৰ বিষয়ে কওঁতে তেওঁ চলচ্চিত্ৰ নিৰ্মাতা অৱতাৰ কৌলৰ ঐতিহ্য স্মৰণ কৰে, যাৰ একমাত্ৰ ছবি ‘২৭ ডাউন’ (১৯৭৪) ভাৰতীয় নৱতৰংগ চলচ্চিত্ৰৰ এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছিল।
প্ৰকাশন বিভাগ, শ্ৰী ৰাজেন্দ্ৰ ভট্ট, শ্ৰী বিনোদ কৌল আৰু এই প্ৰকাশনসমূহৰ সৈতে জড়িত সকলোকে অভিনন্দন জনাই সচিবগৰাকীয়ে আশা প্ৰকাশ কৰে যে এই গ্ৰন্থসমূহে শিক্ষাৰ্থী, চলচ্চিত্ৰ নিৰ্মাতা আৰু চিনেমাপ্ৰেমীসকলক ভাৰতৰ চলচ্চিত্ৰীয় ঐতিহ্যক অধিক গভীৰভাৱে অন্বেষণ কৰিবলৈ অনুপ্ৰাণিত কৰিব।
প্ৰকাশন বিভাগৰ সঞ্চালক প্ৰধান শ্ৰীমতী কাঞ্চন প্ৰসাদে চলচ্চিত্ৰৰ সৈতে বিভাগটোৰ দীৰ্ঘদিনীয়া সম্পৰ্ক আৰু ভাৰতৰ সাংস্কৃতিক তথা সৃজনশীল ঐতিহ্য নথিভুক্ত কৰাত ইয়াৰ ভূমিকাৰ ওপৰত আলোকপাত কৰে। চলচ্চিত্ৰই সময়ৰ মূহূৰ্তবোৰ বন্দী কৰি ৰখাৰ বিপৰীতে গ্ৰন্থসমূহে সেই মূহূৰ্তবোৰ চিৰস্থায়ীভাৱে সংৰক্ষিত হোৱাটো নিশ্চিত কৰে বুলি মন্তব্য কৰি তেওঁ সৃজনশীল যাত্ৰাসমূহ নথিভুক্ত কৰা, কাহিনী সংৰক্ষণ কৰা আৰু ভাৰতৰ সাংস্কৃতিক পৰিচয় গঢ় দিয়াসকলৰ অৱদানক উদযাপন কৰাৰ বাবে বিভাগটোৱে গ্ৰহণ কৰা প্ৰচেষ্টাসমূহৰ বিষয়ে অৱগত কৰে।
শ্ৰী ৰাজেন্দ্ৰ ভট্টই ‘চিনেমা: বিবিধ আয়াম’ৰ আঁৰৰ সম্পাদকীয় যাত্ৰাৰ বিষয়ে বিতংভাৱে বৰ্ণনা কৰে আৰু প্ৰকাশন বিভাগে কেনেদৰে চলচ্চিত্ৰ বিষয়ক গুৰুত্বপূৰ্ণ লেখাসমূহ হিন্দী পাঠকৰ ওচৰলৈ লৈ যোৱাৰ পদক্ষেপ আগবঢ়াই নিছিল সেই বিষয়ে বুজাই দিয়ে।
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব শ্ৰী প্ৰভাত আৰু মন্ত্ৰালয়ৰ যুটীয়া সচিব ড° কে কে নিৰালাৰ উপস্থিতিত অনুষ্ঠিত এই অধিৱেশনখন সঞ্চালনা কৰে প্ৰেছ ইনফৰ্মেচন ব্যুৰ’ৰ সঞ্চালক প্ৰধান শ্ৰীমতী স্মিতা বৎস শৰ্মাই।
গ্ৰন্থ দুখনৰ বিষয়ে
অৱতাৰ কৌল: দ্য (ইন)কম্প্লিট ষ্ট’ৰী
শ্ৰী বিনোদ কৌলৰ দ্বাৰা ইংৰাজী ভাষাত ৰচিত এই গ্ৰন্থখনত চিঠি-পত্ৰ, আলোকচিত্ৰ, স্মৃতি আৰু বাৰ্তালাপৰ জৰিয়তে চলচ্চিত্ৰ নিৰ্মাতা অৱতাৰ কৌলৰ জীৱন আৰু অসম্পূৰ্ণ ঐতিহ্যক নথিভুক্ত কৰা হৈছে। তেওঁৰ একমাত্ৰ ছবি ‘২৭ ডাউন’ (১৯৭৪) ভাৰতীয় নৱতৰংগ চলচ্চিত্ৰৰ এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছিল আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। দুৰ্ভাগ্যজনকভাৱে, এজন বন্ধুক বচাবলৈ চেষ্টা কৰি থাকোঁতে ৩৪ বছৰ বয়সত মুম্বাইত পানীত ডুবি তেওঁৰ অকাল মৃত্যু হোৱাৰ দিনটোতেই এই বঁটা ঘোষণা কৰা হৈছিল।
চিনেমা: বিবিধ আয়াম
শ্ৰী ৰাজেন্দ্ৰ ভট্টৰ দ্বাৰা হিন্দী ভাষাত সংকলিত এই গ্ৰন্থখনত এফটিআইআইৰ আলোচনী ‘লেনছাইট’ৰ পৰা অভিযোজিত প্ৰবন্ধ আৰু সাক্ষাৎকাৰসমূহ একত্ৰিত কৰা হৈছে। ইয়াত চলচ্চিত্ৰৰ ইতিহাস, চিত্ৰগ্ৰহণ, বিশ্ব চলচ্চিত্ৰ আৰু চলচ্চিত্ৰ নিৰ্মাণৰ আঁৰৰ সৃজনশীল প্ৰক্ৰিয়াসমূহৰ বিষয়ে গভীৰ অন্তৰ্দৃষ্টি আগবঢ়োৱা হৈছে, যিয়ে চলচ্চিত্ৰ সম্পৰ্কীয় বিভিন্ন দৃষ্টিভংগীক এক বৃহৎ হিন্দী পাঠক সমাজৰ ওচৰলৈ লৈ গৈছে।
ইফিলইড ইয়াত পঢ়ক: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1®=48
_20261121192235_b759c7.jpeg)



PIB IFFI Team | Rajith Chandran/ Sriyanka Chatterjee/ Sasmita Paikaray/ Darshana Rane | IFFI 57 - 049