57th International Film Festival of India 2026
20 – 28 Nov 2026

৫৭ সংখ্যক ইফিত ‘ইণ্ডিয়ান পেনোৰামা ২০২৬’ উদ্বোধন; জুৰী সদস্যসকলক সম্বৰ্ধনা

ভাৰতৰ চলচ্চিত্ৰীয় বৈচিত্ৰ্য প্ৰদৰ্শন কৰা ছবিসমূহ নিৰ্বাচনৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ফীচাৰ আৰু নন-ফীচাৰ চলচ্চিত্ৰ জুৰীসকলক সন্মানিত কৰা হয়

পোষ্ট কৰা হৈছে: 21 NOV 2026 3:31PMby PIB Guwahatiৰিলিজ আই ডি : 2339616Views: 4

আজি গোৱাৰ পানাজীত অনুষ্ঠিত ৫৭ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (ইফি) ‘ইণ্ডিয়ান পেনোৰামা ২০২৬’ আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। এই অনুষ্ঠানতে চলিত বৰ্ষৰ চৰকাৰী নিৰ্বাচন প্ৰক্ৰিয়াত আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে ফীচাৰ আৰু নন-ফীচাৰ চলচ্চিত্ৰ জুৰীৰ বিশিষ্ট সদস্যসকলক সম্বৰ্ধনা জনোৱা হয়।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী চঞ্চল কুমাৰ, ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমৰ (এনএফডিচি) অধ্যক্ষ শ্ৰী জি কৃষ্ণকুমাৰ আৰু মহোৎসৱ সঞ্চালক শ্ৰী আশুতোষ গোৱাৰিকাৰে জুৰী সদস্যসকলক সন্মানিত কৰে।

‘ইণ্ডিয়ান পেনোৰামা ২০২৬’ মুকলি বুলি ঘোষণা কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী চঞ্চল কুমাৰে আৰম্ভণিৰে পৰা ভাৰতীয় চলচ্চিত্ৰই বহন কৰি অহা অসাধাৰণ বৈচিত্ৰ্যৰ ওপৰত আলোকপাত কৰে। তেওঁ মন্তব্য কৰে যে চলচ্চিত্ৰৰ এই উদযাপনে দেশৰ প্ৰতিটো অঞ্চলে কেনেদৰে নিজ নিজ ভাষা, সংস্কৃতি আৰু কাহিনীৰে অৰিহণা যোগাইছে তাক চিনাক্ত কৰাৰ এক অৰ্থপূৰ্ণ সুযোগ প্ৰদান কৰে। সুচিন্তিত ছবি নিৰ্বাচনৰ বাবে জুৰী সদস্যসকলক অভিনন্দন জনোৱাৰ লগতে অনুষ্ঠানটো সুচাৰুৰূপে আয়োজন কৰাৰ বাবে গোৱা চৰকাৰ আৰু মহোৎসৱৰ দলটোক শুভেচ্ছা জনাই তেওঁ ভাৰতীয় চলচ্চিত্ৰই বিশ্ব দৰবাৰত নিৰন্তৰভাৱে স্বীকৃতি লাভ কৰি থাকিব বুলি আশা প্ৰকাশ কৰে।

সমবেতসকলক সম্বোধন কৰি এনএফডিচিৰ অধ্যক্ষ শ্ৰী জি কৃষ্ণকুমাৰে ১৯৭৮ চনত আৰম্ভ হোৱাৰে পৰা ‘ইণ্ডিয়ান পেনোৰামা’ৰ গৌৰৱময় ঐতিহ্য আৰু বিভিন্ন ভাষা তথা অঞ্চলৰ ভাৰতীয় চলচ্চিত্ৰৰ বৈচিত্ৰ্য উদযাপনত ইয়াৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰে। চলিত বৰ্ষৰ ইফিৰ মূল বিষয়বস্তু ‘ষ্ট’ৰীজ উইদাউট বৰ্ডাৰ্ছ’ৰ কথা উল্লেখ কৰি তেওঁ চলচ্চিত্ৰৰ প্ৰতি মন্ত্ৰালয়ৰ দায়বদ্ধতা পুনৰ দৃঢ় কৰে আৰু নিৰন্তৰ সহযোগিতাৰ বাবে গোৱা চৰকাৰ তথা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। লগতে মহোৎসৱত অংশগ্ৰহণ কৰা চলচ্চিত্ৰ নিৰ্মাতা আৰু চিনেমাপ্ৰেমীসকলক তেওঁ উষ্ম আদৰণি জনায়।

আদৰণি ভাষণত মহোৎসৱ সঞ্চালক শ্ৰী আশুতোষ গোৱাৰিকাৰে ইফিৰ সৈতে জড়িত তেওঁৰ প্ৰাৰম্ভিক স্মৃতি ৰোমন্থন কৰে আৰু দশকজুৰি ‘ইণ্ডিয়ান পেনোৰামা’ কেনেদৰে ভাৰতৰ চহকী সাংস্কৃতিক আৰু চলচ্চিত্ৰীয় বৈচিত্ৰ্য প্ৰদৰ্শনৰ এক গুৰুত্বপূৰ্ণ মঞ্চলৈ বিকশিত হৈছে সেই বিষয়ে আলোকপাত কৰে। চলিত বৰ্ষৰ নিৰ্বাচন প্ৰক্ৰিয়াই লাভ কৰা সঁহাৰিৰ কথা উল্লেখ কৰি তেওঁ জনায় যে মহোৎসৱখনে ১৮ টা ভাষাত মুঠ ১,১২০ খন ছবিৰ আবেদন লাভ কৰিছিল, যাৰ ভিতৰত ৭৬২ খন ফীচাৰ ছবি আৰু ৩৫৮ খন নন-ফীচাৰ ছবি অন্তৰ্ভুক্ত আছিল। চূড়ান্ত নিৰ্বাচিত তালিকাখনত ৱেব ছিৰিজৰ উপৰিও হিন্দী, মাৰাঠী, কানাড়া, তুলু, লাডাখী, কাশ্মীৰী আৰু ইংৰাজী আদি ১৪ টা ভাষাৰ ছবি অন্তৰ্ভুক্ত হৈছে।

৫৭ সংখ্যক সংস্কৰণৰ মূল বিষয়বস্তু ‘ষ্ট’ৰীজ উইদাউট বৰ্ডাৰ্ছ’ৰ সৈতে সংগতি ৰাখি শ্ৰী গোৱাৰিকাৰে চলচ্চিত্ৰ নিৰ্মাতা, কাৰিকৰী শিল্পী আৰু উদীয়মান কাহিনীকাৰসকলক নিজৰ কাহিনী কৈ যাবলৈ আহ্বান জনোৱাৰ লগতে দৰ্শকসকলকো বিস্তৃত পৰিসৰত ছবি উপভোগ কৰিবলৈ আৰু বিচক্ষণতাৰে ইয়াৰ মূল্যায়ন কৰিবলৈ উৎসাহিত কৰে।

ইণ্ডিয়ান পেনোৰামা ২০২৬-ৰ জুৰী সদস্যসকল

নন-ফীচাৰ চলচ্চিত্ৰ জুৰীত সাতগৰাকী সদস্য অন্তৰ্ভুক্ত হৈ আছে: শ্ৰী হিমাংশু শেখৰ খাটুৱা (তথ্যচিত্ৰ নিৰ্মাতা তথা নন-ফীচাৰ চলচ্চিত্ৰ জুৰীৰ অধ্যক্ষ), শ্ৰী শংখজিৎ দে (তথ্যচিত্ৰ নিৰ্মাতা), শ্ৰীমতী ৰাগিনী সোনা (চলচ্চিত্ৰ প্ৰযোজক), শ্ৰী শিৱ ছানি (চলচ্চিত্ৰ সাংবাদিক), শ্ৰী ধনেশ যাদৱ টি আৰ (চলচ্চিত্ৰ সম্পাদক), শ্ৰী অভিজিৎ দলৱী (চলচ্চিত্ৰ নিৰ্মাতা), আৰু শ্ৰীমতী আৰতি পেটেল (প্ৰযোজক তথা সংবাদ মাধ্যমৰ পেছাদাৰী)।

ফীচাৰ চলচ্চিত্ৰ জুৰীত তেৰগৰাকী সদস্য অন্তৰ্ভুক্ত হৈ আছে: শ্ৰী মধুৰ ভাণ্ডাৰকাৰ (ফীচাৰ চলচ্চিত্ৰ জুৰীৰ অধ্যক্ষ), শ্ৰী ইউ ৰবীন্ধৰ (চিত্ৰগ্ৰাহক), শ্ৰী চোহম পি শ্বাহ (চলচ্চিত্ৰ নিৰ্মাতা), শ্ৰী ৰাহুল ভোলে (পৰিচালক, লেখক আৰু সম্পাদক), শ্ৰী ওইনাম গৌতম সিং (চলচ্চিত্ৰ নিৰ্মাতা), শ্ৰী নীলাদ্ৰি ৰয় (চলচ্চিত্ৰ সম্পাদক), শ্ৰী এম এছ প্ৰভু (চিত্ৰগ্ৰাহক), শ্ৰী কে এছ শিৱৰমণ (চিত্ৰগ্ৰাহক), শ্ৰী জয়ন্ত গোস্বামী (পৰিচালক), শ্ৰীমতী বিন্দু চন্দ্ৰমৌলি (অভিনেত্ৰী), শ্ৰীমতী ভাৰতী প্ৰধান (চলচ্চিত্ৰ সমালোচক), ড° আয়াশ আৰিফ (প্ৰবীণ অভিনেতা তথা লেখক), আৰু শ্ৰী অৰুণ গোংগাডে (এনিমেটৰ)।

ইণ্ডিয়ান পেনোৰামা ২০২৬-ৰ উদ্বোধনী ছবিসমূহ

সম্বৰ্ধনা অনুষ্ঠানৰ পাছতে ‘ইণ্ডিয়ান পেনোৰামা ২০২৬’-ৰ উদ্বোধনী ছবিসমূহৰ প্ৰাৰম্ভিক প্ৰদৰ্শনৰ পূৰ্বে সেইবোৰক পৰিচয় কৰাই দিয়াৰ লগতে সন্মানিত কৰা হয়।

নন-ফীচাৰ শিতানত শ্ৰীমতী লীনা যাদৱৰ দ্বাৰা পৰিচালিত লাডাখী ছবি ‘বিকামিং’ক শ্ৰী জি কৃষ্ণকুমাৰ, শ্ৰীমতী ডেলাইলা ল’বো আৰু শ্ৰী আশুতোষ গোৱাৰিকাৰে সন্মানিত কৰে। সময়, স্মৃতি আৰু জন্মান্তৰৰ পৰিধি অতিক্ৰম কৰা লাডাখৰ এজন কিশোৰৰ আধ্যাত্মিক যাত্ৰাক চিত্ৰিত কৰা এই ছবিখনৰ পৰিচালক শ্ৰীমতী লীনা যাদৱে ছবিখনৰ পৰিচয় দাঙি ধৰি ইয়াৰ মূল বিষয়বস্তু ‘সীমাৰ উৰ্ধৰ জীৱন’ৰ বিষয়ে আলোকপাত কৰে।

ফীচাৰ শিতানত শ্ৰী আদিত্য ধৰৰ দ্বাৰা পৰিচালিত ‘ধুৰন্ধৰ’ ছবিখনক অনুষ্ঠানটোত প্ৰতিনিধিত্ব কৰে প্ৰবীণ অভিনেতা শ্ৰী ৰাকেশ বেদীয়ে। তেওঁক শ্ৰী চঞ্চল কুমাৰ আৰু শ্ৰী আশুতোষ গোৱাৰিকাৰে এক স্মাৰকেৰে সম্বৰ্ধনা জনায়। শ্ৰী বেদীয়ে পৰিচালক আদিত্য ধৰৰ সৈতে কাম কৰাৰ অভিজ্ঞতা আৰু ছবিখনত এটা গতানুগতিকতাৰ বাহিৰৰ চোৰাংচোৱা চৰিত্ৰ ৰূপায়ণ কৰাৰ বিষয়ে নিজৰ অনুভৱ ব্যক্ত কৰে।

উদ্বোধনী ছবি দুখনৰ প্ৰথম প্ৰদৰ্শনেৰে অনুষ্ঠানটোৰ সামৰণি পৰে, যাৰ জৰিয়তে ‘ইফি ২০২৬’-ত ইণ্ডিয়ান পেনোৰামা প্ৰদৰ্শনীৰ আনুষ্ঠানিক শুভাৰম্ভ হয়।

ইফিলইড ইয়াত পঢ়ক: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1&reg=48

 

PIB IFFI Team | Rajith Chandran/ Supriya Ghaytadak/ Smita Saikia/ Darshana Rane | IFFI 57 - 047


Great films resonate through passionate voices. Share your love for cinema with #IFFI2026 and #StoriesWithoutBorders. Tag us @pibindia on Instagram and @PIB_India on X, and we will help amplify your festival moments!

For accredited journalists, critics, bloggers, and vloggers seeking 1-on-1 interviews with filmmakers and festival juries, write to us at:
iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


Official Release ID: 2339616
•
Media Centre: Goa
•
Festival Dates: Nov 20 – 28, 2026