ভাৰতীয় চলচ্চিত্ৰ জগতৰ বাবে ১৯২৬ বৰ্ষটো এক অসাধাৰণ বছৰ হিচাপে পৰিগণিত হৈছিল, কিয়নো সেই বছৰতে দেশৰ বিভিন্ন প্ৰান্তৰ ভিন্ন পৰিয়াল আৰু সাংস্কৃতিক পৰম্পৰাৰ মাজত সাতগৰাকী অসামান্য ব্যক্তিত্বই জন্মগ্ৰহণ কৰিছিল, যিসকলে ৰূপালী পৰ্দাত এক চিৰস্থায়ী ঐতিহ্য এৰি থৈ গৈছে। তেওঁলোক হৈছে— বাংলা চলচ্চিত্ৰৰ কিংবদন্তী ‘মহানায়ক’ উত্তম কুমাৰ; হিন্দী চলচ্চিত্ৰৰ কেইবাখনো কালজয়ী ছবিৰ প্ৰখ্যাত নিৰ্মাতা শক্তি সামন্ত; যাৰ চিৰসেউজ সুৰে আজিও প্ৰজন্মৰ পাছত প্ৰজন্মক মন্ত্ৰমুগ্ধ কৰি ৰাখিছে সেই সংগীতৰ যাদুকৰ অ’ পি নায়াৰ; গ্ৰাম্য, ঐতিহাসিক আৰু পৌৰাণিক কাহিনীত কৰা স্মৰণীয় অভিনয়েৰে মাৰাঠী চলচ্চিত্ৰক সমৃদ্ধ কৰা পদ্মশ্ৰী বঁটাপ্ৰাপক সূৰ্যকান্ত মান্ধাৰে; মালয়ালম চলচ্চিত্ৰৰ চিৰসেউজ ৰোমাণ্টিক নায়ক প্ৰেম নাজিৰ; নিজৰ অনন্য কণ্ঠস্বৰ আৰু অদ্বিতীয় অভিনয় শৈলীৰে বলিউডত এক বিশেষ স্থান দখল কৰা অভিনেতা ৰাজ কুমাৰ; আৰু 'চৌধৱী কা চান্দ', 'গুমৰাহ', 'ৱক্ত' তথা 'হমৰাজ'ৰ দৰে কালজয়ী সংগীতৰ স্ৰষ্টা প্ৰতিভাৱান সুৰকাৰ ৰবি (বম্বে ৰবি)।
এশ বছৰৰ পাছত, ৫৭ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱে (ইফি) হিন্দী, বাংলা, মালয়ালম আৰু মাৰাঠী— এই চাৰিটা ভাষাৰ পাঁচখন পুনৰুদ্ধাৰ কৰা চলচ্চিত্ৰৰ প্ৰদৰ্শনেৰে তেওঁলোকৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰিছে। এই ছবিসমূহ হৈছে এই শতবৰ্ষীয় শিল্পীসকলৰ অন্যতম শ্ৰেষ্ঠ আৰু বহুল সমাদৃত কৃতি। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ ভাৰতৰ চহকী চলচ্চিত্ৰ ঐতিহ্য সংৰক্ষণ, ডিজিটাইজেচন আৰু পুনৰুদ্ধাৰৰ ধ্বজাবাহী পদক্ষেপ ‘ৰাষ্ট্ৰীয় চলচ্চিত্ৰ ঐতিহ্য অভিযান’ৰ অধীনত ‘ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম’ৰ (এনএফডিচি) দ্বাৰা এই আটাইকেইখন ছবি পুনৰুদ্ধাৰ কৰা হৈছে।
‘চৌৰংগী’ত উত্তম কুমাৰ
১৯৬৫ চনৰ কালজয়ী বাংলা ছবি ‘চৌৰংগী’য়ে বাংলা চলচ্চিত্ৰৰ অন্যতম শ্ৰেষ্ঠ সমূহীয়া অভিনয়ক দৰ্শকৰ মাজলৈ লৈ আহিছিল। বাংলা চিনেমাৰ সৰ্বাধিক জনপ্ৰিয় তাৰকা উত্তম কুমাৰে নিজৰ জনপ্ৰিয়তাৰ শীৰ্ষত থকা সময়তে এই ছবিখনত সত্যসুন্দৰ ‘সতা’ বসুৰ চৰিত্ৰত অভিনয় কৰিবলৈ সন্মত হৈছিল। ১৯৪৮ চনত অভিনেতা হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰা উত্তম কুমাৰে পৰৱৰ্তী তিনিটা দশকত ২০০ ৰো অধিক ছবিত অভিনয় কৰি ‘সপ্তপদী’, ‘হাৰানো সুৰ’, ‘নায়ক’, ‘চিৰিয়াখানা’, ‘অমানুষ’ আদিৰ দৰে বহুতো কালজয়ী ছবি উপহাৰ দি গৈছে। তেওঁ বাংলা চলচ্চিত্ৰৰ অভিনয়ক মঞ্চসুলভ শৈলীৰ পৰা আঁতৰাই আনি এক নগৰীয়া ৰোমাণ্টিক ৰূপ দিছিল।
পৰিচালক শক্তি সামন্ত আৰু সংগীত পৰিচালক অ’ পি নায়াৰৰ ‘কাশ্মীৰ কী কলী’
‘কাশ্মীৰ কী কলী’ ছবিখনে পৰিচালক আৰু সংগীত পৰিচালক হিচাপে এই দুয়োগৰাকী পুৰোধা ব্যক্তিক নিজ নিজ কৰ্মজীৱনৰ শীৰ্ষত উপনীত কৰাইছিল। শক্তি সামন্তই কাশ্মীৰৰ স্বৰ্গীয় সৌন্দৰ্যক সম্পূৰ্ণ ৰঙীন ৰূপত চিত্ৰায়ণ কৰি চিনেমাপ্ৰেমীৰ আগত দাঙি ধৰিছিল, আনহাতে অ’ পি নায়াৰে এনে কিছুমান সংগীতৰ সুৰ সৃষ্টি কৰিছিল যিয়ে আজিও মানুহৰ হৃদয় চুই যায়।
শক্তি সামন্তইও ১৯৪৮ চনত সহকাৰী পৰিচালক হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল আৰু ১৯৫৫ চনৰ ‘বহু’ ছবিখনৰ জৰিয়তে স্বাধীন পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছিল। নিজৰ প্ৰযোজনা সংস্থা ‘শক্তি ফিল্মছ’ৰ বেনাৰত তেওঁ ৪৩ খন কাহিনী চিত্ৰ পৰিচালনা কৰিছিল, যাৰ ভিতৰত ৩৭ খন হিন্দী আৰু ৬ খন বাংলা ছবি। এইগৰাকী দক্ষ চলচ্চিত্ৰ নিৰ্মাতাই হিন্দী চিনেমাক ‘হাওৰা ব্ৰীজ’, ‘চাইনা টাউন’, ‘এন ইভিনিং ইন পেৰিছ’, ‘আৰাধনা’, ‘কটি পতংগ’, ‘অমৰ প্ৰেম’ আৰু ‘অনুৰাগ’ৰ দৰে বহুতো কালজয়ী ছবি উপহাৰ দিছে।
ওমকাৰ প্ৰসাদ নায়াৰে ১৯৫২ চনৰ ‘আছমান’ ছবিখনৰ জৰিয়তে চলচ্চিত্ৰ জগতত খোজ পেলাইছিল আৰু পৰৱৰ্তী সময়ত ‘আৰ পাৰ’, ‘মিষ্টাৰ এণ্ড মিছেছ ৫৫’, ‘চিআইডি’, ‘নয়া দৌৰ’ আৰু ‘হাওৰা ব্ৰীজ’ৰ দৰে ছবিত সংগীত পৰিচালনা কৰিছিল। কণ্ঠশিল্পী মহম্মদ ৰফি, আশা ভোছলে আৰু গীতা দত্তৰ সৈতে তেওঁৰ যুটীয়ে হিন্দী চলচ্চিত্ৰ সংগীতৰ কেইবাটাও সৰ্বকালৰ শ্ৰেষ্ঠ গীতৰ জন্ম দিছিল। তেওঁৰ সংগীতত ব্যৱহৃত ঘোঁৰাৰ খোজৰ দৰে ছন্দ আৰু ঢোলকৰ তালে এক সুকীয়া সংগীত শৈলীৰ সৃষ্টি কৰিছিল, যাক দৰ্শকে অতিশয় আদৰি লৈছিল।
‘সাধী মানসে’ত সূৰ্যকান্ত মান্ধাৰে
সূৰ্যকান্ত মান্ধাৰেক সৰু কালতে তেওঁৰ গুৰু ভালজী পেণ্ঢাৰকাৰে আৱিষ্কাৰ কৰিছিল আৰু তেওঁ শিশু শিল্পী হিচাপে নিজৰ অভিনয় জীৱন আৰম্ভ কৰিছিল। পঞ্চাশ বছৰজোৰা সুদীৰ্ঘ কৰ্মজীৱনত ‘সাংগত্যে আইকা’, ‘কন্যাদান’, ‘মোহিত্যাঞ্চি মঞ্জুলা’ আৰু ‘মলহাৰী মাৰ্তণ্ড’কে ধৰি এশৰো অধিক ছবিত অভিনয় কৰি তেওঁ গ্ৰাম্য, ঐতিহাসিক আৰু পৌৰাণিক নায়কৰ ৰূপত মাৰাঠী চলচ্চিত্ৰক কেইবাটাও অতি শক্তিশালী চৰিত্ৰ উপহাৰ দি গৈছে।
১৯৬৫ চনৰ কালজয়ী ছবি ‘সাধী মানসে’ত তেওঁ শংকৰ নামৰ এজন কমাৰৰ চৰিত্ৰত অভিনয় কৰিছে, যি দম্ভহীন এজন শক্তিশালী পুৰুষ, শ্ৰমৰ মৰ্যাদা আৰু ভুল বুজাবুজিৰ বেদনাৰ প্ৰতীক। এই ছবিখনত তেওঁৰ বিপৰীতে অভিনয় কৰিছে জয়শ্ৰী গডকৰে, যাৰ সৈতে তেওঁ বহু ছবিত যুটী বান্ধিছিল। ছবিখনৰ আন এটা আমোদজনক দিশ হ’ল কিংবদন্তী কণ্ঠশিল্পী লতা মংগেশকাৰে ‘আনন্দঘন’ ছদ্মনামেৰে ইয়াৰ সংগীত পৰিচালনা কৰিছিল, যিটো নাম তেওঁ মাৰাঠী চলচ্চিত্ৰত কাম কৰোঁতে প্ৰায়ে ব্যৱহাৰ কৰিছিল।
‘তুলাভাৰম’ত প্ৰেম নাজিৰ
মালায়ালম চলচ্চিত্ৰৰ চিৰসেউজ ৰোমাণ্টিক নায়ক প্ৰেম নাজিৰ, যাৰ ছবিসমূহ সুমধুৰ গীত আৰু উজ্জ্বল প্ৰেম কাহিনীৰ বাবে জনাজাত, তেওঁ ‘তুলাভাৰম’ ছবিত ৰামা নামৰ এজন কাৰখানাৰ শ্ৰমিক তথা শ্ৰমিক নেতাৰ চৰিত্ৰত অভিনয় কৰিছিল। মূলতঃ ৰোমাণ্টিক নায়কৰ চৰিত্ৰৰ বাবে পৰিচিত এই প্ৰখ্যাত অভিনেতাজনে নিজৰ গ্লেমাৰাছ ভাবমূৰ্তি আঁতৰাই ৰাখি এক অত্যন্ত সংযত আৰু বাস্তৱসন্মত অভিনয় আগবঢ়াইছিল, যাক তেওঁৰ কৰ্মজীৱনৰ অন্যতম শ্ৰেষ্ঠ অভিনয় বুলি গণ্য কৰা হয়।
‘ইৰুত্তিন্টে আত্মাভু’, ‘মুৰাপ্পেন্নু’ আৰু ‘নদী’ৰ পৰা আৰম্ভ কৰি ‘কল্লিচেল্লাম্মা’, ‘ভিদা পৰায়ুম মুনপে’ আৰু ‘পদায়োট্টম’লৈকে— প্ৰেম নাজিৰে ৰোমাণ্টিক চৰিত্ৰৰ পৰা ওলাই আহি পৌৰাণিক আৰু সমাজ সংস্কাৰমূলক চৰিত্ৰতো অনবদ্য অভিনয় কৰিছিল। ৭০০ ৰো অধিক ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰা আৰু অভিনেত্ৰী শীলাৰ বিপৰীতে ১৩০ খন ছবিত যুটী বন্ধাৰ বাবে তেওঁৰ নামত দুটাকৈ গিনিজ ৱৰ্ল্ড ৰেকৰ্ড আছে। ১৯৮৩ চনত তেওঁ পদ্মভূষণ সন্মানেৰে বিভূষিত হয়।
‘ৱক্ত’ত অভিনেতা ৰাজ কুমাৰ আৰু সংগীত পৰিচালক বম্বে ৰবি
গম্ভীৰ কণ্ঠস্বৰ, সাৱলীল সংলাপ প্ৰক্ষেপণ আৰু এক অনন্য বিশাল ব্যক্তিত্বৰ অধিকাৰী কিংবদন্তী অভিনেতা ৰাজ কুমাৰ আৰু প্ৰখ্যাত সংগীত পৰিচালক ৰবি একেলগে কাম কৰিছিল য়শ চোপ্ৰাৰ বহু-তাৰকাখচিত ছবি ‘ৱক্ত’ত। ৰাজা নামৰ এজন চোৰৰ চৰিত্ৰত ৰাজ কুমাৰৰ আকৰ্ষণীয় অভিনয় আৰু ৰবিৰ সুৰত জনপ্ৰিয় গীত ‘এ মেৰী জোহৰা জবীন’ৰ বাবে ছবিখন আজিও স্মৰণীয় হৈ আছে।
১৯৫২ চনৰ ‘ৰংগীলী’ ছবিখনৰ জৰিয়তে অভিনয় জগতত খোজ পেলোৱা ৰাজ কুমাৰে ‘নৌশৰৱান-এ-আদিল’, ‘মাদাৰ ইণ্ডিয়া’ আৰু ‘দিল এক মন্দিৰ’ৰ (১৯৬৩) দৰে ছবিৰ জৰিয়তে নিজৰ স্থান সুদৃঢ় কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ ‘ৱক্ত’, ‘হীৰ ৰাঞ্জা’, ‘পাকীজা’, ‘তিৰংগা’ আদিৰ দৰে ছবিত বহুতো কালজয়ী চৰিত্ৰ উপহাৰ দিয়ে।
মালয়ালম চলচ্চিত্ৰ জগতত বম্বে ৰবি নামেৰে জনপ্ৰিয় ৰবি শংকৰ শৰ্মাই ১৯৫৫ চনৰ ‘বচন’ ছবিখনৰ জৰিয়তে হিন্দী চলচ্চিত্ৰত নিজৰ যাত্ৰা আৰম্ভ কৰিছিল। ‘চৌধৱী কা চান্দ’, ‘গুমৰাহ’, ‘ৱক্ত’ আৰু ‘হমৰাজ’ৰ দৰে ছবিত সৃষ্টি কৰা অনবদ্য সংগীতৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত। ‘পৰিণয়ম’ আৰু ‘সুকৃতম’ ছবিৰ বাবে তেওঁ শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।
বিশেষভাৱে পৰিকল্পনা কৰা এই ‘শতবাৰ্ষিকী শ্ৰদ্ধাঞ্জলি’ অনুষ্ঠানৰ জৰিয়তে ৫৭ সংখ্যক ইফিয়ে কেৱল সাতগৰাকী অসাধাৰণ ব্যক্তিত্বকে নহয়, বৰঞ্চ তেওঁলোকে এৰি থৈ যোৱা চিৰস্থায়ী সৃজনশীল ঐতিহ্যকো উদযাপন কৰিব। তেওঁলোকৰ এই অৱদানে আজিও প্ৰজন্মৰ পাছত প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে আৰু ভাৰতীয় চলচ্চিত্ৰৰ চিৰন্তন সমৃদ্ধিক উজলাই তুলিছে।
তেওঁলোকৰ জন্মৰ এশ বছৰ পাছতো এই সাতগৰাকী পুৰোধাৰ কৰ্মৰাজি ভাৰতীয় চলচ্চিত্ৰৰ অসাধাৰণ বৈচিত্ৰ্য, সৃজনশীল উচ্চাকাংক্ষা আৰু কলাত্মক উৎকৰ্ষৰ এক জীৱন্ত দলিল হৈ ৰৈছে। পুনৰুদ্ধাৰ কৰা এই কালজয়ী ছবিসমূহৰ জৰিয়তে ৫৭ সংখ্যক ইফিয়ে দৰ্শকক কেৱল স্মৰণীয় অভিনয়, সুৰ আৰু কাহিনীসমূহ পুনৰ উপভোগ কৰাৰেই নহয়, বৰঞ্চ তেওঁলোকে গঢ়ি তোলা চলচ্চিত্ৰীয় পৰম্পৰা আৰু সাংস্কৃতিক ইতিহাসৰ সৈতে পুনৰ পৰিচিত হোৱাৰো এক সুন্দৰ সুযোগ প্ৰদান কৰিছে।
সাতগৰাকী ব্যক্তিৰ ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ উপৰিও এই শতবাৰ্ষিকী উদযাপনে ভাৰতৰ চলচ্চিত্ৰ ঐতিহ্য সংৰক্ষণ কৰা আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে ইয়াক উপলব্ধ কৰি ৰখাৰ গুৰুত্বক পুনৰ এবাৰ দৃঢ়তাৰে প্ৰতিপন্ন কৰিছে।
ইফিলইড ইয়াত পঢ়ক: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1®=48








PIB IFFI Team | Rajith Chandran/ Sriyanka Chatterjee/ Darshana Rane | IFFI 57 - 045