৫৭ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ (ইফি) অংশ হিচাপে আজি গোৱাৰ কলা একাডেমীত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ এক বিশেষ পদক্ষেপ তথা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমৰ (এনএফডিচি) দ্বাৰা ৰূপায়িত ‘ক্ৰিয়েটিভ মাইণ্ডছ অব্ টুমৰো’ (চিএমঅ’টি)ৰ ষষ্ঠ সংস্কৰণটো উদ্বোধন কৰা হয়। এই পদক্ষেপৰ জৰিয়তে সমগ্ৰ ভাৰতৰ ১০০ গৰাকী যুৱ সৃজনশীল প্ৰতিভাক একত্ৰিত কৰা হৈছে, যিয়ে তেওঁলোকক পাৰস্পৰিক সহযোগিতাৰে কাম কৰা, নিজৰ দক্ষতা প্ৰদৰ্শন কৰা আৰু উদ্যোগটোৰ সৈতে পৰিচিত হোৱাৰ এক সুন্দৰ মঞ্চ প্ৰদান কৰিছে।
উদ্বোধনী অনুষ্ঠানত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী চঞ্চল কুমাৰৰ লগতে মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব শ্ৰী প্ৰভাত, এফটিআইআইৰ পঞ্জীয়ক শ্ৰী লৌকিক পাৰখ, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ যুটীয়া সচিব শ্ৰী কে কে নিৰালা, এনএফডিচিৰ অধ্যক্ষ শ্ৰী জি কৃষ্ণকুমাৰ আৰু এনএফডিচিৰ মহাপ্ৰবন্ধক শ্ৰী গৌতম ভানোট উপস্থিত থাকে।
সমবেতসকলক সম্বোধন কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী চঞ্চল কুমাৰে কয় যে ইয়াত উপস্থিত থকা প্ৰতিগৰাকী অংশগ্ৰহণকাৰীয়ে ইতিমধ্যে নিজ নিজ ক্ষেত্ৰত পৰিচয় গঢ়িবলৈ সক্ষম হৈছে বাবেই নিৰ্বাচিত হৈছে আৰু পৰৱৰ্তী ৪৮ ঘণ্টাই তেওঁলোকৰ সেই প্ৰতিভাক এখন চলচ্চিত্ৰলৈ ৰূপান্তৰিত কৰাৰ সুযোগ প্ৰদান কৰিব। তেওঁ উল্লেখ কৰে যে আমাৰ শিপা সংস্কৃতি, ভাষা আৰু অভিজ্ঞতাৰ পৰা আহৰণ কৰা হয়, আনহাতে সপোনবোৰ কল্পনা, কৌতূহল আৰু নতুন কিবা এটা কৰাৰ সাহসৰ পৰা জন্ম হয়। ফৰাচী দাৰ্শনিক জোচেফ জুবাৰ্টৰ উদ্ধৃতি দি তেওঁ কয় যে কল্পনাই মানুহক সপোন দেখুৱায়, কলা-কৌশলৰ শিক্ষাই সেই সপোনবোৰক সঠিক দিশ দিয়ে আৰু শিপাই কাহিনীবোৰক নিজৰ কণ্ঠস্বৰ প্ৰদান কৰে।
তেওঁ অংশগ্ৰহণকাৰীসকলক নিজৰ কাহিনীৰ পৰিসৰ সীমিত নকৰাকৈ নিজৰ মূল বা শিপাৰ পৰা অনুপ্ৰেৰণা ল’বলৈ আহ্বান জনায়। ভাৰতৰ এখন সৰু গাঁৱৰ পৰা উদ্ভৱ হোৱা কাহিনী এটাও যদি সততাৰে উপস্থাপন কৰা হয়, তেন্তে ই সমগ্ৰ বিশ্বৰ দৰ্শকৰ হৃদয় স্পৰ্শ কৰিব পাৰে বুলি তেওঁ মত প্ৰকাশ কৰে। তেওঁ লগতে গুৰুত্ব আৰোপ কৰে যে চলচ্চিত্ৰ হৈছে এক সমূহীয়া কলা, আৰু সেয়েহে অংশগ্ৰহণকাৰীসকলক ইজনে সিজনৰ কথা শুনিবলৈ, সতীৰ্থসকলক বিশ্বাস কৰিবলৈ, নতুন পৰীক্ষা-নিৰীক্ষা চলাবলৈ, সৃজনশীল প্ৰত্যাহ্বান ল’বলৈ আৰু সমগ্ৰ প্ৰক্ৰিয়াটো উপভোগ কৰিবলৈ আহ্বান জনায়। সামৰণিত তেওঁ নিজৰ শিপাক খামুচি ধৰি কল্পনাক মুক্তভাৱে উৰিবলৈ দিবলৈ আৰু নিজৰ কাহিনীবোৰ বিশ্বৰ আগত দাঙি ধৰিবলৈ অনুৰোধ জনায়।
উদ্বোধনী অনুষ্ঠানটোৰ অন্যতম মুখ্য আকৰ্ষণ আছিল ‘৪৮ ঘণ্টীয়া চলচ্চিত্ৰ নিৰ্মাণ প্ৰতিযোগিতা’ৰ আনুষ্ঠানিক শুভাৰম্ভ। সচিবগৰাকীয়ে বিশেষভাৱে নিৰ্মিত এখন ফিল্ম শ্লেটত আনুষ্ঠানিকভাৱে হাত চাপৰি বজাই এই প্ৰতিযোগিতাৰ ষষ্ঠ সংস্কৰণৰ শুভাৰম্ভ ঘোষণা কৰে।
২০২৬ চনৰ এই গোটটোত পৰিচালনা, অভিনয়, চিত্ৰগ্ৰহণ, সম্পাদনা আৰু ছাবটাইটেলিং, চিত্ৰনাট্য ৰচনা, নেপথ্য কণ্ঠদান, সংগীত সংযোজন, শব্দ গ্ৰহণ, সাজসজ্জা, কেশসজ্জা আৰু ৰূপসজ্জা, কলা নিৰ্দেশনা, এনিমেচন, ভিজুৱেল ইফেক্টছ (ভিএফএক্স), অগমেণ্টেড ৰিয়েলিটি (এআৰ), ভাৰ্চুৱেল ৰিয়েলিটি (ভিআৰ) আৰু ভইচ-অভাৰ তথা ডাবিঙকে ধৰি ১৩ টা চলচ্চিত্ৰ নিৰ্মাণ কলাক প্ৰতিনিধিত্ব কৰা ১০০ গৰাকী অংশগ্ৰহণকাৰী অন্তৰ্ভুক্ত হৈছে।
এনএফডিচিৰ সহযোগত পুনেৰ ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ (এফটিআইআই) দ্বাৰা পৰিচালিত এই ৪৮ ঘণ্টীয়া চলচ্চিত্ৰ নিৰ্মাণ প্ৰতিযোগিতাত অংশগ্ৰহণকাৰীসকলে ৫ টা দলত বিভক্ত হৈ ৪৮ ঘণ্টাৰ ভিতৰত চুটি ছবিৰ ধাৰণা প্ৰস্তুত আৰু নিৰ্মাণ কৰিব। নিৰ্মাণ সম্পূৰ্ণ হোৱা ছবিসমূহ ইফিত বিশেষভাৱে প্ৰদৰ্শন কৰা হ’ব আৰু চলচ্চিত্ৰ উদ্যোগৰ বিশিষ্ট পেছাদাৰীসকলৰ দ্বাৰা গঠিত এখন জুৰীয়ে ইয়াৰ মূল্যায়ন কৰিব। ইয়াৰ উপৰিও ‘চিএমঅ’টি টেলেণ্ট কেম্পে’ অংশগ্ৰহণকাৰীসকলক সংবাদ মাধ্যম আৰু মনোৰঞ্জন উদ্যোগৰ সৈতে সংযোগ স্থাপনত সহায় কৰিব, য’ত তেওঁলোকে প্ৰযোজনা গোষ্ঠী, ষ্টুডিঅ’, মিউজিক লেবেল, অ’টিটি প্লেটফৰ্ম, সম্প্ৰচাৰক আৰু উদ্যোগটোৰ অন্যান্য অংশীদাৰসকলৰ সৈতে মত বিনিময় কৰাৰ সুযোগ লাভ কৰিব।
২০২১ চনত আৰম্ভ হোৱাৰে পৰা চিএমঅ’টি উদীয়মান সৃজনশীল পেছাদাৰীসকলক সংবাদ মাধ্যম আৰু মনোৰঞ্জন উদ্যোগৰ সৈতে সংযোগ কৰাৰ এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে গঢ় লৈ উঠিছে। ইয়াৰ প্ৰাক্তন অংশগ্ৰহণকাৰীসকলে ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ছবিত কাম কৰাৰ লগতে কান, বাৰ্লিনেল, টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰু আন্তঃৰাষ্ট্ৰীয় এমি বঁটাৰ দৰে মঞ্চত স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। এক উল্লেখযোগ্য সফলতা হিচাপে, পূৰ্বৰ সংস্কৰণৰ ১৮ গৰাকী অংশগ্ৰহণকাৰীক মুকেশ ছাব্ৰা কাষ্টিং কোম্পানীয়ে (এমচিচিচি) নিৰ্বাচিত কৰিছিল, যিয়ে চিএমঅ’টিৰ জৰিয়তে বিকশিত হোৱা প্ৰতিভাক পেছাদাৰী সুযোগলৈ ৰূপান্তৰিত কৰাৰ দিশত এক উৎসাহজনক পদক্ষেপৰ ইংগিত দিয়ে।


ইফিলইড ইয়াত পঢ়ক: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1®=48
PIB IFFI Team | Ranjith Chandran/ Lekshmi Priya/ Andrew/ Darshana Rane | IFFI 57 - 044